SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কবিতা দেৱী

(১)
বন্দো কবিতাৰূপিনী দেৱী সুৰেশ্বৰী।
যাৰ নাম থৈলা থৈলা তুঁহ যায় চলি।।
মোৰো যাওক থৈলা এটি অনুমৰি দিয়া।
বহু মাল, ধৰা পৰা ভয় নাইকিয়া।।
নোৱাৰি মাচুল দিব বিয়াৰিং দিলোঁ।
মাচুল দি লবা মাত্ৰ ইয়াকে খাটিলোঁ।।
থাকি থাকি বৰ ভাবে কণী পাৰে মনে।
উমনি নাপালে ঘোলা হয় তেতিক্ষণে।।
গতিকে জনালো দেৱী দায়-দোষ এৰি।
দুখীয়াৰ ফালে চাবা খৰধৰ কৰি।।
(২)
ব্ৰহ্মা হল ৰাজহাঁহ, বিশ্ব তাৰ কণী।
বোলে বিশ্বব্ৰহ্মাণ্ড সেই হেতু জানি।।
কোনেনো উমালে তাক কোনেনো ফুটালে।
উৱাদিহ একো পোৱা নগল ইফালে।।
ফুটিল কণীটো, ওলাল জগৎ পৃথিৱী।
পঞ্চভূত, পশু, পখী, অৰণ্য, অটবী।।
অহঙ্কাৰ ওঁকাৰ আৰু হুংকাৰ ঝঙ্কাৰ।
তন্মাত্ৰ পাঁচোটা আৰু ককাৰ বকাৰ।।
ককাৰত কৃপাবৰ বকাৰত বৰুৱা।
টকাৰে টোপোলা যাৰ তলি নাইকিয়া।।
(৩)
এই পালা সৃষ্টিতত্ব, কাব্যতত্ব শুনা।
পদ ৰচিবৰ হলে চৈধ্যাক্ষৰ গণা।।
দুলৰীত ছটা ছটা লবাবা দুবাৰ।
ছবিত আঠোটাকৈ ষোল লেখ তাৰ।।
লেচাৰীত দশাক্ষৰ দীঘলীয়াকৈ।
লেচাৰী মাহৰ দৰে ওলোমাবা থৈ।।
লেখিবা কবিতা হবা কবি ভয়ঙ্কৰ।
ছন্দোচন্দ মতে শ্লোক ৰচিবা বিস্তৰ।।
বসন্ত ভোমোৰা কুলি সামৰি-সুতৰি।
গাঁথিবা দীঘল মালা অতি যত্ন কৰি।।
ছপাই বিলাবা পুথি বন্ধুৰ মাপত।
কবিবৰ উপাধিৰে বহিবা খাটত।।