Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
প্ৰবসুৱাৰ চিঠি

প্ৰিয়াহে!

তোমাৰ কঠিন চিত,

চাওঁতে চাওঁতে      তিনি নিশা গ’ল,

চিঠিৰে কৈলা বঞ্চিত।

ত্ৰয়োদশী ৰাতি      চিঠিৰ সময়

উকলি যেতিয়া গ’ল,

বকুল ডালত      বেজাৰৰ গীত

পখীটিৰ গোৱা হ’ল।

গোৰ গোৰ কৰি       বিষাদ‌ ডাৱৰে

ওন্দোলাই নিলে মন,

এন্ধাৰে এন্ধাৰে      শোৱাপাটী পাই

শোকত হ’লো মগন।

এযুগ দীঘল      দুৰন্ত নিশাটো

লোৱেৰে খেদালোঁ খপি,

পূবেৰুণ দেখি      শোক-শয্যা এইলোঁ

আজি চিঠি পাম জপি।

চতুৰ্দ্দশী ৰাতি      চিঠি পোৱা কাল

ওচৰা উচৰি পালে,

আশা ৰং ভয়      আৰু য’ত ভাব

সোপাই জুমুৰি দিলে।

বুকু ধপ্‌ ধপ্‌      মনত অশান্তি

কি কৰোঁ, কলৈ যাওঁ?

খন্তেকে খন্তেকে      কুৰি বাৰ আহি

পদূলিমূৰলৈ চাওঁ!

নিৰাশ! নিৰাশ!     চিঠি অনা কাল

শুদাই আহিল গল,

অশোকজুপিত      অশোকৰ থুপিত

আগৰ দৰেই ৰল।

জুৰ বায়ু জুৰ      বলে একেলগে

জোনাকী একে পোহৰে,

আমৰ আগত      কুলিৰ ৰাগিণী

লৰচৰ ক’তা কৰে?

আগৰ দৰেই      জিলীয়ে মাতিলে

দুৰ্ব্বাত মুকুতা জ্বলে,

আগৰ দৰেই      পৰঘূমা পখী

প্ৰেমৰ কথাটি ক’লে।

কিন্তু ওখ আশা-      পৰ্ব্বতৰ টিং

যি আছিল মোৰ ঠাই,

নিৰাশ সাগৰে পৰি একেবাৰে

সমূলি গ’লো লুকাই।

সি নিশাৰ মোৰ      সকলো অৱস্থা

অভেদ্য আন্ধাৰে ঢকা,

স্মৃতি লেখনীৰ      এধা-মচা এটি

ৰেখ আছে চকামকা।

পূৰ্ণিমাৰ ৰাতি      হাঁহি ভৰা মুখ,

হাঁহি ভৰা ভেটপাহি,

নৈ বৈ যায়      কুল্‌ কুল্‌ কুল্‌

সুদুৰত বাজে বাঁহী।

চকোৰ উন্নত      পি পি চন্দ্ৰামৃত

আৰু মতলীয়া কবি,

‘প্ৰিয়তমাৰ প্ৰেম      চিঠি এই পাম’

ময়ো মতলীয়া ভাবি।

প্ৰিয়াহে!

ক’লে বুকু ফাটি যায় –

চাওঁতে চাওঁতে      সকলো আশাত

আকউ পৰিল ছাই!

পূৰ্ণিমাৰ ৰাতি      আউসী আন্ধাৰে

প্ৰভেদ আছে নে কিবা?

জ্বালামুখী গিৰি       আৰু মোৰ হৃদি,

বিভিন বুজাই দিবা।