FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভূত আৰু বাঢ়ণী

ককা৷-“বাপুকণ ঔ! ওচৰ চাপি আহ, সাধুকথা শুনহি৷ আজি দেখি ৰং পাইছো যে তই মাৰৰ হাক-বচন শুনি সোণামুৱা ল’ৰা হৈছ৷”

নাতি৷-“কোৱা ককাদেউতা কোৱা৷”

                         

এক বামুণ আছিল৷ সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্ৰবৰ্ত্তাইছিল আৰু প্ৰায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল৷ তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু তিৰোতা আছিল৷ কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণীৰ তৎ এৰুৱাই দিছিল৷

এদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল৷ তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল৷ সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্ৰমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল৷ বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে৷ বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি৷ দৈবক্ৰমে সেই গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰিবলৈ আহিছে, ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ ওলালগৈ৷

এদিন বামুণ ৰজাৰ নগৰত বজাৰত ফুৰোঁতে ভূতে তেওঁক দেখা পাই আঁতৰকৈ মাতি নি সুধিলে, “তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?” বামুণে আচৰিত হৈ ক’লে, “হওঁ!তুমি নো কোন?” ভূতে ক’লে, “সেই দিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা; তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আঁহত গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি; মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোঁহি৷ এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ৷ মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ-গিয়ানী লগা, কোনোমতেই মই নেৰোঁ; কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ’লেই এৰি গুচি যাম৷ তেতিয়া মন্ত্ৰীয়ে তোমাক অনেক ধন-সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা৷ তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গ’লেই তোমাক মাৰিম৷ কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ৷”

বামুণৰ লগত ভূতৰ এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে পাই বলিয়া কৰিছে৷ মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাইছে, অনেক বেজ-জ্ঞানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই৷ শেষত মন্ত্ৰীয়ে কৈ দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব৷ তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলি-মূৰত টহল দিবলৈ ধৰিলে৷ এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক’লে৷ বামুণ, মন্ত্ৰীৰ আগত থিয় হোৱাত মন্ত্ৰীয়ে বামুণক, জীয়েকক ভূতে পোৱাৰ কথা ক’লে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে৷ বামুনে মনে মনে হাঁহি “বাৰু এবাৰ চাওঁচোন” বুলি ক’লে৷ এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েক থকা খোটালিলৈ  লৈ গ’ল আৰু তেওঁলোকে তাত সোমোৱা মাত্ৰকে “ঔ নাহিবি ঐ! মই যাওঁ ঐ!” বুলিয়েই মন্ত্ৰিৰ জীয়েক মাটিত পৰি গ’ল৷ তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা-বতৰা হ’বলৈ ধৰিলে৷ মন্ত্ৰীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু পূৰ্ব্বৰ কথামতে বামুণৰ ল’ৰাৰ লগত জীয়েকক বিয়া দিলে৷

সিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ৷ ৰজাৰ ঘৰত হুলস্থুল লাগি পৰিল৷ কত বেজ লগাইছে, কত দৰব-জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই৷ শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্দ্ধৰাজ্য দি জীয়েকক বিয়া দিব৷ এই জাননী পাই আশাত কত মানুহ গ’ল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে৷ অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে৷ আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে৷ নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম৷ কি কৰিব বামুণ নিৰুপায়; গ’লেও মাৰে ভূতে, নগলেও কাটে ৰজাই; দুয়ো পিনে মৰণ৷ শেহত বামুণে যোৱাকে ঠিক কৰিলে৷ বামুণ গৈ যেই ৰজাৰ জীয়েকক ওচৰত ওলালগৈ, তেতিয়াই ভূতে গৰ্জ্জি উঠিল, আৰু ক’লে, “কি মই হাক দিয়াতো তই আকৌ আহিছ?” তেতিয়া বামুণে ক’লে, “নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণে হে কব পাৰিম৷” ভূতে “বাৰু কি কথা ক” বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই কবলৈ ধৰিলে-“সেই আগৰ মোৰ তিৰুতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটোৰ লৈ খেদি আহিছে! মই পলাই আহিছোঁ! তোমাক তাই মাৰে বুলিহে লৰি কবলৈ আহিছিলোঁ!” এই কথাত ভূতে বিচূৰ্ত্তি খাই “ইয়ালৈকে আহিছে নে? কোনখিনি পাইছেহি” বুলি সুধিলে৷ বামুণে “মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়৷” এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে, আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ’ল৷ ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে৷ ইয়াৰ পিছত বামুণে সুখেৰে খাই-বৈ দিন কটাবলৈ ধৰিলে৷