FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বত্ৰিশ লক্ষণীয়া দৰা-কন্যা

“আজি বত্ৰিশ লক্ষণীয়া দৰা কন্যাৰ সাধু” ক’ম বুলি ককাকে নাতিয়েকক ওচৰলৈ চপাই আনি কবলৈ ধৰিলে,-

 

এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া ল’ৰা হৈছিল৷ ল’ৰাটি ক্ৰমে ডাঙৰ দীঘল হৈ ডেকা হ’লত, ৰজাই ল’ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ ল’ৰাই ক’লে যে তেওঁ তেওঁৰ নিচিনা বত্ৰিশ লক্ষণেৰে এজনী ছোৱালীৰ নেপালে বিয়া নকৰায়, আৰু সেই ছোৱালী তেওঁ নিজে চাই ল’ব৷ এই কথা শুনি ৰজাই পুতেকক মাতি নি কলে, “বোপা, তুমি বিবাহৰ কন্যা নিজে চাই লবা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ৷ এই বুঢ়া মানুহজন তোমাৰ লগত দিলোঁ; ঘোৰাশালৰ পৰা এটা সুন্দৰ ঘোৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰাঁ৷” ৰজাৰ এই আদেশ পাই কোঁৱৰে ক’লে, “দেউতা, আপোনাৰ আদেশ শিৰোধাৰ্য কৰিলোঁ; কিন্তু মই বিদেশত কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এই কাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক, বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়৷”

ৰজাই এটা ডেকা মানুহক যুবৰাজৰ লগুৱা কৰি দিলে৷ কোঁৱৰেও ঘোৰাশালৰ পৰা এটা সুন্দৰ তাজী ঘোৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে৷ কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হ’লগৈ৷ সেই ৰাজ্যৰ ৰজাৰ এজনী বত্ৰিশ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল৷ কন্যাই তেওঁৰ সখীসকলেৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে, আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে৷ কোঁৱৰে যদিও দূৰৈৰপৰা ৰাজ-কন্যাক দেখিছিল তথাপি ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল৷ তেওঁলোকে হাঁহি মাতি নানান ধেমালি কৰি নদীলৈ গৈছিল৷ নদীলৈ যোৱা বাটৰ দুয়ো শাৰীয়ে মণিৰাজ, যুতি, তগৰ, বকুল, থলপদ্যু, গুটিমালী আৰু শেৱালি প্ৰভৃতি ফুল ৰমক জমক কৰি ফুলি আছিল৷ সেই সুন্দৰ ফুলনিৰ মাজত ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল৷ সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল৷ তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গ’ল, আৰু অৱশেষত মালিনীৰ ঘৰত আশ্ৰয় লৈ কাৰ্য্য সিদ্ধিৰ উপায় চিন্তিবলৈ ধৰিলে৷

ইফালে ৰাজকন্যাই সখীসকলেৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল৷ তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে৷ ৰাজকন্যাই সেই ফুলৰ পাত ছিঙি ঘৰলৈ লৈ আহিল৷ ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্ৰ লিখি এটা টেমাত কেইখনমান থুৰিৱা তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে৷ কোঁৱৰে চিঠি পঢ়ি চালে৷তাত লিখা আছিল যে, দুদিনৰ পাছত ৰাজকন্যাৰ স্বয়ম্বৰ হব; সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব আৰু কন্যাইও তেওঁৰ মূৰতে মালা দিব৷কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে৷ ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰেই গাৰুৰ তলতে সুমাই থলে; আৰু সি মনে মনে কোঁৱৰক ঠগি বত্ৰিশ লক্ষণীয়া কন্যাক পাবলৈ ফন্দি পাতিবলৈ ধৰিলে৷

ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুধি সাজি মোহিনীভাং আনি ঘোটা কৰিলে৷ কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নাম-মাত্ৰ ললে৷ঘোটা-ভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল৷ সি কোঁৱৰৰ সাজ পিন্ধি ঘোৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ৷ কন্যা সমাজলৈ আহিবৰ পৰ হ’লত সি সোঁহাত আগবঢ়াই দিলে আৰু কন্যায়ো কোঁৱৰ বুলি তাৰ মূৰত মালা দিলে৷ লগুৱাটোৱে তেতিয়াই কন্যাৰ সৈতে কোঁৱৰৰ ঘোৰাত উঠি ঘোৰা চেকুৰাই গুচি গ’ল৷ কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে৷ তাৰ পাছত কন্যাই ভাবি চিন্তি তাক ক’লে, “মোৰ বৰ পিয়াহ লাগিছে; যেনেতেনে মতে অলপ পানী আনি দিয়াঁ৷” সি কন্যাৰ সঁচাসঁচিকৈয়ে পিয়াহ লাগিছে বুলি ভাবি, কন্যাক ঘোৰাৰ ওপৰতে ৰাখি, ওচৰৰ এখন নৈৰপৰা পানী আনিবলৈ গ’ল৷ ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোৰা চেকুৰাই দিলে৷ সেই দিনা কন্যা গৈ এখন নতুন ৰাজ্যত ওলালগৈ; আৰু সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে৷ সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল৷ সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ-শান্তি নাইকিয়া কৰিছিল; ৰাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিব নে নোৱাৰে এই কথা সোধাত তেওঁ অনায়াসে পাৰিব বুলি ক’লে৷ ৰাইজে এই কথা ৰজাত জনালেগৈ৷ ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্দ্ধৰাজ্য দিব বুলি প্ৰতিজ্ঞা কৰিলে৷ বাহুবলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক ক’লে৷ ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়োৱাই দিলে৷ বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গ’ল; কাৰণ ৰাক্ষসে ৰাতি মানুহ গৰু আদি খাই দুপৰীয়া ধোবাং-জুৰি এজোপা ডাঙৰ বৰ-গছৰ তলত শুই থাকে৷ বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি৷ হাতত সাৰে, ভৰিত সাৰে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে৷ ৰাক্ষসে ডেডাউৰি মাৰি তৎক্ষণাৎ মৰি থাকিল৷ ৰাক্ষসৰ ডেডাউৰি শুনি বাহুবলক খালে বুলি সকলোৱে অনুমান কৰিছিল; কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানান প্ৰশংসা কৰিবলৈ ধৰিলে৷ ৰজাই তেওঁৰ প্ৰতিজ্ঞামতে বাহুবলক কন্যা দান কৰিবলৈ ধৰিলত, বাহুবলে কিছুদিনৰ পাছত হে বিয়া কৰাব বুলি ক’লে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে৷ ৰজাই আনন্দেৰে বাহুবলক পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে৷ বাহুবলে সেই ঘৰতে বহি দিনে-ৰাতিয়ে অহা-যোৱা কৰা মানুহ চাবলৈ ধৰিলে৷

লগুৱাটোৱে কন্যাক ঘোৰাত তুলি লে যোৱাৰ পাছত, সন্ধ্যা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল, ভাঙৰ ৰাগিয়ে এৰিলে৷ তেওঁ শোৱাপাটিৰ পৰা উঠি, দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে৷ পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰপৰা গুচি গ’ল৷ কোঁৱৰ কন্যাৰ বেজাৰত বলিয়াৰ দৰে হ’ল৷ বলিয়ালি কৰি এমাহ ফুৰি ফুৰি কোঁৱৰ সেই কন্যা থকা ৰাজ্যতে ওলালগৈ৷ কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাৱে সকলো কথা সুধি ললে৷ তাৰ পাছত তিৰোতাৰ সাজ পিন্ধি তেওঁ যেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কোঁৱৰে কন্যাক চিনি পাই অতি আনন্দ পালে৷

ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হ’ল৷ বলিয়ালি কৰি গৈ থাকোঁতে থাকোঁতে এদিন সি ভটংকৰে কন্যা থকা ঠাইতে ওলালগৈ৷ কন্যাই তাক চিনি পাই মতাই সকলো কথা সুধিলে৷ ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই ক’লে, “মই এইবাৰ তাইক পালে ওভোতাই ছাল বখলিয়াই তাত লোণ-খাৰ সানিম৷” তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে৷ তেতিয়া কন্যাৰ আদেশমতে ৰজাৰ মানুহে তাক ধৰি তাৰ ওভোতাই ছাল বখলিয়াই লোণ-খাৰ সানি শাস্তি দিলে৷ সি যন্ত্ৰণা ভোগ কৰি মৰি থাকিল৷

অৱশেষত কন্যাই নিজৰূপে সকলোৰে আগত দেখা দিলে৷ ৰাজ্যৰ ৰজা প্ৰজা সকলোৱে ঘটনাটো দেখি শুনি আচৰিত মানিলে৷ বত্ৰিশ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্দ্ধ ৰাজ্যও এৰি দিলে৷ এইদৰে দুজনী সুন্দৰী কন্যা আৰু অৰ্দ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল৷ ৰজাইও পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ ধৰিলে৷