SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ৰছিত

কমললোচন বৰুৱা ডাল বা পাবত গজা বৰুৱা নহয়; শিৰফুটা বৰুৱাৰ ঘৰৰ৷ শিৱসাগৰ জিলাত প্ৰথমতে তেওঁ “আদৰ্শ বঙ্গ বিদ্যালয়ত” নাম লগাই এবছৰ বঙলা “বোধোদয়” কিতাপ পঢ়ি, তাৰ পিচত “গৱৰ্ণমেন্ট হাইস্কুলত” সোমালগৈ৷ ইংৰাজী স্কুলেৰে সৈতেও তেওঁৰ সম্বন্ধটো সৰহকাল নিটিকিল৷ তেওঁ তৃতীয় শ্ৰেণী পোৱাৰ পিছতে এনে এটা ঘটনা ঘটিল, যাৰ পাকত পৰি সেইখিনিতে তেওঁ ইংৰাজী বিদ্যাত ইতি কৰিবলগীয়া হল৷ যি নহওক, কমললোচন স্কুলৰপৰা নিস্কৃতি লভি, বাপেকৰ মাটি-বাৰীতে খেতিবাতি কৰি জীৱিকা নিৰ্ব্বাহ কৰিবৰ মন কৰিলত বহুতে তেওঁক সেই কাৰ্য্যত নধৰি কাছাৰীত প্ৰথমতে ছটকা দৰ্ম্মহা বা জলপানীতে উমেদাৰী কামত সোমাই, ভৱিষ্যতত ডাঙৰ আমোলা ফয়চলা নবীচ হবলৈ চেষ্টা কৰিবলৈ বুজনি দিছিল৷ কমললোচনে কিন্তু কাৰো কথাত কাণ নিদি চাকৰৰ ভাততকৈ স্বাধীন ভাৱে খেতি-পথাৰ কৰি অৰ্জ্জা ভাতগাল সোৱাদ বুলি কৈ, তেওঁৰ মনেপতা কামত একাণপতীয়াকৈ লাগি গল৷

কমললোচনে হেঁপাহৰ ইংৰাজী স্কুলটোক তৎকালত কিয় কুটা ছিঙি এৰিলে তাৰো ইতিবৃত্তি আছে৷ সেইটো এইখিনিতে কোৱা যাওক৷ কমললোচন মানুহটো এচঁহীয়া স্বভাৱৰ৷ কামৰ সৰুবৰ যি ফালকে তেওঁ ধৰিছিল, সেই ফালৰেপৰা সহজে তেওঁৰ হাত একোৱে এৰুৱাব নোৱাৰিছিল৷ সকলো কাৰ্য্যতে কমললোচন একাচেকা৷ কালৈকো তোচ কৰি চলাটো তেওঁৰ সোঁৱৰণীত লেখাই নাছিল৷ যি কামেই হওক, সি ভাবুকি দি তেওঁক ভয় খুৱাব নোৱাৰিছিল৷ যিমানকে টান অৱস্থাত পৰক, তাতে কমললোচনে নিজৰ বাউসীৰ বলেৰে সাঁতুৰি উঠিছিল৷ সেইদেখি সকলোৱে কমললোচনৰ উপলুঙা নাম থৈছিল “ একাচেকা বৰুৱা”৷ তেওঁৰ দিনত শিৱসাগৰৰ ইংৰাজী স্কুলৰ হেডমাষ্টৰ আছিল এজন এংলো ইণ্ডিয়ান বা ইঙ্গ ভাৰতীয়৷ হেডমাষ্টৰজনৰ নামটো এঞ্জেল৷ নামত এঞ্জেল হলেও কামত এঞ্জেল ওভোতা কোল আছিল৷ কঠোৰ শাসন, বেত্ৰাঘাত আৰু ন-ন শাস্তিৰ উদ্ভাৱনাৰ নিমিত্তে তেওঁৰ মূৰটো অতি সাৰুৱা আছিল৷ “Spare the rod and spoil the child”অৰ্থাৎ  আমাৰ ভাষাত কবলৈ গলে “চেকনিৰ আগত বিদ্যা” এই প্ৰচলিত নীতিবচন বা দুৰ্নীতি বচনত তেওঁৰ অগাধ বিশ্বাস আছিল৷ পঢ়া মুখস্থ কৰিব নোৱাৰা লৰাৰ পিঠিত বেত্ৰাঘাতৰ তেওঁ প্ৰায়ে পৃষ্ঠপোষক, অৰ্থদণ্ডৰ অদম্য সমৰ্থক, আৰু বেঞ্চৰ ওপৰত দণ্ডায়মান নীতিৰ যমদণ্ডধাৰক৷ অপৰাধৰ গুৰুত্ব আৰু লঘুত্ব হিচাপে, বেঞ্চৰ ওপৰত থিয় কৰি দিয়া ছাতৰৰ দুই হাতত দুখন ইটা আৰু মূৰত এখন ইটা তুলি দিয়াৰ ব্যৱস্থা তেওঁ সততে কৰিছিল৷  অঙ্কশাস্ত্ৰৰ Least common multiple আৰুgreatest common measure অৰ্থাৎলঘিষ্ঠসাধাৰণগুণনীয়কআৰুগৰিষ্ঠসাধাৰণগুণনীয়কগুণীতক “কছি” হেডমাষ্টৰচাহাবেতেওঁৰ দ্বাৰাই ৰচিত দণ্ডবিধিৰ হীন-ডেঢ়িকৰিছিল৷ দৈবাৎ দণ্ডিত ছাতৰৰ হস্তধৃত আৰু মুণ্ডস্থিত ইটা পদস্খলিত হৈ ভূমিষ্ঠ হলেই তৎক্ষণাৎ তেওঁৰ দণ্ডবিধি আইনৰ ধাৰা অনুযায়ী দণ্ডিতৰ পৃষ্ঠদেশেৰে সৈতে বেতৰ সন্মিলন ঘটিছিল৷ অৱশ্যে সিও হিচাপ মতেহে৷ হেডমাষ্টৰ এঞ্জেলৰ সাৰুৱা মূৰত আৰু এদিন অপৰাধী ছাতৰৰ প্ৰতি শাস্তি বিধানৰ নিমিত্তে এটা অভিনৱ সংশোধক প্ৰস্তাৱে গাজ মেলিলে৷ যথা, দণ্ডবিধিৰ অন্তৰ্গত হোৱা ছাতৰক স্কুলৰ চকিদাৰৰ হতুৱাই ঠৈলা বা টোম এটাত সুমুৱাই স্কুল ঘৰৰ কাঠৰ চতিৰ পৰা এঘণ্টা বা আদঘণ্টা অৰাই থোৱা৷ এই শাস্তিটো এঞ্জেলৰ উৰ্ব্বৰ মস্তিষ্কপ্ৰসূত অনেক সতি-সন্ততিৰ ভিতৰত দ’লৰ কলচী৷ এদিন আমাৰ কমললোচনৰ ভাগ্যত এই দণ্ড লাভ হল৷ প্ৰথম অধ্যায়ত আধাঘণ্টাৰ নিমিত্তেকমললোচনৰ প্ৰতি এই দণ্ড বিহিত হৈছিল৷ কিন্তু দ্বিতীয় অধ্যায়ত কমললোচনে টোমত বহি ওলমি যেতিয়া সুহুৰিয়াবলৈ আৰু টকলিয়াবলৈ ধৰিলে, আৰু সেইবোৰ শুনি স্কুলৰ ছাতৰ আৰু আন আন মাষ্টৰবিলাকে সংযমৰ অভাৱত নিজক চম্ভালিব নোৱাৰি যেতিয়া গিৰ্জ্জনি মাৰি হাঁহিবলৈ ধৰিলে, তেতিয়া এঞ্জেলৰ ধৈৰ্য্যচ্যুতি ঘটিল৷ এইবোৰৰ ওপৰঞ্চি, স্কুলঘৰৰ বেৰত আঁৰি থোৱা বৰঘড়ীটোলৈ কলমলোচনে চাই তাৰ পেণ্ডুলম বা ওলোম ডালেৰে সৈতে সমানে গাৰ হেন্দোলনি দি লৰিবলৈ ধৰি, মুখেৰে টিক্ টিক্ কৰিবলৈ ধৰিলে,- তেতিয়া অৱস্থা সান্নিক হৈ উঠিল৷ স্কুল ঘৰত হাঁহি কোঢ়ালৰ গিৰ্জ্জনি উঠিল৷ ঠিক যেন ৰাজহুৱা বৰ সবাহত ভকতসকলৰ হৈ-ধ্বনি৷ হেড মাষ্টৰে গতি বিষম দেখি কমললোচনক বেত দিবৰ সংকল্প কৰি নমাই অনালে৷ টোমৰ পৰা কমললোচন ওলাল৷ কিন্তু ওলায়েই হেডমাষ্টৰ এঞ্জেলক দুই হাতৰ দুইটা বুঢ়া আঙুলি থিয়কৈ বুকু ফিন্দাই দেখুৱাই দি,-“ আজিৰপৰা তোৰ স্কুলত মই নপঢ়ো, পঢ়োঁ যদি মই চণ্ডাল-” এই বুলি ক্ষণেকতে বিম্বাশবদে তাৰপৰা গুচি গল৷ এঞ্জেল গৰ্জ্জি উঠিল-“ধৰ ! ধৰ ! পাকৰ ! পাকৰ !” এঞ্জেলৰ গৰ্জ্জনত স্কুলঘৰ খলক লাগিল৷ কিন্তু কোনে কাক ধৰে? কাকস্য পৰিবেদনা ৷ কমললোচন মুহূৰ্ত্ততে লৰি চকুৰ আঁৰ হৈ পৰিল৷ সেই যে কমললোচন অদৃশ্য হল, তাৰ পিছত জীৱিত কালৰ ভিতৰত কমললোচনে স্কুলৰ ফালে মুখকে নকৰিলে৷ আনকি স্কুলঘৰৰ কাষৰ বাটেদিও কেতিয়াবা কমললোচন গৈছিল বুলি কোনেও কব নোৱাৰে৷ কতই ইয়াৰ পিছত ভৱিষ্যতৰ ভীষণ বিভীষিকা প্ৰদৰ্শন কৰি কমললোচনক হেডমাষ্টৰৰ ওচৰত ক্ষমা মাগি আকৌ স্কুলত ভৰ্ত্তি হবলৈ পৰামৰ্শ দিছিল; কিন্তু কমললোচন অটল অচল হৈ ৰ’ল৷

কমললোচনে এইদৰে স্কুল পৰিত্যাগ কৰাৰ কথা শুনি বুঢ়া বাপেক মৰ্ম্মান্তিক হল৷ পুতেকক ধৰাই-বুজাই বাপেকে অনেক কৈ শেহত কলে-“বোপা ! ইংৰাজী পঢ়ি শুনি কাছাৰীত আমোলা মহৰী নহলে আজিকালি মান সম্ভ্ৰম একো নাথাকে৷ এতেকে মই তোক লগত লৈ হেডমাষ্টৰৰ কাষলৈ যাওঁ, তই দোষ স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে হেডমাষ্টৰে ক্ষমা কৰিব৷”

এই কথা শুনি কমললোচনে বাপেকৰ ভৰিত দীঘল দি পৰি কলে, “দেউতা, মোক আপুনি স্কুললৈ যাবলৈ আৰু নকব৷ য’ত মানুহৰ আত্মসন্মান নাথাকে, তালৈ মই প্ৰাণ গলেও যাব নোৱাৰোঁ৷ আপুনি চিন্তা নকৰিব, মই যেনেতেনে মতে পেটৰ ভাত এগাল মোকোলাই খামেই৷ মানুহ ৰঙালাও বা চালকোমোৰা নহয় যে, তাক ধৰি টোমত ভৰাই চতিত আঁৰি থবৰ ক্ষমতা কোনোৱে পাব পাৰে৷”

বাপেকে কমললোচনৰ স্বভাৱ ভালকৈ জানিছিল৷ সেইদেখি আৰু একো নকৈ মনে মনে থাকিল৷ কমললোচনে সেইদিনাৰে পৰা বি-এল-এ-ব্লে পৰিত্যাগ কৰি খেতিবাতিত মনপুতি লাগিল৷ বাপেকৰ মাটি-বাৰী বিস্তৰ আছিল; সেইদেখি তাৰ অভাৱত কমললোচন নপৰিল৷

স্কুল  পৰিত্যাগত কমললোচনৰ বয়স সোতৰ বছৰ৷ সেই কাল আজিৰ কালৰ নিচিনা নাছিল৷ তেতিয়া চতুৰ্থৰ পৰা পঞ্চম শ্ৰেণীলৈকে এনেকুৱা ছাতৰ দু-অৰা চাৰি-অৰা স্কুলত আছিল যে, যিবোৰে কুৰি বাইশত গজগজীয়া দি বহি স্কুলখন গৰকি লৈছিল৷ কন কণ গুৰপৰুৱা ল’ৰাৰ মাজত ডাঙৰ ডাঙৰ টোকা পৰুৱা যেন ডেকা একেখন বেঞ্চতে শাৰীপাতি বহি স্কুলখন ‘চিৰিয়াখানা’ যেন কৰি শুৱাই থোৱা দৃশ্যৰ আটক নাছিল৷ নগৰীয়া মানুহে বিলাতী কোৰেৰে ঘৰৰ আগচোতালখন চুৰুকি চিকুণাই থোৱাৰ দৰে আজিকালি গোফ থুতিৱা বা নুথুতিৱা ডেকালৰাই বিলাতী খুৰেৰে মুখখন চিকুণাই ৰখাটো দস্তুৰ৷ তেতিয়া কিন্তু এনে দস্তুৰ নাছিল৷ বৰং লিংলিঙীয়া বা ভোবোকাৰ ডাঢ়িয়ে মুখৰ শোভা বৰ্দ্ধন কৰিছে বুলি ভবাটোহে সেইকলীয়া ফেছন আছিল৷ আজিকালিৰ চাহাবী গঢ়েৰে চলা বৰমানুহৰ ঘৰৰ ‘বাৰান্দা’ বা আগচালিৰ পিৰালিৰ কাষে কাষে, ‘এৰিকা পাম’ বা নানা বিধৰ ‘ফাৰ্ণেৰে’ (যাক আমাৰ খেৰনিয়ে বননিয়ে হোৱা ঢেকীয়া আৰু বিহলঙনিৰ জাতৰ বুলিলে মহাপাতকত পৰা নহয়) সুশোভিত ‘পট’(Pot)অৰ্থাৎ থিয় চৰিয়াৰ দৰে, সেইকালৰ ডঢ়ীয়া ডেকালৰাৰে স্কুলঘৰৰ শ্ৰেণীবোৰ ৰজিতা খাই থকাটো নিয়মৰ ব্যতিক্ৰম নাছিল৷

কমললোচনে স্কুল এৰাৰ তিনি মাহৰ পিছত তেওঁৰ বাপেক ঢুকায়৷ বাপেকৰ মৃত্যুৰ পিছত কমললোচনে দহগুণ উৎসাহেৰে খেতি-বাতিৰ মন নিয়োগ কৰিলে৷ কোঁৱৰপুৰৰ গাঁৱত এখন ঘৰ, আৰু নগৰত এখন ঘৰ, এই দুখন ঘৰ কমললোচনে পাতি সমানে চলাই অচিৰতে সৰবৰহী কৰি তুলি জয়জয় ময়ময় কৰি তুলিলে৷

বাপেকৰ মৃত্যুৰ এবছৰৰ পিছতে মাতৃ আজ্ঞা শিৰোধাৰ্য্য কৰি কমললোচনে এগৰাকী ৰূপৱতী কন্যা “পৃষ্ঠোধাৰ্য্য” কৰিলে৷ ঘৈণীয়েক ঘৰলৈ অহাৰ দুবছৰৰ পিছতো পুত্ৰৱতী নোহোৱা দেখি, নাতিৰ মুখদৰ্শন পিপাসী মাক ইফালে সিফালে খা-খবৰ কৰি দ্বিতীয় ভাৰ্য্যা এটি কমললোচনলৈ থিৰ কৰি কমললোচনক সেই কাৰ্য্যত প্ৰবৃত্ত কৰাবলৈ গলত কমলে হাতযোৰকৈ মাকক কলে-“আই, তুমি এনে কামলৈ মোক অনুৰোধ নকৰিবা, আদেশো নকৰিবা৷ মই তোমাৰ এই আদেশ অনুৰোধৰ বাহিৰে সকলো আজ্ঞা শিৰ পাতি লম, কিন্তু এইটো নোৱাৰোঁ৷ মোৰ বিয়া এই পৃথিৱীত এবাৰহে, আৰু সিয়ো হৈ গল৷” মাকে কমলৰ স্বভাৱৰ দৃঢ়তাৰ বিষয়ে ভালকৈ জানিছিল দেখি নিজে চপাই লোৱা মনৰ দুখ মনতে টোপোলা বান্ধি লৈ মনে মনে থাকিল৷

ঈশ্বৰৰ ইচ্ছাত ইয়াৰ পিছত কমলৰ ভাৰ্য্যাই একাদিক্ৰমে তিনিটী কন্যা আৰু এটি পুত্ৰৰ মাক হৈ নিজৰ অপযশ দূৰ কৰি আনৰো আনন্দ বিধান কৰিলে৷ খেতিবাতি ইত্যাদিতো কমলে লক্ষ্মীক বশ কৰি দিনকদিনে শ্ৰীমন্ত হৈ আহিল৷ নগৰৰ ভিতৰত কমললোচন এজন সম্পত্তিশালী আৰু লেখৰ মানুহ হৈ উঠিল৷ তেওঁৰ প্ৰথম দুজনী ছোৱালী চহকী গৃহস্থৰ ঘৰৰ ভাল মানুহত পৰিল৷ সৰুজনীৰ সৰুৰেপৰা লিখাপঢ়াত ধাউতি দেখি ভালকৈ পঢ়াশুনা কৰিবৰ সকলো সুবিধা কৰি দি কমললোচনে তাইক বিদূষী আৰু গুণৱতী কৰি তুলিলে৷ ঘৈণীয়েকে এদিন কমললোচনক কলে-“ মোৰ এই পেটমচা ছোৱালীজনীক ইমানকৈ লিখা-পঢ়া শিকাই গুণাকৰ কৰিলোঁ; ছোৱালী জনীও দেখনিয়াৰ, এতেকে এইক মই এজন হাকিম বা বৰ উকীললৈহে বিয়া দিম; যাকে তাকে নিদিও৷ আগৰ দুজনী আমাৰ পুৰণি গঢ়েৰেই বিয়া দিয়া হ’ল৷ তথাপি সন্তোষৰ কথা, যে সিহঁতে সুখেৰে ঘৰ সংসাৰ কৰি চলিছে৷ এইবাৰ আজিকালিৰ হিচাপত ভাল ডাঙৰ মানুহ দৰা এটাত হে এইক বিয়া দিম বুলি ভাবিছোঁ৷” কমলে ঘৈণীয়েকৰ কথা শুনি মূৰ দুপিয়াই সন্মতি জ্ঞাপন কৰিলে৷

চেষ্টাৰ ফলত বৃন্দাৰ (সৰুজনী ছোৱালীৰ নাম) বিয়া মিষ্টৰ জে-আৰ বৰুৱা, ই-এ-চিৰে সৈতে সম্পাদিত হ’ল৷ ডেকা জে-আৰ বৰুৱা ৰংপুৰৰ গায়ন গাঁৱৰ মোলোকা গায়নৰ পুতেক৷ ল’ৰাটো সৰুৰে পৰা চোকা বুধীয়া আছিল দেখি গায়ন মোলোকাই মুঠিয়ে মুঠিয়ে ধন ভাঙি তাক পঢ়াইছিল আৰু লৰায়ো দোপতদোপে পৰীক্ষাৰ মহলাত উঠি এম-এ, বি-এল পৰ্য্যন্ত “পাছ” কৰি বাপেকৰ ধনৰ ব্যয় সাৰ্থক কৰিলে৷ ইফালে মোলোকাৰ টকাৰ মোনা যিমান দীঘল আছিল, সিফালে পুতেকৰ বুধিৰ চুঙাটোও তেনেকুৱাই দীঘল আছিল৷ গতিকে দুইটাৰ ভিতৰত আউল নালাগিল, আৰু দুইটাৰ সংযোগত জন্মলাভ কৰা সিন্ধি নামৰ ঘুৰীজনী কাৰো নঙলাৰ মুখত নোৰোৱাকৈয়েই পোন বাটেদিয়েই চেকুৰি গৈ নিজৰ ঘোঁৰাশালত সোমালগৈ৷ মোলোকাৰ পুতেক গায়নৰ ঘৰৰ লৰা৷ কথাতে কয় বোলে “গায়নৰ ঘৰৰ বোন্দায়ো ৰাগ দিয়ে৷” পুতেকো আজিকালিৰ প্ৰচলিত গান-বাজনা, ৰাগ-ৰাগিনীত সহজতে ভক্ত হৈ পৰিছিল৷

ল’ৰাজন এইখিনিলৈকে বাপেক মাকৰ বাধ্য আছিল, আৰু তেওঁৰ স্বভাৱতো মলি নপৰিছিল৷ ইয়াৰ পিছত মোলোকা বৰ গায়নৰ ল’ৰা জিনাৰাম সৰু গায়নে কপালৰ বলত একষ্ট্ৰা-এছিষ্টেণ্টৰ বিষয়খন লাভ কৰিলে৷ কপালৰ বলত এইবাবে বুলিছোঁ যে, কতই এনে ‘পাছ’ কৰিও, এনে ডাঙৰ বিষয় এখন একেবাৰেই নাপায় ৷ শাস্ত্ৰত কৈছে- দৈৱং ফলতি সৰ্ব্বত্ৰ ন বিদ্যা ন চ পৌৰষ: ৷ কবলৈ পাহৰিছোঁ, যে বি-এ ‘পাছ’ কৰাৰ পিছতে জিনাৰামে কিবা সূতা এডালৰ আগত ধৰি, কোনোবা সূতাৰ সূত আৰু কোনোবা পুতাৰ পুত হৈ পম ধৰি ধৰি ওলাই বৰুৱাৰূপে শিৱসাগৰত অৱতাৰ হ’ল৷ এম-এ ‘পাছ’ কৰাৰ পিছতে নামে অলপকৈ কলেৱৰ বদলাই জিনা-আৰ বৰুৱাৰূপে দেখা দিলে৷ বি-এল ‘পাছ’ কৰাৰ পিছত সেইটো পূৰ্ণৰূপে বদলি হৈ “জে-আৰ বৰুৱা” আকৃতি ধৰিলে৷ শুনিছোঁ, ই-এ-চি হোৱাৰ পিছত গৱৰ্ণমেন্টৰ ঘৰৰপৰা এতদৰ্থে এখন চাৰ্টিফিকেটো তেওঁ উলিয়াই লৈ তেওঁৰ উপাধিৰে সৈতে এই নতুন নামটো নিস্পিখেৰাজভুক্ত কৰি চিৰস্থায়ী কৰি পেলালে৷ এই ঘটনাটো আমাৰ উপাখ্যানৰ পাদপূৰণ স্বৰূপেহে ইয়াত উল্লেখ কৰিলোঁ; নতুবা বাস্তৱিকতে তেওঁৰ এই কাৰ্য্যত হৰণ-ভগন কাৰো একো নাছিল৷

মিষ্টৰ জে-আৰ বৰুৱা হাকিম বাহাদুৰে সৈতে মিছ বৃন্দাৰ বিয়া মহা সমাৰোহেৰে হৈ গল৷ বিয়াৰ দিনা জে-আৰ ঠেঙা আৰু “ফ্ৰক্‌কোট” পিন্ধি “বিষ্ণু স্বৰূপায় বৰায় নম:” হৈ আহি হোমৰ গুৰিত বহিবলৈকে হেনো ঠিক কৰিছিল; কিন্তু জনচেৰেক তেওঁৰ অন্তৰঙ্গ আৰু বহিৰঙ্গ বন্ধু-বান্ধৱৰ বিশেষ অনুৰোধতহে তেওঁ সেই ভীষণ সংকল্প পৰিত্যাগ কৰিলে৷ শেষত আমাৰ দেশৰ দস্তুৰ মতে তেওঁ পাগ জামা পিন্ধি আহিছিল যদিও, কিন্তু ওৰে দিনটো হবিষ্যে থাকি তেওঁৰ টুপটুপীয়া হোৱা মুখৰপৰা ভক্‌ভক্ কৰে ওলোৱা চিগাৰেটৰ ধোঁৱাই ৰভাৰ তলৰ সভাসদসকলৰ মনত বিনোদ মিলাইছিল৷ শহুৰেক-শাহুৱেকক সেৱা কৰিবৰ সময়ত জে-আৰে পাহৰি “ছেকহেণ্ড” অৰ্থাৎ কৰমৰ্দ্দন কৰিবলৈ হাত আগবঢ়াই দিওঁতেই, তেওঁৰ কোনোবা হিতৈষী বন্ধুৱে পিছফালৰ পৰা হাতখনত ধৰি কোঁচাই দি তেওঁক হেচুকি বহুৱাই দি আঠু কাঢ়িবলৈ মনত পেলাই দিহে সেই সামৰণিৰ ঘেটা সন্তোষজনককৈ মাৰিলে৷ আমাৰ বৰ্ণনাৰ পৰা পাঠকে ভাবিব পাৰে যে, জে-আৰ বিলাত ঘূৰি অহা ডেকা৷ তেনে নহয়, তেওঁ বিলাত দৰ্শন কৰা নাছিল৷ বিলাতৰ কথা কাণৰ ভিতৰেদি মৰমত পশি হে তেওঁক তেনেকুৱা উৎকট প্ৰেমিক চাহাব কৰি তুলিছিল৷ সূৰ্য্যতকৈ সূৰ্য্যৰ তাপত তপত হোৱা বালিৰ তাপ বেছি বুলি কয়৷

বিয়া ভাগি যোৱাৰ পিছত জোঁৱায়েকৰ গঢ়-গতি দেখি কমললোচন বৰুৱাই ঘৈণীয়েকক গোপনে কলে,-“হাকিম জোঁৱাই বিচাৰিছিলা, পালা, লোৱাঁ এতিয়া৷ পেট ভৰিব পায়৷” বৰুৱানী নিমাত হৈ ৰল৷

কমললোচনে আকৌ কলে-“সুপ্ৰসিদ্ধ ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে তেওঁৰ ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা’ নামৰ কিতাপত হাকিমৰ ব্যাখ্যা দিছিল-‘হা ! কিম্ পদাৰ্থম ! ’ এতিয়া এই কিম্ পদাৰ্থটি লাভ কৰিলা যেতিয়া তোমাৰ আৰু দুখ গুচিল৷ বোলো, জপাত ভৰাই থোঁৱা গৈ৷”

বৰুৱানীয়ে এইবাৰো একো নামাতিলে৷ মাথোন তেওঁ ইয়াকে ভাবিলে যে গিৰিয়েকে ইমান আগৰেপৰা জোঁৱায়েকক বিচাৰৰ আদালতত তুলি দি ন্যায় কৰা নাই৷

ইয়াৰ পিছত নানা কাৰ্য্য আৰু নানা বিচিত্ৰ ঘটনা সংঘটিত হ’ল৷ সেইবোৰ এই সৰু গল্পৰ ভুৰুকাৰ ভিতৰত সুমাবলৈ নাটে৷ সেইদেখি সামৰণি ডোখৰৰ ফালৰ পৰাই অলপ আভাস দি গল্পটোৰ মুদা মাৰি থম৷

বৃন্দা শিক্ষিতা, বিনীতা, আৰু অনিন্দিতা সুন্দৰী৷ অচিৰতে দেখা গল যে জিনাৰাম ওৰফে জে-আৰ বৰুৱাই ই-এ-চি হাকিম বৃন্দাৰ কেঁয়া আঙুলি এটাৰো যোগ্য নহয়৷ জিনাৰ মানত তেওঁৰ ওপৰৱালা বিষয়াসকলৰ বাহিৰে, মনুষ্য সমাজ ইমান তল-খাপ নিবাসী যে ঠেঙাৰে সৈতে তেওঁৰ ভৰি এটা তললৈ নমাই দিলেই, সেই খাপৰ মানুহে তাক ছুবলৈ ঢুকি নাপায়৷ কথাই কথাই তেওঁ ফিৰিঙিৰ ভাও দিবলৈ ধৰিলে, আৰু কুসংসৰ্গত পৰি অচিৰতে কেউটা “মকাৰৰ” অনুৰক্ত হৈ পৰিল৷

এবছৰৰ পিছতে বৃন্দাৰ এটি ল’ৰা হ’ল৷ কিন্তু মতলীয়া দুশ্চৰিত্ৰ স্বামীৰ ব্যৱহাৰত বৃন্দাৰ মনৰ সুখ চিৰকাললৈ অন্তৰ্হিত হ’ল৷ বৃন্দাৰ বুজনি কাকুতিয়ে গিৰিয়েকৰ মনত কোনো গুণ ধৰাব নোৱাৰিলেও শেহত বৃন্দাই বাপেকলৈ এইখন চিঠি লেখিলে:

“দেউতা !

মোৰ কপাল ভাগিল৷ ইমানদিনে আপোনাক একো কোৱা নাছিলোঁ, ললাটৰ লিখনকে ভুঞ্জি থাকিভাবিছিলোঁ, ঈশ্বৰে কিজানি অন্তত কৃপা কৰেই৷ সেই আশা গেলিল৷ সহনৰ সীমা পাৰ হ’ল৷ দিনৌ ৰাতি তেওঁ মতলীয়া হৈ আহি মোক গালি-শপনি মাৰধৰ কৰিছিল, সেইবোৰে মই এই পৰিমিত সহি আছিলোঁ৷ কিন্তু কালি কৰবাৰ পৰা এজনী ধেমনী লগত লৈ আহি তাইৰ আগত মোক কুকুৰে-কাঁইট নোখোৱাকৈ ককৰ্থনা কৰি, শেহত মোৰ কোলাৰপৰা এই কেচুৱা পোণাকণক বলেৰে কাঢ়ি নি তাইৰ কোলাত দি মোক ঘৰৰপৰা ওলাই যাবলৈ কলে৷ ময়ো ভাবিলোঁ, ওলাই যাম৷ আৰু যথেষ্ট হৈছে৷ এতেকে তুমি আজিয়েই মোক লৈ যাবলৈ কাৰবাক পঠিয়াই দিবা৷ তুমি নিজে নাহিবা৷ তোমাৰ হতভাগিনী জী,

বৃন্দা৷”

        ইয়াৰ পিছত কোলাৰ কেচুৱাৰে সৈতে বৃন্দা পিতৃগৃহ পালেগৈ৷ মিষ্টৰ জে-আৰে আদালতত গোচৰ কৰি বৃন্দা আৰু লৰাটোক দখল লব বুলি ভাবুকি দি লিখা চিঠি  এখনৰ উত্তৰত কমললোচন বৰুৱাই জে-আৰলৈ লিখিছিল-

        “মিষ্টৰ জে-আৰ বৰুৱা হাকিমক এতদ্বাৰা জনোৱা যায় যে, তেওঁৰ অমুক তাৰিখৰ চিঠি পাই সমাচাৰ অৱগত হলোঁ৷ তেওঁৰ দাবী আদালতত ডিক্ৰী হবৰ সহায়ক স্বৰূপে এখন ইংৰাজী ৰছিত ষ্টাম্প লগাই ইয়াৰ লগতে তেওঁলৈ পঠিয়ালোঁ-

        “ Received in full my daughter Srimati Brindeswari Debi back (for some time in possession of J.R. Barua Esq. E.A.C) with interest.

এক অনীয়া ৰিছিড ষ্টাম্প

                                K. L. Baruah

                                Past Father-in-law and present cultivator.”

ওপৰৰ ৰছিতৰ ভাঙনি-

        মোৰ বৃন্দাক (যি কিছুকাল হাকিম মিষ্টৰ জে-আৰ বৰুৱাৰ দখলত আছিল) সূতেৰে সৈতে সম্পূৰ্ণৰূপে পাই এই ৰছিত দিলোঁ৷

                                        কমললোচন বৰুৱা৷

                                ভূতকালত শহুৰ, বৰ্ত্তমানত খেতিয়ক৷