FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
জোঁৱাইৰ সাধু

এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল৷ জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল৷ শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল৷ কিন্তু সি অলপ বাট গৈ দেখিলে,-তাৰ লগত তাৰ ছাঁটোও আহিছে৷ সি ভাবিলে, শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব৷ ইয়াকে ভাবি সি ছাঁটোক কলে,-“হেৰ তোক কি লাগে, কিয় আহিছ? গুচি যা৷” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, “ তই নামাত কিয়? চেলেংখন লাগে নে কি?” এই বুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে৷ ছাঁটোৱে মুৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে৷ ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ’ল৷ গৈ সি আকৌ ছাঁটো দেখিলে৷ সি এইবাৰ তাৰ চোলাটো ছাঁটোক দিলে৷ এইদৰে তাৰ চুৰিয়া, গামোছা সকলোকে দি অন্ত কৰিলে৷ লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ’ল৷ তেতিয়া ভাবিলে ছাঁটো গ’ল৷ সি কুকুৰীকণা আছিল, সেই কাৰণে অলপ গৈয়েই বাট নেদেখা হ’ল৷ এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে৷ সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে৷ অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ৷ কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপতনিত বহি থাকিল৷ শহুৰেকে জোঁৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল৷ পিচত নহা দেখি খাই-বই শুই থাকিল৷ শাহুৱেকে চুৱা-তুৱা ধুই এন্ধাৰে-মুন্ধাৰে চুৱাপানী আনি চুৱাপাতনিলৈ মাৰি পঠিয়ালত জোঁৱায়েকৰ মূৰত পৰিল৷ জোঁৱায়েকে উস্ উস্ বুলিলত শাহুৱেকে এইটো কি বুলি ভয় খাই লৰ মাৰি ভিতৰ সোমাল৷ পিচত শহুৰেকে চাকি লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে৷ ভাতৰ লগতে তাক গুড় দিছিল৷ সি গুড় কেতিয়াও নেদেখা কাৰণে-“এইবিলাক নাখাওঁ” বুলি ক’লে৷ শহুৰেকে কলে-“খোৱাঁ, এই জুলিয়া গুড় খাবলৈ বৰ ভাল৷” তেতিয়া অলপ খাই চাই সোৱাদ পাই “এইবিলাক ক’ত আছে” বুলি সুধিলে৷ শহুৰেকে ক’লে, “সৌৱা বৰ-চাঙৰ ওপৰত কলহত আছে৷” সি ভাত খাই উঠিলত শহুৰেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল৷ জোঁৱায়েক শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল৷ যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে, তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে৷ খাই অঁতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা-এঠি হল৷ তুলী কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে৷ সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে৷ তাৰ পিচত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হল৷ ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল৷ সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল৷ সিহঁতে ভাবি আহিছে যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি৷ সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি  দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে৷ সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙ্গী কৰি সিহঁতে লৈ গল৷ সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল৷ যেতিয়া সিহঁতে নৈৰ মাজ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত আগি তিতিল৷ সি চোৰ কেইটাক ক’লে,-

“দাং দাং চোৰ

টিকা তিতিল মোৰ৷”

তেতিয়া চোৰ কেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে৷ পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে উঠি বহিলহি৷ এনেতে ৰাতি পুৱাল৷ নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাৰ পিচত তাক নিজা ঘৰলৈ পঠিয়াই দিলে৷