Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
ডাকৰ টোপোলা (গীত)

(আসাভৈৰৱী – ঠুংৰি)

কই যোৱা ডাকোৱাল !      খোজ কিয় কোবাল?

ৰুনুকজুনুক কিনো বাজে?

তোমাৰ যি টোপোলাত চিঠি নামে অসংখ্যাত

কিনো অদ্ভুত বস্তু বাজে?

বিদেশত আছে পতি      ঘৰত ৰইছে সতী,

মৰম বাতৰি কিবা যায়?

বিৰহত পোৱা নাৰী      মাগি প্ৰেম শান্তি-বাৰি

প্ৰণয়ীক প্ৰণয় জনায়?

পিতৃৰ সন্দেহ বাৰ্তা      মাতৃৰ ভাবনা চিন্তা

বন্ধুৰ সাদৰ সম্ভাষণ,

হতাশৰ আশা বল,      আতুৰৰ চকুজল

শোকাৰ্ত্তৰ মধুৰ সান্তন,

প্ৰভুৰ আদেশ বাণী      ভৃত্যৰ প্ৰাৰ্থনাখিনি

ৰজাৰ অনুজ্ঞা আজ্ঞাৰাশি;

মন-সাগৰৰ নানা গতি      চিন্তা, বিবেচনা

চিঠিৰূপে কি টোপোলাবাসী?

নহয় টোপোলা সেৱা      সংসাৰৰ সৰু কায়া

পৃথিৱীৰ ক্ষুদ্ৰ তাঙৰণ।

কোৱাঁ ডাকোৱাল কাই!      হয় নে নহয় যায়

টোপোলা ৰূপেৰে নিৰঞ্জন?