FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পানেশৈ

এখন গাঁৱত এজনী বুঢ়ী আছিল৷ তাইৰ এটা মৰমৰ ল’ৰা আছিল৷ লৰাটোৱে এদিন পাণন চুৰুকি থাকোতে হঠাৎ হাঁহ-কণী এটা পাই মাকক দিলেগৈ৷ মাকে কণীটো ধোৱাঁচাঙৰ ওপৰত তুলি থলে৷ কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ মনে মনে ধোৱাঁচাঙতে লুকাই থাকিল৷ বুঢী ফুৰিবলৈ গলে ছোৱালীজনীয়ে সদায় চাঙৰপৰা নামি আহি বুঢ়ীৰ ঘৰৰ পইতা ভাত খাই তপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ৷ এদিন বুঢ়ীৰ মনত গাজিলে-মই চৰুত পইতা ভাত থৈ যাওঁ, কোনেনো দিনৌ পইতা খাই তপতগাল ৰান্ধি থৈ যায়হি? বুঢ়ীয়ে এদিন বুধি পাতি ওচৰ-চুবুৰীয়াক ডাঙৰ ডাঙৰকৈ কলে, “ আজি মই দূৰলৈ ফুৰিবলৈ যাম৷ তহঁতে মোৰ ঘৰ চাবি দেই৷” এই বুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকতে লুকাই থাকিল৷ আন দিনাৰ দৰে ছোৱালীজনীয়ে বুঢ়ী ওলাই গল ভাবি নামি আহি পইতা-গাল খাই তপত এগাল ৰান্ধি থৈ, বাৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ্‌কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে৷ বুঢ়ীয়ে তেতিয়া “ তই ক’ৰ ছোৱালী? ইয়াত তই কেলৈ আছ?” বুলি সোধাত তাই আঁতিগুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে৷ সেইদিনাখনৰেপৰা তাই বুঢ়ীৰ ঘৰত দেখা শুনাকৈ থাকিল আৰু বুঢ়ীয়ে তাইৰ নাম পানেশৈ দিলে; অইন মানুহে এইজনী ক’ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে “মোৰ জী” বুলি কয়৷

বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল৷ পানেশৈকে তাৰ বিয়া কৰাবৰ মন গ’ল৷ কিন্তু লাজত সি মাকক একো কব নোৱাৰি ৰোহ-ঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ৷ ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই৷ পাছে বুঢ়ীউএ ৰোহঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোবা এখন পৰি থকা দেখি  ওপৰলৈ চাই পুতেকক দেখি মাত লগালে-“বোপাই, নামি আহ, তোক মই যিহকে লাগে তাকে দিম৷” এতিয়া পুতেকে মাকক কলে যে-তাৰ পানেশৈক বিয়া কৰাবৰ মন গৈছে৷ বুঢ়ীয়ে এৰাব নোৱাৰি মান্তি হৈ, পানেশৈয়ে গম নোপোৱাকৈ তলে তলে বিয়াৰ দিন ঠিক কৰিলে৷ বিয়াৰ দিনা পানেশৈয়ে নৈৰ ঘাটত মাহ হালধি বাটি আছে, এনেতে সিফালৰ পৰা মগনিয়াৰ বুঢ়ী এজনী আহি পানেশৈক-“আই মোক মাহ দুটামান দিয়া” বুলি খুজি তাইৰ ওচৰতে বহিলহি৷ পানেশৈয়ে “যা ক’ৰ বুঢ়ী৷ মই ককাইৰ বিয়ালৈ মাহ হালধি বাটিছোঁ, তোক কেনেকৈ দিম?” এই বুলি কলে৷ বুঢ়ীয়ে “বাৰু আই ভাল,ককায়েৰৰ বিয়ালৈ মাহ হালধি বটিছ; ছোৱালী কোন কব পাৰ নে?” এই বুলি সুধিলে৷ পানেশৈয়ে “নোৱাৰোঁ কব বাই; কোন নো কচোন?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে কলে, “ছোৱালী আৰু কোন হব আই, তোৰে লগত বিয়া পাতিছে৷” পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক “বাই মইনো এতিয়া কি কৰিম কচোন?” বুলি সোধাত বুঢ়ীয়ে কলে, “তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ তহঁতৰ ঘৰৰ পিচত থকা বৰ পুখুৰীতে খেলাই থাকগৈ৷ তোক মাতিলে কেতিয়াও নাহিবি৷ ৰাতি হলে পুখুৰীৰ পাৰতে চোৱা গছৰ মূঢ়াতে সোমাই থাকিবিহি” বুলি বুধি দি গুচি গল৷ পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এখন লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে৷ মাকে মাতেহে মাতে পানেশৈ নাহে৷ পানেশৈ নহা দেখি মাকে বিনাই বিনাই মাতিলে-

“পানেশৈ,পানেশৈ, মোৰ আই পানেশৈ

মোৰ ঘাটে চপাই দে নাও৷

দুহাতে দুমুঠি দি যাম চাৰি মুঠি

ডিঙিতও পিন্ধামে হাৰ৷

খাটলিপীৰাতে বহি ভাতে খাবি

বেটীয়ে ধৰিব আল৷ ”

 

পানেশৈয়ে উত্তৰ দিলে-

“দুহাতে দুমুঠি নলওঁ চাৰি মুঠি

তোৰ ঘাটে নচপাওঁ নাও৷

খাটলিপীৰাতে বহি ভাতে নাখাওঁ

বেটীয়েও নধৰক আল৷”

 

ককায়েকেও পানেশৈক মাতিলে-

 

“পানেশৈ,পানেশৈ, মোৰ ভনী পানেশৈ,

মোৰ ঘাটে চপাই দে নাও৷

দুহাতে দুমুঠি দি যাম চাৰি মুঠি,

ডিঙিতো পিন্ধাম মই হাৰ৷

খাটলিপীৰাতে বহি ভাতে খাবি,

‌        বেটীয়ে ধৰিব আল৷ ”

 

পানেশৈয়ে উত্তৰ দিলে-

“ককাইদেউ ককাইদেউ, অ’ মোৰ ককাইদেউ,

তোৰ ঘাটে নচপাওঁ নাও৷

দুহাতে দুমুঠি নলওঁ চাৰি মুঠি

ডিঙিতো নিপিন্ধো হাৰ৷

খাটলিপীৰাতে বহি ভাতে নেখাওঁ,

বেটীয়েও নধৰক আল৷

আগেয়ে আছিলা মৰমৰ ককাইদেউ,

এতিয়া হলাহি স্বামী৷”

পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত, মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল৷ দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাও আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতি চোৱাগছৰ মূঢ়াতে সোমাই থাকে৷

এদিন ককায়েকে চোৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল৷ বৰশীত মাছে নুখুটি কেৱল কাণী-পুঠী দুটামানে খুটিছিল৷ তাকে দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰপৰা মাত লগালে-

“একো মাছে নোখোটে, খোটে কাণীপুঠী৷

ককায়ে বৰশী বায় চোৱা মূঢ়াত উঠি৷”

এইদৰে কেবা বাৰো মাতি আছে৷ ককায়েকে শুনি থাকি ইয়াত নো কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আনি চিটাচিট কৰি পেলালেহি৷ এনেতে সেই মগনিয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে৷ সি খঙত জ্বলি উঠি কলে, “বেটী তয়ে মোৰ বিয়াখন ভাঙিলি৷ এতিয়া আকৌ খৰি বিচাৰি আহিছ৷ যা তোক খৰি নিদিওঁ৷” বুঢ়ীয়ে নৈৰ পলবোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গল৷ চলি চটা বুঢ়ীয়ে ধুই পখালি ধোঁৱা চাঙত তুলি থলেগৈ, পানেশৈ সেই চলিতে সোমাই আছিল৷ বুঢ়ী বাহিৰলৈ ওলাই গ’ল, পানেশৈয়ে চৰুৰ পইতা-গাল খাই তপত ভাত ৰান্ধি থয়৷ এইদৰে বহুত দিন গল৷ এদিন পানেশৈ বুঢ়ীৰ হাতত ধৰা পৰিল৷ দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে,ৰাতি ছোৱালী হৈ বুঢ়ীৰ লগতে শুই থাকে৷ এদিন ককায়েকে এই বুঢ়ীৰ চোতালতে সমনীয়া ল’ৰা দুটামানৰ সৈতে ঘিলা খেলি আছিল৷ পানেশৈ খুৰী হাঁহজনী হৈ ওচৰতে টোক্‌টোকাই আছিলহি৷ ককায়েকে ঘিলাটো মাৰি দিলতেই তাই থাপ মাৰি লৈ গল৷ ককায়েকে ভাবিলে, “ এইজনী হাঁহ তো কম নহয়; এই হাঁহ নহয় কিবাহে৷”

ইয়াকে ভাবি সি ৰোহঘৰত সোমালহি৷ মাকে কি হৈছে বুলি তাক সুধিলত সি কলে, “বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে৷” মাকে মগনিয়াৰ বুঢ়ীক বৰকৈ ধৰি ৰূপবান দি হাঁহজনী আতোল-তোলকৈ মৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱাপাটীত শুৱাই থয়৷ এদিন মগনিয়াৰ এজনীয়ে ল’ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি কলে, “বোপাই সেইজনী হাঁহ নহয় তোৰ পানেশৈহে৷ আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি৷ তোক হাঁহজনীয়ে খুটিব, কিন্তু তই নুঠিবি৷ তেতিয়া তোৰ টোপনি আহিছে বুলি ভাবি তাই মোট সলাই বাহিৰলৈ যাওতেই তই মোটটো তুঁহজুই একুৰাত সুমাই দিবি৷ তাই তেতিয়া ভিতৰলৈ লৰি আহি মুচ্‌কচ্‌ গৈ পৰিব৷ তেতিয়াই তাইৰ মূৰত তেল পানী নেমুটেঙা থপিয়াই দিবি আৰু বিচনীৰে বীচিবি৷ তেনে কৰিলেই তাই জ্ঞান পাব৷” এই বুলি মগনিয়াৰ বুঢ়ী গুচি গল৷ ল’ৰাই ৰাতি ঠিক মগনিয়াৰ বুঢ়ীয়ে কোৱাৰ দৰে কৰিলত হাঁহজনী এজনী দিব্য ছোৱালী হৈ পৰিল৷ তায়ে সেই পানেশৈ৷ ইয়াৰ পিচত সি তাইক বিয়া কৰাই ঘৰ পাতি বহুত দিন সুখেৰে কটালে৷