Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
চালনী আৰু বেজী

চালনীয়েবোলে বেজী ভাই তুমি কিয় ফুটা?

নহয় নে বাৰু হাঁহি উঠা?

হাঁহি হাঁহি হাঁহি উঠা

নহয় নে বাৰু হাঁহি উঠা?

 

তিনিকুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া

পকা দাঢ়ি-চুলি কাঢ়ি কৰে নাইকিয়া;

সেলেঙি লগাই ডেকালি কৰে ওঠ ৰঙা কৰি

নাতিনীজুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী।

নহয় নে বাৰু হাঁহি উঠা?

 

গোঁফঠুকীয়া ডেকা লৰাই  প্ৰেম-কবিতা লেখি,

ভব্যগব্য কৰি হ’লোঁ ভাবি থকা দেখি,

কাৰনো বাৰু হাঁহি নুঠে, কাৰনো নুঠে খং

পদ্যপাঠ পঢ়োঁতাৰ দেখি এনে ঢং?

নহয়নে বাৰু হাঁহি উঠা?

 

ইস্তাহানত ফেল মাৰি মাথা-মুণ্ড লেখি,

কৃটিক হৈ বৰক গালি ছপাই উলিয়া দেখি,

কাৰনো নুঠে মুৰৰ বিষ, কাৰনো নাহে হাঁহি,

খজুৱতি তোলা এনে দেখি বালিচাহী

নহয়নে বাৰু হাঁহি উঠা?

 

মোৰ নামটো ভোটা তৰা, মোৰ যহটো ৰৌ

মোৰ গুণৰ কীৰ্তন কৰ, শুনিছ নে ঔ!

নহলে দিম গালি পাৰি, পাছত মাৰ্ম খোচ

উভতি ধৰিলে যদিও ভয়ত খাম কোচমোচ।

নহয়নে বাৰু হাঁহি উঠ?

 

আগৰ তৰপ ডাঙৰীয়াক ভেমৰ বাবে হাঁহো,

কিন্তু মই ডানংৰ হৈ তাৰ ওপৰত বহোঁ।

এফ-এ ফেল, বি-এ পাছ বিদ্যাৰ টোপোলা

নৈতিক বলত বাঁহৰ চুঙা গোটেই ফোপোলা।

নহয়নে বাৰু হাঁহি উঠা?

 

এচিকটা ক্ষমতাতে ঢোল-ওফন্দা দিওঁ

“দেউতা ঈশ্বৰ” নুবুলিলে হওঁ উতলা ঘিউ।

আগৰ অকৰা দুখীয়া পালে পোটক তোলা মই,

অসমীয়া নতুন হাকিম মোকে বুলি কয়।

নহয়নে বাৰু হাঁহি উঠা?

 

দেশোদ্ধাৰৰ এক নম্বৰ, পেট্ৰিয়ট পকা

ভাষা-নাৱৰ গুৰি-বঠা গদ্য পদ্যত চোকা।

কলিকতাত ৰিফৰ্মৰ, অসমৰ বেঁকা,

গা নুধুইচাহ নাখাওঁ, নাখাওঁ বৈনাইৰ হোকা।

নহয়নে বাৰু হাঁহি উঠা?

 

সাজ লাগিলে শুকান ওঁঠ ফটিকাৰে তিতে,

পুৱা হ’লে সন্ধ্যা পূজাৰ ভোট্‌ভোটনি নিতে।

ৰাজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা

হিংসাত সিজা মনটো যেন তেলত বেঙেনা ভজা।

নহয় নে বাৰু হাঁহি উঠা?

হাঁহি হাঁহি হাঁহি উঠা

নহয় নে বাৰু হাঁহি উঠা?