SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বিহু

চ’তৰ বিহুলৈ সাদিনমান থাকোতেই মোৰ ঘৰৰ লগুৱা ডেকালৰা কেইটা বিহু-বলিয়া হল৷ দূৰণিৰ পথাৰৰ পৰা অহা ঢোলৰ আৰু টকাৰ কোব সিহঁতৰ কাণত পৰিলেই গাত আৰু গোঁসাই নাথাকে৷ দিনত মোৰ ভয়ত সিহঁত কোনোমতে কুচিমুচি থাকি এধা,ডুখৰীয়া মনেৰে গৃহ-কাৰ্য্যৰ গৰু-বাটে মহ-বাটেদি চলি থাকে যদিও, কিন্তু ৰাতি মই শোৱাপাটিত পৰিলেই দামুৰি-হেৰোৱা-গৰুৱে হেম্বেলিয়াই দামুৰি বিচাৰি ঢাপলি মেলাদি বিহু-বাটৰ পথাৰৰ ফালে ঢাপলি মেলে আৰু ওৰে ৰাতি নাচি বাগি, পুৱা ঘৰলৈ আহি, ভাঙৰ ৰাগী-লগা মানুহৰ দৰে খপৌজপৌকৰে ঘৰৰ কামত হাত দি, মোৰ গালি-শপনি জীণ নিয়াবৰ চেষ্টা কৰে৷ মই সৰুৰে পৰা শুচি-বায়ুৱা(puri an) ৷ বিহুৰ নাচৰ নামত শিয়ঁৰি উঠোঁ; বিহুৰ গীতৰ বিপক্ষে কাণত সোপা দিওঁ; বিহুচোৱা মানুহক ককৰ্থনা কৰোঁ৷

উৰুকাৰ দিনা সন্ধ্যা লাগোঁ-লাগোঁ হৈছে৷ গোঁসাই ঘৰত বন্তি লগাই শঙ্খ ঘণ্টা বজাবৰ আয়োজন চলিছে৷ এনেতে মোৰ জুৰমন বোলা লগুৱা লৰাটোৱে ওচৰৰ পথাৰত ঢোলৰ চেও আৰু কালিৰ মাত শুনি, আত্মবিস্মৃত হৈ নিজক চম্ভালিব নোৱাৰি, এটা শিয়ালৰ হোৱা শুনি আনটো যতে থাওক তৰেপৰা, দেশ-কাল পাত্ৰ উচিত অনুচিত একো বিবেচনা নকৰি, সেই হোৱাত সৰ্ব্বতোভাৱে যোগ দিয়াৰ দৰে, গোঁসাই-ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰৰ পৰা উকিয়াই দীঘলকৈ টানি গীত ধৰিলে:-

মিকিৰ বৰচাঙতে       বজায় বৰেকাঁহী,

       ভৈয়ামত বজাইছে ঢোল৷

চেঙেলীয়া মনকে বান্ধিবই নোৱাৰি,

ছিঙে মৰাপাটৰ ডোল৷

 

এই বন গীতটো শুনিয়েই মই ঘৃতাহুতি হলোঁ৷ বৰকাঁহ বজাবলৈ লোৱা মাৰিডাল হাতত লৈয়েই গোঁসাই ঘৰৰ পৰা ওলাই জুৰমনক মাৰচেৰেক লগাবলৈ মই দিলোঁ খেদা৷ সি মোক সেই দৰে অহা দেখিয়েই দিলে লৰ৷ ময়ো উধাতু খাই তাৰ পাছে পাছে লৰিবলৈ ধৰিলোঁ৷ ফিৰিঙতি ভগাদি ভগা ডেকালৰা তাক মই কেনেকৈ লগ পাওঁ? লাভৰ ভিতৰত কাঠৰ মূঢ়া এটাত উজুটি খাই ধুপকৰে পৰিলোঁ৷ ওচৰতে থকা শিলৰ এডোখৰৰ ওপৰত মূৰটো ঠেকেচা খালে৷ মই ক্ষন্তেকতে অজ্ঞান হৈ পৰিলোঁ৷ তাৰ পিছত কি হল কওঁ শুনা:-

মই এখোজ দোখোজকৈ পথাৰৰ বৰগছ এজোপাৰ তল পালোঁগৈ৷ কাষতে বিহুৰ নাচ আৰু বাজানা চলিছে৷ বিহুনাচৰ বিৰুদ্ধে মোৰ আগৰ সংস্কাৰ সোপাই উভি গল৷ মনটো এনে হল যেন কোনোবাই মোক মাতি নিলে, মই নাচনিয়াৰহঁতৰ লগতে লগ লাগি দুপাক চাৰিপাক নাচিবই পাৰোঁ৷ কিন্তু মোক মাতে কোনে ! নাচনিয়াৰহঁত নিজৰ নাচ-বাগত ব্যস্ত; বৰং মোক দেখি সিহঁতে অলপ ভয় আৰু সঙ্কোচৰ ভাৰহে দেখুৱাইছে যেন লাগিছে৷ এনেতে দেখিলোঁ আদহীয়া বয়স ডেই যোৱা বুঢ়ী এজনী কৰবাৰ পৰা আহি মোৰ ওচৰতে থিয় হলহি৷ তাই মোৰ মুখলৈ চাই কলে-“দেউতা,নাচিবনে? আহক, নাচে যদি মোৰে সৈতে নাচক৷”

মই তাইক ক’লো-“তইতো বুঢ়ী; তোৰো নাচিবৰ মন গৈছে নে?”

তাই কলে-“অ’ আই৷ যাবতো৷ বুঢ়ী হলো কি হল, বছৰেকৰ বিহুৰ দিনা এপাক নাচিও নলম নে?”

বুঢ়ীৰে সৈতে নাচিবৰ মোৰ তিনি ভাগ মন গৈছে, এভাগ থেৰোগেৰো কৰিছে৷ এনেতে দেখিলোঁ মোৰ সেই জুৰমন লগুৱাটোৱে দূৰৰ পৰা মোৰ ফালে চাই মিচিক্-মিচিক্‌কৈ হাঁহিছে৷ খপ্‌কৰে মোৰ মনটো সামৰি, বুঢ়ীক কলোঁ-“নানাচো যা৷”

এই বুলি তাৰ পৰা এফলীয়া কাটি আনমুৱা হৈ লাহে লাহে আন এখন পথাৰৰ বিহু হাটত ওলালোঁগৈ৷ দেখিলোঁ তিনটা ডেকা লৰাই এজনী ডেকেৰী ছোৱালীক দাংদোলাকৈ লৈ লৰ ধৰিছে, আৰু পাছে পাছে গোটাচেৰেক মানুহে ধৰ ধৰকৈ খেদি গৈছে৷ ময়ো একেলৰেই সিহঁতৰ কাষ পাই লৰিমাৰি দি কঁলো-“ৰ ! তাইক নমা৷”

মোৰ কথা শুনি সিহঁতে ছোৱালীজনীক নমাই থৈয়েই ফিৰিঙতি ভগাদি ভাগিল৷ মই ছোৱালীজনীক সুধিলোঁ-“তোক সিহঁতে পলুৱাই লৈ গৈছিল?”

তাই কলে-“নাই যোৱা৷ মই আপোনখুচীতে আহিছিলোঁ৷”

মই৷- তেন্তে সিহঁতে তোক এই দৰে দাংদোলাকৈ আনিছিল কিয়?

ছোৱালী৷-লোকক দেখুৱাই৷ ময়ে মোক সেইদৰে ধৰি লৈ যাবলৈ সিহঁতক বুধি দিছিলো৷

চোৰৰ পাছে পাছে ল’ৰা মানুহকেইটাই কলে-“দেউতা সিহঁতক সৰুৱাবলৈ এই এইবোৰ মিছা কথা কৈছে৷ আমি এইক লৈ গৈ এইৰ মাক-বাপেকক শোধাই দিম গৈ, নহলে বুঢ়া বুঢ়ী কান্দি মৰিব৷ সেই ডেকা ল’ৰা কেইটাৰ ওপৰত কাছাৰিত গোচৰ কৰিব লাগিব দেউতা ! দেউতাকো সাক্ষী মানিব লাগিব৷”

 এই কথা শুনি মই ছোৱালীজনীক সিহঁতৰ জিম্মাত দি তাৰ পৰা গুচি গলোঁ৷ যাওঁতে দেখিলো, জুৰমনে আকৌ দূৰৰ পৰা মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে৷ মোৰ নথৈ খং উঠিল৷ কিন্তু তাক ধৰোঁ কেনেকৈ? খেদা মাৰিলেই লৰ মাৰিব৷ মনৰ খং মনতে ৰাখি লাহে লাহে যাবলৈ ধৰিলোঁ৷ এনেতে দেখিলোঁ, আন একন পথাৰত এজাক মানুহে নাকী সোলোকাই দিয়া দুটা গল্-ধন-ধৰা মহৰ যুঁজ লগাই দি অতি উছাহেৰে ৰং চাইছে৷ মই ভাবিলোঁ, মাঘৰ বিহুতহে ম’হ যুজায়৷ এই চ’তৰ বিহুত ইহঁতে ম’হ-যুঁজখন পাতিছে কিয়? যি নহওক,ময়ো সিহঁতৰ কাষতে থিয় দিলোঁ৷ এটা ম’হে পথাৰখনৰ এমূৰে মূৰ পাতি খোপনি পিটি ৰৈ আছে আৰু আনটোৱে সিমূৰৰ পৰা দলিটো অহা দি আহি সেই মূৰত তাৰ মূৰেৰে দুৰ্জ্জয় খুন্দা মাৰি খুন্দাৰ শবদত পথাৰ গোটেইখন কঁপাই দিছে৷ তাৰ পিছত দুইটাই দুইকো শিঙেৰে খুচিবলৈ ধৰিলে, আৰু এবাৰ এটাই আনটোৰ পেটত শিঙেৰে খোচ মাৰি দি তাৰ ভুৰু উলিয়াই দিলে৷ মই ৰিঙিয়াবলৈ ধৰিলোঁ-“হেৰ এৰুৱাই দে৷ এৰুৱাই দে৷”

কিন্তু আৰু কিহব, সিফালে সাঙেই হল৷ মনত বৰ বিৰক্তিয়ে ধৰিলে৷ মানুহবোৰে এনে নিষ্ঠুৰ আমোদৰ খেল পাতি ৰং চোৱা বাবে সিহঁতক গালি পাৰি বিৰক্ত হৈ তাৰ পৰা গুচি গ’লো৷ উভতি চাই দেখিলোঁ, প্ৰথমখন বিহুৰ ঠাইত মই লগ পোৱা বুঢ়ীজনী মোৰ পাছে পাছে আহিছে৷ তাই আকৌ মোক নাচিবলৈ নিমন্ত্ৰণ কৰিবলৈকে আহিছে ভাবি, মই তাইক কলোঁ, “তই মোৰ পাছ ধৰিছ কিয়? মই নাচিব-তাচিব নোৱাৰোঁ৷”

তাই হাঁহি কলে, “মই নাচিবলৈ মাতিবলৈ অহা নাই৷ মই মাথোন দেউতাক কবলৈ আহিছোঁ যে জিলাৰ বৰচাহাবক কৈ এই গোকাট ম’হ-যুঁজবোৰ বন্ধ কৰাব নোৱাৰে নে? এতিয়া সৌ যিটো মহ খোচত মৰিল সেইটো মোৰ জোঁৱাই লৰাটোৰে মহ৷ মই তাক ইমান হাক দিছিলোঁ, সি মোৰ কথা নুশুনি এতিয়া পালে পোটোকা ! তিনি কুৰি ৰূপৰ মহটো থিতাতে গল৷” মই এই বিষয়ে কি পাৰোঁ কৰিম বুলি শলাগি যাবলৈ ধৰিলোঁ৷

অলপ গৈ দেখিলোঁ, এজাক ডেকা লৰাই এজাক গৰুৰ গাত মাহ হালধি সানি নৈত গা ধুৱাবলৈ নিছে৷ ইটোৱে সিটোৰ গাত “লাও খা”, “বেঙেনা খা” বুলি চকলাচকলে লাও,বেঙেনা আৰু কেৰেলা মাৰিছে৷ মোৰ পিঠিতো দুচকলমান পৰিল৷ মোৰ গাত কোনে লাও বেঙেনা মাৰিছে বুলি উভতি চাই দেখো, সেই নাচনিয়াৰ বুঢ়ীজনীয়েই৷ মোৰ খং উঠি তাইক কাৰণ সুধিলত তাই হাঁহি হাঁহি কলে-“দেউতাইনো আকৌ খংটো কৰিছে কেলৈ? বছেৰেকৰ গৰু বিহুৰ দিনা এই দৰে দুচকল এচকল লাও বেঙেনা গালৈ মাৰিলে, বছেৰেকলৈকে সকলো অপায় অমঙ্গল গুচে৷”

মোৰ ওপৰত নাচনী বুঢ়ীৰ ইমানটো ‘দৰদ’ দেখি আৰু তাই মোৰ মঙ্গলৰ নিমিত্তেহে তেনে কৰিছে বুজি আৰু একো নামাতি যাবলৈ ধৰিলোঁ৷ কিন্তু আকৌ দেখিলো অলপ দূৰতে ৰৈ মোৰ জুৰমন লগুৱাই মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে৷ মই খঙতে তাক কি কৰিম, একোকে ভাবি নাপাই যাবলৈ ধৰিলোঁ৷

 ইয়াৰ পিছত বাউহতীয়া হৈ বাওঁপকীয়াকৈ বাওতলী এখনেদি গৈ বহ গাঁৱত ওলালোঁগৈ৷ দেখিলোঁ, বহত গছ এজোপাৰ তলত বৰবৰ গোটাচেৰেকেৰে প্ৰথম মানুহ ঘৰত, তিনিটা ঢেঁকীৰে ছজনী জীয়াৰী বোৱাৰীয়ে মিলি চিৰা, সান্দহ আৰু পিঠাগুৰি খুন্দিছে৷ মোক দেখি সিহঁতে লাজ বা সঙ্কোচ একোকে নকৰি ঢেঁকীৰ চাবে চাবে জাঁত জাঁত কৰে নাম গাইছে৷ ডেকা মানুহ এটাই বুটি কোৰ এখনেৰে আগ চোতালখন চুৰুকি চিকুণাব লাগিছে৷ কাষতে চালি এখনৰ তলত বহি বুঢ়ী এজনীয়ে হেঁচা পিঠা ভাজিবলৈ খোলা পাতিছে৷ মোক দেখিয়েই বুঢ়ীজনীয়ে মাতিলে-“মোৰ বহনা ! মোৰ দেউতা ! আহক, এইখিনিতে বহক৷ ভাজি দিওঁ, পিঠা এডোখৰকে আমাৰ বিহুৱান বুলি খাই যাওক৷”

বুঢ়ীৰ মুখলৈ চাই মই অবাক হ’লোঁ, কাৰণ সেইজনীয়েই মোৰ আগৰ চিনাকি সেই নাচনী বুঢ়ী৷ তাইক সুধিলোঁ-“তই দেখোন মোৰ পাছে পাছে আহিছিলি৷ এতিয়া মোৰ আগেয়েই এইখিনি পালিহি কেনেকৈ!”

বুঢ়ীয়ে হাঁহি উত্তৰ দিলে, “আপুনি বাঁওপকীয়া হৈ বাওতলীয়েদি ঘূৰি আহিল দেখি ভালেখিনি পলম হল৷ মই বাট পোনাই আহিলোঁ৷ এইটোৱেই মোৰ ঘৰ৷ তিনটা ঢেঁকীত খুবলিৰ কাষত সেই তিনিজনী মোৰ বোৱাৰী, আৰু নেজত সেই তিনিজনী জী৷ মোৰ তিনটা  পোৰ এটাই সেয়া চোতাল চুৰুকিছে, দুটাই গৰু-গাইক ধুৱাবলৈ লৈ গৈছে৷ মোৰ দেউতা ! মোৰ বহনা ! আহক ! এই ডুখৰি পীৰাতে বহি জিৰাওক আৰু পিঠা এডোখৰকে খাওক৷ আজি বিহুৰ দিনা আপুনি আলহী, আপোনাক এনেই যাবলৈ দিব নোৱাৰো , দিলে গৃহস্থঘৰৰ অধৰম হব৷”

বুঢ়ীৰ এই সাদৰি কথাত বোৱাৰীয়েক জীয়েকহঁতেও যোগ দিলে৷ মই দেখি আচৰিত মানিলো, যে মোৰ আগত বুঢ়ীৰ বোৱাৰীয়েক জীয়েকহঁতৰ স্বাধীন আৰু মুক্ত ভাৱ৷ বৰং মোৰ সঙ্কোচ হৈছে, সিহঁতৰ সমূলি নাই৷ বুঢ়ীজনী কিন্তু অতি অদ্ভুত৷ তাই কেনেবাকৈ মোৰ মনৰ ভাব আৰু দোধোৰ-মোধোৰ অৱস্থা বুজিব পাৰি কবলৈ ধৰিলে-“দেউতা, আপোনাসকল ডাঙৰ মানুহ, সভ্য মানুহ, ইংৰাজী লিখা পঢ়া জনা৷ আমি অসভ্য গাঁৱলীয়া; ইংৰাজী পঢ়া শুনাৰ শুঙকে নাপাওঁ৷ কিন্তু একেষাৰ কথা মই ডাঙৰীয়াত জনাওঁ৷ আমি বনৰ ফুল, ঈশ্বৰৰ আপডালত বনতে বাঢ়িছোঁহক, মিছা-বেইচা, মিছা লাজ, মিছা সঙ্কোচ কাক বোলে আমি নাজানোহঁক৷ আপোনাসকল কুম্পানীৰ বাগিচাৰ ফুল, কত ৰকম কৰি কত চিত্ৰ-বিচিত্ৰ কৰি আপোনালোকক মলীয়াই সজাই পানী দিছে, আপদাল কৰিছে৷ এদিনৰ অযত্নতে, অলপ কথাতে আপোনালোক জঁয় পৰি শুকাই যায়৷ আমি সেই বিধৰ নহওঁ৷”

এনেতে দেখিলোঁ ছওজনী বোৱাৰীয়েক জীয়েকে ঢেঁকী এৰি মাকৰ কাষত বহিলহি৷ একোজনী যেন একো পাহি তগৰ ফুলহে৷ কাৰো মুখত সঙ্কোচৰ ভাব নাই৷ এটাই কেউজনী প্ৰফুল্লময়ী৷ হঠাৎ বুঢ়ীয়ে মোক সুধিলে-“মোৰ বয়স কিমান কওকচোন?” মই কলোঁ-“দুকুৰিমান হব৷”

মোৰ কথা শুনি জীয়েক বোৱাৰীয়েকহঁতৰ মাজত হাঁহিৰ ৰোল উঠিল৷ সিহঁতে কলে-“আমাৰ আইৰ এই ফাগুণত তিনি কুৰি ৯ বছৰ উকলি গৈছে৷”

মই কলোঁ-“অসম্ভৱ৷”

বুঢ়ীয়ে কলে-“নহয় দেউতা৷ অসম্ভৱ নহয়৷ মোৰ বয়স সেয়ে৷ বছৰৰ লেখে মানুহক বুঢ়া নকৰে, মনেহে কৰে৷ নগৰীয়া মানুহৰ জীৱন অস্বাভাৱিক, সেইদেখি আপোনালোক সোনকালে বুঢ়া হয়৷ মই এতিয়াও ল’ৰা-ছোৱালীৰ দৰে নাচো,হাঁহি-ধেমালি কৰি আনন্দত ফুৰোঁ, সেইদেখি মই এইদৰে আছোঁ৷ আজি আপোনাক সেই গছৰ তলত নাচিবলৈ লগ ধৰোঁতে আপুনি মোক যে কেনেবা যেন পাইছিল সেইটো মই বুজিছিলো৷ আপোনালোকে ইংৰাজী পঢ়ি ইংৰাজী সভ্যতা শিকি তাকে ভাল বুলি সাৰোগত কৰি লৈছে, সেইদেখি চাহাব চাহাবনীয়ে নাচিলে আপোনালোকে বেয়া নেদেখে, বৰং সেই নাচত আপোনালোকে সুবিধা পালে যোগ দিবলৈকো ৰাজী৷ বিলাতৰ ফালৰ কত ৰকম নিলাজ নাচক আপোনালোকে শিক্ষাৰ গুণত নিলাজ বুলি ভাবিবকেই নোৱাৰে; কিন্তু আমাৰ সাতাম-পুৰুষীয়া বিহুৰ নাচ ফেৰা আপোনাসকলৰ চকুৰ কুঁটা, দাতৰ শাল৷”

মই আচৰিত মানিলো যে এই বুঢ়ীজনী কোন? গাঁৱলীয়া এই কেনেকৈ শিক্ষিত মানুহৰ দৰে কথা কৈছে?

বুঢ়ীয়ে অলপ পৰৰ মূৰত মাত লগালে-“মোৰ গিৰিহঁত ঢুকাবৰ আজি আঠ বছৰ হল৷ এই পো জী বোৱাৰীহঁতকে লৈ ঈশ্বৰৰ কৃপাত এক প্ৰকাৰ ভালেই আছো৷”

এনেতে বুঢ়ীৰ ৰাংঢালী বোৱাৰীয়েক এজনীয়ে বুঢ়ীৰ ফালে চাই কলে-“ আইঁ ! আপুনি এই ডাঙৰীয়াতে বিয়া সোমাওক৷”

এই কথা শুনি ছওজনীয়ে কিৰীলি মাৰি হাঁহি দিলে৷

বুঢ়ীয়েও সেই হাঁহিত যোগ নিদি থাকিব নোৱাৰিলে তথাপি বোৱাৰীয়েকৰ পিঠিত লাহেকৈ থাপৰ এটা মাৰি কলে-“ এই বান্দৰীজনীৰ কথাখন শুনহঁক৷”

মই লাজতে ৰঙা পৰিলোঁ৷ এনেতে দূৰত আকৌ দেখিলোঁ মোৰ সেই জুৰমন লগুৱাই মোৰ ফালে চাই মিচিকীয়া হাঁহি মাৰিছে৷ কটা কি দুষ্ট৷ মোৰ পাছে পাছে বেটাই শনিগ্ৰহ ফুৰাদি ছিদ্ৰ চাই ফুৰিছে৷ যি থাকে কপালত এবাৰ লাঠুৱাক ধৰিব পাৰিলে গোৰহা কিলৰ জাউৰি লগাম৷ ইয়াকে থিৰাং কৰি একে চাবেই সিহঁতৰ মাজৰ পৰা মই উঠিলোঁ৷

চকু মেলি চাওঁ, মোৰ শোৱাপাটীতে মই পৰি আছোঁ৷ মোৰ মূৰত বেণ্ডেজ (ফটাকানি) বন্ধা৷ ওচৰতে ডাক্তৰ আৰু দুজন মানুহ৷  মই সুধিলোঁ, মই কত আছো৷ ডাক্তৰে কলে, “আপুনি কথা নকব৷ শুই থাকক৷” মই বৰকৈ উচপিচোৱা দেখি কলে, “ আজি তিনিদিনৰ মূৰত আপুনি জ্ঞান পাইছে; পৰশুই দিনা উজুটি খাই পৰি মূৰত টান পাইছিল৷ ভয় নাই এতিয়া আপুনি ভাল হৈছে; কিন্তু মনে মনে শুই থাকিব লাগিব, কথা কব নোৱাৰে৷”*

(* বাঁহী-১৪ বছৰ,১ম সংখ্যা ৷৷ ১৮৪৬ শক,বহাগ)