FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
লখিমী তিৰোতা

সত্যযুগত দুটি বুঢ়া-বুঢ়ী আছিল৷ সিহঁতৰ সাটোটি পো৷ সাটোটা পোলৈ সাতজনী বোৱাৰী আনিলে৷ বৰজনীৰ ল’ৰা এটি হ’ল৷ সেই সাতজনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল৷ বুঢ়া-বুঢ়ীৰ মৃত্যুৰ ওচৰ চাপিল৷ বুঢ়া-বুঢ়ীয়ে সিহঁতে সকলোটিকে নিচেই সৰুজনী বোৱাৰীয়েকৰ কথামতে চলিবলৈ হুকুম দিলে৷ ইয়াৰ পিচত সেইমতেই সিহঁত চলিবলৈ ধৰিলে৷ নুমলীয়া বোৱাৰীয়েকে সিহঁতক শুদা হাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে; সেইদেখি সিহঁতে উপায় নাপাই দিনৌ যি পায় তাকে হাতত লৈ আহে৷ এদিন এজনে বাটতে এটা গেলা সাপ পালে; পাই ভাবিলে বোৱাৰীয়ে সদায় শুদা হাতে গলে খং কৰে, আজি এই সাপটোকে লৈ যাওঁচোন বাৰু কি হয় দেখোঁ৷ ইয়াকে ভাবি সি সাপটো লৈ গৈ আগচোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক কলে, “ ইয়াতে কিবা বস্তু এটা আছে নিবি, মই গা ধুই আহোঁ৷” বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিয়ে পৰি কণী দিছে৷ তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক কলে, “গেলা সাপটো আনি মোক দেখুৱাইছে৷ বাৰু একো কথা নাই৷” এই বুলি তাই আকৌ ওলাই দেখেহি, সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি,আঙঠি, চিপাট, গল-পতা আদি কৰি কিছুমান অলঙ্কাৰ ওলাই পৰিছে৷ তাই লৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ লৈ আহি বৰজনাকক কলে৷ “চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলঙ্কাৰবোৰ ক’ৰপৰা ওলাল? মই আপোনালোকক শুদাহাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া হে পায়; এতিয়া চাওক৷” নৈৰ ঘাটত এজনী জীয়াৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলঙ্কাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতেই চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত খোৱা বস্তু একো নাপাই, চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে৷

ইয়াৰ পিচত এদিন সৰু-মাজু বৰজনাকে শুকান গোবৰ খুটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক চালৰ পাচতে খোচা মাৰি থৈ বোৱাৰীয়েকক কলে, “ ইয়াতে বস্তু এটা আছে নি থবি৷” তাই মেলি চাই দেখিলে গোবৰ খুটি ডোখৰ৷ বাৰু ইয়াকে চুঙাৰ ফোপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে৷ প্ৰায় পাঁচ বছৰ মানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে পাঁচ বছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে৷ কিন্তু কতো নাপাই কলে বোলে “যেয়ে মোক এনে গোবৰ দিব তাক সোণ ৰূপ দুচৰু দিম৷” এই কথা নগৰত ঢোল পিটি শুনাই দিলে, অকস্মাৎ তাইৰ মনত পৰিল-সেই গোবৰ খুটি ডোখৰৰ কথা৷ মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত ৰজাই তাইক দুচৰু সোণ-ৰূপ দিলে৷

এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনীয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে৷ তাৰ পিচত সেই ঘৰৰ মানুহবোৰ মৰি-হাজি ঢুকাল; গৰু, ম’হ, হাতী, ছাগলী হেৰাই মৰি নিপাত হবলৈ ধৰিলে৷ একমাত্ৰ বৰজনাৰ ল’ৰাটি গৰত ৰ’লগৈ৷ সিও শেহত তৰিব নোৱাৰি দেশে দেশে ফুৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে৷ সিহঁতৰ দেখা-দেখি হোৱা মাত্ৰকতে চিনাচিনি হল৷ ভতিজাকে কলে বোলে, “ঘৰ দুৱাৰৰ কথা কবলৈ সঁচ নাইকিয়া হল, মই হে আছোঁ৷” তাই কান্দিকাটি কলে, বোলে, “মোক ফকীৰে নেৰে, পলাই গলেও মাৰিব; সি বৰ মন্ত্ৰ জানে৷ মই ফকীৰে কোৱা শুনিছোঁ, বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিক চৰাইজনীৰ গাত আছে; যদি চৰাই জনী মাৰিব পাৰে তেন্তে মই যাব পাৰোঁ৷” এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দিকাটি প্ৰাৰ্থনা কৰিলত ব্ৰহ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে৷ উছৰ্গাত সি অনেক বস্তু পালে৷ পিচত সি কলে বোলে-“মোক শালিকাটোও দিয়ক৷” সি সেই বুলি কলত ব্ৰহ্মাই তাক শালিকাটোও দিলে৷ সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰ য’তে আছিল ত’তে মৰিল৷ তেতিয়া খুৰীয়েক জানিলে যে শালিকা মৰিল৷ ইয়াৰ পিচত সি ব্ৰহ্মাৰ জীয়েক আৰু তাৰ খুৰীয়েক তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্ব্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ-বাৰী, মানুহ-দুনুহ,বই-বস্তুৰে সৈতে চহকী হ’ল৷