FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পেট-ভাতুৰ কথা

ককা৷ -“ আজি তোক মই সাধু নকওঁ বুলিছোঁ৷ ”

নাতি৷ -“কিয়?কিয় ককাদেউতা?”

ককা৷ -“তই সেই নাৰিকলৰ লাড়ুটো পাই অকলৈ টপ্‌কৰে মুখত সুমাই থলি,তোৰ ভনীয়েৰে অকমান খুজিছিল তই নিদিলি৷ এইটো কিবা ভাল কথা হ’ল নে? আপোন-পেটীয়া স্বভাৱ বৰ বেয়া৷ অলপ বস্তু পালেও তোৰ সৰু ভনীয়েৰক তাৰ ভাগ দি খাব পায়৷ ”

নাতি৷ -“আজিৰপৰা মই তেনে নকৰোঁ৷ আজি মোৰ দোষ হৈছে৷ ”

ককা৷ -“বেছ কথা;শুনি মই সন্তোষ পাইছোঁ৷ শুন তেন্তে সাধু কওঁ”-

 

কোনো এক দেশত এজন ৰজা আছিল৷ ৰজাজনৰ এটি ল’ৰা আছিল;আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি ল’ৰা আছিল৷ সৰুকালৰেপৰা ৰজাৰ ল’ৰাৰ লগত মন্ত্ৰীৰ লৰাৰ বৰ মিল আছিল;আৰু দুয়োজনে সখি বন্ধাইছিল৷ তেওঁলোকৰ মাজত এনে বন্ধুভাৱ হৈছিল যে দুয়ো কেতিয়াও এৰাএৰি নহৈছিল৷ খোৱা-বোৱা আদি কামবিলাক দুয়োজনৰে একেলেগে চলিছিল৷ যেতিয়া তেওঁলোক ডাঙৰ হ’ল,লেখা-পঢ়া শিকি তেওঁলোকৰ বুদ্ধি চোকা হ’ল তেতিয়া দুয়োজনৰ মনত দেশ চাই ফুৰিবৰ ইচ্ছা জন্মিল৷ বাপেক-মাকে এই কথাৰ গম পালে তেওঁলোকৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ ভয়ত দুয়োজনে মনে মনে বাপেক-মাকে বাতৰি নোপোৱাকৈ এদিনাখন ৰাতি পলাই গ’ল৷ ৰজাই আৰু মন্ত্ৰীয়ে পাছ দিনা পুতেকহঁতক দেখা নাপাই বৰকৈ বিচাৰ-খোচাৰ কৰিলে,কিন্তু কোনো ঠাইতে তেওঁলোকৰ বাতৰি নেপালে৷ শেষত ৰজা আৰু মন্ত্ৰী দুয়ো অসন্তোষ মনেৰে থাকিল৷ সিফালে দুয়োজন সখিয়েকে অনেক ঠাই ফুৰি ফুৰি এক ৰজাৰ নগৰত ওলালগৈ৷ সেইদিনা ৰাতি সেই ৰজাৰ ঘৰত থাকিবলৈ মন কৰি গধূলি সময়ত দুয়ো ৰজাৰ ঘৰ পালেগৈ৷ ৰজাঘৰৰ মানুহেও গধূলিৰ অতিথি দেখি তেওঁলোকক সোধ-পোছ কৰিলে৷ তেওঁলোকেও, “বহুত ঠাই ফুৰি আমাৰ ভাগৰ লাগিছে,আজি ৰাতিটো ইয়াতে পৰি থাকোঁ”বুলি ক’লে৷ ৰজাঘৰৰ মানুহে তেওঁলোকক তেতিয়াই বঢ়িয়াকৈ খোৱা-শোৱা আদিৰ দিহা কৰি দিলে৷ তেওঁলোকে মহা আনন্দেৰে খাই-বৈ ৰজাৰ ঘৰতে শুই থাকিল৷

ৰাতি দুয়োজনৰ টোপনি আহিল৷ কিছুমান সময়ৰ মূৰত ৰজাৰ ল’ৰাই সাৰ পালে৷ সাৰ পাই,সেইদিনা ৰজাৰ ঘৰত নিজৰ ঘৰৰ দৰে খাবলৈ শুবলৈ পাই ৰজাৰ ল’ৰাই মনৰ আনন্দত এটা ৰাগ দিলে৷ যদিও তেওঁলোক দুজনে সোনকালে খাই-বৈ শুই সাৰ পালে কিন্তু ৰজাঘৰৰ মানুহে সেই সময়ত খাই-বৈ উঠিছিল হে৷ ৰজাৰ পুতেকৰ ৰাগটো শুনি ৰজাঘৰীয়া সকলোৱে হৰ্ষ পালে;কাৰণ ৰজাৰ পুতেকে ইমান সুৰীয়াকৈ ৰাগ দিছিল যে,এনে শুৱলা সুৰীয়া ৰাগ তেওঁলোকে আৰু আগেয়ে কেতিয়াও শুনা নাছিল৷ ৰজাৰ এজনী গাভৰু ছোৱালী আছিল৷ ৰাগটিয়ে সেই ছোৱালীজনীৰ মনটো হে সৰহকৈ বিন্ধিলে৷ ছোৱালীজনী ৰাগ শুনি ইমান মোহিত হৈছিল যে,তেওঁ লাজকাজ এৰি,সেই ৰাগ দিয়া অতিথি ডেকাজনৰ লগত তেওঁক বিয়া দিব লাগিব বুলি মাকক ক’লে আৰু নিদিলে আত্মঘাতী হব বুলি ক’লে৷ মাকে জীয়েকৰ কথা শুনি অসন্তোষ মনেৰে বুজাবলৈ ধৰিলে,-“আই!তুমি ৰজাৰ জীয়াৰী হৈ অচিনাকি মানুহৰ লগত বিয়া সোমাব খোজা,ই বৰ বেজাৰৰ কথা৷ অতিথিৰ জাতি-কুলৰ ঠিক নাই,স্বভাৱ-চৰিত্ৰৰ বিষয়ে আমি একো নেজানো,এনে থলত যদি আমি তোমাক সেই আলহীলৈ বিয়া দিওঁ তেন্তে নো লোকে আমাক কি বুলিব?এতেকে তুমি তেনে কথা নকবা৷ ”কিন্তু জীয়েকে মাকৰ বুজনি নুশুনিলে৷ জীয়েকে ক’লে যে তেওঁক আলহীলৈ বিয়া নিদিলে তেওঁ প্ৰাণ এৰিব৷ মাকে জীয়েকৰ কথাত বিবুধি হৈ ৰজাৰ আগত সেই কথা ক’লেহি৷ ৰজায়ো মনত বেয়া পাই,জীয়েকক মতাই নি ক’ত বুজাবলৈ ধৰিলে,কিন্তু জীয়েকে সেই বুজনিও নমনাত পৰিল৷ অন্তত ৰজাই-ৰাণীয়ে একো উপায় নাপাই আলহীলৈকে জীয়েকক বিয়া দিবলৈ সন্মত হৈ জীয়েকক ক’লে, “আই অ’ যি থাকে কপালত,তোৰ কথামতে আলহীৰ লগতে তোক বিয়া দিম,আজি ৰাতি শুই থাকগৈ৷ ”এইবিলাক গোলমালৰ পিছত তিনিওজনাই নিজ নিজ ঠাইত শুলেগৈ,কিন্তু সেই ৰাতি এজনৰো টোপনি নাহিল৷ তিনিওজনাই এইবিলাক কথা ভাবি-চিন্তি থাকোতেই ৰাতি পুৱাল৷ ৰাতিপুৱা সকলো নিজ নিজ শোৱাপাটি এৰি উঠি আহিল৷ আলহীজোৰা ৰাতিপুৱা কোনোবা ফালে গুচি যায় বুলি সিহঁতক ৰাখিবৰ নিমিত্তে ৰজাইবান্দী এজনীক মাতি আনি ক’লে “আজি ৰাতি আমাৰ আলহী দুজনৰ কোনজনে ৰাগ দিছিল সেইজনক মাতি আন৷ ”ৰজাৰ আদেশ শুনি বান্দীজনী আলহী থকা ঘৰলৈ গ’ল৷ সিফালে মন্ত্ৰীৰ ল’ৰা শোৱাপাটী এৰি উঠি আহিছে,ৰজাৰ ল’ৰা উঠাই নাই৷ এনেতে বান্দীজনীয়ে মন্ত্ৰীৰ ল’ৰাক সুধিলে, “আজি ৰাতি কোনজনে ৰাগ দিছিলা?ৰজাই মোক তেওঁক নিবলৈ কৈছে,সোনকালে ওলোৱাঁ৷ ”মন্ত্ৰীৰ ল’ৰাই ভাবিলে,ৰজাই যদি ৰাগ দিয়া বাবে কিবা জগৰ ধৰিব খোজে,তেন্তে আজলা ৰজাৰ ল’ৰাই কিবা বেবেৰিবাং লগাই জগৰত হে পৰিব পাৰে,এতেকে পাৰোঁ যদি মই নিজৰ গাতে দায় লৈ কৈ-মেলি সাৰি আহোঁ;আৰু নোৱাৰোঁ যদি তেওঁৰ হকে ময়েই বিপদত পৰোঁ,তেঁৱেই ভালে-কুশলে থাকি ৰাজ্যলৈ উভতি যাওক৷ ইয়াকে ভাবি,ৰাগ দিয়া মানুহজন ময়ে বুলি গাত লৈ মন্ত্ৰীৰ ল’ৰা বান্দীজনীৰ লগত ৰজাৰ ঘৰৰ ভিতৰলৈ গ’ল৷ মন্ত্ৰীৰ ল’ৰাক ৰজাৰ আগত শোধাই দিয়া হ’লত ৰজাই তেওঁক সুধিলে, “আজি ৰাতি তুমি ৰাগ দিছিলা নে?”মন্ত্ৰীৰ ল’ৰাই উত্তৰ দিলে, “হয় স্বৰ্গদেও৷ ” উত্তৰ শুনি ৰজাই এডোখনৰ ভাল ঠাই দেখুৱাই ক’লে, “তুমি মোৰ দোচোৰা আদেশ নুশুনালৈকে এই ঠাইতে বহি থাকাঁ৷ ”মন্ত্ৰীৰ ল’ৰায়ো ঈশ্বৰক চিন্তি ৰজাই দেখুওৱা ঠাইখিনিতে বহি থাকিল৷

ইফালে ৰজাৰ ল’ৰাই টোপনিৰপৰা সাৰ পাই দেখে যে,তেওঁৰ সখিয়েক ওচৰত নাই৷ সখিয়েকক নেদেখি তেওঁ বিচূৰ্ত্তি হ’ল৷ নানাৰকম শোক,দুখ ভাবনাই তেওঁৰ মন খলক লগালে৷ ৰজাৰ ল’ৰাই ভাবিবলৈ ধৰিলে,আজি ইমান দিন সখিৰ ওপৰত নিৰ্ভৰ কৰিয়েই মহাসুক কটালোঁ;এতিয়া সখিয়ে মোক এনে বিপদত পেলাই নো মোক এৰি ক’লৈ গ’ল?আৰু মইনো এতিয়া অকলৈ ক’লৈ যাওঁ,ক’ত থাকোঁ?ঈশ্বৰেনো মোক বিপদত পেলাবলৈ হে এই বিদেশলৈ লৈ আহিছিল নে কি? এইবিলাক কথা ভাবি-চিন্তি তেওঁ ৰজাৰ ঘৰৰপৰা বাহিৰ ওলাল,আৰু গোটেই নগৰতে সখিয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে৷ দিনৰ দিনটো ভাত-পানী এৰি ৰজাৰ ল’ৰাই সখিয়েকক বিচাৰি ক’তো নেপাই শেহত গধূলি বেলিকা সেই ৰজাৰ নগৰৰে এজন সাউদৰ ঘৰত ওলালগৈ৷ সাউদে গধূলি পৰত তেওঁক অহা দেখি ক’ৰপৰা আহিছে সুধিলে৷ ৰজাৰ ল’ৰাই “মই অকলশৰীয়া মানুহ,মোৰ ঘৰ-দুৱাৰৰ ঠিক নাই,য’তে পাও ত’তে থাকো”বুলি মিছাকৈয়ে চিনাকি দিলে৷ তেতিয়া সাউদে সুধিলে, “যদি তোমাৰ ঘৰ-দুৱাৰৰ ঠিক নাই,তেনেহলে ময়ে ৰাখোঁ,মোৰ ইয়াতে থাকা৷ ”ৰজাৰ ল’ৰায়ো “ৰাখিলে থাকিবও পাৰোঁ”বুলি ক’লে৷ তেতিয়া সাউদে ক’লে, “তুমি থাকোঁ বুলিছা হয় কিন্তু মই ভাল বন্দৱস্ত নকৰাকৈ মানুহ নাৰাখো৷ ”সাউদৰ কথা শুনি ৰজাৰ ল’ৰাই ক’লে, “বাৰুকি বন্দৱস্ত কৰে কৰক৷ ”সাউদে ক’লে, “মোৰ অন্য বন্দৱস্ত নাই,মাত্ৰ কোনো মানুহ মোৰ ঘৰত থাকো বুলি পিছত নথকা হ’লে মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত তাক পেলাই থওঁ৷ যেয়ে ইয়ালৈ আগ বাঢ়িব পাৰে মই তাক হে ৰাখোঁ আৰু সেইটো গাত নললে মই তাক নাৰাখোঁ৷ ”ৰজাৰ ল’ৰায়ো আগ পাছ নুগুণি তাতে সন্মত হ’ল আৰু সেই দিনা খাই-বৈ ৰজাৰ ল’ৰা সেই সাউদৰ ঘৰতে থাকিল৷

ইফালে ৰজাই লৰালৰিকৈ বিয়াৰ কাৰবাৰৰ নিমিত্তে মানুহ লগাই দিলে৷ মন্ত্ৰীৰ ল’ৰাই জগৰৰ ভয়ত ঈশ্বৰক সুমৰি বহি আছে৷ গধূলি হ’লত নিয়মমতে ৰজাই জীয়েকক মন্ত্ৰীৰ ল’ৰাৰ লগত বিয়া দিলে আৰু জীয়েক-জোঁৱায়েক থাকিবলৈ ৰজাৰ ঘৰৰপৰা অলপ দূৰত এটি ঘৰ দিলে৷ তেওঁলোকেও তাতে থাকি সুখেৰে দিন কটাবলৈ ধৰিলে৷

ইফালে ৰাতিপুৱাতে সাউদে তেওঁৰ আন আন চাকৰবোৰৰ লগত ৰজাৰ ল’ৰাকো বন কৰিবলৈ পঠাই দিলে৷ ৰজাৰ ল’ৰাই সৰুৰেপৰা পৰৰ ওপৰত খাই-লৈ আছিল,তেওঁৰ সুখীয়া দেহা,কি বন কৰিব?আকৌ বন কৰিব নোৱাৰিলে সাউৰৰ গালি-শপনিও খাব লাগে৷ বন কৰিব নোৱাৰোঁ বুলিলেও সাউদে নেৰে৷ গতিকে তেওঁ নিৰুপায় অৱস্থাত পৰি কোনোমতে চাৰি দিনমান দুখে-কষ্টে কটালে৷ পিছত আৰু দেহেৰে নটা হ’লত এদিন গধূলি তেওঁ সাউদক ক’লে, “দেউতা মই আৰু আপোনাৰ ঘৰত থাকিব নোৱাৰোঁ,মোৰ আগৰপৰা বন কৰা অভ্যাস নাছিল৷ অনুগ্ৰহ কৰি মোক কালিৰপৰা বিদায় দিয়ক৷ ” এই কথা শুনি সাউদে খঙতে জ্বলি উঠি ক’লে, “মই আগেয়ে তোৰ আগত কৈছোঁ,যি মানুহে আগেয়ে মোৰ ঘৰত থাকোঁ বুলি শেহত নথকা হয়,মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাৰ পোতাশালত থওঁ৷ এতিয়া তয়ো তাৰ ভাগ পাবি৷ ”ৰজাৰ ল’ৰাই ক’লে, “মোক দোছোৱা কৰি কাটিলেও মই আৰু বন কৰিব নোৱাৰোঁ৷ ”সাউদে ক’লে, “বাৰু তেন্তে!” এই বুলি সেই ৰাতিটো গ’লত,পাছদিনা ৰাতিপুৱা সাউদে ৰজাৰ ল’ৰাক লগত লৈ ৰজাৰ ঘৰলৈ গ’ল;আদি-অন্ত সকলোখিনি কৈ দিয়াত সিহঁতৰ বন্দৱস্ত মতে ৰজাই ৰজাৰ ল’ৰাৰ নাকে-কাণে লোৰ শলা মৰাই পোতাশালত থৈ দিয়ালে৷ সাউদ ঘৰলৈ গুচি আহিল৷ ৰজাৰ ল’ৰাই অসহ্য যন্ত্ৰণা ভোগ কৰি দিন কটাবলৈ ধৰিলে৷ কেইদিনমানৰ মূৰত এদিন ৰজাৰ ল’ৰাই ৰাতি শুই নিজৰ সুখ-দুখৰ কথাবিলাক মনত ভাবি থাকোঁতে,তেওঁৰ মনত এটা কিবা ভাব ওলাই আকৌ পূৰ্ব্বৰ নিচিনা সুললিত মাতেৰে ৰাগ দিলে৷ সেই ৰাগটি আকৌ ৰজাৰ জীয়েকৰ কাণত পৰিলগৈ৷ ৰজাৰ জীয়েকে এই ৰাগ শুনি মনে মনে ভাবিবলৈ ধৰিলে, “মোৰ কি দুৰ্কপাল!মই যি ৰাগত মোহ গৈ পিতৃ-মাতৃৰ বিৰোধী হৈ আলহীৰ লগত বিয়া সোমালোঁ এতিয়া দেখোঁ সেই ৰাগটো আকৌ পোতাশালৰ ফালে হে শুনিবলৈ পাওঁ৷ ঈশ্বৰে নো মোক কি ছল কৰিলে!” এইবিলাক কথা ভাবি-চিন্তি তেওঁ একো ঠিক কৰিব নোৱাৰি শেহত ইয়াৰ ভালকৈ ওৰ লবৰ নিমিত্তে তেওঁৰ গিৰিয়েকক সুধিলে-“আপোনাৰ লগত যে পিতাই মোক বিয়া দিলে মই ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলোঁ৷ আপুনি দেখোঁ আমাৰ অচিনাকি মানুহ;পিছে পিতাই বা মোক আপোনাৰে সতে কিয় বিয়া দিলে,আপুনিয়েই বা মোক কেনেকৈ বিয়া কৰিবলৈ পালে,মোৰ আগত এই কথাৰ আঁতি-গুৰি আজি ভাঙি কওকচোন?”

তেতিয়া মন্ত্ৰীৰ ল’ৰাই ক’লে, “যিদিনাখন ৰাতি আমি তোমালোকৰ ঘৰত আলহী হৈ আছিলোঁ,সেইদিনা ৰাতি মই এটা ৰাগ দিছিলোঁ৷ ৰাতিপুৱা উঠি দেখোঁ তোমালোকৰ বান্দী এজনীয়ে,ৰাতি ৰাগ দিয়া মানুহজন বিচাৰি আহিছে৷ মই তাইৰ আগত সৈ কঢ়াত মোক তাই নি ৰজাৰ আগত ভেঁটাই দিলে৷ তাৰ পিছত ৰজাই তোমাক মোৰ লগত বিয়া দিলে৷ মই এইখিনিকে মাথোন জানো৷ ”

তেতিয়া ৰজাৰ জীয়েকে ক’লে, “তেনেহলে তুমি মোক ছল কৰি হে বিয়া ক’ৰালা!”মন্ত্ৰীৰ ল’ৰাই সুধিলে, “মই তোমাক কি ছল কৰিলোঁ?”ৰজাৰ জীয়েকে ক’লে, “আমি সেইদিনা যিজন মানুহৰ ৰাগ শুনিছিলোঁ,সেই মানুহজনৰ ৰাগ দেখোন আজি আকৌ পোতাশালৰ ফালে হে শুনিবলৈ পালোঁ৷ সিদিনাখনৰ ৰাগৰে সৈতে দেখোন আপোনাৰ মাত নিমিলে?”

মন্ত্ৰীৰ ল’ৰাই কোনো ৰকমে ৰজাৰ জীয়েকৰ কথাত সাৰিব নোৱাৰি শেহত সকলো কথা সৈ কাঢ়ি তেওঁক ভাঙি ক’লে৷ সেই কথা শুনি ৰজাৰ জীয়েকৰ মনত বৰ অসন্তোষ লাগিল৷ মন্ত্ৰীৰ ল’ৰাই ৰজাৰ জীয়েকৰ অসন্তোষ দেখি তেওঁক অসন্তোষ কৰিবলৈ হাক দিলে আৰু তেওঁৰ সকলো দুখ-বেজাৰ গুচাব বুলি প্ৰতিজ্ঞা কৰিলে৷

পাছদিনা ৰাতি পুৱালত মন্ত্ৰীৰ ল’ৰাই শোৱাপাটীৰপৰা হাত-মুখ ধুই,পোতাশালত ৰাগ দিয়া মানুহজন নো তেওঁৰ সখিয়েক হয় নে নহয় চাবলৈ গ’ল৷ গৈ দেখে যে সেইজন তেওঁৰ সখিয়েকজনেই হয়৷ মন্ত্ৰীৰ পুতেকে তাৰপৰা উভতি আহি বাহিৰে বাহিৰে শহুৰেকৰ ওচৰলৈ গ’ল আৰু শহুৰেকক নমস্কাৰ কৰি তেওঁক এটা লগুৱা লাগে বুলি ক’লে৷ ৰজাই জোঁৱায়েকৰ কথা শুনি, “কোনটো মানুহ তোমাক লাগে নিয়া”বুলি কোৱাত মন্ত্ৰীৰ ল’ৰাই “এটা পোতাশালৰ বন্দী হে মোক লাগে”বুলি ক’লে৷ তেতিয়া ৰজাই পোতাশালৰ গৰাকীজনক মতাই আনি জোঁৱায়েকক লগত দি ক’লে, “এওঁ যিজন বন্দী আনিব খোজে সেইজনকে মোকোলাই দিবা৷ ”ৰজাৰ আদেশমতে পোতাশাললৈ গৈ মন্ত্ৰীৰ ল’ৰাই সখিয়েকক পোতাশালৰপৰা মোকলাই ঘৰলৈ লৈ আহিল৷

ঘৰ পাই ৰজাৰ ল’ৰাৰ মুখৰপৰা তেওঁলোকে তেওঁৰ দুখৰ কথা শুনি তিনিওজনে কান্দিবলৈ ধৰিলে৷ তাৰ পিছত তেওঁলোকৰ কথা-বতৰা শেষ কৰি ৰজাৰ জীয়েকে ভাত-পানীৰ দিহা কৰিলে,আৰু তিনিওজনে খাই-বৈ উঠিল৷

এতিয়া মন্ত্ৰীৰ ল’ৰাই ৰজাৰ পুতেকৰ লগত ৰজাৰ জীয়েকৰ তিৰী-মুনিহৰ সম্বন্ধ লগাই দি সখিয়েকৰ শত্ৰু সাউদক এশিকা দি সখিয়েকৰ প্ৰতিশোধ লবলৈ তেওঁলোকৰ ওচৰত বিদায় লৈ ওলাই গ’ল৷

যিজন সাউদে ৰজাৰ ল’ৰাক দুৰ্গতি কৰি পোতাশালত থৈছিল সেই সাউদৰ ঘৰতে মন্ত্ৰীৰ ল’ৰাও গধূলি বেলিকা ওলালগৈ৷  সাউদে তেওঁক দেখা পাই অহাৰ কাৰণ সুধিলে৷ মন্ত্ৰীৰ লৰায়ো “ফুৰি ফুৰি গধূলি হোৱাত আলহী চাপিলোঁ”বুলি ক’লে৷ তাৰ পিছত সাউদে তেওঁৰ আঁতিগুৰি সোধাত,চতুৰ মন্ত্ৰীৰ ল’ৰাই লাহেকৈ ক’লে, “সৰু কালতে মোৰ আই-বোপাই মৰিল৷ যেতিয়া মোৰ আই মৰে,তেতিয়া মই পিয়াহ-খোৱা৷ মোৰ আই মৰাত মোক ডাঙৰ কৰিবলৈ কোনো নোহোৱাত আমাৰ গাঁৱৰ এঘৰ মানুহে মোক প্ৰতিপাল কৰিবলৈ নিছিল৷ মই পিয়াহ-খোৱা,তেওঁলোকে মোক ক’ৰপৰা পিয়াহ দিব?পিয়াহৰ সলনি তেওঁলোকে মোক ভাতকে দবলৈ ধৰিলে৷ তাতে মোৰ দুদ-মৰকীয়া লাগি মই ভাত সৰহকৈ খাবলৈ ধৰাত মোৰ পেটটো টেকেলিৰ দৰে ওলাল৷ সেইদেখি মানুহে মোক পেট-ভাতু বুলি মাতিবলৈ ধৰিলে৷ আজি পৰ্য্যন্ত মোৰ সেই নামেই থাকিল৷ মই এতিয়া ডাঙৰ হোৱাত মোক প্ৰতিপাল কৰা মানুহঘৰে সৈতে মোৰ দন্দ-হাই লাগিবলৈ ধৰিলে৷ তাতে তেওঁলোকে আমনি পাই মোক মাৰি-কিলাই খেদি দিলে৷ ময়ো মনৰ বেজাৰত দেশ চাওঁ বুলি গুচি আহিলোঁ৷ আজি আপোনাৰ ইয়াতে ঈশ্বৰে ঠেকালে৷ মই এইদৰে ফুৰি থাকিম বুলিয়েই মনত ভাবিছোঁ,আৰু সুবিধা পালে কোনোবাই ৰাখিলে থাকিবও পাৰোঁ৷ ”

থকাৰ কথা শুনি সাউদে মাত লগালে, “বোপাই,থাক যদি ময়ে ৰাখিব পাৰোঁ৷ ”পেট-ভাতুৱে উত্তৰ দিলে, “ভাল;য’তে ত’তে চুচৰি-বাগৰি ফুৰাতকৈ একেঘৰতে থাকিব পাৰিলে ময়ো বৰ্ত্তো৷ ”সাউদে ক’লে, “বোপাই,থাকোঁ বুলি কৈছ হয়,কিন্তু এটা কথা,-যি মানুহে আগেয়ে মোৰ ইয়াত থাকোঁ বুলি শেহত নথকা হয়,মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত থওঁ৷ ”পেট-ভাতুৱে ক’লে, “মোৰ তেনে এটা দস্তুৰ আছে;অৰ্থাৎ যি মানুহে মোক ৰাখোঁ বুলি শেহত নৰখা হয়,তেওঁকো নাকে কাণে লোৰ শলা মাৰি যেন ৰজাৰ পোতাশালতে থব পাৰোঁ তেনেকুৱা এটা বন্দৱস্ত লগাই হে থাকোঁ৷ ” এইদৰে কোৱামেলা কৰি সেই ৰাতিয়েই দুয়ো বন্দৱস্ত কৰি ৰখা আৰু থকাৰ ঠিক কৰিলে৷

পাছদিনা ৰাতিপুৱা সকলো মানুহ উঠিল৷ সাউদে আন আন চাকৰৰ লগত পেট-ভাতুকো বন কৰাবলৈ লৈ গ’ল৷ পেট-ভাতুৱে ইমান উৎসাহেৰে বন কৰিবলৈ ধৰিলে যে,সাউদৰ আন চাকৰবিলাকে তাক কোনো বনতে বলে নোৱাৰা হ’ল৷ আন চাকৰবিলাকক গৰাকীয়ে বন পাচিলে হে কৰে,কিন্তু পেট-ভাতুৰ হ’লে সেইটো নহয়,গৰাকীয়ে নাপাচিলেও সি নিজৰ দিহামতে কামবোৰ কৰিবলৈ ধৰিলে৷ তাৰ বন দেখি সাউদৰ মনত বৰ ৰং লাগিল৷ শেহত সাউদে তাক আন চাকৰবিলাকৰ ওপৰত মুখিয়াল পাতি দিলে৷ পেট-ভাতুৱে আৰু দুগুণ উছাহেৰে কাম কৰিবলৈ ধৰিলে৷ সি চাকৰহঁত যে থান-থিতি নিদিলেই নিজেও বন কৰাত আগতকৈও বেছিকৈ কোবাল হ’ল৷ তাৰ বন আৰু উছাহ দেখি সাউদৰ পেট-ভাতু হে পেট-ভাতু হ’ল৷ গোটেইখন ঘৰকে সাউদে পেট-ভাতুক সঁপি দিলে৷  সাউদে নিজে কিবা কৰিব লাগিলেও পেট-ভাতুক নোসোধাকৈ নকৰাত পৰিল৷ আন কি পেট-ভাতুৱে সাউদৰ ঘৈণীয়েকক ভাত ৰান্ধিবলৈ শিকাবও লগাত পৰিল৷ যিদিনা ভাত ৰান্ধোতে পেট-ভাতু নাথাকে সেইদিনা সাউদৰ ভাত-আঞ্জাৰ জুতিয়েই নালাগে৷

এইদৰে কেইদিনমান আছে,এদিন সাউদে পেট-ভাতুক ওচৰলৈ মাতি নি ক’লে, “বোপা,মই কাইলৈ বেপাৰলৈ যাম;তুমি ঘৰখন ভালকৈ চাবা৷ বিশেষকৈ বাৰীখন চিকুণাই ৰাখিবা,যেন তাত ফু মাৰি ভাত খাব পৰা হয়৷ মই ঘূৰি আহি,কোৱা কথাৰ লৰচৰ দেখিব নালাগে৷ ”পেট-ভাতুৱে সাউদৰ কথা শুনি “ভাল দেউতা”বুলি শলাগি থলে৷

পাছদিনা ৰাতি পুৱালত সাউদ নাৱত উঠি বেপাৰলৈ গ’ল৷ ইফালে পেট-ভাতুৱে বাৰী চিকুণুৱা কামত ধুমধাম লগালে৷ চকাৰ লগাই দি বাৰীত যি শইচ-সাৰ আছিল সকলোবোৰ কটাই নৈত উটাই দিবলৈ ধৰিলে৷ ঘৰৰ মানুহে সেইবাবে তাক কিবা ক’লে সি হে আকৌ সিহঁতক ডাবি দি উঠে৷ পেট-ভাতু আগৰপৰাই সাউদৰ বিশ্বাসী চাকৰ,কিজানি সাউদে তাক সেইদৰেই কৰাবলৈ কৈ গৈছে,এইবুলি ঘৰৰ আন মানুহেও তাক হাক দিবলৈ সাহ কৰিব নোৱাৰে৷ সিফালে পেট-ভাতুৱে বাৰীত যি জাবৰ-জোঠৰ আছিল সেইবিলাক আঁতৰ কৰাই মছাই-সৰাই একেবাৰে সাউদে কোৱাতকৈও ওপৰ কৰি ফু-মাৰি ভাত খাব পৰা কৰি থলে৷

এনেতে সিফালৰপৰা সাউদো বেপাৰ কৰি উভতি আহিল৷ আহোঁতে,নৈত উটাই দিয়া আম কঠা আদিৰ গছবিলাক সাউদে নৈত জাজী হৈ থকা লগ পাবলৈ ধৰিলে৷ সেইবিলাক দেখি সাউদৰ মনত এটা অসন্তোষৰ ভাব আহি সোমাল৷ তেওঁ ভাবিলে,মই আহোঁতে বাৰীখন চিকুণাই থবৰ নিমিত্তে পেট-ভাতুৰ আগত কৈ আহিছিলোঁ;কিজানি সিয়ে মোৰ মনৰ ভাৱ নুবুজি অন্য ৰকম কাম কৰিলে?ইত্যাদি ভাবি-চিন্তি আহোঁতে সাউদে নিজৰ ঘাট পালেহি৷ ঘাট পায়েই সাউদে নাৱৰপৰা নামি অইন ফালে চকু নিদিয়াকৈয়ে বাৰীৰ ফালে লৰ ধৰিলে৷ বাৰী পাই তেওঁ দেখিলে যে পেট-ভাতুৱে মানুহ লগাই বাৰীখন মছাব সৰাবই লাগিছে৷ সাউদে দেখিয়েই মূৰে-কপালে হাত দি বহিল৷ বহুত পৰ সাউদে তলমূৰ কৰি থাকি পেট-ভাতুক সুধিলে, “হেৰ!তই দেখোন একেবাৰে মোৰ সৰ্ব্বনাশ কৰিলি অ’?”পেট-ভাতুৱে উত্তৰ দিলে, “দেউতা,বন্দীয়ে আপুনি কোৱাৰ ওপৰ হবলৈহে প্ৰাণপণে যত্ন কৰিছোঁ৷ ”সাউদে আৰু একো উত্তৰ নিদি ঘৰলৈ আহি মনৰ বেজাৰত কাকো নমতা-নোবোলাকৈ শোৱাপাটীত পৰি থাকিল৷ পাছদিনা ৰাতিপুৱা তাৰ তলৰ বনুৱাবিলাকক ভাগে ভাগে বনলৈ পাচি দিলে৷ নিজে ঘৰত থাকি সাউদৰ ঘৈণীয়েকক ক’লে, “আই,দেউতা অনেক দিনৰ মূৰত আহি ঘৰ পাইছেহি৷ কালি গধূলি কিবা গা-মূৰৰ অসুখতে নে কি,দেখোন ভাত খোৱাও দেখা নাপালোঁ৷  এতিয়া আজি নো দেউতাক কিহেৰে ভাত খুৱাব খুজিছে বা?এই খাহীটোকে মাৰোঁ৷ ” এই বুলি কৈ সি উত্তৰলৈ বাট নেচাই খাহীটো একে কোবেই মাৰি পেলালে৷ সাউদে ইয়াতো তাক একো বুলিবলৈ বাট বিচাৰি নেপালে৷ তাৰ পাছত পেট-ভাতুৱেও,সাউদলৈ ৰন্ধা ভাত-আঞ্জাৰ জুতি দেখুৱাবলৈ ৰান্ধনীৰ পাছে পাছে ধুম-ধুপালকৈ লৰিবলৈ ধৰিলে৷

সাউদনীয়ে পেট-ভাতুৰ দিহামতে ভাত-আঞ্জা ৰান্ধি শেষ কৰিলে৷ তাৰ পিছত সি সাউদনীয়ক মঙহ ভাজিবলৈ চৰুত তেল বহাবলৈ দিলে আৰু চৰুত তেল বহোৱাৰ পিছত,সোনকালে তেল পকি উঠিবলৈ চৰুৰ তলত ডাঙৰকৈ জুই দিবলৈ ক’লে৷ সাউদনীয়ে পেট-ভাতুৰ কথামতে কাম কৰিলে৷ যেতিয়া পেট-ভাতুৰ কথামতে কাম কৰিলে৷ যেতিয়া তেল পকি জুই উঠিব লগীয়া হ’ল,সাউদনীয়ে সুধিলে, “পেট-ভাতু,এতিয়া মঙহ বহাই দিওঁ?”পেট-ভাতুৱে ক’লে, “ৰ’বা আই ৰ’বা,তেল ভালকৈ পকা নাই৷ ” এইদৰে দুয়ো চাই আছে৷ পেট-ভাতুৱে যেতিয়া দেখিলে জুই নুঠিবৰ আৰু কোনো কাৰণ নাই,তেতিয়া সাউদনীক ক’লে, “আই এতিয়া মঙহ বহাই দিয়া৷ ”তাৰ কথামতে সাউদনীয়ে মঙহ বহাই দিয়াত ভমক্ কৰি জুই উঠি ৰান্ধনি-ঘৰৰ চালত লাগিলগৈ৷ ৰান্ধনী ওলাই লৰ মাৰিলে৷ এক মুহূৰ্ত্তৰ ভিতৰতে জুইয়ে এটাইবোৰ ঘৰ আগুৰি পেলালে৷ সাউদৰ আৰু তেওঁৰ ঘৰৰ মানুহবিলাকৰ চিঞৰ-বাখৰ লাগি পৰিল৷ মানুহবিলাকৰ কোনোৱে জুই নুমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে,কোনোৱে বা বস্তুবেহানি উলিৱাত লাগিল৷ সাউদ বেবুৱা লাগি ইফালে সিফালে লৰি ফুৰিবলৈ ধৰিলে৷ সাউদৰ এটা পাঁচ বছৰীয়া ল’ৰা আছিল৷ ল’ৰাটিয়ে এই কাণ্ড দেখি ভয়তে কান্দি কান্দি বাপেকৰ পাছে পাছে লৰি ফুৰিবলৈ ধৰিলে৷ সাউদে মনৰ বেজাৰত ক’লে, “এই নষ্ট যোৱাৰ নো আজি কি হ’ল?ই কিয় এনেকৈ মোৰ পাছে পাছে লৰি ফুৰিছে?ইয়াক নো কোনেও কোবাই মাৰিব নোৱাৰে নে?”সাউদৰ কথা শুনি পেট-ভাতুৱে টপৰ্ ক’ৰে মাত লগালে, “মই হেন বন্দী থাকোঁতে দেউতাৰ এনে দুখ লাগিব নে৷ মই তেনেহলে কেলেই বা দেউতাৰ ঘৰত আছোঁ৷ ” এই বুলিয়েই সি টাঙোন এডা আনি ল’ৰাটো কোবাই মাৰিলে৷ পেট-ভাতুৱে এইদৰে সাউদৰ কৰিবলগীয়া সকলোখিনি কৰিলে৷ পেট-ভাতুক আৰু ৰখা হ’লে আগলৈকো সি এনেকুৱা অনিষ্ট হে কৰি থাকিব,এই বুলি ভাবি সাউদে পেট-ভাতুক বিদায় দিলে৷

পেট-ভাতুৱে তেওঁলোকৰ বন্দৱস্তমতে ৰজাৰ আগত গোচৰ দিলেগৈ৷ ৰজাই সাউদক ধৰাই নি সোধাত সাউদে পেট-ভাতুৰ অত্যাচাৰৰ কথাবিলাক বৰ্ণাই ৰজাৰ আগত ক’লে৷ পেট-ভাতুৱে ক’লে, “স্বৰ্গদেউ,তেওঁৰ কোৱা কথাৰ বাহিৰে চুলি এডালৰ ইফাল-সিফাল মই কৰা নাই৷ তেওঁ বেপাৰলৈ যাওঁতে মোক বাৰীখন ফু-মাৰি ভাত খাব পৰা কৰি থব দিছিল;ময়ো তাকে কৰিছোঁ৷ ঘৈণীয়েকক মই ভাত ৰান্ধিবলৈ শিকাব লাগে;আঞ্জাত লোণ খাৰ দিবলৈ দেখুৱাবলৈ গৈছিলোঁ৷ ঘৈণীয়েকে তেল মাৰোঁতে ঘৰত জুই লগাই দিলে,মই কি কৰিম?তেওঁ তেওঁৰ ল’ৰাটো মাৰিবলৈ কোনো নাই বুলি দুখ কৰাত,চাকৰ থাকোঁতে গৰাকীৰ এনে দুখ হোৱা দেখি মই বেয়া পাই ল’ৰাটি মাৰি দিলোঁ৷ স্বৰ্গদেৱে এতিয়া বিবেচনা কৰি চাই দোষীক দণ্ড কৰক” এই বুলি পেট-ভাতুৱে ক’লে৷ ৰজাই বিচাৰ কৰি চাই পেট-ভাতুক নিৰ্দ্দোষী পালে৷ কবুলত হৰা দোষত ৰজাই সাউদৰ নাকে-কাণে লোৰ শলা মৰাই সাউদক পোতাশালত থবলৈ আদেশ দিলে৷

তেতিয়া মন্ত্ৰীৰ ল’ৰাই আনন্দ মনেৰে সখিয়েকৰ ঘৰলৈ আহি সকলো কথা সখিয়েকৰ আগত ক’লে৷ সাউদৰ অৱস্থাৰ কথা শুনি সখিয়েকৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমান নাইকিয়াত পৰিল৷ এতিয়া তিনিওজনে গৈ ৰজাৰ ওচৰত নিজ নিজ চিনাকি দিলে,আৰু নিজ ৰাজ্যলৈ যাবৰ নিমিত্তে অনুমতি প্ৰাৰ্থনা কৰিলে৷

ৰজাই সকলো কথা জানিবলৈ পাই সন্তোষ পালে৷ তাৰ পিছত ৰাণী আৰু প্ৰজাবিলাকে এই শুভ বাতৰি পাই ৰঙত তোলপাৰ লগাই দিলে৷ ৰজাই আৰু ৰাণীয়ে জোঁৱায়েকক খুৱাই বুৱাই অনেক ঐশ্বৰ্য্য-বিভূতি দি পঠিয়াই দিলে৷ তেওঁলোকেও আনন্দ মনেৰে নিজ ৰাজ্যলৈ গুচি আহিল৷