FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
এটা শিঙৰা মাছৰ কথা

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে,কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে৷ শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে; “ককাই মই শিঙৰাৰ ৰজা; তই মোক নেখাবি, মই তোৰ সদায় গৰুটো ৰখি দিম৷” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই,পিচদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে৷ শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে৷ এইদৰে বহুদিন গ’ল৷ এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে৷ ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে-“হেৰ ৰাক্ষস ৰ ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ,তেহে মোৰ গৰু চুবি নহলে তোৰ ফালে আজি আধ্যা৷” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মট্‌মটনিদেখি হাঁহি,তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিহ-কাঁইটেৰে বিন্ধি দিলে৷ তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভক্‌ভকনি উঠিল৷ ৰাক্ষসে সহিব নোৱাৰি, “তোক যিহকে লাগে তাকে মই দিম,তেওঁ মোক তই এৰি দে ঔ৷” এইবুলি কোৱাত শিঙৰাই কলে, “যদি তোক এৰি দিব লাগে তেনেহলে মোক কি দিবি আগেয়েই দে৷” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি কলে, “এই আঙঠিটো কলাপাত এখনত থৈ ভালমতে সেভা-শুশ্ৰুষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব৷” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি৷ ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত, গিৰিহঁতে ৰংমনেৰে,শিঙৰাই কোৱা মতে আঙঠিটো কলাপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল৷ আৰু সোণ-ৰূপেৰে ঘৰ উপচি পৰিল৷ গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে৷ এইদৰে বহুদিন গ’ল৷ এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থুলন্তৰ পুৰুষ হৈ পৰিল৷ তেতিয়া এটাইখন মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে৷
ছালত পৰিল ফেঁচা৷
মোৰ সাধুকথা মিছা৷৷
তামোলে মেলিলে ডাবি৷
কোন কলে যাবি৷৷