FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কথাবাহী বুঢ়া

ককা৷ -‘সোণাই ঔ,আজি এটা কথাবাহী বুঢ়াৰ সাধু এটা কওঁ শুন’

 

এহাল বুঢ়া-বুঢ়ী আছিল,সিহঁতৰ মাথোন একেটি ল’ৰা৷ বুঢ়া-বুঢ়ীৰ ভাতে-ভঁৰালে,গৰুৱে-গায়ে সম্পূৰ্ণ আছিল আৰু দুয়ো অতি যত্নৰে ল’ৰাটি তুলিতালি ডাঙৰ কৰি মহাসুখে ঘৰবাৰী চলাইছিল৷ সিঁহতৰ গাঁৱৰ কোনো মানুহেৰে দন্দ-হাই খিয়াল-হিংসা নাছিল;বৰং সকলোৱে সিহঁতক ভাৰসা আৰু মান-সৎকাৰ কৰিছিল আৰু পাৰ্য্যমানে যাৰে তাৰে সিহঁতে উপকাৰ হে কৰিছিল৷  ল’ৰাটিৰ ঘৰখন পাতি,পো-বোৱাৰীৰ ৰং-ধেমালি চাই মৰিবলৈ বুঢ়া-বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল;কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে৷ বুঢ়া-বুঢ়ীয়ে লৰাটিক এডাল কূটা দুডাল কৰিবলৈ নিদিছিল আৰু ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল৷ এইবাবে বুঢ়া-বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম ক’লৈ যাম লগাই মহা চিন্তাত পৰিল৷ সি যে বনবাৰী একো কৰিব নাজানেই, তদুপৰি সি কথাবাৰ্ত্তাটো এলাবাদু৷ এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি গাঁৱৰ কেবাঘৰতো ছোৱালী ধৰিলেগৈ৷ তাক গাঁৱৰ সকলোৱে এলেবাং বুলি জানি ছোৱালী দিবলৈ গেঁৰোগেঁথোঁ কৰিলে৷ তেতিয়া সি ছোৱালী বিচাৰি কিছু দূৰ গাঁৱলৈ গ’ল; তাতে এঘৰ মানুহ তাৰ কথাবোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ-বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে; আৰু ইয়াৰ পিছত ঘৰদুৱাৰ চাই চিতি গঞাহঁতৰ চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন-বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে৷

ছোৱালীজনী বৰ চাবতিয়াল আৰু বুদ্ধিমতী আছিল৷ তাই ঘৰ গৰকিয়েই জানিব পাৰিলে যে গিৰিয়েক অকামিলা মানুহ; নচেৎ মাটি-বাৰী, গৰু-গাই, দ্ৰব্য-বস্তু যিবোৰ বুঢ়া-বুঢ়ীয়ে থৈ গৈছে, তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্ত্তিব পাৰে৷ ইয়াকে চাই তাই এদিন গিৰিয়েকক ক’লে বোলে সিহঁতৰ গাঁৱত কথাবাহী নামে বুঢ়া এটা আছে, সেই বুঢ়াৰ ওচৰলৈ গ’লে গিৰিয়েকে অনেক কথা শিকিব পাৰিব৷ এই কথাত গিৰিয়েক মান্তি হৈ পাছদিনা প্ৰাতসতে কথাবাহী বুঢ়াৰ ঘৰত ওলালগৈ৷ বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে৷ ডেকাই সকলো কথা ভাঙি ক’লত বুঢ়াই গুটিদিয়েক প্ৰশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ ক’লে, “বোপাই, তুমি কথা শিকিবলৈ হলে মোৰ ঘৰত এবছৰ থাকিলে হব৷” ডেকাই ক’লে, “ঘৰত সুধি কাইলৈ কমহি৷ ”

পাছদিনা লাগতিয়াল দ্ৰব্য-বস্তু লৈ সি কথাবাহীৰ ঘৰত সোমালহি৷ বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু, শালি, মাহ, সৰিয়হ শাক, পাচলি, আলু, বেঙেনা, চঁচা-কটা, খৰাহি, পাছি, কুলা, চালনী, পাটী, ঢাৰি, জাকৈ, জুলুকি আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে৷ ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে কথাবাহী বুঢ়াক অতি নম্ৰভাৱে জনালে, “আপদেও! বছৰ পূৰ হ’ল; আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে৷ ”বুঢ়াই ক’লে, “দুয়ো গা-পা ধুই খাই-বৈ আহিলে হে হব৷ ”খাই উঠি দুয়ো চোতালত বহিলহি আৰু অলপ বেলি টলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই ক’লে, “বোপা!বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা৷ ন-চহকীৰ ধাৰ নকৰিবা;লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা৷ তিৰোতাক বিশ্বাসী কথা নকবা৷ ৰজাৰ আগত মিছা কথা নকবা৷ এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা” এই বুলি বুঢ়াই তাক আশীৰ্ব্বাদ কৰি বিদায় দিলে৷

ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পাই-পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে-ভচহু এইকিটা কথা হে পালোঁ৷ বাৰু এইকিটা কথাৰ প্ৰমাণকৈ চোৱা যক৷ তাৰ আপোন বায়েক এজনী বাৰী হৈ ল’ৰা-ছোৱালী এহালেৰে লৈ-লৈ-থৈ-থৈ হৈ ফুৰিছিল;সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যতনকৈ সিহঁতক প্ৰতিপাল কৰিবলৈ ধৰিলে৷ তাৰ গাঁৱত এঘৰ ন-চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞাননকৰিছিল৷  সি এদিন গাখীৰ দুচুঙামান লৈ ন-চহকীক দেখা কৰি ক’লে, “ডাঙৰীয়া! আজি এবছৰ মই লোকৰ ঘৰত পাই-পইচা নোলোৱাকৈ খাটি দি আহিলোঁ; ৰজাঘৰৰ খাজনা দিব লগা হ’ল; এতেকে অনুগ্ৰহ কৰি দহ টকামান ৰূপ ধাৰলৈ দিলে বৰ উপকাৰ হয়৷ ”ন-চহকীয়ে লাহেকৈ মাত লগালে, “হেৰ৷ কাইলৈ আহিবি৷ ”পাছদিনাও সি সেইদৰে পাণ-তামোলৰ টোপোলা এটা লৈ গ’ল; সেই দিনাও ন-চহকীয়ে তাক ওভোতাই পঠিয়ালে৷ এইদৰে হাত-ভেটি লৈ দহ-বাৰ দিন অহা-যোৱা কৰি শেষত সি লেখা এখন দি অতিকষ্টে দহ টকা ৰূপ আনি তাৰ ঘৰৰ পাৰী খুটাৰ বিন্ধাত সুমাই থলে৷ বাস্তৱতে তাৰ টকাৰ দৰ্কাৰ নাছিল; মাথোন কথা-বাহী বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈ হে সি তেনে কৰিছিল৷ তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গ’ল৷ পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি, কিয় আহিছে বুলি সোধাত সি সেই কথাকে ক’লে৷ তেতিয়া গৃহস্থই মুৰে কপালে হাত দি বেজাৰ কৰি ক’লে, “অমুকাৰ ঘৰত কি নোহোৱা আছিল’ এতিয়া তাৰ পুতেকে লোকত হাত পাতিব লগা হৈছে৷ হেৰ৷ ৰূপ একুৰি হে লাগে? বাৰু নে, যেতিয়া পাৰ দিবিহি৷ ”

তাৰ পাছত সি ৰজাঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে৷  তাত মাহ-সৰিয়হ খাবলৈ অনেক চৰাই আহে;সেইবাবে সি খেঁকেৰু,ছিটিকা,জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল৷ ৰজাৰ এটা মৰমৰ ম’ৰা চৰাই আছিল, সিও সদায় তাৰ খেতত পৰি অনিষ্ট কৰিবলৈ ধৰিলে৷ শেহত সি খেতৰ মাজতে ঘূৰণীয়াকৈ দ গাঁত এটা খানি ওপৰত ডাল পাত দি ঢাকি থলে৷ পাছদিনা সি দেখে যে আন চৰাইৰ লগতে ম’ৰাটোও গাঁতত পৰি আছে৷ ম’ৰাক সি অতি যতনেৰে ধান-পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক ক’লে, “হেৰ!বহুত দিনৰপৰা ম’ৰাৰ মঙহ খাবৰ মন গৈছিল,আজি পাই আনিছোঁ; ভালকৈ ৰান্ধি দিবি দেই৷ ”ঘৈণীয়েকে বোলে, “ক’ত পালা,কেনেকৈ ধৰিলা কোৱাচোঁন?”গিৰিয়েকে বোলে, “তোক ক’লে কটা যাব লাগিব৷ ”ঘৈণীয়েকে বোলে, “এৰা,তাকে হে মোৰ কৰাবলৈ বাকী আছে৷ আমি য’তে ত’তে অবিশ্বাসী৷” এনে বোলাত গিৰিয়েকে কথাটোৰ থোৰ ভাঙি ক’লে৷ তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুৱেকৰ ঘৰলৈ নি “ভায়েকে ম’ৰা চৰাই এটা মাৰি আনিছে তাৰে এয়া আনিছোঁ, ৰান্ধি, খাব” এনে বুলি কৈ,আহিব খোজোতেই শাহুৱেকে সুধিলে, “ক’ৰ ম’ৰা কেনেকৈ মাৰিলে মোক কচোন,ইমান ততাতৈয়া কিয় কৰিছ?”তেতিয়া তাই থেৰেগেঁৰো কৰি থোৰতে কথাটো ক’লে৷

ইপিনে ম’ৰা নেদেখি ৰজা-ঘৰত বিচাৰ লাগিল৷ ইটোৱে সিটোৱে কোৱামেলা কৰিবলৈ ধৰিলে যে অমুকাৰ খেততে দিনৌ ম’ৰাটো চৰেগৈ৷ অৱশ্যে সি হে কিবা কৰিব পায়৷ ৰজাই টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি ম’ৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে৷ ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল৷ এতিয়া কল-তলৰপৰা সি  বায়েক টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক ক’লে যে ৰজাৰ টেকেলা আহি তাক ধৰি-বান্ধি নিবহি, এতেকে সি ৰূপ পাঁচ টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল;সি ঘৰত নাই বুলি ঘৈণীয়েকে টেকেলাক কবলৈ ক’লে৷ টেকেলা আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে৷ তাই বোলে, “বাৰু পেহাৰ আৰু পেহীয়েৰ কলৈ গ’ল ক?” তাই, “কব নোৱাৰো” বোলাত টেকেলাই তাইকে ধৰ বুলি বান্ধিবলৈ ক’লে৷ তেতিয়া তাই ভয়ত থক্ থক্ কৰে কঁপি ক’লে, “হেৰা পেহা! ঢাৰিৰ মেৰৰপৰা ওলোঁৱা” এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰপৰা গিৰিয়েক ওলাই পৰিল৷ টেকেলাই ধৰি বান্ধোতে গিৰিয়েক টেকেলাক ৰূপ পাঁচকটা দি ক’লে,“ককাই৷ মোক যেন অনুগ্ৰহ কৰি ন-চহকী আৰু পুৰণি-চহকীৰ ঘৰৰ দুৱাৰ-মুখেদি ৰজাৰ ঘৰলৈ নিবা৷ ”টেকেলাই“ একো টান কথা নহয়” বুলি পোনতে তাক ন-চহকীৰ ঘৰলৈ নিলে;তাতে ন-চহকীয়ে টেকেলাক ক’লে, “ই মহা চোৰ;ইয়াৰ তাপত মানুহে হাঁহ,পাৰ,ছাগলী ৰাখিব নোৱাৰে৷ ই হাঁহ,পাৰ,ছাগলী খোৱাৰ যম৷ ই মোৰ ল’ৰাটোক ফুচুলাই সিদিনা ৰূপ দহ টকা ধাৰলৈ নিলে৷ চোৰৰপৰা আৰু পোৱা যাব নে?” ইত্যাদি ৰূপে বলকি খং কৰি ন-চহকী ৰজা-ঘৰলৈ যাবলৈ ওলাল৷ তাৰ পাছত তাক পুৰণি-চহকীৰ ঘৰলৈ নিলত গৃহস্থই মৰে-কপালে হাত দি টেকেলাক ক’লে, “বোপাই ই ল’ৰা কদাপি চোৰ নহয়;মই ইহঁতৰ ঘৰক ভালকৈ জানো৷ তোমাৰ কিবা ভ্ৰম হৈছে,টকাদিয়েক লৈ এৰি দিয়া৷ ”এনে বুলি কৈ পুৰণি-চহকীও টেকেলাৰ লগত ৰজা-ঘৰলৈ যাবলৈ ওলাল৷

ৰজাৰ আগলৈ নিলত ন-চহকীয়ে যিমান পাৰে সিমান তাৰ বদ্‌নাম ৰটিবলৈ ধৰিলে;কিন্তু পুৰণি-চহকীয়ে ৰজাক বৰাই-বুজাই ক’লে, “মহাৰাজ৷ ই ল’ৰা চোৰ-চেচোঁৰ নহয়৷ স্বৰ্গদেৱৰ এটা ম’ৰা হেৰাইছে,বন্দীয়ে তেনে ম’ৰা দুটা তিনিটা অনাই দিম৷ সি অপৰাধী হলেও স্বৰ্গদেৱে লঘু দণ্ড দিব লাগে আৰু দণ্ড বিহাৰ আগেয়ে তাক এবাৰ সোধা যুগুত৷ ”ৰজাই তাক সোধাত সি ক’লে, “মহাৰাজ৷ ন-চহকীয়ে কোৱামতে মই চোৰ,মোৰ একো কবলগীয়া নাই৷ ”তেতিয়া ৰজাই তাক শূলত দিবলৈ হুকুম দিলে৷ তাক নিবলৈ ধৰোতেই সি ক’লে,-

“কিনো কালৰ বেহা৷

তিৰোতাই বুলিলে পেহা৷ ৷

তিৰিক নিদিবা হিত৷

গাতৰ ভিতৰত ধৰে ম’ৰাছালি,

স্বৰ্গদেৱৰ চঞ্চল চিত৷ ৷ ”

পুৰণি চহকীয়ে বোলে, “মহাৰাজ৷ সি কিবা এটা কৈছে;আনি সোধক৷ ”ৰজাই তাক মতাই আনি সোধাত সি হেই কেফাকি কথাকে আকৌ মাতিলে৷ তেতিয়া ৰজাই তাক কথাটো ভাঙি ক’বলৈ কোৱাত সি কথাবাহী বুঢ়াৰপৰা যি কিটা কথা শিকিছিল সেইকিটা সম্পূৰ্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো ক’লে৷  সি ক’লে “মহাৰাজ৷ মই ম’ৰা খোৱা নাই,মানুহ পঠালে খেতৰ মাজৰ গাঁতত ম’ৰাই ছালি ধৰি থকা পাব৷ ”কথাটো শুনি ৰজাই তাৰ খেতলৈ মানুহ পঠিয়াই দিলত,ৰজাৰ মানুহে সেইমতে ম’ৰা পাই লৈ আহিল৷ সি আকৌ ক’লে,-“ন-চহকীৰ দহ টকা ৰূপ মই খৰচ কৰা নাই,পাৰিখুটাৰ ফোঁপতে থৈ দিছোঁ;স্বৰ্গদেৱে অনাই তেওঁক দিয়াব পাৰে৷ পুৰণি-চহকীৰ ৰূপ কুৰি টকা নিও অইন এটা পাৰিখুটাৰ ফোঁপত থোৱা হৈছে;কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈহে হে আগবাঢ়িছে৷ কেলেহুৱাক বাৰীত ঠাই দিয়া,তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰপৰা মোৰ প্ৰাণৰ সংশয় হৈছিল৷ ”এই বুলি সি গোটেইবোৰ কথা ভাঙি ক’লে৷

ৰজাই তবধ লাগি থাকি ন-চহকীক অনেক তিৰষ্কাৰ কৰি খেদাই দিলে৷ কথাবাহী বুঢ়াক মতাই আনি ৰাজসভাৰ মেলুৱাই পাতিলে আৰু পুৰণি-চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে৷  আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে৷