Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
মইনা

মইনা মইনা বুলি কতনো মাতিম মই,

কতনো বিনাই আৰু কাকূতি কৰিম ঐ,

নাই নে মইনা মোৰ? নাই নেকি মনচোৰ?

নাই নে, নাই নে মোৰ মইনা মউৰ?

নাই নে জগতে মোৰ চেনেহ-চকোৰ?

কিমান ঢাকুৰি হিয়া বিচাৰোঁ পখীটি মোৰ,

কিমান চিন্তাই বুকু চিতাচিত কৈলে মোৰ,

বিয়াকুল, বিয়াকুল, নাই তাৰ কুলাকুল

তথাপি বাতৰি নাই মইনা পখীৰ

তথাপি বাতৰি নাই চকুৰ মণিৰ!

সঁচাকৈ সঁচাকৈ যদি পৃথিৱীত এই

নাই পখী যাক মাতোঁ মইনা মইনা কৈ

কিয় সঁজা সোণোৱালি, মৰম গাখীৰ ঢালি,

চেনেহ-চাউলে সৈতে হেঁপাহ বাটিত

দিলে মোৰ হৃদয়ত কৰিনো থাপিত?

কিয়নো কিয়নো কাণ মাত, আকলুৱা অতি?

কিয় দিলে মুখ মোৰ চুমাৰ বলিয়া পাতি?

বুকুত মইনা-ৰোগ কেলৈ মোৰ কৰে ভোগ?

দৰব নথকা ৰোগ কিয় দিলে মোক?

নহলে মইনা, মই নপাওঁ কিয় তোক?

এয়ে নে চিকুণি মোৰ ললাটত লিখা হ’ল?

মইনা মইনা কৰি মৰিবলগীয়া হল।

আছে যেদ সঁচাকৈয়ে, তই যদি হৱ তয়ে,

দে দেখা, দে ধৰা, কতনো জীয়াতু সম?

কত চট্‌ফট কৰি জীৱনৰ ভাৰ বম?

কান্দোতে কান্দোতে মোৰ চকু হেৰ উখহিল,

মাতোঁতে মাতোঁতে মাতো ভাগি নাইকিয়া হ’ল।

ভাবোঁতে ভাবোঁতে সোণ, শুকালোঁ খেৰসনি যেন,

তথাপি এখুদো তোৰ নালাগে মৰম।

মোক পুৰি মৰাটোৱে তোৰ নে ধৰম?

মধুৰ মইনা নাম নাজানো কোনেনো দিলে,

শিলৰ বুকুত কোনে প্ৰেম-লৱণু সানিলে?

নিমিলিল নাও-গাও নালাগিল আও-ভাও

নতুন মইনাৰ হিয়া মইনাত নাই

কেনেকৈ এনে কথা হ’ব পাৰে হায়?

নাই দেখা, নাই শুনা, কেনেনো মইনা তই;

কলৈ গ’লে কি কৰিলে তোক হেৰ পাম মই

নেজানো কি বস্তু তই, একো উৱাদিহ নাই,

মাত্ৰ তোক লাগে মোক ভাবৰ প্ৰতিমা,

মণি নাই, আছে শুদা চেনেহৰ টেমা।

কেতিয়াও আলৈ আথানি নকৰোঁ মইনা তোক

মৰম-নৈত নিতে বুৰাই ৰাখিম তোক

মৰম-অমৃত ঢালি, মৰম ৰহৰ থালি

মৰম-জুইত পাগি মৰমৰ হাত,

আনি দিম তোক সোণ। মৰমৰ মাতে।

১০

মৰম মৰম গীত ৰাতি দিনে মই গাম

চিকুণ চেনেহ চুমা নিতে ন ন খাম

প্ৰেমৰ শীতল পানী প্ৰেম-কলহত আমি

পৰম যতনে সিঁচি বঢ়াম আদৰে তোক,

দেখা দে মইনা হেৰ’! বধ নকৰিবি মোক।