FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বৰচোৰ

নাতি৷-“ককাদেউতা, তুমি কালি এধানমান সাধু এটা কৈ গা সাৰিলা৷ আজি এটা ডাঙৰ সাধু কব লাগিব,নহলে নেৰো৷”
ককা৷-“বাৰু শুন; আজি ডাঙৰ সাধুক ক’ম৷”-

কোনো এখন দেশত কিছুমান চোৰ আছিল৷ সিহঁতৰ ভিতৰত এটা সকলোতকৈ ডাঙৰ চোৰ আছিল৷ সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে ‘বৰ চোৰ’ বুলি মাতিছিল৷ তাৰ এটা পুতেক আছিল৷ সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল৷ বাপেকে এদিন ভাবিলে, “মই মৰিলে মোৰ পোৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে এই কথাৰ প্ৰমাণ চাব লগীয়া হ’ল৷” ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, “বোপাই ঔ, মোৰ আজি-কালিকৈ আয়ুস টুটি আহিবলৈ ধৰিছে; পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি? আৰু বংশৰ নাম ৰাখিব পাৰিবি?” এই বুলি সোধাত পুতেকে উত্তৰ দিলে,-“পিতাই, তুমি মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছা যেতিয়া তোমাৰ ‘বিদ্যা’ মই ৰাখিবই লাগিব৷ নহলে তোমাৰো নাম নুমাব, আৰু মোকো লোকে জহৰা বুলি হাঁহিব৷” এই কথা শুনি বাপেকে ৰং পাই ক’লে, “মোৰ বোপাই, তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছোঁ৷ কিন্তু তেনেহলে তই এটা মহলাত উঠিব লাগিব, তেহে মোৰ মনত খুকুৰি যাব৷” এদিন বাপেকে পুতেকৰ ইণ্টাহান পাতি ৰাতি তাৰ ঘৰৰ সকলো লোটা-বাটিবোৰত পানী ভৰাই, পুতেকক বাহিৰত উলিয়াই থৈ, দুৱাৰ-ঘৰ মাৰি শুই থাকিল৷ৰাতি দুপৰ হ’লত পুতেক চুৰ কৰিবলৈ সাজু হ’ল৷ সি ঘৰৰ কেউপিনে চাই দেখিলে যে, সিন্ধি দিয়াৰ বাহিৰে আন উপায় নাই৷ সিন্ধি দিলেও, বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হব৷ ইয়াকে ভাবি আন এটা উপাই চিন্তি সি ওচৰৰ হাবিৰপৰা কেইডালমান দীঘল নল আনিলে৷ নল কেইডাল লে লাহেকৈ সি চালৰ ওপৰত উঠিল, আৰু য’ত লোটা-বাটিবিলাক আছিল ঠিক সেই পিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি লোটা-কলহৰ পানীবিলাক নলেৰে শুহি আনিলে৷ শেহত বাপেকে সিমানতো সাৰ নোপোৱা দেখি সি বিন্ধাটো ডাঙৰ কৰি সেই পিনেই সৰকি বেৰেদি বগাই ভিতৰ সোমাল; আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা-কলহবোৰ বাহিৰলৈ উলিয়ালে৷ সিমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে-ভৰিয়ে বান্ধিলে আৰু এনে ভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটীত শুৱেই আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে৷ যেতিয়া সি বুঢ়াক মাটিত থলেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সুমাই শুই থাকিল৷
এইদৰে বাপেক-পুতেক নিজে বৃত্তি চলাই-মেলি অনেক দিন আছে৷এদিন বাপেক-পুতেক দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলঙ্কাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ৷ বহুত আঁতৰৰপৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত ওলালগৈ৷ বাপেক-পুতেক দুয়ো পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটী দুজনিৰ টোপনি আহিছে, চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে, ৰাণীয়েও টোপনিত ঘোৰঘোৰাব লাগিছে৷ ইফালে পালী-পহৰীয়াও নাই৷ এনেতে বাপেকে পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলঙ্কাৰবিলাক সোলোকাই আনি পুতেকৰ হাতত দিলে; কিন্তু ডিঙিৰ হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই “কোন কোন” বুলি উঠিল৷ এনেতে চোৰক মোৰে পালে৷ পালী-পহৰীয়াও জাঁপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি৷ বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধিত সোমাওঁতেই তাৰ ঠেংটোত সিহঁতে ধৰি পেলালে৷ যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে, পুতেকে বহুত কথা ভাবি-চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গ’ল৷
ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি চাই দেখে, তাৰ মূৰটো নাই, কেৱল গাডোখৰ হে আছে৷ সেই বাবে চোৰটো কোন ঠিক কৰা টান হ’ল৷ সেই মুহুৰ্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হ’ল৷ ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে “তঁহত দিহাদিহি যা, ক’ত মানুহে কান্দে, ক’ত মানুহ খৰি দিয়ে, তাৰ ভূ লহঁক৷ য’তে মানুহক খৰি দিয়া দেখ বা য’তে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মোৰ গুৰিলৈ ধৰি আনিবি৷” সেই কথা শুনি কটোৱালবোৰ দিহা-দিহি গ’ল৷
ইফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক’লে৷ মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে, “আই, এতিয়া মই পিতৃবধী৷ তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহলে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব৷তাকে চাই তুমি কান্দা যদি কান্দা৷” সেই কথা শুনি মাকে কোনোমতে কান্দোনা সামৰি থাকিল আৰু পুতেকক ক’লে,“বোপাই মোৰ অন্তৰত ইমান বেজাৰ লাগিছে, যে যদি মই কিছুমানপৰ নাকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰোঁ৷” পুতেকে মাকক বুজাই ক’লে যে কান্দিবৰ অনেক সময় আছে, আৰু যদি কান্দিবই লাগে, দেখা-শুনাকৈ কন্দাই ভাল৷ এই দৰে দুয়োৰো বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এজোৰ গাখীৰ গুড়, একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি, আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ ছলেৰে যাবলৈ ধৰিলে৷ এনেতে পুতেক পিছলি পৰিল আৰু গাখীৰ-গুড়ৰ কলহ দুটা ভাগিল৷ মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰাওৱৰাৱে কান্দিবলৈ ধৰিলে৷ ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে কোনো মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই; সিহঁত দুখীয়া মানুহ, গাখীৰ-গুড় ভগাতহে সিহঁতে কান্দিছে৷ সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক পুতেকক কড়ি দুঅঁৰা দি থৈ গুচি গ’ল৷
পাছদিনা তিলনি পৰিল৷ কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ’ল৷ পুতেক বিবুদ্ধি৷খৰি দিবও নোৱাৰি; ৰজাৰ কটোৱালে ধৰিব৷ ভাবি-চিন্তি সি বুধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে৷ ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ’ল;-বহুত কাঠৰ মাজত মূৰটো থ’লে আৰু ওপৰত দুটা চৰুত মগুমাহ জহা-চাউল দি তলত জুই জ্বলাই দিলে৷ যেতিয়া মুৰত জুই লাগিলগৈ, মানুহ পোৰাৰ গোন্ধো চাৰিওপিনে ওলাই গ’ল৷ গোন্ধ পাই কোটোৱালহঁত লৰি আহিল৷ আহি সিহঁতে দেখিলে যে তাত মানুহ পোৰা নাই; এক সন্ন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে৷ সিহঁতে সন্ন্যাসীক ভক্তিভাৱে সেৱা কৰিলে৷ সন্ন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে, আৰু ভাং খুৱাই ভোল নিয়াই প্ৰসাদ খাবলৈ দিলে৷
যেতিয়া বাপেকৰ মূৰ পোৰা শেষ হ’ল তেতিয়া সিহঁতক সন্ন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে৷ ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি ক’লত মাকৰ আনন্দ মিলিল৷
আকৌ বাপেকৰ কাজৰ সময় হ’লহি৷তাৰ নিমিত্তে সি সকলো দিহাপোহা কৰিলে, আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে৷ কিয়নো, ৰজাৰ পুৰোহিতজন কুকুৰীকণা৷ সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ৷ বামুণৰ ঘৰৰপৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হব লাগে৷সি সেই নৈ আৰু গড় দুইটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতোটা নাম বামুণৰ আগত ক’লে৷ তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলঙ্কাৰবোৰ দি বামুণক আকৌ কান্ধতকৈ আনি ৰজাৰ বৰ-চ’ৰাতে বহুৱাই থৈ গুছি গ’ল৷ পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচ’ৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ৷
ৰাতিপুৱা ৰজাৰ মানুহবিলাকে উঠি দেকে যে, ৰজাৰ পুৰোহিতে চোৰে-নিয়া ৰজাঘৰীয়া অলঙ্কাৰবোৰ পিন্ধি ৰজাৰ চ’ৰাতে বহি আছে৷ এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ৷ ৰজা লৰালৰিকৈ আহি দেখে যে কথা সঁচা; পুৰোহিতে ক’লে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বহুৱাই থলে তেওঁ কব নোৱাৰে৷ ৰজাই ঘাই বিষয়াসকলৰে সৈতে মেলত বহিল৷ শেহত কোনোমতে চোৰ উলিয়াবৰ বুধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল৷ তেতিয়া ৰজাই কলে যে “যদি মই এই চোৰটোক পাওঁ, তেন্তে সত্যে সত্যে কৈছোঁ তাক মোৰ ডেকা-মন্ত্ৰী পাতিম৷” এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি ক’লে, “স্বৰ্গদেউ! কাটক বা মাৰক,ময়ে সেই চোৰ৷” পাত্ৰ-মন্ত্ৰী সকলো আচৰিত হ’ল,ৰজাও অবাক৷ কিন্তু এতিয়া আৰু কি কৰিব?-প্ৰতিজ্ঞা কৰিলে যেতিয়া তেওঁ তাক ডেকা-মন্ত্ৰী পাতিব লগীয়া হ’ল৷