FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কুৰুৱাচৰাই আৰু বামুণৰ সাধু

জাৰকালি গধূলি ককাকক জুহালৰ ওচৰত জুই পুৱাই থকা দেখি নাতিয়েকে পিছ ফালৰপৰা ককাকৰ পিঠিত সাবট মাৰি ধৰি ল’লে-“ককা-দেউতা,সাধু এটা কোৱা৷” ককাকে মিচিকীয়া হাঁহি মাৰি উত্তৰ দিলে, “নকওঁ, যা, গুচ৷”
নাতি ৷-“কিয় নকবা ককাদেউতা?কবই লাগিব৷কলে হে মই এৰিম৷”
ককা ৷-“কব লাগে যদি তই ভাল ল’ৰা নহ কিয়? উভতি কৰি থাকি কিয়? পঢ়া-শুনা নকৰ কিয়?”
নাতি৷-“আজিৰপৰা মই ভাল ল’ৰা হ’ম ককাদেউতা৷ উবতি নকৰো৷ পঢ়িম-শুনিম৷ তুমি সাধু কোৱা৷”
ককা৷-“ঠিক কৈছ নে?”
নাতি৷-“ঠিক কৈছো৷ তুমি আজি সাধু এটা লৈ মোৰ কথাৰ প্ৰমাণকে চোৱা৷ তুমি কিন্তু দিনৌ জুহালৰ গুৰিত বহোতে মোক একোটাকৈ সাধু কব লাগিব; তেহে৷”
ককা৷-“বাৰু, আমাৰ দুয়োৰে ভিতৰত এই কথা ৰ’ল,-মই দিনৌ একোটা সাধু ক’ম, আৰু তই দিনৌ পঢ়া-শুনা কৰিবি, উভতি নকৰি সোণামুৱা ল’ৰা হ’বি৷ আজিৰটো সাধু শুন”-



এহাল নিমাখিত বামুণ বামুণী আছিল৷ এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌপুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছটো কাঢ়ি আনিলে৷ মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে কবলৈ ধৰিলে,-“পৰলৈ দুখ কৰা কোনো সকাম নাই!” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপোনা-আপুনি কয়, “মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হ’বি!” সি মাছৰ কথাকে গুণি-ভাবি থাকি শোকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল৷ বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে৷ কিছুদিনৰ মূৰত বামুণৰ এটি ল’ৰা উপজিল৷ ল’ৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা ল’বলৈ বিচাৰিছিল৷ বামুণ বামুণীয়ে ল’ৰাৰ মুখ দেখি ভোক-পিয়াহলৈ পাহৰিছিল৷
আজি কালিকৈ ল’ৰাটো ডাঙৰ হৈ আহিল৷ ৰূপে গুণে ল’ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ-বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল৷ আপুতৰ পুত হৈ ল’ৰাটি ইমান মোহ-লগা হৈছিল যে বামুণ-বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল৷ ল’ৰাটি চফল ডেকা হওঁতেই বিধতাৰ বিৰম্বণাত নিঠুৰ কালে বামুণ বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ’ল৷ যি দিন ধৰি ল’ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুৰ লো নুগুচা হ’ল৷ দুইৰো শোৱন-খাৱন গুচিল, আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধামৰা হ’ল৷ “কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাক নো পুৱা-গধূলি সদায় ঘেটুকালি থাকিলে সি কেনে পায়” এইবুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ, যমৰ হিয়া খুন্দিছোঁ বুলি কৈ, খুন্দি থাকে৷
বামুণে এনেকৈ দুখ-বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি, এদিন ৰাতি বামুণক সপোনত কলে, “তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথোন মই এটা কথা কওঁ তাকে তুমি কৰিবা-কাইলৈ তুমি ভিতৰৰপৰা দুভাৰ মাৰি তোমাৰ গোঁসাই-ঘৰতে শুবা, আৰু তিনি দিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে, তোমাক জগাবলৈ হাক দিবা৷”
পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙিছিঙি কৈ সেই মতেই তেওঁৰ গোঁসাই-ঘৰৰ ভিতৰত শুই থাকিল৷ বামুণৰ যেতিয়া ভৰ-টোপনি আহিল, তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰি পোৱালেগৈ৷ বামুণে যমপুৰীত কত যে লীলাখেলা দেখিলে তাৰ সীমা-সংখ্যা নাই; যমদূতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে; কোনোক ওভোটাই মোট চেলাই খাৰণীত জুবুৰিয়াইছে; অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি মহ টনাদি টানি নি নৰকৰ কুণ্ডত পেলাইছে, যমদূতবোৰ জুমে জুমে ফুৰি ফুৰিছে, হো-হো কৰে আহিছে গৈছে৷ এইদৰে নানা ঠাইত নান তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি-বুদ্ধি হেৰাল, আৰু বতাহত আঁহতৰ পাত কঁপাদি ভয়ত বামুণ কঁপিবলৈ ধৰিলে৷
দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ৷ বামুণ ভয়ত ঠক্ ঠক্ কৰে কঁপা দেখি যমে তেওঁক ক’লে,-“বাপুদেউ তুমি ভয় নকৰিবা৷ তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই?” বামুণে সেই ফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে৷ পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক’লে যে “হয় মহাৰাজ,মোৰ পো সৌটো৷” বামুণৰ উত্তৰ শুনি যমে ক’লে, “তাক ইয়ালৈ মাতাচোন; যদি সি নাহে, তেন্তে তুমিয়েই তাক মাতি আনাগৈ৷” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ “হেৰ বোপাই, মই আহিছোঁ নহয়; তই এইপিনে আহচোন” বুলি মাতিলে৷ বামুণে এইদৰে তিনি চাৰিবাৰ মতাতো পুতেকে তেওঁৰ ফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘোকোটা মাৰি কলে, “হেৰ বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ৷” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজেৰা মাতেৰে কবলৈ ধৰিলে, “তই মোক ক’ৰ পো পাইছহি অ’? মই তোৰ পুতেৰ নহওঁ৷ তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পোটক তুলিবলৈ হে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ৷ এতিয়া মনত পৰিছে নে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ৷”
পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত ক’লে, যে “সেইটো মোৰ পো নহয়৷” বামুণৰ কথা শুনি যমে তেওঁক ক’লে, “তোমালোকে মোক অকাৰণতে দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত, দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই-ঘৰ পোৱাই দেহাটোৰ ভিতৰত সুমাই থৈ গুচি গ’ল৷ বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি-পাতি ক’লে, আৰু তেতিয়াৰপৰা বামুণ বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে৷