Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
চন্দ্ৰ (গীত)

ঝিঝিট – কাৱালি

হাতে ঢুকি পোৱা আছিল জোনাই সমুদ্ৰ মথা কালতহে,

দেৱাসুৰে দন্দ কৰি থাকোঁতেই, উঠে ওখ আকাশতহে।

ফটিকাৰ টেকেলি লৈ পলাই গ’ল,

ভেবা লাগি দেৱ-দৈত্য চাই ৰল

তেতিয়াৰে পৰা বুঢ়াঙুলি দেখাই জোনায়ে ফটিকা পিয়েহে।

সোমৰস এক পখ পান কৰি,

পুৰ্ণিমাত পকি-জকি ঢলি পৰি,

এক পখ শুই গা টেঙাই লৈ আকৌ তাত লাগি দিয়ে হে।

চকোৰ, বিৰহী, ভেট, কবি, খালি

পূৰ্ণচন্দ্ৰ চাই মাৰিছে টপালি,

ফুটুকাৰ ফেন, কেঁচা-কলা মাথোঁ সিহঁতৰ আছে ভাগ্যত হে।

সাতামপুৰুষীয়া আজোককাতকৈ

বুঢ়া চন্দ্ৰমাৰ টোটোৰা মুখকেই

বলিয়াই ৰিজায় বুলি চন্দ্ৰাননী প্ৰিয়াৰ মুখৰে সৈতে হে।

চন্দ্ৰকান্ত, চন্দ্ৰধৰ নাম থৈ,

হোজা বাপে মোক মাতে আদৰকৈ,

নাজানে সি নাম কাঠ-ফুলা গজা, ভেকুৰা, মামৰে খোৱা হে

জ্যোতিৰ্ব্বিদে কয় – চন্দ্ৰগ্ৰহ মৰা,

জনপ্ৰাণীহীন গোটেই চন পৰা,

কৃপাবৰে কয়, অতি ফটিকাৰ কৰ্ম্মফল ধৰিলোৱা হে॥