FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বুঢ়া-বুঢ়ী আৰু শিয়াল

এহাল বুঢ়া-বুঢ়ী আছিল৷ এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কিছুমান শিয়াল আহি বুঢ়াক মাত লগালে,-“ককা,আপুনি কচু কেচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই উত্তৰ দিলে, “বোপাহঁত,মই কচু কেচাই ৰুইছোঁ৷” শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক কলে, “ককা,আপুনি কচু ৰুব জনা নাই; কচুবোৰ আগেয়ে সিজাই লওক৷ আৰু য’ত ৰুব,গাঁত একোটা দি ঢাকি থৈ যাওক,দেখিব,ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে৷” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে, “বাৰু মোৰ বোপাহঁত,তহঁতৰ কথামতে মই কচু ৰুম৷”

গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থলে৷ ৰাতি শিয়ালবোৰে  আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ’ল৷ পিচদিনা বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই৷ তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল৷

ইয়াৰ কিছুমান দিনৰ মূৰত বুঢ়াই এটা বুধি সাজি বুঢ়ীক কলে, যে “বুঢ়ী,আজি তই মোৰ গাত কিছুমান লালী-গুড় ঢালি থ৷ গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব,তেতিয়া তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি৷ তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ শৱটো ঘৰৰ ভিতৰৰপৰা উলিয়াই লৈ গৈ খাবলৈ কবি৷ মোৰ ওচৰতে টাঙোন এডাল লুকাই থবি৷ সিহঁতে মোক উলিয়াই দিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি,দিলেই মই গিৰিস্ কৰে উঠি টাঙোনডাল লে তাৰে সিহঁতক কোবাই মাৰিম৷” বুঢ়াৰ কথা মতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, “আই কান্দিছ কিয়? কি হৈছে?”বুঢ়ীয়ে কলে, “বোপাহঁত,আজি আমাৰ বুঢ়াটো ঢুকাল,সেইবাবে কান্দিছোঁ৷ তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ৷”বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবে উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে;মাত্ৰ সিহঁতৰ ভিতৰৰ চাৰিটা শিয়াল কেনেবাকৈ পলাই সাৰিল৷

কিছুমান দিনৰ মূৰত বুঢ়ীয়ে বুঢ়াক কলে, “মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই; জী-জনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ;মনটো বেয়া লাগি আছে৷” বুঢ়াই কলে, “বুঢ়ী,তই গলে বাটত শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব৷” বুঢ়ীয়ে কলে, “নোৱাৰে খাব;যাম কোনোমতে৷” এইবুলি বুঢ়ী জীয়েকৰ ঘৰলৈ গ’ল৷ বাটত শিয়ালবোৰে বুঢ়ীক  অকলৈ পাই বেঢ়ি ধৰি কলে, “বুঢ়ী,তোক আজি আমি নেৰোঁ,খাম৷” বুঢ়ীয়ে উত্তৰ দিলে, “খাব খুজিছ খাবি,কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই,মনটো কেনেবা লাগি আছে;সেইদেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ৷ মই উভতি আহোঁতে তঁহতে মোক খাবি৷” শিয়ালে কলে, “যদি উভতি নাহ,তেন্তে?” বুঢ়ীয়ে উত্তৰ দিলে-“বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম,মোৰ বোপাহঁত? মই সইত খাই কৈছোঁ, এই বাটেদিয়ে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি৷” বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত,বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ৷ জীয়েকৰ ঘৰত কিছুদিন খাই-লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক’লত,জীয়েকে মাকক কলে, “আই,মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোল আছে;তুমি তাৰ ভিতৰতে সোমাই বাগৰি বাগৰি গৈ ঘৰ পাবাগৈ;শিয়ালে তোমাক নেদেখে৷” বুঢ়ীয়ে জীয়েকৰ বুধিমতেই লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে,এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে-“এইটো বৰ আচৰিত কথা,লাওটো কেনেকৈ বাগৰি যাব লাগিছে৷ ই নিশ্চয় লাও নহয়,ইয়াৰ ভিতৰত কিবা আছে৷” এইবুলি সিহঁতে লথিয়াই লথিয়াই লাওটো ভাঙি পেলালে৷ লাওটো ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল৷ সিহঁতে বুঢ়ীক দেখি আনন্দত “খেক্-খেক্ হোৱা-হোৱা” কৰিবলৈ ধৰি কলে, “বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি৷ এতিয়া কি হব? আমি তোক এতিয়া খামহঁক৷” বুঢ়ীয়ে উত্তৰ দিলে, “কি কৰিম,খাব খুজিছ খাবি; কিন্তু মই মোৰ জীৰ ঘৰত এটা নতুন নাচ শিকি আহিছোঁ; মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব; সেইদেখি মই পাকচেৰেক সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিচত তহঁতে মোক খাবি৷” বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাত মান্তি হলত বুঢ়ীয়ে কলে, “মই নাম লগাই দিওঁ,তহঁতে ‘হয় হয়’ কৰি যাবি,তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব৷” এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল৷ বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা,আনটোৰ নাম ক’লা৷ বুঢ়ীয়ে পাক দি নাচি নাচি  নাম ধৰিলে-“ৰঙা ঔচ ! ক’লা ঔচ!” শিয়ালবোৰে মাতিলে “হয় হয়”৷ এইদৰে বাৰচেৰেক বুঢ়ীয়ে “ৰঙা ঔচ! ক’লা ঔচ!” বুলিলতে ৰঙা আৰু ক’লা কুকুৰ দুটা তাতে লৰি ওলালহি৷ কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে  পিয়া-পি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল৷ আমাৰো কাপোৰ-কানি ক’লা হলত আমিও গুচি আহিলো৷