FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ঔ-কুঁৱৰী

এক ৰজাৰ দুজনী ৰাণী আছিল৷ তেওঁলোক দুয়ো গৰ্ভৱতী হ’ল৷ এদিন দুয়ো ৰাণীৰ সন্তান উপজিল৷ বৰৰাণীয়ে এটি ল’ৰা আৰু সৰুৰাণীয়ে এটা ঔ-টেঙা পালে৷ সৰু ৰাণীয়ে তেওঁৰ ঔ-টেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চুৱা-পাতনিত দলিয়াই পেলাই দিলে৷ কিন্তু দেখা গ’ল,দিনৌ ৰাণীয়ে কাম কৰিবৰ আৰু শুবৰ সময়ত সেই ঔ-টেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি৷ ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি৷ এদিন ঔ-টেঙাটো দুপৰীয়া মানুহ-দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল৷ সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ অলপ আওহতীয়া ঠাইত বহি বৰশী বাই আছিল৷ কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ-টেঙাটোৰ ভিতৰৰ পৰা এজনী দিপ্‌লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি,ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ’দত শুকাই লৈ, আকৌ ঔ-টেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল৷ ৰজাৰ ল’ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোহঘৰত সোমাল৷ ইফালে কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই শেহত ৰোহঘৰত শুই থকা পালে৷ কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সুধিলত,কোঁৱৰে কলে যে “অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে৷ সেই ঔ-টেঙাটোৰে সৈতে মোক বিয়া দিব লাগে৷” ৰজাৰ ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি-উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে,কিন্তু কোঁৱৰে নুশুনিলে৷ কোঁৱৰৰ খটবান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে৷ ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দিকাটি কলে যে-“মোক কিয় এইদৰে লাজ দিব লাগিছে?”কিন্তু শেহত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔ-টেঙাটো ধুৱাই-পখলাই কোঁৱৰেৰে সৈতে তাৰ বিয়া দিলে৷ বৰ ধুমধাম কৰি কোঁৱৰে ঔ-টেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি৷

ৰজাৰ কোঁৱৰে ঔ-টেঙাৰ সৈতে একেটা শোৱনি-ঘৰতে থাকিল৷ ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে৷ কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔ-টেঙাটোৰ পৰা ভিতৰৰপৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔ-টেঙাটোৰ ভিতৰত সোমাই থাকে৷ দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে৷ কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমনজিমনকৈ বহি থাকে৷ এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল৷ বুঢ়ীয়ে কোঁৱৰক আমনজিমনকৈ বহি থকা দেখি সুধিলে-“বোপা ! তুমি দেখোন মন মাৰি বহি আছা? তুমি বিয়া কৰালা কিন্তু ক’তা আমি দেখোন বোৱাৰীক দেখা পোৱা নাই?” বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে সকলো কথা তাইক ভাঙি ক’লত বুঢ়ীয়ে মাত লগালে, “বোপা ! ঔ-টেঙাটোৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে৷ শোৱনিঘৰৰ ভিতৰত একুৰা তুঁহজুই ধৰি থবা আৰু দৈ গাখীৰ আঠিয়া কল ফেনেকি মিহলাই ওচৰতে এটা বাটিত থৈ দিবা৷ তুমি তোমাৰ শোৱাপাটীত টোপনি অহাৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই থাকিবা৷ তোমাৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔ-টেঙাটোৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিব তেতিয়া তুমি ততালিকে উঠি সেই ঔ-টেঙাটো তুঁহজুইত সুমুৱাই দি পুৰি পেলাবা৷ কিন্তু তেতিয়া দেখিবা যে ছোৱালীজনী ধাচ কৰে মাটিত পৰি গৈছে৷ তেতিয়াই লৰালৰিকৈ সেই বাটিৰ পৰা দৈ-গাখীৰ আৰু আঠিয়াকল আনি তাইৰ মূৰতে ভৰণ দিবা৷ দিলেই তাই জ্ঞান পাই উঠি বহিব৷ ” বুঢ়ীৰ বুধি শুনি কোঁৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথা মতেই কৰি ঔকুঁৱৰীক লাভ কৰিলে৷

কোঁৱৰৰ বাপেক-মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হ’ল৷ বিয়ৈ-বিয়নী ৰজা-ৰাণীলৈ এই বাতৰি তেওঁলোকে কঠ পঠিয়ালত তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔকুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে৷