SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
শ্বন্

মানুহজনৰ নামটো নকওঁ৷ কাৰণ যিটো ঘটনা আজি লিপিবদ্ধ কৰিবলৈ গৈছোঁ, সেইটো তেওঁৰ ঘৰুৱা কথা৷ বেচেৰাই দাঁতত ভাত এটা লাগিলেও লৰি আহি তাৰ কথা মোৰ আগত কৈ যায়হি৷ তেওঁৰ সকলোবোৰ কথা মোক নকলে, তেওঁৰ পেটত ভাত জীণ নাযায়৷ কিছুমান মানুহ এনেকুৱাই থাকে৷ পেটৰ কথা তেওঁলোকে পেটত ৰাখিব নোৱাৰে৷ নিতান্ত অন্তৰঙ্গ বন্ধুক তেনে কথা কলে অৱশ্যে হানি নাই৷ কিন্তু যাৰে তাৰে আগত বুকুখন উবুৰিয়াই দি লেবলেবাই ফুৰিলে,কওঁতাজনৰ মস্কিল অনিবাৰ্য্য৷ মোৰ এই বন্ধুজন অৱশ্যে একেবাৰেই তেনেকুৱা শ্ৰেণীৰ নহয়৷ তেওঁ নিভাজ বন্ধুৰ ওচৰতহে নিজৰ পেটৰ কথা বাকি দিয়ে৷ তেওঁৰ নামটো লুকাই ৰাখি আজি আমি তেওঁক “অমুকা” বুলিয়েই বৃত্তান্তত উল্লেখ কৰি যাম৷

সেই দিনা গধূলি মই হাতমুখ ধুই চিকুণটো হৈ আমাৰ ‘ক্লাবলৈ’ যাবলৈ ওলাইছো, এনেতে অমুকা হেলাপ হেপাই আহি মোৰ আগত ওলাল৷ তেওঁ মোক সুধিলে-“ আপুনি কৰবালৈ যাবলৈ ওলাইছে নেকি?”

মই ক’লো-“এৰা ক্লাবলৈ৷ কিন্তু আপোনাৰ কিবা কথা আছে যদি, বহিমেই৷ নগলেও হব৷ ঘৰত বহি থাকি আমনি লাগিলে ক্লাবৰ ফালে যাওঁ৷ তাত কামৰ ভিতৰত তাচ পিটা-ব্ৰিজ খেলা৷”

মোৰ উত্তৰ শুনি, মই আগবঢ়াই দিয়া চকিখনতে তেওঁ বহিল৷ বহিয়েই ইফালে সিফালে চাবলৈ ধৰিলে৷ মই কলোঁ-“ইয়াত কোনো নাই, আপুনি নিৰ্ভয়ে কৈ যাওক৷”

তেওঁ আৰম্ভ কৰিলে, “বন্ধু আজি মোৰ বৰ দুখৰ কথা এটা আপোনাক কবলৈ আহিছোঁ৷ আজি পুৱা ৯ মান বজাত আমাৰ ঘৰৰ ঘৈণীয়ে মোৰ ওপৰত খং কৰি ওফোন্দ পাতি বাপেকৰ ঘৰলৈ গুচি গ’ল৷ লগত সেই ক’লা কুকুৰটো৷ সেইটোৱেই মোৰ কাল হ’ল৷ তাকে লৈয়েই মোৰে সৈতে তেওঁৰ যত গণ্ডগোল৷ তেওঁ হল কুকুৰ ভক্তৰ ঘৰৰ জীয়ৰী৷ তেওঁৰ বাপেকে কুকুৰ ভাল পায়, মাকে কুকুৰ ভাল পায়, ককায়েকে কুকুৰ ভাল পায় আৰু সেইখন ঘৰত নাপায়নো কোনে কব নোৱাৰো৷ সেইখন ঘৰত মানুহৰ দিনে-ৰাতিয়ে কুকুৰৰ সৈতে হলিগলি৷ মই হলোঁ কুকুৰ বিৰাগীৰ ঘৰৰ৷ মোৰ বোপাককাৰ দিনতো কোনেও কুকুৰ পোহা নাছিল, আজিও নোপোহে৷ আজিও আমাৰ আগৰ ঘৰত কোনোবাই কুকুৰ ছুলে, সি গা-ধোৱা নিয়ম আছে৷ এই খিনিতে মোৰ শহুৰৰ জীয়েকৰ সৈতে বৰ ডাঙৰ অমিল৷ কুকুৰৰ বিষয়টো লৈয়েই আজিলৈকে তেওঁৰে সৈতে মোৰ যোৰা নাছিল৷  মই কি কৰিম? সৰুৰে পৰা কুকুৰৰ বিৰুদ্ধে মোৰ মনত এটা বদ্ধমূল সংস্কাৰ দকৈ বহি আছে৷ কুকুৰ ছুব নাপায়; কুকুৰক লাই দিব নাপায়, কুকুৰ ছুলে গা ধুব লাগে৷ সিজনাৰ সংস্কাৰটো ইয়াৰ একেবাৰেই ওলোটা৷ তেওঁ কুকুৰক মৰম কৰিব, কোলাত লব, গা ধুৱাই দিব, তাৰ গাৰ ওকণী বাছি দিব, তাক লগত লৈ ফুৰিব; এনেকুৱা অলেখ কথা৷ বাপেকৰ ঘৰৰপৰা মাহেচেৰেকৰ আগতে সেই কলা কুকুৰ পোৱালিটো আনি তেওঁ একানপতীয়াহৈ তাক তুলি-তালি ডাঙৰ কৰিবলৈ লাগি গৈছে৷ কুকুৰৰ ওপৰত তেওঁৰ আদৰৰ ওৰা দেখিলে মোৰ তিৰি কঁপে জ্বৰ উঠে৷ শেহত মই ভ্ৰম বকিবলৈ ধৰোঁ৷ একো একোবাৰ নকৈ থাকিব নোৱাৰোঁ যে মই তোমাৰ কুকুৰ হোৱাহেঁতেন বৰ্ত্তি গলোহেঁতেন৷ কলীয়াই তোমাৰ যিখিনি মৰম পাইছে, তাৰ দহ ভাগৰ এভাগো যদি এই দুৰ্কপলীয়াই পালেহেঁতেন তেন্তে তাৰৰ জীৱন সাৰ্থক হ’লহেঁতেন৷ অৱশ্যে এইখিনিতে আপোনাক বিশ্বাসতে কওঁ যে, কুকুৰৰ বিষয়ৰ বাহিৰে আন সকলো বিষয়তে তেওঁৰ মৰম মই নথৈ পাই আহিছোঁ৷ মোৰ নিমিত্তে তেওঁ মৰিব পাৰে বুলিলেও হয়৷ এইষাৰ কথা মই সৈ নাকাঢ়িলে মোক পাপে ছুব৷ কিন্তু কুকুৰলৈ তেওঁৰ মৰমৰ জোখটোত মোৰ চকু পৰিলেই মই সেইবোৰ পাহৰি যাওঁ৷ মোৰ মনত খেলায়, তেওঁৰ কুকুৰটোৰ আগত মই কোন কুটা ! সচাঁকৈয়ে মোৰ মনৰ কথা আপোনাক ভাঙি কওঁ, বন্ধু, কুকুৰটোৰ ওপৰত হোৱা মোৰ হিংসাই মোক খুলি খুলি খালে৷ এইবাবেই সামান্য কথাতে দুইৰো দিনৌ খনে খনে দ্বন্দ লাগে৷ আজি পুৱা খকা খুন্দাৰ জোখ সৰহকৈ চৰিছিল৷ কুকুৰটোক ৰাতি তেওঁ আমাৰ শোৱনি ঘৰৰ মুখতে বান্ধি থৈ শোৱে৷ ৰাতি সি কোনো কোনো দিনা ঠাইখন লেতেৰা কৰি থয়৷ তাৰ উপৰি ওচৰৰ গছৰ ডালত বাদুলি এটা উৰি আহি পৰিলেও, তাৰ ভৌ-ভৌৱনিত মোৰ কাণ ফাটি যায়৷ তেওঁ হলে এনেবোৰ কাৰ্য্যত আসোঁৱাহ নেদেখে৷ তেওঁ কয়, কুকুৰটো মানুহ নহয় যে তাৰ বাহিৰলৈ যাবলগূয়া হলে সি হাতত লোটাটো লৈ সদাচাৰ কৰি শুচি হৈ আহিবগৈ৷ আজিৰ পুৱাৰ ঘটনাৰ গুৰিও এনেকুৱাই৷ দুইৰো উখনা-উখনিত দুয়ো লেকাম ঢিলাই দি গৈ আহিলোঁ৷ ফলত তেওঁৰ দুৰ্ঘোৰ অভিমান আৰু পিতৃগৃহ প্ৰয়াণ৷ তেওঁ একেবাৰেই এচকুৱা হৈ পৰিছিল৷ এই কুকুৰটোক ডাবি-ডুবা দিলেই, তেওঁ কৈছিল, “কুকুৰটো মই আনিছো দেখি তাৰ ওপৰত আপোনাৰ ইমান হিংসা৷” মই কওঁ “সেইটো নহয়৷ সি বৰ ঘিণ্-লগা হৈ পৰিছে দেখিহে৷”

আজি মোৰ ভাতপানী এগাল খোৱাত যে কি আলৈ বিলৈ হৈছে, তাক মই আৰু কি কম৷ ঘৰৰ ঘৈণী নথকা দেখি ৰান্ধনি বামুণৰ লৰাটোও চতুৰ্ভুজ হৈ উঠিল৷ সি মোৰ ভাত এমুঠি বান্ধি দিবলৈ গৈ, ইবাই বোলে চাউল নাই, সিবাই বোলে মাছ নাই, খৰি নাই, সি কিহেৰে ভাত ৰান্ধিব?  মোৰ খং উঠি তাক ক’লো ‘তোৰ মূৰটো আছেনে নাই? আছে যদি তাকেই ৰান্ধি দে৷’ সি ভোৰ্ভোৰাই বহি থকা দেখি, মই লগুৱাটোৰ হাতত ৰূপ এটকা দি বজাৰ কৰি তাৰ ফৰ্ম্মাচী বস্তুবোৰ আনি দিবলৈ পঠিয়াই দিলোঁ৷ বেলি দুপৰত লগুৱাটো বজাৰৰ পৰা উভতিল৷ ইমান বেলি কিয় কৰিলি বুলি সুধিলত সি কলে, বজাৰৰ কাষত বান্দৰ নাচ হৈছিল দেখি দোকানী পোহাৰীবোৰে উঠি আহি বান্দৰ নাচ চাই থাকি, তাক বস্তু দিয়াত পলম কৰিলে৷ মই বোলোঁ “ঠিক কৈছ, সিহঁতে নিজ নিজ দোকান পোহাৰ এৰি বান্দৰ নাচ চাইছিলহি আৰু তই নাচৰ ফালে চকু মুদি আছিলি৷ বুজিলোঁ আৰু কব নেলাগে৷” তাৰ পিছত সুধিলোঁ, কি কি আনিছ কচোঁন? সি কলে “মাছ নাপাই হাঁহ কণী এটা আনিলো, আৰু অমুকটো নাপালোঁ তমুকটো নাপালোঁ সেইবোৰৰ সলনি এইবোৰ আনিলোঁ” বুলি এনে গোটাচেৰেক বস্তু দেখুৱালে যিবোৰ সেই সাজলৈ একেবাৰে অলাগতীয়া৷ মই মোৰ কপালকে দুষি তাক একো নকৈ মনে মনে থাকিলোঁ৷ কিন্তু যেতিয়া তাৰ পিছত সি কলে যে তাক দিয়া ৰূপ টকা ঢুকাল, সেই দেখি তাৰ উপৰি সি সিকি এটাৰ পৰা বস্তু দোকানীৰ পৰা ধাৰে হে আনিছে, তেতিয়া মোৰ খঙে মূৰৰ চুলি পালেগৈ৷ চম্ভালিব নোৱাঁৰি তাৰ গালত কাণতলীয়া চৰ এটা মাৰি দিলো৷ চৰ খাই, “মই নাথাকোঁ” বুলি সি ওলাই গুচি গল৷ দুইমান বজাত বামুণৰ লৰাটোৱে এগাল ভাত খাবলৈ আনি দিলে৷ ভাত আধাফুটা, আলু আধাসিজা, আঞ্জাত নাই লোণ, যদিও পিটিকাত দি খাবলৈ তিনিগুণ লোণ পাতৰ কাষতে আছিল, কিন্তু পিটিকা-জিটিকা হলে একো নাছিল৷ সদায় মোৰ ভাত ৰন্ধা বামুণৰ লৰাটোৱে আজিৰ ৰন্ধন কাৰ্য্য এনেকৈ সমাপন কৰিলে, দেখি ঠিক মোৰ মনত খেলাইছিল যেন সি ওপজাৰে পৰা আগেয়ে কেতিয়াও আখাৰ কাষলৈ যোৱা নাছিল আৰু হেতাখনত হাত দিয়া নাছিল৷ এইবোৰ মোৰ দুৰ্গতিৰ কথা আপোনাক কলোঁ বন্ধুঁ !”

তেওঁৰ কথিত বৃত্তান্ত শুনি মই অলপ পৰ টভক্ মাৰি থাকি সুধিলোঁ, “আপোনাক যাৱজ্জীৱনলৈ ঘৰত সুখ-শান্তি লাগে নে অশান্তিৰ ম’হ-চেৰেপা লাগে?”

তেওঁ কলে-“নিশ্চয় মোক সুখ-শান্তি লাগে৷ নহলে আপোনাক বুধি সুধিবলৈ আহিলোহেতেন কেলৈ?”

মই কলোঁ-“তেন্তে শুনক৷ আজিৰ এই মুহূৰ্তৰে পৰা আপোনাৰ ভাব, গঢ়, গতি আৰু আচৰণৰ আমূল পৰিৱৰ্ত্তন আনিব লাগিব৷ শাস্ত্ৰত কৈছে

তিৰীয়ে পুৰুষে হৈব এক মতি৷

তেহে সিজিব হৰিত ভকতি৷৷

বিয়াৰ ৰভাৰ তলত হোমৰ কাষত আপুনি মতা মন্ত্ৰষাৰ মনত আছেনে?-

তবাস্তু হৃদয়ং মম৷

মমাস্ত হৃদয়ং তব৷৷

এতেকে আপুনি আপোনাৰ মনত থকা উভহাঁবোৰ ঘঁহি পিহি চাঁচি-যাজি, মাৰি লৈ আজিৰ পৰা আপোনাৰ মনটোক আপোনাৰ ঘৈণীয়েকৰ মনেৰে সৈতে সুৱগা দি জোৰাই জ্বালি লওক৷ আপুনি তেনে কৰিলে, আপোনাৰ ঘৈণীয়েকেও তেনেকুৱা কৰিবলৈ বাধ্য হব নিশ্চয়, কোনো কথাতে আৰু মঠ ধৰি নাথাকে৷ মানুহৰ স্বভাৱেই হৈছে-দিলে হয়; নিদিলে নিদিয়ে৷ আপুনি সৰু কথাবোৰত একেবাৰেই আও-কাণ কৰি চলিব লাগিব৷ সৰু কথাকে লৈ ঘুকটি পাকটি থাকিলে তাৰেপৰা বলে নোৱাৰা ব্ৰহ্মদৈত্যৰ উদ্ভৱ হয়৷ ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ বুলি কয়৷ ঘোঁৰাৰ তাব এটাৰ পৰা সুলকি পৰা গজাল এটা নোপোৱাৰ বাবেই শত্ৰুৰে সৈতে লগা এখন ডাঙৰ যুদ্ধত ইপক্ষৰ পৰাজয় হোৱা কথাটো আপুনি নিশ্চয় কিতাপত পঢ়িছে৷ আপুনি মোৰ বন্ধু৷ আপুনিও মোক বন্ধু বুলি ভাবে৷ আপোনাৰ বন্ধুৰ এটা পৰামৰ্শ আপুনি গ্ৰহণ কৰিব লাগিব৷ আজিৰ পৰা আপুনি কুকুৰ ভাল পাব লাগিব৷ মোৰ কথাটো শুনি আপুনি জিকাৰ খাই উঠিছে৷ নুঠিব৷ উঠিলে নচলিব৷ অকল ভাল পোৱাই নহয়, আপোনাৰ আজন্ম সঞ্চিত সংস্কাৰবোৰ বিসৰ্জ্জন দিব লাগিব৷ সংস্কাৰ শব্দটো ব্যৱহাৰ কৰি মই ভুলহে কৰিছোঁ,-বোলা উচিত আছিল, কুসংস্কাৰবোৰ৷ মনু,পৰাশৰ প্ৰভৃতি স্মৃতিকাৰ সকলে যি কৈছে সেইবোৰৰ এটাইবোৰলৈ বৰকৈ কাণ নিদিব৷ সেইবোৰ যি যি কালৰ ব্যৱস্থা, সেই সেই কাল এতিয়া নাই৷ কাল পৰিৱৰ্ত্তনশীল, সংসাৰো পৰিৱৰ্ত্তনশীল৷ গীতাত ‘যদা যদাহি’ শ্লোকটোত হিন্দুৰ যিটো ধাৰণা নিহিত আছে, সেইটো বিজ্ঞান সন্মত, কাৰণ কালৰ পৰিৱৰ্ত্তনৰ লগতে অৱস্থাৰো পৰিৱৰ্ত্তন ঘটে, আৰু সেই পৰিবৰ্ত্তন সেই কালৰ উপযোগীকৈ নিয়ন্ত্ৰিত কৰিবলৈ নিয়ন্তাৰ উদ্ভৱ হবই লাগিব৷ ঈশ্বৰৰ অনন্ত সৃষ্টিত Last word অৰ্থাৎ খাতাংকৈ শেষ কথা, আৰু পেট-মচা শেষ উদ্ভৱ Unscientific অৰ্থাৎ বিজ্ঞান সন্মত নহয়৷ এই সংসাৰৰ বস্তু শুচি অশুচি, স্পৃশ্য অস্পৃশ্যৰ বিভিন্নতা মাখিছালৰ ওপৰত৷ মলিয়ন বস্তুক ধুই পখালি ললেই শুচি হয়৷ মানুহৰ পুৰীষতকৈ মানুহৰ মানত অস্পৃশ্য বস্তু  আৰু কিবা আছেনে? তাকো দিনৌ আপুনি নিজ হাতে পৰিস্কাৰ কৰি নিজক সৃষ্ট আৰু ঈশ্বৰ সকলোৰে জনক আৰু পিতৃ৷ প্ৰাচীনতকৈয়ো প্ৰাচীন এই কথাটো সদায় মনত ৰাখিব৷ নিগূঢ় ধৰ্ম্মতত্ব থকা শাস্ত্ৰবোৰৰ সাৰ উদ্দেশ্য কি? সমস্ত প্ৰাণীতে ঈশ্বৰ বিষ্ণু প্ৰবেশ কৰি আছে৷ সেই দেখি সকলো প্ৰাণীকে নিজৰ নিচিনা দেখিব লাগে;

ব্যাপক বিষ্ণু প্ৰভু চক্ৰপাণি৷

সবাতো আছন্ত জগত স্বামী৷৷

কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম৷

জানি জানি সবাহাঙ্কে কৰিবা প্ৰণাম৷৷

ভগৱন্তৰ নিজ মুখৰ বাক্য:-

সমস্তু ভূততে ব্যাপি আছো মই হৰি৷

সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি৷৷

তেন্তে নো কুকুৰটো কেনেকৈ অস্পৃশ্য হ’ল? তাক ধুই পখালি চাফ-চিকুণ কৰি ললেই সি পবিত্ৰ; আৰু সেই কাৰ্য্য আপোনাৰ ঘৈণীয়েকে নিজহাতে সদায় কৰি আছেই৷ পুৰণি তৰপৰ মানুহৰ ভাব আৰু আচৰণ-প্ৰণালীৰ নতুন তৰপৰ হাতত দ্ৰুত পৰিবৰ্তন ঘটিছে৷ এতিয়া পুৰণি খুটাটোতে আপুনি আউজি বহি থাকিলে খুটাটোৰে সৈতে কাতি হৈ পৰিব, আৰু নতুন খৰতৰ সোঁতে আপোনাক কৰবালৈ উটাই লৈ গৈ শেহত শিলত আচাৰি মাৰিব৷ সকলো বিষয়তে দিয়া নিয়া কৰি মিট্ মাট্ কৰি নচলিলে, মানুহৰ ঘৰসংসাৰ অশান্তিৰ বাহ হয়৷ এইদেখি আপুনি এই মুহূৰ্ত্তৰ পৰা আপোনাৰ আগৰ ভাৱৰ গাঠিবোৰ মুকলি কৰি লৈ আপোনাৰ গৃহিনীৰ ভাবেৰে সৈতে মিলাই ন-কৈ গাঠি বান্ধক৷

“শুনক, আপোনাক মই আৰু এটা বুধি দিওঁ৷ মোৰ এহাল কুকুৰ আছে, আপুনি দেখিছে৷ কুকুৰ জনীৰ পোৱালী দুটা হবৰ আজি দুমাহ হ’ল৷ আপুনি উঠি গৈ চাই আহক গৈ৷ মোৰ সৌ ভঁৰালঘৰৰ আগতে আছে৷ কুকুৰহাল অতি উৎকৃষ্ট জাতৰ৷ মই অনেক প্ৰবন্ধ কৰি ভালেমান ধন ভাঙিহে পাইছিলোঁ৷ দুয়োটা Pedigree dog অৰ্থাৎ সিহঁত পূৰ্ব্ব পুৰুষৰে পৰা চলি অহা নিভাজ বংশৰ৷ কুকুৰ পোৱালী দুটাৰ এটা মই আপোনাক দিলোঁ৷ যিটোতে আপোনাৰ মন যায় তাকে লওক৷ তাক এতিয়াই মোৰ লগুৱাই লৈ গৈ আপোনাৰ ঘৰত দি আহিবগৈ৷ আপোনাৰ গৃহিনীৰ কুকুৰটো মতা নে মাইকী? মতা যদি মোৰ মাইকী পোৱালীটো লৈ যাওক, দুয়োটা এযোৰ হব৷ কতই মোৰ কুকুৰ পোৱালী দুটাৰ নিমিত্তে ধৰি আছে, মই নিদিওঁ৷ আপোনাক এটা দিলোঁ৷ আপোনাৰ আহুকাল দূৰ কৰাটো মোৰ কৰ্ত্তব্য বুলি ভাবোঁ৷ আপোনাৰ পুৰ্ব্ব সংস্কাৰ পৰিত্যাগ কৰি কুকুৰ পোৱালীটো ঘৰলৈ লৈ গৈ আপুনি নিজ হাতে তাক যত্ন কৰি পালক৷ আৰু এটা বুধি দিওঁ-কাইলৈ পুৱাই আপুনি আপোনাৰ বামুণৰ লৰাটোক আপোনাৰ শহুৰেকৰ ঘৰলৈ পঠিয়াই দিব৷ তাক ভালকৈ শিকাই দিব, যেন তাক আপুনি পঠিওৱা নাই, সি নিজেই আপোনাৰ গৃহিণীৰ খবৰ কৰিবলৈ গৈছে৷ তাক দেখিলেই নিশ্চয় আপোনাৰ গৃহিণীয়ে ব্যস্ত ভাবে আপোনাৰ আৰু ঘৰৰ কথা সুধিব৷ সি কব ‘আই, আৰু কি কম, কালিৰ পৰা দেউতাৰ ভাত-পানী এগাল খোৱাত বৰ দুখ হৈছে৷ তেখেতে যিহকে পাইছে তাকে খাইছে৷ সেইবুলি মনত যে আহুকাল ভাবিছে এনেও নহয়৷ কালি গধূলি কৰবাৰ পৰা কুকুৰ পোৱালি এটা আনিছে৷ শুনি আচৰিত মানিব যে দেউতাই নিজ হাতে তাক ভাত খুৱাইছে, তাৰ গা ধুৱাই চাফ-চিকুণ কৰিছে আৰু নিজৰ কোলাৰ পৰা তাক ননমোৱাই হৈছে৷ ভিতৰে ভিতৰে কুকুৰলৈ তেখতেৰ ইমান টান আছিল, আমি আগেয়ে নাজানিছিলো৷ আপোনাৰ কুকুৰটো নেদেখি থাকিব নোৱাৰি, কৰবাৰ পৰা এটা কুকুৰ পোৱালি দেউতাই লৈ আহিলগৈ৷ আই, কুকুৰ পোৱালিটো কিন্তু এনে ৰূপহ দেখিবলৈ, কি কম৷ একেবাৰেই বিলাতী, ভাল জাতৰ কুকুৰ৷ আৰু এটা কথা আই, আপোনাক নকওঁ বুলিয়েই ভাবিছিলোঁ কিন্তু মুখত ওলাই আহিছে বুলি কওঁ৷ দেউতাইতো আগেয়ে তেনে কাম কৰা নাছিল৷ সেইদেখি নজনাৰ বাবেই হবলা, কুকুৰ পোৱালিটোক ভাত খুৱাওঁতে সি কিবা দুখ পালে হবলা, দেউতাৰ আঙুলি এটাত কামুৰি দিলে৷ তেজ ওলোৱা দেখি মই গৈ তাত চেঁচা পানী ঢালি দি এডোখৰ কাপোৰ মেৰাই দিলোঁ৷ টিংছৰ আইডিন এটোপা আনি তাত ঢালি দিবলৈ দেউতাই মোক কৈছিল কিন্তু দৰবৰ সেই চিচাটো ক’ত আছে মইবিচাৰি নাপালোঁ৷

“ আপুনি আপোনাৰ আঙুলি এটা ফটাকাণি এডোখৰ কাইলৈ মেৰাই থব৷ মোৰ বুধি মতে কাম কৰি কি ফল পায় এবাৰ মোক কৈ যাবহি৷”

মোৰ কথাত মান্তি হৈ অমুকা উঠি গল৷ পিচদিনা গধূলি আকৌ এবাৰ তেওঁ মোৰ ওচৰলৈ আহি মোৰ কাণে কাণে কৈ গল যে, “ আপোনাৰ বুধিটোৱে বৰ গুণ সাধিলে৷ আমাৰ ঘৰৰ ঘৈণীজনা বামুণৰ লৰাটোৰে সৈতে উধাতু খাই অহাদি আহি ঘৰ পালে৷ তাৰ পিচত মোৰ আঙুলিটোৰ ওপৰত চিকিৎসা চলিল যদিও তাত কোনো ঘাৰ চিন নাছিল৷ আপুনি দিয়া ন কুকুৰ পোৱালিটো তেওঁৰ মূৰত থলে ওকণীয়ে খায়, মাটিত থলে পৰুৱাই খায়, হৈছে৷ তেওঁৰ কুকুৰটোৰে সৈতে এইটো হেনো বেচ যোৰ হব৷”

 

************

       এই গল্পটো লেখি লৈ আকৌ মোৰ “কৃতিক” বন্ধুৰ ওচৰ চাপিলোঁ৷ ভাবিলোঁ, এইবাৰ তেওঁ কি বোলে চাওঁ৷ তেওঁ গল্পটো পঢ়ি কলে-

       “বঢ়িয়া হৈছে৷ ইয়াকে বোলে গল্প৷ ‘প্লট, আৰ্ট, বিউটি’ তিনিউটা ইয়াত আছে৷ সমাজ-নীতি আৰু ধৰ্ম্ম নীতিৰ তো আৰু কথাই নাই৷ মুঠতে কওঁ গল্পটো কেপিটেল”৷

************

মই ভাবিলোঁ, “কৃতিক” বন্ধুৰ মত পালোৱেই৷ এতিয়া মোৰ বুকুখন সাত তৰপ ডাঠ হল৷ বন্ধুবৰ বৰবৰুৱাক এবাৰ দেখুৱাওঁচোন, তেওঁনো কি বোলে চাওঁ৷ অৱশ্যে বন্ধুবৰক “কৃতিক” বন্ধুৰ মতটো নেদেখুৱাওঁ৷