FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
জৰদ্‌গৱ ৰজাৰ উপাখ্যান

এঠাইৰ এজন পণ্ডিতে তেওঁৰ এজন ছাতৰৰে সৈতে দেশ চাবলৈ ওলাই গল৷ তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ৷ তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে দুই পইচা, উখুৱা, আহু চাউলৰ সেৰে দুই অনা, ঘিউৰ সেৰে চৰতীয়া, আৰু তেলৰ সেৰে এটকা৷ পণ্ডিতে ছাতৰক কলে-বোলে “আমাৰ ইয়াতেহে কিছুদিন থকা ভাল৷” এই বুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ললে৷

এদিন ৰজাৰ হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰ কৰিছিল৷ সি চুৰ কৰি ওলাই যাব খোজোতেই গৃহস্থৰ হাতত ধৰা পৰিলত, গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি৷ ৰজাই পাত্ৰ-মন্ত্ৰী সকলোৰে বৰ চ’ৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন৷ ইয়াকে ভাবি ৰজাই চোৰক সুধিলে-“হেৰ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি?” চোৰে উত্তৰ দিলে-“স্বৰ্গদেউ, কাটক বা মাৰক মোৰ চিপ্‌ৰাংখন ডাঙৰ আছিল, সেইদেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল৷” এই উত্তৰ শুনি ৰজাই কলে, “ওঁ হয়তো, চোৰৰ গাত কি দায়? কটা কমাৰে চিপ্‌ৰাংখন ডাঙৰকৈ কিয় গঢ়িছিল? ধৰ কমাৰক৷ আন কমাৰক৷ আন তাক পাছলৈ কটাবান্ধ দি মোৰ আগলৈ৷” ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলা গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি৷ ৰজাই সুধিলে,-“হেৰ কুমাৰ, তই কিয়নো চিপ্‌ৰাংখন ডাঙৰকৈ গঢ়িছিলি? যদি ডাঙৰকৈ নগঢ়িলিহেতেঁন তেন্তে ই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সোমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন৷” কমাৰে ৰজাৰ আগত আঠু লৈ কলে-“স্বৰ্গদেউ, সুধি কাটিলে কটা নাযাওঁ, নুসুধি কাটিলেহে কটা যাওঁ৷” ৰজাই কলে, “বাৰু সুধিছোঁ, তোৰ কি কবলৈ আছে ক? নহলে তোক আজি শূলত দিম৷” কমাৰে মাত লগালে, “স্বৰ্গদেউ, মই চিপ্‌ৰাংখন গঢ়ি থাকোঁতে স্বৰ্গদেউৰ বান্দীজনী মোৰ আগেদিয়েই লচ্‌পচ্‌ কৰে লৰ মাৰিছিল৷ তাইৰ ফালে মোৰ চকু গলতে চিপ্‌ৰাংখনত এটা কোব বেছিকৈ পৰিল৷” ৰজাই কমাৰৰ কথা শুনি কলে, “কথাটো সঁচা,তোৰ গাত দোষ নাই৷ তাই বেটী সেই সময়ত তোৰ আগেদিয়েই বা কিয় গৈছিল? ধৰ্ তাইক৷ আন তাইক৷” ৰজাৰ মুখৰপৰা এই হুকুম ওলোৱা মাত্ৰকতে টেকেলাই গে ৰজাৰ বান্দীজনীক ধৰি আনিলে৷ ৰজাই বান্দীজনীক সুধিলে, “হেৰ তই সঁচাই বুলিছ নে? কমাৰে চিপ্‌ৰাংখন গঢ়ি থাকোঁতে তই তাৰ আগেদি কিয় লৰ মাৰিছিলি?”

বান্দীজনীয়ে হাতযোৰকৈ কলে, “দেউতা, বেটীক মাৰকেই বা কাটকেই নকৈ নোৱাৰোঁ, আই দেউতাৰ ল’ৰা পাবৰ হৈছিল দেখি মই বেজিনীক মাতি আনিবলৈ লৰি গৈছিলোঁ৷” ৰজাই বোলে, “কথাটো হয়, এইৰ গাত দোষ নাই; মোৰ ল’ৰাৰ গাতহে দোষ৷ সি নো এই সময়ত উপজিবলৈ ওলাইছিল কিয়? আন মোৰ ল’ৰাক ধৰি৷” ৰজাৰ হুকুমত ৰজাৰ অকণমান কোঁৱৰক আগলৈ লৈ অহা হল৷ ৰজাই কোঁৱৰক সুধিলে, “হেৰ, তই এইখিনি সময়ত কিয় উপজিবলৈ ওলাইছিলি?” কেঁচুৱা কোঁৱৰে একো উত্তৰ দিব নোৱাৰি মনে মনে থকা দেখি ৰজাই কোঁৱৰক শূলত দিবলৈ হুকুম দি কলে, “হলেই বা মোৰ ল’ৰা, মই ৰজা, মই ধৰ্ম্মৰ অৱতাৰ, মই কেতিয়াও অন্যায় বিচাৰ কৰিব নোৱাৰোঁ৷ এতেকে ন্যায় বিচাৰ কৰি মোৰ ল’ৰাকে শূলত দিম৷” ৰজাৰ ল’ৰাক শূলত দিবৰ হুকুম হলত মন্ত্ৰীয়ে ভাবিলে, “বৰ বেয়া কথা হল; এটা বুধি কৰি ইয়াক এৰুৱাব লাগিল৷” ইয়াকে ভাবি মন্ত্ৰীয়ে ৰজাক কলে, “স্বৰ্গদেউ, এই কেঁচুৱা ল’ৰাটি শূলত নধৰে, গাই-গাৰিয়ে শকত এটা ডাঙৰ মানুহ হলেহে শূলত ভালকৈ বহুৱাব পৰা যাব৷” ৰজাই মন্ত্ৰীৰ কথা শুনি হুকুম দিলে, “মোৰ ৰাজ্যত যি গায়ে-গাৰিয়ে শকত ডাঙৰ মানুহ আছে, তাকে ধৰি আনি মোৰ কোঁৱৰৰ সলনি শূলত দিয়া হওক৷” মন্ত্ৰীয়ে নগৰত ডাঙৰ গাৰে মানুহ এটা বিচাৰিবলৈ টেকেলা পঠিয়াই দিলে৷

ইফালে পণ্ডিতে আৰু তেওঁৰ ছাতৰে ৰজাৰ নগৰত থাকি সস্তা জহা চাউলৰ ভাত আৰু ঘিউ খাই গায়ে-গাৰিয়ে ডাঙৰ হৈ পৰিছিল৷ পণ্ডিত কৰবালৈ ওলাই গৈছিল এনেতে ৰজাৰ মানুহে ছাতৰকে গায়ে-গাৰিয়ে শকত দেখি ধৰি লৈ গুচি আহিল৷ পণ্ডিত ঘৰলৈ উভতি আহি ছাতৰক নেদেখি সি কলৈ গল আক-তাক সুধি জানিলে যে ৰজাৰ মানুহে তাক শূলত দিবলৈ লৈ গল৷ এই কথা শুনি পণ্ডিত ৰজাৰ ঘৰ ওলালগৈ৷ ৰজাক পণ্ডিতে আৰ্শীবাদ কৰিলত ৰজাই তেওঁক কোন বুলি সুধিলে৷ পণ্ডিতে কলে-“মই পণ্ডিত, হাত চাব জানো আৰু গণি-পঢ়ি ভূত-ভৱিষ্যত সকলো কথা কব পাৰোঁ৷” ৰজাই নিজৰ আৰু আৰু ৰাণীৰ হাত দেখুৱালত, গণকজনে নান ভাল কথা কৈ ৰজাক সন্তুষ্ট কৰিলে৷ এনেতে ৰজাই কলে, “কাইলৈ ৰাতিপুৱা এটা মানুহক শূলত দিয়া হব, তাৰ বিষয়ে তুমি কি কব পাৰা?” এই কথা শুনি পণ্ডিতে অনেক গণি-পঢ়ি চাই কলে, “উ: মহাৰাজ তাৰ কপালখন বৰ বলী৷ কাইলৈ সেই সময়ত যি মানুহক শূলত দিয়া যাব সেই মানুহেই তৎক্ষণাৎ স্বৰ্গ পাই স্বৰ্গৰ ৰজা হব৷” ৰজাই এই কথা শুনি জপিয়াই উঠি কলে, “মই থাকোঁতে ক’ৰ কুকুৰধূলি মানুহ এটা স্বৰ্গৰ ৰজা হবগৈ হেঁ? এনে কথা মই কেতিয়াও হবলৈ দিব নোৱাৰোঁ৷” এই বুলি ৰজাই তেতিয়াই মন্ত্ৰীক মতাই আনি হুকুম দিলে যে “সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শূলত উঠিম৷ আন কোনো উঠিব নোৱাৰে৷” যেনে হুকুম তেনে কথা হল৷ পিচদিনা জৰদ্‌গৱ ৰজাক শূলত দিয়া হল৷