FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ৰাক্ষস পণ্ডিত

ককা৷-“মোৰ বাপুকণ ঔ?”

নাতি৷-“ককাদেউতা,কি?”

ককা৷-“আজি এটা ৰাক্ষসৰ সাধু শুনিবি নে?”

নাতি৷-“শুনিম শুনিম,কোৱা ককা-দেউতা কোৱা৷”

ককা৷-“ভয় নেখাৱ তো?”

নাতি৷-“নাখাওঁ ককা-দেউতা কোৱা৷”

ককা৷-“শুন তেন্তে”বুলি ককাই আৰম্ভ কৰিলে,-                        

 

এহাল বুঢ়া-বুঢ়ী আছিল৷ সিহঁতৰ বহুত ধন-সম্পত্তি আছিল, কিন্তু ল’ৰা-ছোৱালী নাছিল৷ সেইদেখি সিহঁতৰ মনত বৰ দুখ৷ এক-দিনা-প্ৰতি এটা ৰাক্ষসে পণ্ডিতৰ ভেশ ধৰি সেই বুঢ়া-বুঢ়ীৰ ঘৰত ওলালহি৷ বুঢ়াই পণ্ডিতক বহিবলৈ ডুখৰি-পীৰা এখন দি বহুৱালে৷ বুঢ়াৰ ল’ৰা-ছোৱালী নোহোৱাৰ কথা শুনি পণ্ডিতে গণিবলৈ ধৰিলে৷ ভালেখিনি পৰ সি গণি-পঢ়ি ক’লে যে, তেওঁক বুঢ়াই এটা দমৰা গৰু দান কৰিলেই বুঢ়াৰ যঁজা ল’ৰা হ’ব, আৰু তাৰে বৰ ল’ৰাটো সিহঁতে তেওঁক দিব লাগিব৷ পণ্ডিতৰ কথা শুনি হৰ্ষ-বিষাদ দুইকো লভি পণ্ডিতক দমৰা গৰু এটা দিলে আৰু উপজিলে বৰ ল’ৰাটো দিবলৈ সইত খাই সৈ কাঢ়িলে৷ পণ্ডিত ৰাক্ষসে দমৰা গৰুটো লৈ গুচি গৈ তাৰ ঘৰ পাই পেট ভৰাই খালে৷

ইয়াৰ এবছৰৰ মূৰত বুঢ়ীৰ যঁজা ল’ৰা দুটা উপজিল৷ ল’ৰা দুটা ডাঙৰ হ’লত চহকী বুঢ়াই অনেক ধন ভাঙি দুইকো লেখা-পঢ়া শিকোৱালে৷ লেখা-পঢ়াৰ লগে লগে সিহঁতে কাঁড়, ধনু, যাঠি, জোং আদি ধৰিবলৈকো শিকিলে আৰু অলপ কালৰ ভিতৰতে সেই বিদ্যাতো সিহঁত পৈণত হৈ উঠিল৷ সৰু ল’ৰাটোৱে সেইবোৰ বিদ্যাৰ উপৰিও ৰাক্ষসী বিদ্যাও শিকিলে৷

দুইটা ল’ৰা ডাঙৰ-দীঘল হ’ল৷ এদিন সেই পণ্ডিত বুঢ়া-বুঢ়ীৰ আগৰ কথা সুঁৱৰি অগত্যা তেওঁক ল’ৰাটো দিলে৷ পণ্ডিতৰ লগত ল’ৰাটো যাবৰ সময়ত সি ভায়েকক কৈ গ’ল, যে “মই এজোপা তুলসী গছ ৰুই থৈছো৷ তই যেতিয়া দেখিবি যে সেই তুলসীজোপাৰ পাতবোৰ জঁয় পৰি মৰি গৈছে তেতিয়াই বুজিবি যে মই মৰিলোঁ৷” ইয়াকে ভায়েকক কৈ সি পণ্ডিতৰ লগত গুচি গ’ল৷

পণ্ডিতে ল’ৰাটো লগত লৈ গৈ গৈ এখন মহা অৰণ্য পালেগৈ৷ সেই অৰণ্যৰ ভিতৰতে সেই পণ্ডিত ৰাক্ষসৰ ঘৰ৷ তাৰ ঘৰ পাবলৈ অলপমান বাট থাকোঁতেই, পণ্ডিতে লৰাটোক এজোপা বৰ গচৰ তলত বহুৱাই থৈ ক’লে, “বোপা তুমি এইখিনিতে অলপ বহি জিৰোৱাঁ, ওচৰতে মোৰ এটা কাম আছে, মই সাউৎকৰে সেইটো কৰি আহোঁ৷” এই বুলি ৰাক্ষস গ’লতে ল’ৰাটোৱে কি কথা কি বতৰা বুলি উৱাদিহ লবলৈ, পণ্ডিতে নেদেখাকৈ তাৰ পাছে পাছে গ’ল৷ কিছুমান  দূৰ গৈয়েই ল’ৰাটোৱে কিছুমান মানুহ, গৰু আৰু ঘোঁৰা হাড়-মূৰ দেখিবলৈ পালে৷ সেইবোৰ দেখি তাৰ মনত সন্দেহ হ’ল, যে কথা কিবাহে; পণ্ডিত মানুহ নহয়, ৰাক্ষসহে৷ তেতিয়া সি ভয়ত ঠক্‌ঠক্‌ কৰে কঁপিবলৈ ধৰিলে৷ এনেতে মৰা মানুহৰ মূৰবিলাকে ল’ৰাটোক মাত লগালে-“ক’ৰ মানুহ ক’লৈ আহিছ?” ল’ৰাটোৱে আচৰিত হৈ মূৰবোৰৰ ফালে চাই থাকিলত, মূৰবোৰে আকৌ মাত লগালে, “ক’ৰ মানুহ ক’লৈ আহিছ, বেগেতে ক; নহলে মৰিবি এতিয়া৷” ল’ৰাটোৱে এই কথা শুনি সিহঁতক আগৰপৰা গুৰিলৈকে তাৰ সকলোবিলাক কথা ক’লত মূৰবিলাকে তাক ক’লে,-“এইখন ৰাক্ষসৰ দেশ৷ তই যিটো পণ্ডিতৰ লগত আহিছ, সি মানুহ নহয়, ৰাক্ষস হে৷ সি আমাকো তোৰ দৰে ছলি আনি খালে৷ সি নৈত গা ধুবলৈ গৈছে, এতিয়াই উভতি আহি তোক খাই পেলাব৷ যদি তই তৎক্ষণাৎ পলাই যাব পাৰ, তেন্তে সাৰিব পাৰিবি; নহলে তোৰো আমাৰ দশাই লগ হব যদি লৰালৰিকৈ পলাব নোৱাৰ, তেন্তে আৰু এটা বুধি আছে৷ তই জানো সাহ কৰি ৰাক্ষসটো কাটিব পাৰিবি? তোৰ গাত বল আছে নে? যদি আছে, তেন্তে কওঁ শুন,- সেই ঘৰটোৰ ভিতৰতে বেৰত আঁৰি থোৱা খাণ্ডা এখন আছে৷ তাৰেই সি আমাৰ মূৰ কাটিছিল, তোৰও কাটিব৷ তই যদি সেই খাণ্ডাখন লৈ সেই ঘৰৰ দুৱাৰচকুত লুকাই থাকি, সি ঘৰ সোমাওঁতেই তৰ্কিব নোৱাৰাকৈ কোব মাৰি তাৰ মূৰটো কাটিব পাৰ, তেন্তে ৰক্ষা পৰিবি, নতুবা তোৰ ফালে সাং৷” মূৰবোৰৰ কথা শুনি ল’ৰাটোৱে পাৰিম বুলি ক’লত, সিহঁতে আকৌ ক’লে, “তেন্তে তই ৰাক্ষসটোক কাটিয়েই তাৰ মূৰৰ তেজ অলপমান আনি যদি আমাৰ মূৰতও চটিয়াই দিয়, তেন্তে আমিও জী আগৰ নিচিনা হ’ম৷” ল’ৰাটোৱে সেইতোও কৰিবলৈ গাত লৈ ঘৰ সোমা খাণ্ডাকন লৈ দুৱাৰ-চুকত লুকাই থাকিল৷ এনেতে ৰাক্ষসে গা-পা ধুই আহি ঘৰ সোমাবলৈ গ’ল৷ যেই সি দুৱাৰদলিত ভৰি দিলে, ল’ৰাটোৱে বিজুলীসঞ্চাৰে আহি খাণ্ডাখনেৰে কোব মাৰি তাৰ মূৰটো কাটি মাটিত পেলালে; আৰু তেতিয়াই তাৰ তেজ লৈ সেই মূৰবোৰৰ ওপৰত চটিয়াই দিলত, সিহঁত একোটা দিব্য পুৰুষ হৈ উঠি বহিল৷ তেতিয়া সিহঁত আটাইবোৰে ল’ৰাটোক আকোঁৱাল মাৰি ধৰি সন্তোষ জনাই তাৰ শলাগ লৈ নিজৰ নিজৰ ঘৰলৈ গুচি গ’ল৷

ইয়াৰ পিছত ল’ৰাটোৱে ৰাক্ষসৰ ঘোৰাশালৰ পৰা তাজী ঘোৰা এটা লৈ তাৰ পিঠিত উঠি সেই অৰণ্যৰ মাজেদিয়েই আহিবলৈ ধৰিলে৷ আহি থাকোঁতে আহি থাকোঁতে সি আৰু এখন ৰাক্ষসৰ ঠাই পালেহি৷ সেই ঠাইৰ গৰাকিয়নী এজনী ৰাক্ষসী৷ তাই মানুহ দেখিলে হৰিণাপহু এটা হৈ ওচৰ চাপে, আৰু পহুটো ধৰিবৰ মন কৰি মানুহজন আগবাঢ়ি গ’লেই পহুটোৱে ধৰিবৰ মন কৰি মানুহজন আগবাঢ়ি গ’লেই পহুটোৱে ধৰা নিদি আগে আগে লৰি পলাই যায়৷ এইদৰে পহুটোৱে মানুহটো লৈ গৈ পৰ্ব্বতৰ ঘোপ এটাত সুমায়গৈ৷

সেই ঘোপত মানুহ সোমালেই সোমাওঁতাজন উশাহ-নিশাহ লব নোৱাৰি পৰি মৰি যায়; আৰু তেতিয়া ৰাক্ষসীয়ে নিজ ৰূপ ধৰি ৰং মনেৰে শটো খায়৷ ল’ৰাটোকো এতিয়া তাই সেইদৰে ভুলাই লৈ গৈ সেই ঘোপত সুমাই মাৰি পেলালে৷ ৰাক্ষসীয়ে, “আজি ইয়াৰ ঘোঁৰাটোকে খাওঁ, কাইলৈ ইয়াক খাম” বুলি সেই দিনা ঘোঁৰাটো খাই, ল’ৰাটো পিছদিনাখন খাবলৈ থৈ দিলে৷

ইফালে ল’ৰাটোৰ ঘৰত তুলসীগছজোপা জঁয় পৰি যোৱা দেখি ভায়েকে বুজিলে যে তাৰ ককায়েকৰ মৃত্যু হ’ল৷ সি ৰাক্ষসীবিদ্যা ভালকৈ জানে বুলি আগেয়ে কৈ আহিছোঁ৷ তৎক্ষণাৎ সি গণিপঢ়ি জানিলে যে, তাৰ ককায়েক ক’ত কেনেকৈ মৰিল৷ জানিব পাৰিয়েই সি ততালিকে ঘোঁৰা এটাত উঠি ধনু কাড় লৈ সেই ৰাক্ষসীৰ চোং পালেহি; ৰাক্ষসীয়ে দূৰৰপৰা আৰু এটা মানুহ অহা দেখি ন চিকাৰ মিলিছে ভাবি বৰ ৰং পাই হৰিণাপহু এটা হৈ তাক দেখা দিলে৷ ল’ৰাটোৱেও পহুটো দেখিয়েই সেইজনী ৰাক্ষসী বুলি বুজি ৰাক্ষসী বিদ্যাৰে মায়া হৈ, বাঘ এটা হ’ল৷ তেতিয়া ৰাক্ষসীয়ে বুজিলে যে এইবাৰ সমানে সমানে পৰিছে৷ তাই তেতিয়াই এটা দুৰ্জ্জয় অজগৰ সাপ হৈ মুখ মেলি বাঘটো গিলিবলৈ খেদি আহিলত, বাঘটোৱে বৰ ডাঙৰ নেউল এটা হৈ তৎক্ষণাতে সাপটো ডোখৰ ডোখৰ কৰি মাৰি পেলালে৷

ৰাক্ষসীক মাৰি অঁতাই গুহালৈ গৈ ভায়েকে মন্ত্ৰ মাতি ককায়েকক জীয়ালে, আৰু দুয়ো ৰঙেৰে আকোঁৱলা-আকোঁৱালি কৰি, ঘোৰাত উঠি নিজৰ ঘৰলৈ উভতি আহিল৷ পুতেকহতঁক পাই বুঢ়া-বুঢ়ীৰ নথৈ ৰং লাগিল৷