Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
তোমাকহে ভাল পাওঁ মৰমৰ সখী

তোমাকহে ভাল পাওঁ, তোমাৰহে মুখ চাওঁ

তোমাকহে দিনে ৰাতি ফুৰোঁ মই দেখি

তোমাকহে ভাল পাওঁ মৰমৰ সখী।

একেথিৰে একেমনে একেভাবে একেথানে

থাকোঁ কেতিয়াবা হৈ কাঠৰ পুতলা,

নোহে আন একো, মাত্ৰ জঁপো তুমি-মালা।

কেতিয়াবা গুণ-গুণ কৰি গীত সকৰুণ,

হিয়াৰ হিল্লোল এটি কৰো যে বেকত,

থাকা সখী তুমি মাত্ৰ সেইটি গীতত।

হেৰাল হেৰাল কিবা বুলি ফুৰোঁ ৰাত্ৰি-দিবা

নেপাই নিৰাশ হৈ হুমুনিয়া কাঢ়ো

তুমিহে হেৰোৱা ধন তোমাকহে স্মৰোঁ।

নিমত দুপৰ ৰাতি একেথিৰে তৰা এটি

চাই টোপ্‌ টোপ্‌ পানী পৰে যে চকুৰ

তোমাৰেহে ভাবে হিয়া কৰে  মষিমূৰ।

“কেতেকী””কেতেকী”কৰি উৰি যায় পখীযুৰি

কত প্ৰেমিকৰ মন যায় তাৰ লগে

মোৰ মন তোমা বিনে তাততো নালাগে।

নিৰ্জ্জন নদীৰ কান এজনে গাইছে গান

বতাহে আনিছে তাৰ ৰিণি ৰিণি সুৰ –

জানা সখী, তাত মোৰ আশা নোহে পুৰ।

ফুল ফুল কৰি কত হইছে কবি উন্মত

কিন্তু মোৰ পক্ষে ফুল নিফুল সমান,

তুমি-ফুল বিনে মোৰ ফুল নাই আন।

বসন্তৰ কত কুলি পঞ্চমত সুৰ তুলি

গায় গীত, তালৈ সখী কোনে কৰে কাণ?

তোমাৰ হাতত মাত্ৰ আছে মোৰ প্ৰাণ।

১০

বিলত ভেটৰ পাহি জোন দেখি মাৰে হাঁহি,

সেই হাঁহি চাই আৰু কত লোকে হাঁহে,

তোমাৰ হাঁহিত বাজে মোৰ হাঁহি নাহে।

১১

হৃদয়ে হৃদয়ে স্নেহ, নাই যদি নাই শেহ

সকলোৱে চেনেহৰ নদীত সাঁতোৰে,

নেপালে তোমাৰ স্নেহ মোৰ হিয়াখনে।

১২

তোমৰ সুখত সুখ তোমাৰ দুখত দুখ

ইজীৱন মোৰ সখী জীৱনে তোমাৰ

তোমাৰেহে মই সখী তোমাৰ-তোমাৰ।

১৩

তোমাৰ মৰম নাও উঠি হেৰা উটি যাওঁ,

তুমি বোজা ভাল-পোৱা পবিত্ৰ প্ৰণয়,

বুৰুৱা বা নুবুৰুৱা যেনে ইচ্ছা হয়।

১৪

চেনেহ দোলেৰে অটা, নাৱৰ পিৰিৰে জোটা

বুৰিলেও নাৱে সৈতে এৰাএৰি নাই,

এনে বুৰা সুখে ভৰা ভাগ্যৱন্তে পায়।

১৫

অবিশ্বাস নকৰিবা, ধুৰুপ তুমি জানিবা

তোমাকেহে দিনে-ৰাতি ফুৰোঁ মই দেখি,

তোমাকেহে ভাল পাওঁ মৰমৰ সখী।