FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
শাঁখিনা আৰু শাঁখিনী

ককা৷-“ তই আজি সেই মাগনী বুঢ়ীজনীক আমাৰ চোতালৰপৰা খেদাই দিছিলি কেলৈ? মগনিয়াৰক চাউল এমুঠি নিদিয়াকৈ কেতিয়াও খেদাব নাপায়; খেদালে পাপ হয়, ঈশ্বৰে খং কৰে৷”

নাতি৷-“ককাদেউতা, সেইটো মই জানো; সেইদেখি আন মগনিয়াৰক নেখেদাওঁ৷ কিন্তু সিদিনা মই বৰমেধিৰ ঘৰত শুনি আহিছিলো, যে সেইজনী হেনো শাঁখিনী; আৰু তাই কুমন্ত্ৰ কৰি মানুহৰ বেয়া কৰে৷ আমাৰ এইডোখৰত মানুহৰ মাউৰ আৰু গৰুৰ চবকা হেনো তাইৰ বাবে হে হয়৷ সেই কথা শুনিবৰেপৰা মোৰ তাইলৈ বৰ ভয় আৰু ঘিণ লাগিছে, সেইদেখি হে তাইক চাউল নিদি খেদাই দিছিলোঁ৷”

ককা৷-“তোক এইবোৰ কোনোবাই বৰ ভুল কথা শিকাইছে৷ মানুহ কেতিয়াও শাঁখিনী হব নোৱাৰে তাই বৰ দুখীয়া কেও-কিছু নথকা মানুহ আৰু দুখত পৰি, নৰীয়াত ভুগি আৰু লোকৰ কেটেৰা-জেঙেৰা খাই তাইৰ স্বভাৱ খিংখিঙীয়া হৈছে; সেইদেখি তাই তেনেকৈ কথা কয়৷ এনে দুখীয়া নিমাখিত প্ৰাণীক ভিক্ষা দিলে, মৰম বেথা কৰিলে বৰ পুইণ হয়৷ আজিৰ পৰা তই তাইক মৰম কৰি ভিক্ষা দিবি৷”

নাতি৷-“দিম ককাদেউতা৷ এতিয়া মই বুজিলো৷”

ককা৷-“তেনেহলে শুন আজি শাখিনা-শাখিনীৰ সাধু এটাকে কওঁ৷”—

 

এসময়ত এখন গাঁৱত এটা শাঁখিনা আৰু আন এখন গাঁৱত এজনী শাঁখিনী আছিল৷ সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ-বাদল একো নহৈছিল, আৰু গঞা মানুহৰ নানা তৰহৰ অপায়-অমঙ্গল হৈছিল৷ পাছে এদিন শাঁখিনাক গঞামানুহে ধৰি এক কাউৰী-কুকুৰ নোযোৱা অৰণ্যত মেলি থৈ আহিলগৈ৷ ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাঁখিনীক ধৰি বান্ধি লৈ গৈ সেইখন হাবিৰে আন ফালে এৰি থৈ দি আহিল; শাঁখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তুকে দি আহিছিল, কিন্তু শাঁখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে৷

শাঁখিনীয়ে হাবিতে অকলৈ কান্দিকাটি বহি আছে, এনেতে ইফালৰপৰা শাঁখিনাই নিজৰ কপালকে দূষি গৈ গৈ সেইদৰে থকা দেখা পালেগৈ৷ নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, “হেৰা তুমি কোন? ভূতূনী নে পিশাচনী? তুমি অকলৈ ইয়াত কিয় বিনাই আছাহি?” এই কথা শুনি শাঁখিনীয়ে উত্তৰ দিলে-“ভূতুনীও নহওঁ, পিশাচনীও নহওঁ; নৰ-মনিচ হে৷ মোক গাঁৱৰ মানুহে অনাদোষত শাঁখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি! পাছে তুমিনো কোন? দেও নে, ভূত নে, মানুহ?” তাইৰ প্ৰশ্নটো শুনি শাঁখিনাই উত্তৰ দিলে-“মইও তোমাৰে নিচিনা দুৰ্কপলীয়া মানুহেই হে, দেও-ভূত একো নহওঁ৷ তোমাক যি দশাই লগ লৈছে, মোকো সাইলাশ তেনে দশায়েই লগ হৈছে৷ মোকো মোৰ গঞা মানুহ, মিতিৰ কুটুমে শাঁখিনা বুলি ধৰি আনি এই হাবিত মাৰিবলৈ এৰি থৈ গৈছেহি৷” এই কথা শুনি শাঁখিনীয়ে অলপ উশাহ পাই তাক সুধিলে-“তেন্তে এতিয়ানো আমাৰ কি দশা হ’ব?” শাঁখিনাই ক’লে, “আমি আৰু মানুহৰ গাঁৱলৈ নাযাওঁ৷ মানুহৰ ধৰম-কৰম, বিচাৰ-বিৱেচনাই আমাক আটিছে৷ ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকো আঁহা৷” এই প্ৰস্তাৱত শাঁখিনী মান্তি হৈ শাঁখিনাৰে সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে৷

এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাঁখিনীৰ এটা ফেঁচা উপজিল; আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল৷ গোসাঁয়ে আমাক যি দিছে সেয়েই ভাল বুলি শাঁখিনা শাঁখিনীয়ে ৰংমনেৰে ফেঁচা আৰু গাহৰি দুইকো মৰম-বেথা কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে৷

ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায়, আৰু পৃথিৱীত খেতি-বাতি আদি হোৱা নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ৷ এদিন ফেঁচাই দেৱতাসকলৰ মুখত, সেই বছৰ দ মাটিত খুব ধান হব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক ক’লে, “পিতাই, আজি দেৱতাসকলে কোৱা-মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব৷ এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে৷” ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে, “আমাৰ হাল নাই, গৰু নাই, কেনেকৈ তিমান খেতি কৰিবি বোপাই?” এই কথা শুনি শাঁখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক ক’লে,-“কিয় নোৱাৰিম পিতাই? মই আছো যেতিয়া তুমি চিন্তা নকৰিবা৷ তুমি আজি কেথোকামান কল আৰু কিছুমান আলু, কচু, শেলুক, আদি যি পোৱা আনি পথাৰলৈ লৈ গৈ তাত দুহাত তিনিহাত আঁতৰকৈ এটা এটাকৈ পুতি থোৱাগৈ৷ মই মোৰ গিয়াতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি খুচৰি খুচৰি খাবলৈ দেখুৱাই দিম৷ তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চহ হৈ যাব৷ তেতিয়া তুমি অনায়াসে তাত ধান ৰুব পাৰিবা৷” গাহৰি পুতেকৰ কথামতে বাপেকে কিছুমান আলু, কচু, কল, শেলুক আনি কুৰি পুৰামান মাটিত পুতি পুতি থলে৷ নিশা গাহৰিয়ে গৈ তাৰ গিয়াতিবিলাকক মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ লগাই দিলে৷ লাখ-কোটি গাহৰিৰ মাজত কুৰি পুৰা মাটি নো কি? চাওঁতে চাওঁতেই গোটেইখন চহ হৈ ধূলিয়ৰি হৈ পৰিল৷ ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে৷ ধান উভৈনদী হৈ গ’ল৷ কিন্তু দেৱতাসকলে শাঁখিনা শাঁখিনীৰ পৰা পূজাপাতল খাবলৈ নাপাই সিহঁতক দেখিব নোৱাৰা হৈছিল৷ সেইদেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ পাতি এপাল কাকতী-ফৰিং পঠিয়াবলৈ থিৰ কৰিলে,-“পিতাই আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ-কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে৷” বাপেকে সুধিলে,-“পাছে ইয়াৰ নো উপায় কি হ’ব?” ফেঁচাই ক’লে, “উপায় আছে৷ আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক৷ যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব, তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব; আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জপিয়াই পৰি মৰি জাহ যাব৷” ফেঁচাই কোৱামতেই বাপেকে কৰি ফৰিঙৰপৰা হাতৰপৰা ধানবোৰ ৰক্ষা কৰিলে; আৰু শাঁখিনাৰ বুধি দেখি দেৱতাসকলৰ মুখ ক’লা পৰিল৷ দেৱতাসকলে ভোঁটা হৈ তেওঁলোকৰ খং উঠিল৷ তেওঁলোকে শাও দিলে যে শাঁখিনা শাঁখিনীৰ ধানৰ ডাঙৰিটোৱে পতি ভগাদোনৰ এদোন মাথোন ধান সৰিব৷ ফেঁচাই দেৱতাসকলৰ শাওপাতটো শুনি সেই কথা বাপেকৰ আগত কৈ দিলেহি৷ বাপেকে কথাটো শুনি আমন-জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে-“পিতাই, তুমি বেজাৰ নকৰিবা৷ ইয়াৰ উপায় আছে, মই কওঁ শুনা৷ তুমি ধান আনিবৰ সময়ত ডাঙৰকৈ ডাঙৰি নাবান্ধি মাথোন ভাৰখনত ইফালে এটা মুঠি সিফালে এটা মুঠিৰ ডাঙৰি বান্ধি দিবাঁ৷ দেৱতাসকলৰ কথা অথলে নাযায়৷ আমি মুঠিটোতেই ভগাদোনৰ এদোন এদোন ধান পাম৷” বাপেকে ফেঁচাৰ কথা শলাগি-শুলাগি থাকি সময়ত ধান দাই, ফেঁচাই কোৱামতে কৰি এটাইখিনি ধান চপালে৷

ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুধিমতে, এটা মুঠি মাৰে, মাৰি, তাৰপৰা সৰা ধানখিনিৰ তলত এটা ডুলি পাতি থৈ তলি-ফুটা ভগাদোন এটাৰে সেই ধানবোৰ জোখে৷ ডুলিটো নভৰেমানে দোনটোও নভৰে৷ ইপিনে দেৱতাৰ বাইক আছে মুঠিটোৱে পতি ভগাদোনেৰে এদোন ধান হব লাগে, নহলে তেওঁলোকৰ বাইক অথলে যায়৷ সেইদেখি প্ৰতি মুঠিটোতে এডুলি এডুলি ধান হবলৈ ধৰিলে৷

শাঁখিনাৰ এনে চক্ৰান্ত দেখি দেৱতাসকল খঙত একোনাই হ’ল৷ তেওঁলোকে একো উপায় নাপাই শাঁখিনা শাঁখিনীক মাৰিবৰ মনেৰে আলচ পাতি যম ৰজাক ক’লেগৈ৷ যম ৰজাই বোলে, “এনেটো নো অন্যায় কথা দেৱতাসকলে তেওঁক কৰিবলৈ কব পায় নে? সিঁহতৰ আয়ুস থকাত মই সিহঁতক মাৰিম কেনেকৈ?” দেৱতাসকলে আঁকোৰ-গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি, অন্তত যমে ক’লে, “বাৰু মই আজি ৰাতি ঘোঁৰা এটা হৈ শাঁখিনাৰ ধানবোৰ খাই পেলামগৈ৷” দেৱতাসকলে যমৰ কথা শুনি “ভাল, ভাল, তাকে কৰক” বুলি সন্তোষ প্ৰকাশ কৰি গুচি গ’ল৷ ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক ক’লেহি,-“পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে৷ আপুনি ভঁৰালৰ দুৱাৰখন মেলি থ’ব, আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব৷ যমে ঘোঁৰা হৈ যেতিয়াই ধান খাবলৈ লাগিব, তেতিয়াই আপুনি ঘপ্‌কৰে ওলাই তাৰ মুখত লেকামডাল লগাই, জাঁপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব৷”

ৰাতি শাঁখিনাই ফেঁচাৰ কথামতে হাতত এচাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ-চুকতে লুকাই আছিল৷ জোনাক নিশা৷ যম ৰজাই বগা ঘোঁৰা এটা হৈ ভঁৰালত সোমাই ধানবোৰ চপ্ চপ্ কৰে খাবলৈ ধৰিলে৷ ইপিনে যমে তৰ্কিব নোৱাৰাকৈয়ে শাঁখিনাই চল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিস্‌‌ কৰে পিঠিত উঠি কোবাই দি তাক চেকুৰাবলৈ ধৰিলে৷ চেকুৰাই চেকুৰাই শাঁখিনাই যমৰ তৰ্ধনি এৰুৱালে৷ শেহত ঘোঁৰাই তৰণি নাপাই শাঁখিনাক ক’লে, “শাঁখিনা, মই ঘোঁৰা নহওঁ, যম ৰজা হে৷ তুমি কি বৰ লাগে লোঁৱা, লৈ মোক এৰি দিয়া৷” যমে বৰ দিবলৈ সইত খালত হে শাঁখিনা যমৰ পিঠিৰপৰা নামিল৷ তেতিয়া যম ৰজাই নিজ মূৰ্ত্তি ধৰি তাক বৰ দিলে-“তই দীৰ্ঘায়ু হবি; বৰ চহকী হবি; আৰু সুখে-সন্তোষে বহুত বছৰ জীয়াই থাকিবি৷ আৰু তোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে শাঁখিনা শাঁখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব৷”

ইয়াৰ পিছত শাঁখিনা শাঁখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰ সৈতে সুখেৰে এশ বছৰ ধনী, বৰ মানুহ হৈ খাই-বৈ আছিল; আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁতে গোলামৰ দৰে বাইছিল৷