FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অবুজ ৰজাৰ বিবুজ মন্ত্ৰী

ককা৷- “বাপু অ’, ওচৰ চাপি আহ; আজি তোক এটা সাধু ক’ম, তাৰ নাম অবুজ ৰজাৰ বিবুজ মন্ত্ৰী৷ তই মোৰ পিঠিত হাত দি পকা ঘামচিবোৰ মাৰি দেচোন৷ চাবি, যি বোৰত নখ দিলে পুট্ পুট্ কৰে উঠিব সেইবোৰকে হে মাৰিবি, কেচাবোৰত নখ নিদিবি৷”

নাতি৷-“ককাদেউতা, তুমি ভয় নকৰিবা, মই ঘামচি মাৰিব জানো৷ তুমি অবুজ ৰজাৰ বিবুজ সাধু কোৱা; পলম নকৰিবা; মই শুনিবলৈ উত্ৰাৱল হৈ পৰিছোঁ৷”

এক ৰজা আছিল৷ এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এতাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথা কেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে,-“অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন?” এওঁ ৰজা তো চিঠি পঢ়ি অবাক৷ এওঁ ভাবি নাপালে,-ৰজা যদি অবুজ হ’ল, মন্ত্ৰীনো বিবুজ হ’ব কেনেকৈ? আৰু ভালৰ নো বেয়া হ’ব কেনেকৈ? বেয়াৰেই বা ভাল হ’ব কেনেকৈ? যি বেয়া বেয়াই; যি ভাল ভালেই৷ ৰজাই ভাবি-চিন্তি একো নেপাই মন্ত্ৰীক সুধিলে৷ মন্ত্ৰীয়ে ক’লে “মহাৰাজ, আপুনি কিছু দিনৰ সময় লওক; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব৷” ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে৷ এইদৰে কিছুদিন আছে, সময়ো লাহে লাহে যাব ধৰিছে৷ এদিন ৰজাৰ হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে-“মন্ত্ৰী, আজি ইমান দিন হ’ল, ক’তা দেখোন অমুক ৰজাই লিখা প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা?” এই কথাত মন্ত্ৰীয়ে ক’লে, “মহাৰাজ৷ তেনেহলে মোক কিছু দিনৰ নিমিত্তে বিদায় দিব লাগে৷ এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্ৰশ্ন কেইটাৰ উত্তৰ দিম৷” ৰজাই ক’লে, “বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰোঁ তাৰ দিহা কৰাঁ৷” মন্ত্ৰীয়ে “ভাল মহাৰাজ, তাৰ নিমিত্তে কোনো চিন্তা নাই, এতিয়া মই আহিলোঁহে” এই বুলি ঘৰলৈ গ’ল৷

তাৰ পিছদিনা মন্ত্ৰীয়ে খাই-বৈ বেশচন কৰি, সেই ওচৰ চুবুৰীয়া ৰজাৰ নগৰৰ ফালে খোজ ললে৷ এইদৰে ক্ৰমান্বয়ে কেইবাদিনেও গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ, কিন্তু গধূলি হোৱাৰ গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি কটাবলৈ মন কৰি এজনী নটীয়ে তাত আশ্ৰয় ললেগৈ৷ নটীয়ে বৰ আদৰ-সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে৷ মন্ত্ৰীয়ে ৰাতিটো তাতে কটাই পিছ দিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটীয়ে সুধিলে, “ডাঙৰীয়া, আপুনি নো ক’ৰ মানুহ ক’লৈ যাব লাগে?” মন্ত্ৰীয়ে “মই বেপাৰী মানুহ; ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ” বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে৷ এইদৰে গৈ থাকোঁতে তেওঁ বাটত তিনি-মূৰীয়া বুঢ়া এটা বহি থকা দেখিলে৷ বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতজোৰকৈ পইচা খুজিছে৷ মন্ত্ৰী সেইখিনি পালতে, বুঢ়াই সেইদৰে হাতজোৰকৈ পইচা খোজাত, মন্ত্ৰীয়ে সুধিলে, “বুঢ়া, তই নো এইদৰে কিয় আছ? তোক পোহপাল কৰোঁতা নো কোনো নাইনে?” এই কথাত বুঢ়াই চকুলো টুকি ক’বলৈ ধৰিলে,-“ডাঙৰীয়া মোৰ কথা নো কি ক’ম; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ৷ যিমান দিন গাত বল আছিল কাম কৰিলোঁ, এতিয়া বুঢ়া হ’লোঁ, কাম কৰিব নোৱাৰা হ’লোঁ; সেইদেখি ৰজাই মোৰ কামত আন এটাক ৰাখি মোক বিদায় দিলে৷ হাতত যি দুটা চাইচা পইচা আছিল, ভাঙি খালোঁ; সেই কেইটা ঢুকালত এইদৰে ইয়াতে বহি, মানুহ যোৱা দেখিলে পইচা খোজোঁ৷ কাৰবাৰ মন গ’লে দুই চাৰি পইচা দিয়ে; কেতিয়াবা আকৌ শুদা হাতেই ঘৰলৈ উভতি যাব লগাত পৰোঁ৷ মোৰ ল’ৰা-ছোৱালীও কোনো নাই৷” বুঢ়াৰ কথা শুনি মন্ত্ৰীয়ে বুঢ়াক ৰূপ এটকা দি আকৌ যাবলৈ ধৰিলে৷ এইদৰে গৈ বেলি এপৰমান যোৱাত তেওঁ ৰজাৰ সভাত সোমালগৈ; কিন্তু সেইদিনা তেওঁক ৰজাই কোনো কথাকেই নুসুধিলে৷ এইদৰে তেওঁ দুই তিন দিন সভালৈ গৈ তাতে বহি থাকে, আৰু মাজে মাজে একেষাৰ দুআষাৰ কথা কয়৷ সেই কথাবিলাক ৰজাৰ মনত খাই পৰাত এদিন তেওঁক ৰজাই ওচৰলৈ মাতি নি সুধিলে, “তুমি ক’ৰ মানুহ? ক’লৈ যাব লাগে? আৰু মোৰ সভালৈকে বা অহাৰ সকাম কি?” এই কথাত মন্ত্ৰীয়ে ক’লে, “মহাৰাজ৷ মই বিদেশী মানুহ, দেশ চাই ফুৰিছিলোঁ; মহাৰাজৰ নাম শুনি দেখা হবৰ মনেৰে হে এই সভালৈ আহিছিলোঁ; মহাৰাজৰ দয়া হ’লে ইয়াতে থাকিবও পাৰোঁ৷” মন্ত্ৰীৰ কথা শুনি ৰজাই ক’লে, “বাৰু তুমি ইয়াতে থাকাঁ, আজিৰপৰা তোমাকো এই সভাৰ এজন সভাসদ পাতিলোঁ৷” এই কথাত মন্ত্ৰীয়ে ৰজাক সেৱা কৰি সেই দিনাৰেপৰা ৰাজসভাৰ সভাসদ হৈ থাকিল৷ এইদৰে তাত থাকোঁতে থাকোঁতে ৰজাই তেওঁৰ কথা-বতৰা শুনি আৰু কাম-কাজ দেখি তেওঁৰ ওপৰত বৰ সদয় হ’ল আৰু লগে লগে তেৱোঁ খোপে খোপে উধাবলৈ ধৰিলে৷ এইদৰে অলপ দিনৰ ভিতৰতে তেওঁ ডেকা-মন্ত্ৰীৰ বাব পালে৷ সেই কামো এনে সুন্দৰ ৰূপে চলাবলৈ ধৰিলে, যে ৰজাই তেওঁৰ কাম-কাজবিলাকত মোহ গৈ শেহত তেওঁৰ একেজনী ছোৱালীকে তেওঁলৈ বিয়া দি ওচৰতে সুন্দৰৰূপে তেওঁৰ ঘৰ-বাৰী কৰাই দিয়ালে৷

এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা-মন্ত্ৰীক অৰ্থাৎ তেওঁৰ বৈনায়েকক ক’লে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে; তেওঁৰ মত কি? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত, পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল৷ দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গ’ল৷ হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে৷ কিন্তু পহুটো আনে কেনেকৈ? লগত মানুহ বা হাতী নাই; কাজেই দুয়ো কথা-বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওক৷ সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে৷ সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায়৷ গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক ক’লে, “মই আজি ৰাতি ইয়াতে থাকোঁ, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম, আপুনি যাওক৷” এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাহৰৰ ফালে যাবলৈ ধৰিলে৷ ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই, ভিতৰৰ শোৱা কোঠালীলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে, “চিপৰাংখন ক’ত আছে?” ঘৈণীয়েক তধা লাগিল৷ দিনৰ দিনটোৰ মূৰত এই ৰাতি ওলাইছেহি, তাতো একেষাৰ কথা-বতৰা নাই, আহিয়েই বোলে চিপৰাংখন দে৷ ইয়াৰ নো মানে কি? ঘৈণীয়েকে গিৰিয়েকক ক’লে, “অলপ বহকচোন, কি নো হ’ল? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে?” মন্ত্ৰীয়ে কলে, “একো হোৱা নাই, চিপৰাংখন আনাচোন বাৰু৷” ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল, সেইদেখি তেওঁ আকৌ সুধিলে, “নহয়, কিবা এটা হৈছে; মোক আপুনি ফাঁকি দিছে; কি নো হৈছে কওকচোন৷” ঘৈণীয়েকৰ কথাত মন্ত্ৰীয়ে কলে, “উহু, মই ক’ব নোৱাৰো৷ব ৰ ডাঙৰ কথা এটা হৈছে৷ ক’লেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব৷” এই কথা শুনি ঘৈণীয়েকে ক’লে, “এনেনো ডাঙৰ কথা হ’ল নে, ক’লেই ৰজাই আপোনাক কাটিব? আৰু কটা যোৱা কথাটো নো মই আনক ক’বলৈ কি হৈছে?” তথাপি গিৰিয়েকে “নহয় বুজিছানে কেনেবাকৈ ক’ৰবাত ওলাই পৰিব; ৰজাই সুংসুত্ৰ পালে মোক যে জীয়াই এৰিব সেইটো নহয়৷ ক’ৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে; এতেকে নেলাগে শুনিব, থাকা৷” গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি ক’লে, “মই এই আপোনাৰ গা ছুই কৈছোঁ, কাৰো আগত নুলিয়াওঁ৷ এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হ’লে মোৰ জানো নহয়?” এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ কবলৈ ধৰিলে,-“নুশুনা হ’লেই ভাল আছিল৷ তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু? কওঁ শুনা,-আজি বৰ ভয়ানক কাণ্ড এটা হ’ল৷ তোমাৰ ককাইদেউয়েৰাৰে সৈতে মই মৃগয়ালৈ গৈছিলোঁ৷ হাবিত এটা পহু দেখি তাৰ ওচৰলৈ যাবলৈ ধৰোতেই পহুটো বিন্বাশবদে লৰ মাৰিলে; আমিও পিছে পিছে খেদি গলোঁ৷ এইদৰে যাওঁতে যাওঁতে হাবিত তোমাৰ ককাইদেউয়েৰা গ’ল এফালে, মই গ’লো এফালে৷ কিছু দূৰ গৈ, আনফালে কিহবাই হাবিবোৰ লৰাই লৰি যোৱা দেখিলোঁ৷ মই পহু বুলি সেইফালে পোনাই কাঁড় মাৰি দিলোঁ, আৰু তাৰ পিছতে ময়ো সেই খিনিলৈ গৈ দেখোঁ যে সেইটো পহু নহয়, তোমাৰ ককাইদেউয়েৰাকহে মাৰিলোঁ৷ কি কৰিম? হাবিত পৰি থাকিলে শটো লোকে দেখি চিনিব, আৰু ৰজাই মোক জগৰীয়া কৰিব, সেইদেখি একো উপাই নাপাই, সৌৱা মূৰটো কাটি বান্ধি-চাতি লৈ আহিছোঁ, এই ছালপীৰাখনৰ তলতে পুতি থওঁ৷ তুমি এতিয়া কথাটো যেন কতো নুলিওৱা৷ চিপৰাংখন বেগেতে আনি দিয়াচোন এতিয়া৷” ঘৈণীয়েকে আৰু চিপৰাং আনি দিয়ে ক’ত? ককায়েক মৰাৰ কথা শুনি কান্দিবলৈ হে ধৰিলে৷ মন্ত্ৰীয়ে নিজেই চিপৰাং বিচাৰি আনি শোৱা-ছালপীৰাৰ তলতে গাঁত এটা খান্দি টোপোলাটো নেমেলাকৈয়ে তাতে পুতি মাটিখিনি আগৰ দৰে সমানকৈ থৈ বাহিৰলৈ ওলাই গুচি গ’ল৷ ঘৈণীয়েকে কান্দিবলৈ ধৰিলে৷ ৰাতি তেওঁলোকৰ ৰন্ধা-বঢ়া, খোৱা-লোৱাত একো নহ’ল৷

ৰাতি পুৱালতে ৰজাৰ জীয়েক কান্দি কান্দি বাপেকৰ ঘৰত ওলালগৈ৷ মাকে জীয়েকক সিমান ৰাতিপুৱাই কান্দি-কাটি অহা দেখি সুধিলে, “আই অ’৷তোৰ কি হ’ল? গিৰিয়েৰে মাৰিলে নে কি? ইমান ৰাতিপুৱাই কান্দি-কাটি আহিছ কিয়?” জীয়েকে উত্তৰ দিলে, “আমাৰ ফালে হ’ল আৰু৷”মাকে আচৰিত হৈ সুধিলে, “কি হ’ল?” জীয়েকে ক’লে, “কালি মৃগয়ালৈ গৈ পহু বুলি জোঁৱায়েৰে ককাইদেউকে মাৰিলে৷” ৰাণীয়ে “কি মোৰ বোপাইক মাৰিলে?” বুলি হিয়া ভুকুৱাই কন্দা মাত্ৰকে গোটেইখন ঘৰ তোলপাৰ লাগি পৰিল, আৰু তৎক্ষণাৎ বতাহৰ দৰে এই কথা গৈ ৰজাৰ কাণত পৰিল৷ ৰজাই শুনিয়েই-“কি সি কেলেহুৱা চপনীয়া এটাৰ ইমান সাহ? আন তাক এতিয়াই ধৰি৷” বুলি ক’লে আৰু কোৱা মাত্ৰকতে কেইটামান পহৰীয়াই লৰ মাৰি গৈ মন্ত্ৰীক ধৰি আনি ৰজাৰ আগত থিয় কৰিলে৷ ৰজাই সোধ-পোছ নকৰাকৈয়ে- “চাওদাং, এতিয়াই এই পাপিষ্ঠৰ কটা মূৰ আনি মোক দেখুৱাবহি লাগে” বুলি আদেশ কৰিলে৷ যেই কথা সেই কাম৷ তেতিয়াই গোটাচেৰেক পহৰীয়া আৰু চাওদাঙে ৰজাৰ জোঁৱায়েকক মৰিশালিৰ ফালে লৈ গুচি গ’ল৷

মৰিশালিলৈ মন্ত্ৰীক নিওঁতে দৈবক্ৰমে সেইপিনে, সেই যে মন্ত্ৰী ৰজাৰ নগৰলৈ আহিবৰ দিনা এজনী নটীৰ তাত তেওঁ ৰাতি খপিছিল, সেই নটীৰে সৈতে তেওঁৰ দেখা হ’ল৷ তাই মন্ত্ৰীক সেই অৱস্থাত দেখি সুধিলে, “ডাঙৰীয়া! এদিন আপুনি মোৰ তাত আছিল নহয়? পিছে নো এতিয়া কি কথা? ইহঁতেনো আপোনাক এইদৰে ক’লৈ নিয়ে?” মন্ত্ৰীয়ে “এ নক’বা দেও সেইবোৰ কথা৷ মোৰ দুখৰ কথানো কি শুনিবা? তোমাৰ তাৰপৰা গৈ ৰজাৰ সভাসদ হলোঁগৈ৷ তাৰ কিছুদিনৰ পিচত মোৰ কাম-কাজ দেখি মোৰ ওপৰত তুষ্ট হৈ ৰজাই মোক ডেকা-মন্ত্ৰী পাতিলে আৰু লগতে তেওঁৰ জীয়েককো মোলৈ বিয়া দিলে৷ তাৰ পিছত ইমানদিনে আছিলোঁ সুখেৰেই; পিছে কালি ৰজাৰ কোঁৱৰে মৃগয়ালৈ যাবলৈ বুলি আহি লগ লোৱাত তেওঁৰ লগত মৃগয়ালৈ গৈছিলোঁ; কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ ধেনুৰপৰা কাঁড় এপাট লাগি কোঁৱৰ মৰিল৷ পিছে মই কোঁৱৰৰ মুৰটো কাটি ভালকৈ বান্ধি লৈ ঘৰলৈ গলোঁ, গৈ সেইটো পুতিবলৈ চিপৰাংখন ক’ত আছে বুলি আমাৰ ঘৈণীক চিপৰাংখন খোজাত তেওঁ কিয় চিপৰাং খুজিছে, চিপৰাঙেৰে এই ৰাতিখন কি কৰে, কি হৈছে, কি কথা, ঘনে ঘনে এই বুলি সোধাত, মই সকলোখিনি ভাঙি পাতি ক’লোঁ৷ পিছে ঘৈণীজনাই আজি ৰাতিপুৱা শুই উঠিয়েই মাকৰ আগত এই কথা কোৱা মাত্ৰকে ৰজাই খবৰ পাই মোক ধৰাই নি, একো সোধ-পোছ নাই, বিচাৰ নাই, চাওদাঙৰ হাতত কাটিবলৈ দিছে৷” নটীয়ে আচৰিত মানি সুধিলে, “কি আপোনাৰ কোনো বিচাৰ কৰা নাই?” মন্ত্ৰীয়ে ক’লে, “এৰা নাই কৰা৷” এই উত্তৰ পাই তাই চাওদাং আৰু পহৰীয়াক ক’লে, “ককাইহঁত, তহঁতে এওঁক এতিয়াই ৰজাৰ ওচৰলৈ ওভোতাই ল৷কি অন্যায়!কি অধৰম!ৰজাৰ পুতেকক মাৰিলে বুলিয়েই সোধ-পোছ নোহোৱাকৈ মানুহজনক কাটিব পায়নে?” পহৰীয়াহঁতে “আইদেউ, ৰজাৰ আদেশ; আমি কেনেকৈ ওভোটাই লৈ যাওঁ?” বুলি কোৱাত, নটীয়ে “তহঁতৰ একো দোষ নহয়, ওভত৷ এতিয়া এওঁক লৈ ব’ল, তাৰ বাবে যি দায় জগৰ লাগে মোৰ গাত লাগিব, ৰজাই মোক কাটিব, ময়ো যাওঁ তহঁতৰ লগতে৷” এই বুলি কৈ তাই আকৌ এটাইমখাই ওভোটাই লৈ ৰজাৰ সভাত হাজিৰ হ’লগৈ৷ ৰজাই মন্ত্ৰীক দেখিয়েই জ্বলি উঠি চাওদাঙৰ ফালে চাই ক’লে, “তোক মই ইয়াৰ কটা মূৰ আনিবলৈ কৈছিলোঁ নহয়?” নটীয়ে তেতিয়া আগবাঢ়ি আহি ক’বলৈ ধৰিলে,“মহাৰাজ, চাওদাঙৰ গাত কোনো দোষ নাই, মইহে সিহঁতক ওভোতাই লৈ আহিছোঁ৷ শুনিবলৈ পালোঁ, মহাৰাজে কোনো সোধ-পোছ নকৰাকৈয়ে এওঁক কাটিবলৈ হুকুম দিছে৷দোষ কৰিলে শাস্তি দিয়ে , কিন্তু তাৰটো বিচাৰ হব লাগে৷” এই কথাত ৰজাই ক’লে, “বিচাৰ আৰু কি কৰিম! সি মোৰ ল’ৰাক মাৰিছে দেখি ময়ো তাক কাটিবলৈ দিছোঁ৷” নটীয়ে ক’লে, “নহয় মহাৰাজ! এইটো কোনো কথা নহয়৷আপোনাৰ কোঁৱৰক মাৰিছে বুলিয়েই যে সোধ-পোছ নোহোৱাকৈ কাটিবলৈ দিব এনে হব নোৱাৰে৷ সঁচাকৈয়ে মাৰিছেনে নাই? মাৰিছে যদি কেনেকৈ মাৰিলে? ইয়াৰতো এটা তত্ত্ব লোৱা উচিত৷ আন এটাক মৰা হ’লে জানো এইদৰে সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ পঠালেহেঁতেন? কেতিয়াও নপঠায়! আৰু বিশেষত: যদি আপোনাৰ কোঁৱৰক সঁচাকৈয়ে মৰিছে হে, কোঁৱৰৰো মুৰটো আনি তেওঁৰ শোৱাপাটিৰ তলতেই তো পুতি থৈছে, সেইটো আনি চালেই হয় দেখোঁ৷ মহাৰাজে জানো মূৰটো অনাই চাইছিল?” নটীৰ কথা শুনি ৰজা কিছুমান সময় তবধ লাগি ৰ’ল৷ তাৰ পিছত ৰজাই পহৰীয়া এটাক মাতি ক’লে, “বাৰু যাচোন তই এই মন্ত্ৰীৰ ঘৰলৈ; ইয়াৰ শোৱা-ছালপীৰাৰ তলতে এটা মূৰ বোলে পুতি থোৱা আছে,খান্দি লৈ আহগৈ৷” এই কথা কেইআষাৰ কৈয়েই ৰজাই তললৈ মূৰ কৰি নিমাত হৈ ৰ’ল আৰু সভাৰ কোনো কোনোৱে শুদা মাটিখনকে আঁকিবলৈ ধৰিলে৷ অলপ সময়ৰ ভিতৰতে মূৰটো আনিবলৈ যোৱা মানুহ আহি পালেহি আৰু ৰজাই টোপোলাটো মোকোলাই দেখে যে তাৰ ভিতৰত এটা পহুৰ মূৰ৷ দেখি সকলোৱে আচৰিত মানি ভেবা লাগিল৷ নটীয়ে তেতিয়া ক’বলৈ ধৰিলে,-“দেখিলে এতিয়া মহাৰাজ! নভবা-নিচিন্তাকৈয়ে কি কৰিছিল? তেওঁ এদিনৰ নিমিত্তে হওক বা দুদিনৰ নিমিত্তে হওক নিশ্চয় আপোনাৰ জোঁৱায়েক৷ তেওঁকে মাৰিবলৈ ধৰিছিল নহয়? এইটো কিমান অন্যায় কথা চাওক৷” ঠিক এনে সময়তে ৰজাৰ কোঁৱৰো শহুৰেকৰ ঘৰৰপৰা গৈ ৰজাৰ সভাত উপস্থিত হোৱাত সকলোবিলাক আৰু আচৰিত হ’ল,-মৰা মানুহ দেখোন এইটো! কিছুমান পৰৰ মূৰত ৰজাই মন্ত্ৰীক সুধিলে, “বোপা কি কথা নো? মিছাকৈয়ে নো কথাটো কেলৈ উলিয়াইছিলা?” তেতিয়া মন্ত্ৰীয়ে মাত লগালে, “মহাৰাজ! আপুনি অমুক ৰজালৈ অবুজ ৰজা আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল কোন? আৰু ৰাজদুৱাৰৰ কুকুৰ কোন? এই প্ৰশ্ন কেইটা লেখি তাৰ উত্তৰ খুজি পঠাইছিল নহয়? পিছে সেই ৰজাই আপোনালৈ এবছৰৰ ভিতৰত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি লেখিছিল৷ আজি মই আপোনাৰ গাতে সেই কথা কেইটা দেখুৱাওঁ৷মহাৰাজ, ময়ে সেই ৰজাৰ মন্ত্ৰী৷”

মন্ত্ৰীৰ কথা শুনি ৰজাই সুধিলে, “মোৰ গাত নো সেই কেইটা কথা কেনেকৈ দেখুৱাবা?” মন্ত্ৰীয়ে “বাৰু কওঁ শুনক তেনেহলে”বুলি কবলৈ ধৰিলে,-“মহাৰাজ!আপোনাৰ পুতেকক মই মৰাৰ কথা শুনিয়েই আপুনি মোক চাওদাঙৰ হাতত,সোধ-পছ নকৰাকৈয়ে কাটিবলৈ দিছিল নহয়? কাজেই আপুনি আবুজ ৰজা,আপোনাৰ অলপো বুজ বিচাৰ নাই৷ আৰু আপুনি বাৰু মোক কাটিবলৈকে দিলে, এইবিলাক সভাসদ মন্ত্ৰীতো ইয়াতেই বহিয়েই আছিল, ক’তা এটায়ো দেখোন আপোনাৰ কথাত বাদ ধৰিব নোৱাৰিলে? আপুনি যি ক’লে সেয়ে হ’ল;কাজেই ইহঁত এটাইখন বিবুজ মন্ত্ৰী৷তাৰ পিছত কালি পহুৰ মূৰটো বান্ধি লৈ আহি পুতিবলৈ ধৰোঁতে,সেইটো নো কি,আপোনাৰ জীয়েকে কত সুধিলে তথাপি মই নকলোঁ; শেষত মোৰ গাত ধৰি শপত খালে বোলে ‘মই শপত খাই কৈছোঁ কাৰো আগত নুলিয়াওঁ৷’ পিছে আজি ৰাতি পুৱাবলৈ নো পাওঁতেই সেইজনী তিৰুতাই সেই খবৰটো আপোনালোকক কবলৈ আপোনাৰ ঘৰত ওলাইছিলগৈ নহয়? এইজনী নটী, কিন্তু এইৰ গাত যিমান বুজ, যিমান বিচাৰ আছে, বোধকৰোঁ মহাৰাজৰ সভাত বা নিজ মহাৰাজৰো সিমান ফেৰা ইচাৰ বিবেচনা নাই৷মহাৰাজে মোক কাটিবলৈ দিছিল; কিন্তু তাই সকলো কথা শুনি মহাৰাজৰ গাত দোষ দেখি আকৌ মোক ওভোতাই অনাৰ নিমিত্তেই হে মই ইমান সময়লৈকে জীয়াই থাকিবলৈ পাইছোঁ৷ এওঁ মোক প্ৰাণ দিলে৷ সেইদেখি বেয়াৰ ভাল এই নটী; আৰু ভালৰ বেয়া মহাৰাজৰ জীয়েক৷ আৰু ৰাজদুৱাৰৰ কুকুৰ,-মহাৰাজৰ পদূলিমূৰত থকা সেই পুৰণি বুঢ়া দুৱৰীটো৷ সি ডেকা বয়সত কাম কৰিলে, এতিয়া সি বুঢ়া হ’লত মহাৰাজে তাক খেদি দিলে৷ মহাৰাজ, হয় নে নহয় ভাবি চাওক৷ প্ৰশ্ন কেইটাৰ উত্তৰ দিবৰ নিমিত্তে হে আপোনাৰ সৈতে ইমান দিন আছিলোঁ; আজি গুচি যামগৈ৷ আপোনাৰ জীয়েকৰ মন গ’লে মোৰ লগত যাব পাৰে, মন নগ’লে থাকিব পাৰে; এনেকুৱা তিৰুতাত মোৰ সকাম নাই৷”

মন্ত্ৰীৰ কথাত ৰজাই বৰ লাজ পালে৷তাৰ পিছত তেওঁক তাত থাকিবলৈ ৰজাই বৰকৈ ধৰিছিল; কিন্তু মন্ত্ৰীয়ে “মহাৰাজ! মইতো পূৰ্ব্বেই কৈছোঁ, প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ হে আপোনাৰ ইয়ালৈ আহিছিলোঁ৷ আৰু ইমান দিন আছিলোঁ,আৰু নাথাকোঁ৷” মন্ত্ৰীয়ে এই বুলি কৈ সেই দিনা তাতে থাকি পিছ দিনা ৰাতিপুৱাই ঘৈণীয়েকৰ সৈতে ৰজাৰ ওচৰত বিদায় লৈ আগৰ নিজৰ ঘৰলৈ গুচি আহিল৷ নিজৰ ৰজাক তেওঁ সকলো কথা কোৱাত ৰজা মন্ত্ৰীৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু বহুত ধন-সম্পত্তি,মাটি-বাৰী মন্ত্ৰীক ৰজাই বঁটা দিলে৷ মন্ত্ৰীয়ে শেষত বৰ সুখেৰে দিন কটাবলৈ ধৰিলে৷