FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কটা যোৱা নাক, খাৰণি দি ঢাক

এক ৰজাৰ সাতোটা কোঁৱৰ আছিল, আৰু কোঁৱৰটোৱে পতি একোজনীকৈ কুঁৱৰী আছিল৷ কুঁৱৰীহঁতে সদায় গধূলি ভাত পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু সাত ভাৰস্তৰ কথা উজাৰি মনৰ ভাগৰ পলুৱায়৷ যঁতৰৰ কেৰ্কেৰণিৰ লগে লগে সিঁহতৰ শাক-খোৱা, ভাত-খোৱা, মাছ-খোৱা, সকলো কথা ওলাই পৰে৷
চ’ত মাহ পৰিল৷ আজিৰ বাজে কাইলৈ বহাগ বিহু৷ বৰ বিহুৰ দিনা গা-পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল’ৰা ছোৱালীক আৰু গিৰিয়েকক অতি কমেও এডুখৰি নিজে বোৱা ন-কাপোৰ সিহঁতে নিদিলেই নহয়, মিতিৰ-কুটুম, লা-লগুৱাৰ তো কথাই নাই৷ সেইদেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই-কেনেকৈ নো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়েই সিহঁত অস্থিৰ৷ সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাঁজি বাটে, সূতা কাটে, মহুৰা ফুৰায়৷
আজি সাতোজন কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণিৰ সূতা কাটিছে৷ বিহু পালেহিয়েই বুলিব লাগে৷ বৰজনীয়ে মাজুজনীক মাত লগালে-“ৰুকুণীৰ মাক, তই এইবাৰ বিহুৰ কেইদিনৰ আগেয়ে মাৰৰ ঘৰলৈ যাবি? মই হলে উৰুকাৰ দিনায়ে যাম, মোৰ বহুতো লেঠা, তাৰ আগেয়ে মাৰি অতাব নোৱাৰিম৷ তাৰ উপৰিও ল’ৰা-ছোৱালী এমখা লৈ আইৰ ঘৰত নো কিমান দিন থাকিম গৈ, ভাল নেলাগে চোন৷ তহঁত তিনি-চাৰি দনৰ আগেয়ে যাহঁক আ হেৰেই; মই আগেয়ে ল’ৰা-ছোৱালীৰ মাইকী নোহোৱাত দহ-বাৰ দিনৰ আগেয়েই গৈছিলো৷ আৰু আমাৰ সেই দিন নাই, আমাৰ খোলা উঠিল৷” ৰুকুণীৰ মাকে কলে, “ এৰা বাই, মোৰো চোন একে গতিয়েই; তোমাতকৈ অলপ হে কম৷ তেও মই দুদিনৰ আগেয়ে যাম৷ তই কেইদিনৰ আগেয়ে যাবি গঙাইৰ মাক?” গঙাইৰ মাকে উত্তৰ দিলে, “মই তিনি দিনমানৰ আগেয়ে যাম বুলি ভাবিছো৷” গঙাইৰ মাকৰ পিচৰ জনীয়ে কলে,-“মই হলে চাই দিনৰ আগেয়ে যাম; আৰু একেবাৰে গা খালী হলে হে আহিম৷ গোসাঁয়ে দোমাহীৰ যোৰাত একো বিঘিনি নঘটালেই ভাল হয়৷ উস্ মোৰ সোণামুৱা থকাহেঁতেন৷ সি মোমায়েকৰ ঘৰত কি ৰঙৰেই বিহু খাবলৈ গ’লহেঁতেন৷ কণা গোঁসাইৰ মোতে হে চকু পৰিল৷” এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে-“মই পাঁচ দিনৰ আগেয়ে যাম৷” সৰু-মাজিউজনীয়ে টপৰাই মাতিলে, “ময়ো পাঁচদিনৰ আগেয়ে হে যাম, আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম৷”
এটাইকেউজনীয়ে এইদৰে কথা পাতিছে, কিন্তু এটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু মাজে মাজে একোটা হুমনিয়াহ কাঢ়িছে৷ ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে কলে-“ আমাৰ সৰু জাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম দিয়া৷” এই কথা শুনি সৰু জাকে কলে, “নেলাগে বাই, মই ইয়াত শাহুৱে যি দিয়ে, শাকেৰেই হওক বা শোকোতাৰেই হওক, বিহু খাম, কলৈকো নাযাওঁ বাই৷” এই কথা শুনি বৰজনীয়ে কলে, “কিয়নো নেযাৱ আই হেৰে? তোৰ মাৰ নাই, বাপেৰ নাই, ককায়েৰ নাই,ভায়েৰ নাই,নাইতো নাই কোনোৱেই নাই; আমি এটাইকেইজনী আই-বোপাইৰ ঘৰলৈ বিহু খাবলৈ যাম, তইনো অকলে ইয়াত থাকিবি নে? গোসাঁয়ে যেতিয়া তোক এনেকুৱা নিঠৰুৱা কৰিছে, কি কৰিবি মোৰ আই ! বেজাৰ কৰিলে কি হব? তোক ইয়াতে অকলৈ এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব৷”
কাইলৈ বহাগৰ বিহু আজি উৰুকা৷ বাটে-পথে মানুহ হো-হো কৰে আহিছে, হো-হো কৰে গৈছে, কাৰো গাত তৎ-ভৎ নাই৷ গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়াৰী মাকৰ ঘৰলে যোৰাই যোৰাই যাব লাগিছে৷ এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই কলে-“আমৈ, মই আমাৰ আইটীক নিবলৈ আহিছোঁ৷” ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে,-“কাক?” সি উত্তৰ দিল-“আপোনাৰ সৰুজনী বোৱাৰীয়েকক৷” ৰাণীয়ে কলে, “তাইৰ তো কোনো নাই৷ তই আকৌ ক’ৰপৰা ওলালিহি?” সি কলে, “নহয় আমৈ, মই সৰুতে আই-বোপাইৰ লগৰপৰা গৈ মোমাইৰ ঘৰত আছিলোগৈ৷ পিছে আই-বোপাই ঢুকালত, মই তাৰপৰা বস্তু-বেহানি সোপাকে লৈ গৈ মোমাইৰ গাঁৱতে ন-কৈ ঘৰবাৰী সাজি বিয়া-বাৰু কৰাই থিতাপি হৈ আছোঁ৷ কাইলৈ বিহু, সেইদেখি মই মোৰ ভনীটীক লৈ যাবলৈ আহিলোঁ৷ ক’তনো আছে?” ৰাণীয়ে উত্তৰ দিলে, “ভিতৰত আছে,আহিব এতিয়া৷ হওঁতে যদি সঁচা হে, বৰ ভাল কথা৷ আন এটাইকেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ’ল৷ এইজনীৰ যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষ হে কৰি আছোঁ৷ ”
এনেতে ভিতৰৰ পৰা সৰু বোৱাৰীয়েক ওলাই আহিল৷ শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক’লত বোৱাৰীয়েক আচৰিত হ’ল৷ তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়৷ কিন্তু সেই মানুহটোৱে নান ছলাহী কথাৰে মিঠামিঠাকৈ মৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েক যাওঁ-নাযাওঁকৈ অন্তত তাৰ লগত গ’ল৷
সিহঁত দুয়ো গৈ বহুত পৰৰ পিচত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ পালেগৈ৷ সেই ঘৰটোত সি সৰু কুঁৱৰীক সুমাই কলে-“ এইটো মোৰ ঘৰ৷ কাইলৈ তোৰ লগত মোৰ বিয়া হব৷ এতিয়া তই ইয়াতে খা-বৈ থাক৷” এই বুলি সি বুঢ়ী এজনীক মাতি “আই, তই এইক চাবি; মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ” বুলি কৈ গুচি গ’ল৷ কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে৷ ভয়ত কুঁৱৰীৰ গা জ্বৰে-ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে, থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰিল৷ এনেতে এজনী বুঢ়ীয়ে মাত লগালে,-“উঠা মোৰ আই, ভয় নাখাবা, বেজাৰ নকৰিবা৷ ৰজাৰ ঘৰতকৈও তুমি মোৰ পোৰ ঘৰত ভালকৈ সুখেৰে খাইমেলি থাকিব পাৰিবা৷ উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ৷” বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, -“বুঢ়ী আই, তুমি কোন?” বুঢ়ীয়ে উত্তৰ দিলে-“মই তাৰ মাক হওঁ৷ সি মোৰ পো৷ আমি চহকী আৰু ভাল কুলীয়া মানুহ৷ সি গাঁৱৰপৰা নগৰৰপৰা, ধন-সোণ লুটি-পুটি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই৷ সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল৷ তাতে বেৰৰ জলঙাইদি তাৰ নাকটো সুমাই তোমালোক আটাইকেউজনী কুঁৱৰীৰ কথাবাৰ্ত্তা শুনি আছিল৷ তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা, সেইদেখি সি তোমাক বুধি কৰি আনিছে৷ সি তোমাক বিয়া কৰাব৷ আজি সি গাঁৱলৈ গৈছে, তোমাৰ বিয়াৰ বয়-বস্তু আনিবলৈ৷ কাইলৈ উভতি আহিব৷ আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হব৷” এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে৷ কুঁৱৰীয়ে কিন্তু ভাত হাতেৰেই নুছুলে৷ ৰাতিটো কুঁৱৰী বুঢ়ীৰ সৈতে একেলগে থাকিল৷ কিন্তু ৰাতি পুৱাই আহিলত, তেওঁ বুঢ়ীৰ লগৰপৰা লাহেকৈ উঠি জৰী এডালেৰে বুঢ়ীক শোৱা চালপীৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰপৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে৷ কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে৷ সি দূৰৈৰপৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে ভাবি সাউৎকৰে উঠি হাবিৰ মাজত সোমালগৈ৷ কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলঙ্কাৰ পৰি আছে; মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে৷ কুঁৱৰীয়ে সেই অলঙ্কাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত, সকলোৱে দেখি আচৰিত মানিলে৷ কুৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক’লত সকলো অবাক হ’ল৷
মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল৷ গধূলি সৰু বোৱাৰীয়েকে শাহুৱেকৰ সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰদৰে বেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল৷ চতুৰ সৰু কুঁৱৰীয়ে তাৰ গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণিসঁতাৰপৰা খাৰণি এবাটি আনি সাউৎকৰে গৈ খুৰেৰে তাৰ নাকৰ আগটো কাটি বেৰৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাত খাৰণিবাটি ঢালি দি ফকৰাৰে গালে-
“কটা যোৱা নাক
খাৰণি দি ঢাক৷৷”
চোৰে “ বোপাই ঐ! আই ঐ!” কৈ চিয়ঁৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে৷ তেতিয়া সেইটো চোৰেই কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক’লত, ৰজাই তাক শূলত দিয়ালে৷