FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বুধিয়ক শিয়াল

এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱত মানুহৰ বাৰীয়ে ঘৰে লুংলুঙাই ফুৰিছিল৷ এনেতে সি এঘৰৰ ভঁড়ালৰ চাঙত তলি-ফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ৷ সি টেমাক-টেমাককৈ অকতিয়াই-পকতিয়াই পিঠাবোৰ খাই শেষ কৰি, ভগা দোণটোৰ ফটা তলিখন ঢাকি দিয়া কলাপাতখন মূৰ জোকাৰি চেলেকিবলৈ ধৰিলে৷ সি মূৰপুতি চেলেকোঁতে চেলেকোঁতে কলাপাতখন ফাটি ভগা দোণটো তাৰ মূৰেদি সোমাই ডিঙিত গল-মণি হৈ পৰিল৷ কোনো প্ৰকাৰে শিয়ালটোৱে দোণটো ডিঙিৰপৰা গুচাব নোৱাৰিলে৷ শেষত এনে হ’ল, যে সি হাঁহ ছাগলী এটাও ধৰিব নোৱাৰা হ’ল; কাৰণ, ডিঙিৰ ভগা দোণটোৰে লটংপটংকৈ সি হাবিৰপৰা বাহিৰলৈ ওলালেই মানুহে হৈ দিবলৈ ধৰে আৰু নিলগতে তাক দেখিলেই সকলোৱে “ধৰ গলমণিকাক” বুলি বুলি শিশুপাল খেদা দিয়ে৷

এদিন শিয়ালটোৱে হাবিয়ে হাবিয়ে অনাই-বনাই ফুৰোঁতে এঠাইত বাঘ-পোৱালি লগ পাই দেখিলে যে সিহঁতৰ আগত কিছুমান মঙহ আছে৷ ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি মাত লগালে- “হেৰ তহঁতৰ মাৰ-বাপেৰ ক’লৈ গ’ল অ’? মই অহাৰ গম পায়েই পলাইছে হবলা? সিহঁত ক’ত আছে ক?” শিয়ালটোৰ গেৰেহাগেৰেহ কথা শুনি বাঘপোৱালি দুটাই ভয়ত কোঁচ্‌মোচ‌্ খাই কোমল মাতেৰে উত্তৰ দিলে, “ আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে৷” শিয়ালে ক’লে,-“বাৰু গৈছে গৈছে, আহি পালেই মই আহিছিলোঁ বুলি কবিহঁক৷ চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোণ ধন ধাৰে আনিলে, আজিলৈকে সি মোক সেই ধন ওভোটাই চিয়া নাই৷ মই আজি সৰহপৰ ৰব নোৱাৰোঁ,সি আহিলেই তহঁতে তাক এই কথা কবি৷ মোৰ ভোক লাগিছে, হেৰ কিবা আছে যদি চাচোঁন খাই যাওঁ৷” শিয়ালে এই বুলি পোৱালিলৈ মাক-বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ’ল৷

নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গলেই শিয়ালে আহি পোৱালি কেটাক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়৷ এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকিটা শুকাই গৈ চেৰেলা হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে-“ ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গলে কোনোবাই ইহঁতক ফাঁকি দি খায় নে কি?” বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক কলে, “শুনিছা নে বোলোঁ আজি তুমি পহু মাৰিবলৈ যাব নেলাগে,ময়ে অকলে যাওঁ৷ আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে৷ আজি তুমি লুকাই চাই থাকা৷” এইবুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ’ল৷

আন দিনাৰ দৰে সেইদিনাও বাঘপোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং-ফাং-ফোং-ফোংকৈ মঙহ খাবলৈ কাৰবাৰ কাৰোতেই,নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউসি মাৰি শিয়ালক খেদা মাৰি নিলে৷ টেঙৰ শিয়ালে,কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুধি আগৰে পৰা আলচি ঠিক কৰি থৈছিল; সেইদেখি সি আগে আগে লৰি গৈ দুফেৰেঙনীয়া গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে৷ বাঘো কোবোৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোঁতেই কেৰেপত চেপা খাই থাকিল৷ বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ চাটিফুটি ধৰ-ফৰ ধৰ-ফৰ কৰিবলৈ ধৰিলে, সিমান টানকৈ তাত সি খাজ খাই চেপা খালে৷ বাঘৰ চিঞৰত হাবি তল-ওপৰ লাগি পৰিল৷ ম’হ,গৰু, পহু আদি জন্তুবোৰ চাৰিওফালে ফিৰিঙতি ভগাদি ভাগিল৷ বাঘৰ চিঞৰ শুনি বাঘিনীয়েও লৰি আহি সেইখিনি পালেহি ৷ শিয়াল অলপ দূৰতে থিয় হৈ আছিল; সি বাঘিনীক দেখি কবলৈ ধৰিলে-“চাচোন,তোৰ গিৰিয়েৰক কেনে শালত দিলোঁ৷ লোকৰ ধন ধাৰলৈ আনি শুজিবৰ মন নগৈছিল;এতিয়া কেনে পালি? তোকো মাৰিম বাপেৰ৷ তই ভালে ভালে দিয় যদি মোৰ ধন দে৷ ধন নাই যদি মোৰ তলতীয়া হৈ থাক,হাক বচন মানি ফুৰ৷ নহলে তোৰ ৰক্ষা নাই,নিশ্চয় জানিবি৷ তোৰ পোৱালি কেইটাকো আজৰি কৰিহে এৰিম৷”

এনেতে বাঘটো ধৰফৰাই মৰিলেই৷ বাঘিনীয়ে একো উপায় নেপায় শিয়ালৰ অধীন হ’ল৷ সেই দিনাৰ পৰা শিয়ালে মুকলিমূৰীয়াকৈ নিৰ্ভেয়ে পৰৰ মূৰত খাবলৈ ধৰিলে৷ সি বাঘিনীক চিকাৰলৈ পঠিয়াই আৰু ঠেঙৰ ওপৰত ঠেং তুলি দকচি খায়৷

ইয়াৰ কিছুমান দিনৰ পিচত বাঘিনীৰ চোং সলাবৰ হ’ল৷ বাঘিনীয়ে পোৱালি দুটাক লগত লৈ নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবলৈ কাৰবাৰ কৰিছে; শিয়ালো ওলাল৷ বাঘিনী আৰু পোৱালি দুটা নৈত সাঁতুৰি পাৰ হৈছে,শিয়ালেও নিজৰ মান ৰাখিবৰ নিমিত্তে মৰো জীওঁ-সো-আধিকৈ পানীত পৰিল৷ নৈৰ সোঁতত পৰি শিয়ালে থৰযুগুতি এৰি টলংভটং কৰি ককবকাই উটি যোৱা দেখি বাঘিনীয়ে তাক থাপমাৰি ধৰি লৈ গল৷ শিয়ালে বামলৈ উঠিয়েই বাঘিনীক ভেকাহি মাৰি কলে, “তই মোক কেলৈ তুলি আনিলি ঐ? তোক কোনে মোক তুলিবলৈ মাতিছিল? তহঁত তিৰোতাবোৰৰ যদি অকণো বুধি আছে৷ বোলো,মোক জলকোঁৱৰে ইয়াৰে চাইদোণ ধন দিব লাগে; সি মোক দেখিলে সদায় পলায়৷ আজি সি বুঢ়াৰ হাতত চেঙেলী পৰিছিল,তাক দেখা পায়েই ভালকৈ ধৰিছিলোঁ, বোলো আজি মোৰ ধনবোৰ তাৰপৰা নুলিয়াই নেৰোঁ৷ সেইদেখি তাৰে সৈতে মোৰ জোঁটাপুটি লাগিছিল৷ তই সকলোবোৰ ভ্ৰষ্ট কৰিলি৷ ও হয়৷ তইনো কিয় আগ ভেটা কৰিছিলি কচোন?”

এইদৰে ছল বুধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ললে৷ বাঘপোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল৷ চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল বাঁটি ললে৷ শিয়ালৰ পালৰ দিনা শিয়ালে সিহঁতক নানা ছলাহী কথা কৈ গা সাৰে৷ এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু ধৰিবলৈ ওলাল৷ শিয়ালে বাঘিনীক কলে, “মই পহুৰ পটিৰ মুখতে থাকো; তই সেই ফাললৈ গৈ পহু খেদি দেগৈ;পহু মোৰ ওচৰলৈ আহিলেই আৰু ক’ত সাৰিব?” শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে,কিন্তু শিয়াল পটিৰ মুখত ধোবাং জুৰি পৰি থাকোঁতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে৷ গচকত শিয়ালৰ পেটৰ ছাল ছিগি গ’ল৷ পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত,শিয়ালে তাইক গেঁথাই গেঁথাই কলে, “শুনিছ নে হঁয়,শুনিছ? পহুটো এই ফালে আহিলত মোৰ এনে হাঁহিটো উঠিল যে পহু ধৰা দূৰত থাওক মই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলোঁ৷ ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিত মোৰ পেট ফুটি পেটু-নাড়ী ছিগি ওলাই যাব লগীয়া হৈছিল৷”

এইবাৰো শিয়ালে বুধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে৷ এইদৰে কিছুমান দিন থাকোঁতে বাঘপোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালি বুজিব পাৰি তাক ধৰা পেলাবলৈ চান্দিলে৷ এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি এই দোণ বিন্ধা শিয়ালটোৱেও লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে বাঘৰ ওচৰৰ পৰা আঁতৰি যোৱাত, বাগপোৱালি দুটায়ো তাৰ আঁতি-গুৰি লবলৈ সি নেদেখাকৈ মনে মনে তাৰ পিচে পিচে গৈছিল আৰু যেতিয়া সি আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে,সিহঁতে তাক ধূ্ৰ্ত্ত শিয়াল বুলি মনত খুকুৰি নথকাকৈ জানিব পাৰি একে চোচাই খেদি নি ধৰি থেকেচি মাৰি পেলালে৷