Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
প্ৰিয়তমাৰ সৌন্দৰ্য্য

কেলৈ লাগিছে      সেন্দুৰীয়া গাল

ফৰিং-প্ৰেমিকৰ জুই?

কোৱাভাতুৰীয়া      ওঠৰ তলত

ফেটীসাপ থাকে শুই।

কিয়বা লাগিছে      তিৰবিৰ চকু

যেনে সৰগৰে তৰা,

ওখ বুকু কিয়      লৱণুকোমল,

মদন পিচলি পৰা?

কি কাম     দীঘল মেঘবৰণীয়া

সাগৰৰ ঢউ চুলি?

প্ৰেম-পগলৰ     হৃদয় তৰণী

বুৰি পায়গৈ তলি!

মৃণাল দুবাহু      কি কাম সাধিব?

মত্ত প্ৰণয়ীৰ দোল,

মিহি মউমাত      বিয়াধাৰ পেঁপা,

ৰাখে কৰি মাথোঁ ভোল।

সুগোল সুথাম      সুবলিত চাৰু

বাহু, জংঘা, উৰু, কৰ,

সকলোবিলাক চোকা চোকা অস্ত্ৰ

শণাইত সুতীক্ষ্ণ শৰ।

নেলাগে সুন্দৰী      মন-প্ৰাণহাৰী

দিয়া মোক এনে হিয়া,

যি হিয়াত মজি      মোৰ এই প্ৰাণ

হৈ যায় নাইকিয়া।

দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগ

অস্তিত্ব বিপোল কৰে,

প্ৰণয়-মদিৰা     দিয়া এনে মোক,

চিৰকাল ৰাগী নেৰে।

এনে চুমা লাগে যি চুমাই দুখন

নিভাজ হিয়াক জোৰে,

চকু যেন দুই মুকলি দুৱাৰ,

প্ৰেমৰ ভৰাল ঘৰে।

কথা নহয় প্ৰেম-মুৰুলীৰ মাত,

কপটতা আৰু নাই,

মৰমে মৰমে মৰম নিগড়

বান্ধোন বোলে মিছাই।

নিদিবা, নিদিবা সুন্দৰ প্ৰতিমা

মাত্ৰ সৌন্দৰ্য্যৰ খনি,

গোলপুৱা হাঁহি মুখত নধৰা,

অন্তৰত কালফণী।

কোমল অন্তৰ, প্ৰেমময় মন,

কোমল জুৰ হৃদয়,

দিয়া যত দিনে-ৰাতি মোৰ মন

অচল অটল বয়।