SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মাৰ্জ্জাৰী

      

তেতিয়া মই কলিকতাৰ ইংৰাজ সদাগৰ বাৰ্ড কোম্পানীৰ কামত৷ কোম্পানীৰ কোনো কাৰ্য্যৰ উপলক্ষে মই এবাৰ ৰাইপুৰলৈ গৈছিলোঁ৷ ৰাইপুৰ চেন্ট্ৰেল প্ৰভিন্সৰ ভিতৰৰ এখন চহৰ৷ তাত মোৰ বিশেষৰূপে কোনো চিনাজনা মানুহ নথকাত, ৰেলৰ পৰা নামিয়েই পোনবাটে ডাক-বঙলালৈ গলোঁ৷ মোৰ লগত মোৰ পুৰণি লগুৱা ভজহৰি৷ সি মোৰ অনেক বছৰীয়া লগুৱা৷ কলিকতাৰ পৰা মই সম্বলপুৰলৈ আহোঁতে তাক লগত লৈ আহিছিলোঁ; ফকৰাত কোৱাৰ দৰে ভজহৰি মোৰ পক্ষে ‘বাবাজীকে বাবাজী, আৰু তৰ্কাৰীকে তৰ্কাৰী’ হৈ পৰিছিল৷ জোতা বুৰুজ কৰাৰে পৰা ভাত ৰন্ধালৈকে ভজহৰিৰ হাতত৷ তাৰে সৈতে মই ডাক বঙলাত উঠিলোঁগৈ৷ সেই ডোখৰ কালত, ‘বাৰটা মাহৰ তেৰটা জগৰ’ৰ এটা নহয় এটা মোৰ লগৰ পৰা নুগুচিছিল৷ পৈণত ৰান্ধনীয়ে জৰ্বদ্দস্তকৈ ৰন্ধা মাছ-মঙহৰ খানা মোৰ গাত নুশুজাত পৰিছিল দেখি, দুখীৰ দুখী অৱস্থাৰে ভজাৰ হতুৱাই ‘ইক্‌মিক্ কুকাৰতে’ ভাত এমুঠি , মাহৰ আঞ্জা, আৰু আলুগুটি দুটা সিজোৱাই খাই মই জীৱনযাত্ৰা নিৰ্বাহ কৰিব লগীয়াত পৰিছিলো৷ ৰাইপুৰ বঙলাতো এইদৰে মই দুদিন আছিলোঁ৷ তৃতীয় দিনাৰ দিনা মই, ভজাক মোৰ আহাৰ প্ৰস্তুত কৰিবলৈ কৈ, পুৱাই মোৰ কাৰ্য্যোপলক্ষে ওলাই গলো৷

দুপৰীয়া বাৰটামান বজাত উভতি আহি দেখিলোঁ, যে ভজহৰি সূপকাৰে সুবন্ধন কুবন্ধন একোকে নকৰি, ডাকবঙলাৰ বাৰান্দাতে আমন জিমনকৈ বহি আছে; আৰু তাৰ ওচৰতে, খোঁটালিৰ ভিতৰত থকা মোৰ বিছনা-পত্ৰ ‘ছুটকেছ’ ইত্যাদি সিচ্‌ৰতি হৈ পৰি আছে৷ মোৰ বস্তুবোৰখোঁটালিৰ পৰা উলিয়াই কোনে কৰিলে বুলি ভজাক সোধাত, সি কলে, গোৰা চাহাব এটাই৷ গোৰাটো হেনো ডাক বঙলাত থাকিবলৈ আহিছিল; সিয়েই মোৰ বস্তুবোৰ খোটালিটোৰ ভিতৰৰ পৰা টানি উলিয়াই তেনেকৈ লটি ঘটি কৰি থৈ গ’ল৷ মই কাৰণটো কি বুলি সুধিলত, ভজাই কলে, “চাহাবটো আহিয়েই আমাৰ খোঁটালিটোত সোমাই আমাৰ বস্তুবোৰ মোক উলিয়াই নিবলৈ কলে৷ মই কলোঁ-‘মোৰ চাহাব বাহিৰলৈ ওলাই গৈছে; উভতি আহিলে মোক যেনে হুকুম দিয়ে তেনে কৰিম৷ মোৰ থা শুনি চাহাবটোৱে উগ্ৰমূৰ্ত্তি ধৰি কলে-‘অভি নিকালো’৷ মই তাৰ কথা নুশুনা দেখি সি নিজেই বস্তুবোৰ টানি টানি বাহিৰলৈ উলিয়াই পেলাই, খোঁটালিটোত তাৰ বস্তুবোৰ থলে; আৰু বাহিৰতে থকা সৌ আৰাম-চকিখনতে বহি চেলেউ হুপিবলৈ ধৰিলে৷ দহ মিনিটমান সি এইদৰে বহি থাকি, কি ভাবি কব নোৱাৰোঁ, হঠাৎ ঘপকৰে উঠি ঠিকা গাড়ী এখন মাতি আনি তাৰ বস্তুবোৰ তাত ভৰাই লৈ গুচি গল৷”

ভজাৰ মুখে এই কথা শুনি মই ডাক-বঙলাৰ চকিদাৰক কি কথা, কি বতৰা বুলি সুধিলত, চকিদাৰে কলে-‘একদম গোৰা চাহাব হুজুৰ৷ চাহাবকা গোছা দেখ্‌কে হামলোগ নাগিজ্‌মে নাহি আয়া৷’ মই কলো, “ আচ্ছা কিয়া৷ তোমাৰা জান বাঁচ গিয়া৷ আপনা জান বাঁচনেছে বাপ‌্কা নাম৷ –ও ঠিক জন বুল৷”

চকিদাৰটোৱে কলে-‘ভুল নাহি হুজুৰ, এ ঠিক বাত হেয়৷’

মই বুজিলো, সি ‘বুলুক’ ভুল বুজিলে৷ যাওক এই বঙলাত আৰু নাথাকোঁ৷ ভাগ্যে সেই সময়ত মই ইয়াত নাছিলোঁ৷ থকাহেঁতেন কোনে জানে কি হ’লহেতেঁন৷ যাওক৷ কাৰে সৈতে আকৌ কি ‘তক্ৰাৰ’ লাগে, ঠিক নাই৷ লাভৰ ভিতৰত মোৰ কামত ব্যাঘাত ঘটিব৷ ইয়াকে ভাবি ভজাক লৰালৰিকৈ যি পাৰে ৰান্ধিবলৈ কলোঁ৷ ৰন্ধা হলত,খাই, মই ডাক বঙলাৰ পৰা মোৰ বস্তুবোৰ গাড়ী এখনত তুলি লৈ ৰেল ষ্টেচনৰ ‘ৱেইটিং ৰুমলৈ’ গুচি আহি সেই পৰ্ব্বৰ সেইখিনিতে ওৰ পেলালোঁ৷

একেবাৰেই গধূলি হবলৈ আদঘণ্টামান আছে৷ মই ষ্টেচনৰ প্লেটফৰ্মতে ভৰি চলাই ফুৰিছোঁ৷ এবাৰ মোৰ চকুত পৰিল যে অলপ দূৰৰ পৰা মহাৰাষ্ট্ৰীয় ভদ্ৰলোক এজনে মোৰ ফালে কেৰাহি, কেৰাহিকৈ চাব লাগিছে৷ মানুহজনে তেনেকৈ মোৰ ফালে চোৱা দেখি মোৰ পেটে পেটে অলপ খং উঠিছিল দেই; তথাপি সেইফালে পোনকৈ চকু নিদি মই আগৰ দৰেই ফুৰিবলৈ ধৰিলোঁ৷

এবাৰ ভদ্ৰলোকজনে হঠাৎ চোঁচামাৰি আহি খপ্‌কৰে মোৰ হাত এখনত ধৰিলে৷ মই চক্‌খাই গলোঁ৷ হাতখন ধৰাৰ লগে লগে তেওঁ ইংৰাজীৰে কলে ‘মিষ্টাৰ বেজবৰুৱা, আপুনি মোক চিনিব পৰা নাইনে?’

মই তেওঁৰ মুখলৈ চাই কলোঁ,-‘কতা নাই পৰা দেখোন৷’

তেওঁ কলে-‘অমুক বছৰৰ অমুক মাহৰ আমুক তাৰিখে আপোনাৰে সৈতে বিলাসপুৰত মোৰ অমুকৰ ঘৰত ইমান চিনা-জনা আৰু আলাপ-পৰিচয় হৈছিল; আপুনি সেইবোৰ একেবাৰেই পাহৰি পেলালেনেকি?’

মই কলো-“ এবাৰ নহয়, কেবাবাৰো মই বিলাসপুৰলৈ গৈছিলোঁ; আপুনি কোৱা সনতে বা তাৰ ওচৰা উচৰি সনতে গৈছিলোঁ সঁচা৷ সন,তাৰিখবোৰ কিয়,কব নোৱাৰো, মোৰ সমূলি মনত নাথাকে৷ অনুগ্ৰহকৈ আপোনাৰ নামটো মোক কবনে?”

তেওঁ কলে-‘মোৰ নাম--৷’

‘ অ আপুনি আমাৰ সেই মিষ্টাৰ’ এই বুলি মই জপিয়াই উঠি তেওঁৰ হাতখন জোকাৰিবলৈ ধৰিলোঁ৷ ইমানকৈ জোকাৰিছিলো যে, তেওঁৰ হাতৰ সৰুগাঠিৰ জোৰা লৰি যাবৰ কথা৷ মই তেওঁক কলোঁ,-‘মোক ক্ষমা কৰিব৷ মোৰ স্মৰণ শক্তিৰ দুৰৱস্থাৰ কথা আৰু কি কম৷ আপুনি ৰাইপুৰতে প্ৰেকটিছ্ কৰে নহয়?’

তেওঁ কলে,-‘হয় কৰোঁ৷ কিন্তু আপুনি ইয়ালৈ কেতিয়া আহিল?’

মই কলোঁ-‘পৰহি৷ ডাক বঙলাতে আছিলোঁ; কিন্তু তাত অলপ অসুবিধা হোৱাৰ বাবে ইয়ালৈ গুচি আহিলো৷ এই ৱেইটিং ৰুমতে আছোঁ৷ কাইলৈ গুচি যাম৷’

তেওঁ উত্তৰ দিলে—‘অৱশ্যে যদি মোৰ হাতৰ পৰা উদ্ধাৰ পায়৷’ এইবুলি তেওঁ মোৰ লগুৱাটোৰ নামটো কি সুধি লৈ ফো-ফো কৰে ৱেইটিং ৰুমৰ ভিতৰলৈ সোমাই গৈ তাক কলে-‘তৎক্ষণাৎ তোৰ চাহাবৰ বস্তুবোৰ বান্ধি কুন্ধি ঠিক কৰ৷ এতিয়াই ইয়াৰ পৰা যাব লাগিব৷’ তাক এই হুকুম দিয়েই, ষ্টেছনৰ কাষত থকা গাড়ী খন তেওঁ মাতি আনিলে৷ মই অবাক হৈ চাই আছোঁ৷ ভজাই মোৰ অনুমতিলৈ অপেক্ষা কৰি থকা দেখি, মই তাক বস্তুবোৰ বান্ধি যাবলৈ প্ৰস্তুত হবলৈ কলোঁ৷ মোৰ ‘ডিনাৰ’ৰ নিমিত্তে ভজাই আলুগুটি দুটা আঁঠ ফাল কৰিছিল মাথোন৷ এনেতে তাৰ আয়োজনৰ ব্যঘাত ঘটাত সি ক্ষুন্ন হোৱাটো মই লক্ষ্য কৰি তাক কলো, ‘সেইবোৰ টিফিন বাস্কেটত ভৰাই ল৷ ইয়াত আৰু ‘হাঙ্গাম’ কৰিবৰ আৱশ্যক নাই৷ ’ ভদ্ৰলোকজনে মোক একেষাৰো কথা কবলৈ নিদি ভজাৰ হতুৱাই বস্তুবোৰ গাড়ীত তোলাই দি, মোক মোৰ হাতত ধৰি টানি লৈ গৈ গাড়ীখনৰ ভিতৰত বহুৱাই দি, তেৱোঁ মোৰ কাষতে বহিল৷ ভজাক তেৱেঁই কচোৱানৰ কাষত বহিবলৈ কৈ, গাড়ীখনৰ চলাই দিবলৈ কচোৱানক হুকুম দিলে৷ তেওঁৰ বন্ধু ব্যৱহাৰত যদিও তেতিয়া মোৰ কোনো সন্দেহ নাছিল, তথাপি একো একো বাৰ (নিশ্চয় মোৰ মনৰ দুৰ্বলতাৰ বাবে) মনত খেলাইছিল, মোক এই দূৰ বিদেশত কোনোবা জুৱাচোৰে পালে নেকি? এনেকুৱা ভাৱ মোৰ মনত দৈবাৎ এবাৰ ওলোৱাৰ নিমিত্তে পিছত মোৰ লাজ লাগিছিল৷

তেওঁৰ ঘৰৰ দুৱামুখত গাড়ীখন ৰলগৈ৷ গাড়ীৰ পৰা নামি মই কচোৱানৰ হাতত গাড়ীৰ কেৰেয়া দিবলৈ যাওঁতে, ভদ্ৰলোকজনে মোৰ হাতখনত খপ্‌কৰে এনে বলেৰে ধৰিলে যে মই হাতত টান পাই গলোঁ৷ তেওঁ মোক কলে-‘গাড়ীখনতো আপুনি কেৰেয়ালৈ লোৱা নাছিল, মইহে লৈছিলোঁ, আপুনি কেৰেয়া দিব কি বুলি?’ এইবুলি কৈ তেওঁ কচোৱানৰ হাতত ৰূপ এটকা দি পেলাই তাক গুচি যাবলৈ কলত সি আশাতীত ৰূপ টকা পাই তৎক্ষণাৎ গাড়ী লৈ গুচি গ’ল৷

তেওঁৰ ঘৰটো ৰাজপ্ৰাসাদ বুলিয়েই হয়৷ চকি,মেজ,ঝাৰ লণ্ঠন, ফানুছ,বিজুলীৰ চাকি ইত্যাদিৰে তমস্কাৰকৈ সজোৱা৷ ৰাইপুৰত তেওঁ এজন নামজ্বলা উকীল৷ ওকালতিতো তেওঁৰ বিস্তৰ আয়৷ মোক দুদিন তেওঁৰ ঘৰত ৰজাৰ সুখত ৰাখি তৃতীয়দিনা বিদায় দিলে৷ মই যি কামত গৈছিলোঁ,সেই কামতো তেওঁ মোক বিস্তৰ সহায় কৰিলে৷ আহিবৰ সময়ত, মই তেওঁক মোৰ সম্বলপুৰৰ ভগা বহাত এদিন ভৰিৰ ধূলি দিবলৈ বৰকৈ মতাত, তেওঁ সন্মতি প্ৰকাশ কৰি কলে, যে নিশ্চয় এদিন তেওঁ সম্বলপুৰত ভটংকৰে ওলাবগৈ৷

ইয়াৰ এমাহৰ পিছত সঁচাকৈয়ে তেওঁ তেওঁৰ কথা ৰাখি সম্বলপুৰত ওলালহি৷ মই তেওঁ অহাৰ টেলিগ্ৰাম পাই, তেওঁক ৰেলৰ ষ্টেচনৰ পৰা লৈ আহিলোঁগৈ৷ মানুহজন বৰ ৰঙিয়াল৷ তেওঁ দুদিন মোৰ ঘৰত আছিল৷ তেওঁৰ আনন্দৰ ঢৌত খলক লাগি থাকি সেই দুটা দিন মোৰ কোন বাটেদি কলৈ গ’ল তৎ ধৰিব নোৱাৰিলো৷ বুজিলোঁ, তেওঁ এনেবোৰ গুণৰ বাবেই লক্ষ্মী শ্ৰীয়ে তেওঁক লাগ দিছে৷

সম্বলপুৰত মোৰ ঘৰত আলহী হৈ থাকোঁতে মোৰ এটা দুৰ্বলতা তেওঁৰ চকুত বৰকৈ পৰিছিল৷ সেইটো হৈছে এই :-

মই মেকুৰীভক্ত নহওঁ৷ ভক্ত তো মিহি কথা; মোক দুৰ্ঘোৰ মেকুৰী বিৰাগী বুলিলেই হয়৷ একো একোটা মানুহৰ গাত একো একোটা অদ্ভুত দুৰ্ব্বলতা থাকে৷ মোৰ গাতো আন আন দুৰ্ব্বলতাৰ ভিতৰত ইয়ো এটা৷ আমাৰ এজনী মেকুৰী আছিল, তাইৰ নাম ‘মিনি’৷ তাইক ছোৱালীহঁতে নিচেই পোৱালি অৱস্থাতে কৰবাৰ পৰা আনি পুহি ডাঙৰ কৰিছিল৷ তাই সিহঁতৰ বৰ মৰমৰ পাত্ৰ হৈ পৰিছিল; কিন্তু মোৰ হলে তাই চকুৰ কুটা দাঁতৰ শাল৷ মই কোনোমতে মেকুৰীজনীক সহ্য কৰি চলিছিলোঁ, এইয়ে মাথোন৷ পিছত মেকুৰীজনীয়ে বছৰে বছৰে তিনি খেপকৈ পোৱালি দিবলৈ ধৰিলে আৰু পোৱালিবোৰ কুবেৰৰ অষ্টনিধি ভাণ্ডাৰৰ ধনৰ দৰে যেতিয়া লোকক বিলায়ো মই ওথ পেলাব নোৱাৰা হলো, তেতিয়া মোৰ ধৈৰ্য্যচ্যুতি ঘটিল৷ তাইৰ আৰু এটা উৎপাতত মই বিৰক্ত হৈ পৰিছিলো৷ আমি ভাত খাবলৈ বহিলেই তাই যতে থাওক, তাৰে পৰা লৰি আহি মোৰ মুখৰ আগত থিয় দিয়েহি; আৰু মুখলৈ চাই লেথেৰি নিছিগাকৈ মেও মেওকৈ মোৰ আমনি লগাই দিছিল৷ লাহে লাহে বহুদৰ্শিতাৰ ফলত সময়ৰ বিষয়ে মিনিৰ ইমান জ্ঞান বৃদ্ধি হ’ল যে আমি খাবলৈ বহা চাৰিও সাজিৰ সময়কেইটা তাই ঘড়ীৰ কাঁটাৰে সৈতে এচুলিও অমিল নোহোৱাকৈ ৰাখি চলি আমাৰ খোৱা মজিয়াত উপস্থিত হোৱাত ক্ৰুটি নকৰিছিল৷ ওৰে দিনটো তাই যতে থাকক, কিন্তু সেই কেইটা সময়ত তাই তাত উপস্থিত হবই হব৷ চন্দ্ৰ সূৰ্য্যৰো গ্ৰহণ লাগে, কিন্তু মিনি ৰাহু কেতু দুইটাৰ পৰা বিমুক্ত৷ যিদিনা খোৱা-মেজৰ ওচৰত উপস্থিত হবলৈ মোৰ পাঁচ-দহ মিনিট পলম হয়, সেইদিনা তাই, মই যতে থাকো তালৈকে আহি মোৰ আগত মেও মেও কৰি মোৰ ভৰিৰ চাৰিওপিনে তাইৰ নেজডাল তাত লগাই দি খাবৰ মেজলৈ যাবলৈ মোক তাগিদা দিয়ে৷ মেকুৰীজনীৰ গঢ়গতি দেখি মই হাঁহিম নে কান্দিম ঠিক কৰিব নোৱাৰা হৈছিলোঁ৷ তাইৰ বঢ়াবঢ়িত আমনি লাগি, শেহত মই দিনৌ মাৰি এডাল লৈ মোৰ কাষত থৈহে খাবলৈ বহিছিলোঁ৷ তাৰে তাইক আটিমুটিকৈ খেদি দিলেও তাই যদিও তৎক্ষণাৎ লৰি পলাই গৈছিল, কিন্তু থিতাতে আকৌ আন এটা বাটেদি মোৰ পাছফালে থিয়দি মেও মেও লগাই দিছিল৷ কোনো কোনো দিনা তাইৰ তেনে উদ্ভণ্ডালি সহিব নোৱাৰি, মই পাতৰ ভাত পাততে এৰি তাইক মাৰিবলৈ খেদাদি লৰি ফুৰি হাঁহিয়াতৰ পাত্ৰ হৈছিলোঁ৷

মোৰ ৰাইপুৰীয়া বন্ধুজনে মোৰ ঘৰত আতিথ্য স্বীকাৰ কৰি থকা কেদিন মোৰ এই ভেকোভাওনাখন দেখি হাঁহি অস্থিৰ হৈ পৰিছিল৷ এইখিনিতে কওঁ মেকুৰীজনীক খাবলৈ দিয়াত যে মই কৃপণালি কৰিছিলোঁ, এনে নহয়৷ ঘৰৰ ‘বাৰাণ্ডা’ত আঁউজি তাইক সদায় ভাত-মাছ আৰু গাখীৰেৰে এপাত খাবলৈ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ৷ কিন্তু ৰাইকসীয়ে সেই পাত চকুৰে চাওঁতেই উৰাই দি, আকৌ মোৰ খোৱা মেজৰ ওচৰত হাজিৰ হৈ মেও মেও লগাই দিছিল৷ তাইৰ কামৰ ভিতৰত আছিল পেট ভৰাই ভাত খোৱা, গাটো অঁতাই-পিতাই ফস্তি জুৰি ৰ’দ কাচলিত শুই থকা আৰু তিনি মাহে চাৰি মাহে একোজাককৈ পোৱালী জগোৱা৷ নিগনি শলিয়া ধৰা কাৰ্য্যত তাইৰ সম্পূৰ্ণ অৰুচি জন্মিছিল৷ বিনা পৰিশ্ৰমতে পেট ভৰাই মহাসুখে খাবলৈ পালে, লৰি-ঢাপৰি দুখ কৰি যে কোনেও নমৰে এই বিবেচনাটো তাইৰ আছিল৷ তাইৰ পোৱালি থকা কালত, তাই নিজৰ দল বলৱন্ত কৰি লৈ সপৰিবাৰে আহি ওপৰোক্ত প্ৰকাৰে মোক ‘ধাৰ দিছিলহি’৷ এনেবোৰ দৌৰাত্ম্যৰ উপৰিও, মোৰ খোৱা মেজৰ ওপৰত উঠি যি পায়, তাতে মুখ দি আৰু যি পাৰে তাকে মুখত লৈ বিম্বাশৱদে পলাই গুচি গৈছিল৷ আখাৰ কাষত তপতোৱা গাখীৰৰ কেৰাহী, নমাই থোৱা চৰুত ভজামাছ দেখিলে আৰু তাইৰ চকুত টোপনি নোহোৱা হৈছিল৷ তাৰ ওপৰত ভাগ বহুৱাবলৈ তাই এশ এটা বুধি সাজি টালিবাজি কৰি ফুৰিছিল৷ তাইৰ গঢ়-গতি দেখি মোৰ ধাৰণা বদ্ধমূল হল যে তাইৰ পেটটো অখণ্ড ভোকৰ আকৰ, আৰু মনটো অদম্য ভোগৰ সাগৰ৷ তাইৰ অপৰ্য্যাপ্ত পেটটো ভৰিবৰো নামটি নাই, আৰু অখণ্ড মনটো মৰিবৰো আগন্তুক নাই৷ এদিন মই মোৰ কাপোৰৰ আলমাৰিৰ দুৱাৰ দুপাটৰ এপাট নামাৰি কেৰেচীয়াকৈ এৰি কিবা আন কাম এটাৰ নিমিত্তে এখন্তেকলৈ আঁতৰি গৈছিলোঁ৷ উভতি আহি আলমাৰিটো ভালকৈ বন্ধ কৰি বাদুলিসঁচাৰ লগাই গুচি গলোঁ৷ ৰাতি ভাত খাবৰ সময়ত দেখিলোঁ মিনি অনুপস্থিত৷ আজি কি হল? এই বুলি লগুৱাহঁতৰ হতুৱাই মিনিক কতো বিচাৰি নাপালোঁ৷ কিয় কব নোৱাৰো, মনটোত বেয়া লাগিল৷ ৰাতি যেতিয়া মই শোৱা পাটীত পৰিলোঁ, মোৰ মূৰ শিতানৰ ফালে থকা সেই কাপোৰৰ আলমাৰিৰ ভিতৰৰ পৰা মিনিৰ মিহিমাত শুনিলো-‘মেও’৷ লৰালৰিকৈ মই উঠি সঁচাৰকাঠিটো আনি আলমাৰিৰ দুৱাৰখন যেই মেলি দিলোঁ, মিনি একে জাপেই তাৰপৰা ওলাই গুচি গ’ল৷ মোৰ মনটো মুকলি হল৷সেই ৰাতি মিনি নিশ্চয় লঘোণে-ভোকে থাকিবলগীয়াত পৰিছিল; অৱশ্যে যদি আমাৰ চুৱা-ধোৱা ঠাইত পৰি থকা মাছৰ কাঁইট আৰু দুই-চাইটা ভাতেৰে তাই পেটৰ খজুৱতি মাৰিব পৰা নাছিল৷ লাহে লাহে কিন্তু ধৈৰ্য্যৰ সীমা অতীত হৈ গল৷ মই মোৰ ছোৱালীহঁতক বুজাই-বৰাই সন্মত কৰাই কোনো কৈকেয়ীৰ কথা নুশুনাকৈয়ে মিনিৰ বনবাস দিয়াটোকে থিৰ কৰিলো৷ সেই সংকল্প মতে, এদিন চাকৰ এটাৰ হতুৱাই মিনিক ধৰাই থৈলা এটাৰ ভিতৰত ভৰোৱাহি,এমাইলমান দূৰৰ গাঁও এখনত মেলি থৈ আহিবলৈ চাকৰটোকে হুকুম দিলোঁ৷ যেনে হুকুম তেনে কাম৷ সি হুকম ঠিক ভাবেই তামিল কৰিলে৷ কিন্তু অ’ হৰি ! কি কম, কি শুনিবা ! পিছদিনা দুপৰীয়া, কেনেকৈ কব নোৱাৰো, মোৰ খাবৰ সময়ত মেজৰ তলত মাত শুনিলোঁ-মেওঁ-মেওঁ৷ চাওঁ দেখোন মিনি৷ তাই মেওঁ মেওঁ কৰি তাইৰ পুনৰাগমনৰ শুভবাৰ্ত্তা মোক জনালে৷ মই মিনিৰ হাতত পৰাজিত হৈ জঁকি উঠিলো৷ এইবাৰ সতৰ্কতা সৰহকৈ অৱলম্বন কৰি মিনিৰ বনবাসৰ কঠোৰ বিধান কৰিলোঁ৷ এইবাৰ স্বহস্তে তাইক ধৰি আগৰ দৰেই থৈলাত সুমাই মটৰ গাড়ীত তুলি লৈ মহানদীৰ সিপাৰত মই এৰি থৈ আহিলোগৈ; আৰু কোনেও নুশুনাকৈ মনে মনে কলোঁ-‘বাপেৰে কেনে কৰিলে পালি৷’ সেই দিনাৰ পৰা মাৰ্জ্জাৰী বিদায় ভাৱনাৰ ওৰ পৰিল৷ আৰু দেখাশুনাকৈ মোৰ মনত শান্তি হল; কিন্তু ভিতৰত কোনে কব নোৱাৰোঁ-মৃদু মাতেৰে কৈছিল –“আহা ! বেচেৰী মিনি ! কলৈ গলি ৷”

ভাৱনাটোৰ এই শেষডোখৰ অৱশ্যে মোৰ ৰাইপুৰীয়া বন্ধুজনে দেখি যোৱা নাছিল৷ তেওঁ উভতি গৈ নিৰাপদে ঘৰ পোৱাৰ খবৰৰ লগতে, ধেমালিকৈ মোলৈ লেখিলে-‘মিনিৰ খবৰ কি? যুদ্ধৰ অৱসান হ’ল নে নাই?’ মই তেওঁৰ চিঠিৰ প্ৰাপ্তি স্বীকাৰ কৰি আন আন কথাৰ শেহত লেখিলোঁ যে, আপদৰ শাস্তি হ’ল৷ মিনিৰ ওপৰত ফাঁচী দণ্ড বিহিত হৈছিল৷ শেহত এই দণ্ডcommute  অৰ্থাৎ সলাই ঢিলা কৰি দ্বীপান্তৰলৈ পৰিণত কৰি তাইক মহানদীৰ পাৰ নামৰ কলীয়া পানীত মেলি দিয়া হ’ল৷

ইয়াৰ এমাহৰ পিছত মোৰ সেই বন্ধুজনৰ পৰা হঠাৎ টেলিগ্ৰাফ এখন পালোঁ৷ তেওঁ খবৰ দিছে যে তেওঁৰ এজন বিশিষ্ট বন্ধুৰে সৈতে তেওঁ সম্বলপুৰলৈ যাত্ৰা কৰিলে৷ সম্বলপুৰত তেওঁলোকৰ অলপ সকাম আছে দেখি আহিবলগীয়াত পৰিছে৷ তেওঁলোক এদিন থাকিয়েই উভতি যাব৷ যদি মোৰ অসুবিধা নহয়, তেন্তে তেওঁলোকক মোৰ ঘৰতে থাকিবলৈ ঠাই দিলে অনুগৃহীত হব৷

পিছ দিনা পুৱা মই আনন্দ মনেৰে দুইকো সম্বলপুৰ ষ্টেছনৰ পৰা লৈ আহি মোৰ লগতে থকা আৰু খোৱা-বোৱাৰ দিহা কৰি দিলোঁ৷ ৰাইপুৰীয়া বন্ধুজনৰ বন্ধুৰ নাম আৰ,বি,কালে৷ অৰ্থাৎ ৰামচন্দ্ৰ বলৱন্ত কালে৷ তেৱোঁ মহাৰাষ্ট্ৰী৷ দেখিলোঁ, মানুহজন কথাই-বাৰ্ত্তাই সৰবৰহী৷ তেওঁ পৃথিৱীৰ অনেক দেশত ফুৰিছে৷ বিলাতলৈকো তিনি চাৰি বাৰ গৈছিল৷ মুঠতে দুইজন বন্ধুকে পাই মই বৰ সুখী হলোঁ৷

তেতিয়া মাৰ্চ্চ মাহৰ আগ-পখ৷ জাৰ গৈ ঘাম সোমাবলৈ কুল্‌কুলাইছে৷ বন্ধু দুজনে মোক কলে,-‘ৰাতি আমি শোৱনি ঘৰৰ এই বাৰাণ্ডাতে শুই থাকিমহঁক৷ ঘৰৰ ভিতৰত গৰম পাম৷ আপুনিও যদি আমাৰ কাষতে শোৱে বেয়া নহয়৷’

মই কলোঁ, ‘মই বুঢ়া মানুহ দেওহে৷ তেজতো আৰু মোৰ গাত নাই৷ কেনেবাকৈ ঠাণ্ডা-ফাণ্ডা লাগিব; মই ঘৰৰ ভিতৰতে মোৰ শোৱা খোঁটালিতে শুম৷ অৱশ্যে খোঁটালিটোৰ দুৱাৰ আৰু খিড়িকীবোৰ মেলি থম৷’

ৰাতি শুই আছোঁ৷ টোপনিটোও চিলমিলকৈ আহিছে৷ এনেতে কাণত পৰিল, মোৰ শোৱা খাটৰ তলত মেকুৰী এটাই মেও মেও কৰিছে৷ মেকুৰীৰ মাত শুনি চিলমিলকৈ অহা টোপনিটো চাঁত কৰে ভাগি গল৷ মই ভাবিলোঁ সেই আপদীয়া মিনিজনী আকৌ কেনেবাকৈ ওলাললহি নেকি ! মোৰ খোটালিটোত পোহৰ নাছিল৷ চাকৰি পোহৰত মোৰ টোপনি নাহে দেখি, লণ্ঠনটো সদায় মই খোঁটালিৰ বাহিৰত থৈ শোওঁ৷ চুহ চুহ কৰি এন্ধাৰত নেদেখাকৈয়ে মেকুৰীজনীক খেদাই দি মই আকৌ পাটীত পৰি তলকা মাৰিলো৷ দহ মিনিটমানৰ পিছত আকৌ শুনিলোঁ মেকুৰীৰ মাত৷ ঠিক মোৰ মনত হল যেন মেকুৰীজনী মোৰ শোৱা খাটখনৰ তলতে৷ উঠি গৈ জ্বলি থকা লণ্ঠনটো লৈ আহি খাটৰ তললৈ জুমি চালোঁ৷ মেকুৰী-চেকুৰী একো নাই৷ ভাবিলোঁ, মই লণ্ঠন আনিবলৈ যাওঁতেই মেকুৰীজনী মুকলি খিৰিকিয়েদি ওলাই গ’ল৷ লণ্ঠনটো বাহিৰত থৈ আহি মই আকৌ পাটীত পৰিলোঁ৷ সিফালে মোৰ বন্ধু দুজনে নাক ডকাই ফোঁচ্ ফোচ্ কৰে শুই আছে; মোৰ আহুকালৰ খবৰেই তেওঁলোকৰ নাই৷ আকৌ পাটীত পৰিলোহি৷ দহ মিনিটমানৰ পিছত,এইবাৰ শুনিলো, মোৰ শোৱা খোটালীৰ ছিলিঙৰ ( Ceiling)ৰ ওপৰত মেকুৰীৰ মাত৷ চিলিং মানে ডাঠ বগা কাপোৰেৰে মোৰ শোৱা খোটালিটোৰ চালৰ তলি ডোখৰ ঢাকি থোৱা ব্যাপাৰ৷ তাৰ ওপৰৰপৰা প্ৰথমতে মিহি মাতেৰে ‘মিউ মিউ’ ওলাই, লাহে লাহে বৰকৈ ‘মেও মেও’ ওলাবলৈ ধৰিলে৷ মোৰ কি আৰু টোপনি আহে? উঠি লাখুটি এডাল আনি, চিলিঙৰ ফালে টোঁৱাই আটিমুটি কৰি চুহ,চুহ, যা! যা! কৰি মেকুৰী খেদিবলৈ ধৰিলো৷ মেকুৰী নিমাত হল৷ ভাবিলো, আপদ গল৷ মোৰ বন্ধু দুজন তেতিয়াও ঘোৰ নিদ্ৰাত নিমগন৷

এইবাৰ ভালকৈ শোঁও বুলি বিছনাত পৰি,প্ৰথমতে মনতে এক,দুই,তিনি,চাৰিকৈ লেখি যাবলৈ ধৰিলোঁ৷ তাৰ পিছত এখন বৰ বহলবিলত চপ্‌চপীয়া হৈ থকা পানীৰ কথা ভাবিলোঁ৷ তাৰ পিছত বাৰিষা লেল্‌পেল্ নিছিগা বৰষুণৰ জম্ জম্ শব্দৰ কথা ভাবি আছোঁ; এনেতে দুটা বোন্দাই মোৰ শোৱা খাটখনৰ তলতে বিকট স্বৰেৰে মাও ! মাও! ফোচ্ !ফোচ্ ! কৰি দ্বন্দ্ব কৰা শুনি বিচনাৰপৰা একেচাবেই উঠি লৰি লণ্ঠনটো আৰু লাখুটিডাল আনিলোগৈ৷ লণ্ঠনটোৰ পোহৰ খাটৰ তললৈ পেলাই দি, লাখুটি দাল হাতত লৈ চাই পঠিয়ালোঁ, কিন্তু বোন্দা দুটাক নেদেখিলোঁ৷ সিহঁতে কৰবাত অ:ফুট মাৰিলে৷ গোটেইটো খোটালিত পিত পিতকৈ চাইও বোন্দাহালৰ দৰ্শন নঘটিল৷ এইবাৰৰ গোলমাল শুনি মোৰ বন্ধু দুজনৰ টোপনি ভাগিল৷ তেওঁলোকে উঠি আহি, কি হৈছে বুলি সুধিলত, মই মোৰ আহুকালৰ কথা আগৰপৰা গুৰিলৈকে সোপাকে তেওঁলোকক কলো৷ তেওঁলোকে মোৰ দু:খ পতিয়াই, এইবাৰ মোক ঘৰৰ দুৱাৰ আৰু খিড়িকীখন মাৰি শুবলৈ কলত তাকে কৰিলোঁ৷ অলপ পৰৰ পিছতে শুনিলোঁ,মোৰ ওচৰৰ ফুলনি বাগিচাত সেই বোন্দা দুটাই সেইদৰে মাও মাও ফোচ্ ফোচ্ কৰি মহা সংগ্ৰাম আৰম্ভ কৰিছে৷ বন্ধু দুজনৰ তেতিয়াও টোপনি অহা নাছিল৷ মই তেওঁলোকক কলো, ‘সেয়া শুনক৷ বদ্‌‌মাছহঁতে সেই ফুলনিত কুৰুক্ষেত্ৰ পাতিছেগৈ৷’ তেওঁলোকেও সেই ফালে চাই চুহ্ চুহ্ যা যা কৰিবলৈ ধৰিলে৷ ৰাইপুৰীয়াজনে তেতিয়াই তললৈ নামি কৰবাৰ ভগা ইটা এডোখৰ আনি বোন্দা দুটাৰ ফালে মাৰি পঠিয়ালে৷ ইটা পৰাৰ পিছত বোন্দাৰ সংগ্ৰামৰ ওৰ পৰিল আৰু বোন্দা দুটা নিমাত হ’ল৷

ইয়াৰ পিছত আমি তিনিও পাটীত পৰিলোহঁক৷ কিন্তু মই পাটীত পৰিয়েই শুনিলোঁ, মোৰ খোঁটালিটোৰ চকু এটাত মিহি মাতেৰে মেকুৰী পোৱালি এটাই মিউ কৰিছে৷ মই ভাবিলোঁ এইবাৰ মিনিৰ পোৱালি ওলালহি৷ মই লোকক বিলাই দিয়া পোৱালি এটা কৰবাৰ পৰা আহি, তাৰ মাক আৰু বাপেকহঁতৰে হোৱা মোৰ এই সংগ্ৰামত যোগ দিছেহি৷ আজিকালিৰ যুদ্ধত ‘বয় স্কাউট’ থাকে যেতিয়া এইখন যুজতে বা নাথাকিব কিয়? আকৌ মই উঠি লণ্ঠনটো আনি খোঁটালিটোৰ চাৰিওফালে চালো, বয়স্কাউটে দেখা নিদিলে৷ মোৰ আহুকাল দেখি ৰাইপুৰীয়া বন্ধুজনে প্ৰস্তাৱ কৰিলে-‘মিষ্টাৰ বৰুৱা, আপুনি আৰু ঘৰৰ ভিতৰত নুশুব৷ আপোনাৰ খাটখন আমি দুয়ো ধৰি বাহিৰলৈ উলিয়াই আনো৷ ইয়াত আমাৰ কাষতে আপুনি শুই থাকক৷’ মই তেওঁৰ কথাত হয় দিয়াৰ আগয়েই তেওঁলোক দুয়ো উঠি মোৰ খাটখন ধৰি তুলি বাৰাণ্ডালৈ উলিয়াই নি, তেওঁলোকৰ খাটৰ শাৰীতে পাতি দিলে৷ মই ‘যথা নিযুক্তোহস্মি তথা কৰোমি’ হৈ তাতে শুলোঁ৷ কিছুমান পৰৰ মূৰত সেই বাহিৰত পতা মোৰ খাটৰ তলতো মেকুৰী পোৱালীৰ মিউ,মিউ এবাৰ কি দুবাৰ শুনিলোঁ৷ মই আকৌ উঠি সেই খাটতে বহিলত, তেওঁলোক দুজনো উঠিল৷ ৰাইপুৰীয়া জনে মোক কলে-‘মেকুৰী পোৱালিয়ে মাতিছিল৷ বোলোঁ, আপুনি তালৈ ইমানকৈ কাণ দিয়ে কিয়? টলকা মাৰি শুই থাকক৷’

মই কলোঁ-‘মেকুৰীৰ মাত শুনিলে যে মোৰ ভয় লাগে এনে নহয়; কিন্তু ভাল নালাগে; আৰু টোপনিও নাহে৷’ নতুন বন্ধুজনে কলে-“ আপোনাৰ সম্বলপুৰত দেখিছোঁ মেকুৰীৰ বৰ দৌৰাত্ম্য৷ যি হওক, আজিলৈ শুই থাকক৷” তেওঁলোকৰ কথা শুনি মই আকৌ পাটীত পৰি টলকা মাৰিলোঁ৷ লাহে লাহে মোৰ টোপনি আহিল; আৰু সেই টোপনি পিছদিনা ৰাতিপুৱাহে ভাগিল৷

পিছদিনা পুৱা বন্ধু দুজনে এই মেকুৰীৰ ব্যাপাৰ উলিয়াই মোক জোকাবলৈ ক্ৰটি কৰা নাছিল৷ নতুন বন্ধুজনে মোক কলে-“ আপুনি মেকুৰীৰ বিষয়ে ইমান ‘ছেঞ্চিটিভ’ (Sensitive)হোৱাটো ভাল নহয়৷ মেকুৰীৰ ফালে মন নিদিলেই হ’ল৷”

সেইদিনাই গধূলিৰ ৰেলগাড়ীত বন্ধু দুজন উভতি গ’ল৷ ছদিনৰ মূৰত মোৰ ৰাইপুৰীয়া বন্ধুজনৰ পৰা এখন চিঠি পালোঁ৷ তাৰ অসমীয়া ভাঙনি তলত দিয়া হ’ল:-

“প্ৰিয় বন্ধ মোৰ,

মই উভতি নিৰাপদে ঘৰ পালোঁহি৷ মিষ্টাৰ কালেৰ ঘৰ নাগপুৰত৷ তেওঁ ইয়াতে নানামি পোন বাটেই নাগপুৰলৈ গ’ল৷ আপোনাৰ আতিথ্য আৰু যত্নত আমি দুয়ো আপোনাৰ ওচৰত কৃতজ্ঞ৷

এটা কাৰ্য্যৰ নিমিত্তে মই আপোনাৰ ওচৰত জগৰীয়া৷ আশাকৰো, আপুনি মোক ক্ষমা কৰিব৷ এইবাৰৰ আগৰবাৰ মই আপোনাৰ ঘৰত আলহী হৈ থাকোঁতে, আপোনাৰ এটা গঢ় দেখি মোৰ পেটে পেটে বৰ হাঁহি উঠিছিল৷ আপুনি ভাতৰ পাতত বহিও, হাতত মাৰি এদাল লৈ মেকুৰী খেদাই ফুৰিছিল৷ মেকুৰীৰ মাত শুনিলে আপুনি নথৈ আমনি পাইছিল৷ মুঠতে মোৰ ধাৰণা হল যে মেকুৰীৰে সৈতে আপোনাৰ সতিনী আঁহ৷ লোকক, বিশেষকৈ মোৰ বন্ধু মানুহক জোকোৱাটো মোৰ স্বভাৱ আপুনি দেখিছে৷ সিদিনা মই নাগপুৰলৈ যাওঁতে মিষ্টাৰ কালেক লগ পালোঁ৷ আপুনি তেওঁক দেখি বুজিছে যে মানুহজন শিক্ষিত, গুণী, আৰু বহুদৰ্শী৷ বহুত দিনৰ আগৰে পৰা তেওঁৰে সৈতে মোৰ বন্ধুত্ব৷ তেওঁ Ventriloguism বিদ্যাত বৰ পাৰ্গত (নিজৰ মুখখন বন্ধ কৰি নলৰোৱাকৈ নানা মাত মাতিব পৰা বিদ্যা)৷ আপোনাক জোকাই ৰং চাবৰ মনেৰে, মই তেওঁল লগত লৈ তেওঁৰ হৈয়ো ৰেলৰ দ্বিতীয় শ্ৰেণীৰ কেৰেয়া দি, আপোনাৰ ঘৰ পাইছিলোঁগৈ৷ আপোনাক জোকাই ৰং পোৱাৰ বাহিৰে সম্বলপুৰত আমাৰ আন একো কাম নাছিল৷ ৰাতি আপুনি শুই থাকোঁতে আপোনাক আমনি কৰা মেকুৰীবোৰ অকল মোৰ বন্ধু মিষ্টাৰ কালেই৷ আশাকৰো, আপুনি ভালে আছে৷ আকৌ কেতিয়াবা সম্বলপুৰলৈ গলে মই কালেক লগত লৈ নাযাওঁ৷

আপোনাৰ দোষী বন্ধু,-

শ্ৰী......................................”

(বাঁহী, ২০শ বছৰ, আঘোণ, ৮ম সংখ্যা ১৮৫৩ শক)