AUTOBIOGRAPHY
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
দ্বিতীয় আধ্যা

লখিমপুৰ। তেজপুৰৰ পৰা পিতৃদেৱতা লখিমপুৰলৈ বদলি হ’ল,আৰু আমি ছাঁ বোৰো লগে লগে লখিমপুৰ পালোঁহি। আহিয়েই আমি কাৰ ঘৰত উঠিছিলো মনত নাই,কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে টোল, ঢাপ, টাটা, চকোৱাৰে সম্পূর্ণ কৰি সজোৱা আহল-বহল ন ঘৰলৈ যোৱাটো মনত আছে। আৰু মনত আছে ন ঘৰ লোৱাৰ দিনা হোৱা নাম-প্রসঙ্গ, পূজা-সেৱাৰ উৎসৱৰ আহল-বহল উছাহটো।

আমাৰ ঘৰৰ ওচৰতে সিদ্ধেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণ-ৰূপৰ অলঙ্কাৰ গঢ়া কাম কৰিছিল দেখি সকলোৱে তেওঁক সিধাই সোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলোঁ, আমি সিধাই সোণাৰিৰ সোণাৰি-শাললৈ শুভাগমন কৰি তাত বহি একান্তমনে, তেওঁ কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ ভাতীৰে ফোচ ফাচকৈ বতাহ দি গলাই লৈ নমাই চেঁচা পানীৰ চৰুত জুবুৰিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিৰে কোবাই কোনো এবিধ অলংকাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মনোযাগেৰে সৈতে নিৰীক্ষণ কৰি কৌতুহল চৰিতাৰ্থ কৰিছিলোঁ। সিধায়ে কেৰুমণি আৰু খাৰুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিনা কৰিছিল, ৰঙা, নীলা আৰু কলপতীয়া কাচৰ মণি ভাঙি তাৰ একো টুকুৰা সঁচা বাখৰৰ শাৰীত ধৰিব নোৱৰাকৈ কেনেকৈ বহুৱাইছিল,ইত্যাদি কার্য আমি উৎসাহ আগ্ৰহেৰে লক্ষ্য কৰি আমোদ পাইছিলোঁ যে অনেক সময়ত উৎসাহৰ সোঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণাৰিক সহায় কৰি নিজক কৃতাৰ্থ মানিছিলোঁ। একো একো দিন মই মাতৃদেৱীক কুটুৰি কুটুৰি খুজি একোটা ডবল পইচা লৈ গৈ তাৰে সোণাৰিৰ হতুৱাই একোটি সৰু খুৰি-বাটি সজাই লৈছিলোঁ আৰু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুৰিকৈ ভৰাই আপুৰুগীয়াকৈ সাঁচি থৈছিলোঁ। মনত আছে,এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১,২০০ টকা বেচৰ এযোৰ সুন্দৰ বাখৰ পতোৱা খাৰু গঢ়াই লৈছিল। সোণাৰিশালত সেইখাৰু বোধনৰ দিনাৰেপৰা বিসৰ্জনৰ দিনালৈকে তাৰ সকলো অৱস্থা মোৰ সাগ্ৰহ আৰু সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গঢ়ী দীপলিপ ছোৱালী এজনী আছিল। মোক কোনে কি দিছিল কব নোৱাৰোঁ,অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল যে ধুনীয়া ছোৱালীটি সিধায়ে নিজৰ সোণাৰি-শালত গঢ়ি উলিয়াইছিল। জয়া আমাৰ ওমলাৰ লগৰীয়া হৈছিল, কিন্তু সততে নহয়,চকামকাকৈহে।

দুৰ্গেশ্বৰ শৰ্মা নামেৰে আমোলা এজনে আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতো আমাৰ সমাগমৰ ক্ৰটী নঘটিছিল; ঘাইকৈ দুর্গোৎসৱৰ এমাহ মানৰ আগৰপৰা। দুৰ্গেশ্বৰে খনিকৰৰ বিদ্যা জানিছিল। নিজৰ ঘৰৰ পূজাৰ নিমিত্তে তেওঁ নিজ হাতে প্রতিমা সাজিছিল। প্রতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰেপৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেৰে মই প্রতিমাৰ নিমিত্তে বোকা খচা, জুমুঠি বন্ধা আদি কার্যত শৰ্মাৰ সহায়ক হৈছিলোঁ আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোবৃত্তিকো খচি-বান্ধি মনতে কি অপৰূপ মায়াপুৰী সাজিছিলোঁ,ভাবিলে শৰীৰত ৰোমাঞ্চ হয়। মই ভাবিছিলোঁ,দুৰ্গেশ্বৰ খনিকৰে যেনেকৈ এই প্রতিমাৰ প্রত্যেক অংশ নিজৰ সুনিপুণ হাতেৰে গঢ়ি তুলিব লাগিছে,আমাকো আমাৰ বৰ খনিকৰ ঈশ্বৰে সেইদৰে পৰিশ্রম কৰি গঢ়ি এই পৃথিৱীত উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাৱে তেতিয়াই মোৰ মনত উদয় হৈছিল। শৰ্মাদেৱে প্রতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্যৰ অংশতে মোৰ কৌতুহলৰ চকু পৰিছিল। ধল,হেঙুল,হাইতালৰ বৰণ পিহ-সনা কাৰ্যই প্রতিমাৰ গা,হাত,ভৰি,মুখ উজ্জ্বল কৰাৰ লগে লগে মোৰো মন উজ্জ্বল কৰি তুলিছিল। মনত আছে,এদিন দুৰ্গেশ্বৰ শৰ্মাদেৱক সুধিছিলোঁ –“দুৰ্গেশ্বৰ ককাইদেউ,এই হেঙুল-হাইতালবোৰ কত পোৱা যায়?” তেতিয়া বেলি পৰিছে; পশ্চিম আকাশ বিচিত্ৰ বৰণেৰে চিত্ৰিত হৈ উঠিছে। তেওঁ ততালিকে সেইফালে আঙুলিয়াই দেখুৱাই ক’লে,“এইবোৰ মইহে তাৰ পৰা আনিছোঁ।” মই সুধিলোঁ, “আমিও আনিব নোৱাৰোঁনে?” তেওঁ উত্তৰ দিলে, “তহঁতে নোৱাৰ। গোসাঁনী-পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনো। মোকহে দিয়ে।” মই মিনতিকৈ ক’লে, “ককাইদেউ,মোকো চপৰাচেৰেক আনি দিয়ক।” তেওঁ ক’লে,“বাৰু দিম।” ইয়াৰ পিছতো মই তেওঁৰ সেই প্রতিশ্রুতি তেওঁক সোঁৱৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰিছিলোঁ। কিন্তু তেওঁ “দিম দিম” কৰি লাহে লাহে গা এৰা দিলে দেখি মই হতাশ হৈ আৰু খুজিবলৈ এৰি দিলোঁ।

শর্মাদেৱৰ প্রতিমা সজাত লাচনি-পাচনি কার্যেৰে “মদৎ’ দিয়াৰ বেচ-স্বৰূপে এদিন তেওঁ সেই খচা কুমাৰ-মাটিৰে এটা সুতুলি সাজি মোক দিলে;আৰু কেনেকৈ ফুটাত মুখ দি ফুৱাই বজাব লাগে সেই কৌশলটোও শিকাই দিলে। মই কৃতজ্ঞ মনেৰে সুতুলিটো হাতত লৈ,দুবাৰ-চাৰিবাৰৰ ব্যর্থ চেষ্টাৰ পিছত,মোৰ মুখৰ ফুৰে আৰু আঙুলিৰ বুলনিৰে যেতিয়া সুতুলিৰ সুৰ তুলিলো আৰু ক্ষন্তেকতে তাৰ মিহি কম্পনধ্বনিৰে দশোদিশ কপাবলৈ ধৰিলোঁ,মোৰ হৃদয়-তন্ত্ৰীৰ আনন্দ-কম্পনো ততোধিক হৈ উঠিল। ক’ৰবাত এডোখৰ আহাৰৰ সম্ভেদ পাই ব্যস্ত-সমস্তভাৱে এটাৰ পিছত এটা, তাৰ পিছত এটা,–তাৰ পিছত আকৌ এটাকৈ,লানি নিছিগাকৈ লৰা গুৰিপৰুৱাৰ দৰে মোৰ সুতুলিৰ সুৰবোৰো লৰিবলৈ ধৰিলে। কেঁচা কুমাৰ-মাটিৰ দাগ লাগি মোৰ ওঁঠ বগা হ’ল,ফুৱাই ফুৱাই মুখত বিষে ধৰিবলগীয়া হ’ল,সেই উপসৰ্গবোৰলৈ মোৰ ভ্ৰক্ষেপ নাই,মোৰ সুতুলিৰ সুৰ অবিৰামভৱে চলিবলৈ ধৰিলে; চেনেহৰ চুমাৰ এঠাৰে এঠা খাই তুলি মোৰ মুখত লাগি গ’ল। সুতুলিৰ দৌৰাত্ম্য বাঢ়িলত আমাৰ গতিবিধিৰ পৰিদৰ্শক বিনাথ ককাই মোৰ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো মোৰ হাতৰপৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এছাৰ মাৰি ভাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচকুৰপৰা দুধাৰ লোতক বৈ গ’ল; মই দুখ-শোকত ত্ৰিয়মান হ’লোঁ। আমন জিমনকৈ দুৰ্গেশ্বৰ শৰ্মাৰ ওচৰ পালোগৈ। মুখৰ গঢ় দেখি,মোৰ কি হৈছে সুধি,জানি,মৰম পতিয়াই,তেওঁ মোলৈ আৰু এটা সুতুলি সাজি ৰ’দত শুকাবলৈ দিলে। সেইদিনাই আবেলি মই মোৰ হেৰোৱা নিধি নতুন সুতুলি লাভ কৰিলো। অনতিবিলম্বতে সুতুলিৰ ভিতৰেদি সমুথিত আনন্দৰ কৰুণ সুৰে দিগ্মণ্ডল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়,এই সুতুলিৰে পৰামায়ু সৰহখিনি পৰ নাছিল, কংসাৱতাৰ ককাই সংবাদ পাই পুনর্জন্ম লাভ কৰা সুতুলিটিকে পূৰ্বৱতে শিলত আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু এখোজ আগবাঢ়ি সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বিশেষকৈ কৈ দিলে,যেন তেওঁ আৰু মোক ন-কৈ সুতুলি সাজি নিদিয়ে। ফলত সুতুলি-সৃষ্টিৰ আদ্যশক্তি নিষ্ক্রিয় হ’ল। কিন্তু উপায়হীনৰ উপায়দাতা সহায় হ’ল,মোক তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ঘৰৰ লগুৱা ল’ৰা এটাৰ শৰণাপন্ন হ’লোঁ; সি মোক দ্বিতীয় শ্রেণীৰ সুতুলি এটা সাজি দিলে। কিন্তু যদিও পুনৰাগত এই সুতুলিত আগৰ দুটাৰ দৰে finish অর্থাৎ কাৰিকৰী নাছিল,আৰু যদিও তাৰ গলা সুৰ-সুধা"নাছিল,তথাপি এইকণ মোমায়েই মোৰ অনেকখিনি অভাৱ পূৰণ কৰিলে। মই তাক হেঁপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থ’লোঁ। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষ দৃষ্টি সি অতিক্রম কৰিব নোৱাৰিলে;কোনো চৰিয়াৰ সহায়েৰে ককাই সেই গুপ্ত নিধি আৱিষ্কাৰ কৰি লুপ্ত কৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হ’ল যে,এইবাৰৰ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মা নহয়;আমাৰ লগুৱা ল’ৰাটোহে। তাক তেওঁ মাতি আনি কঢ়াকৈ ডাবি দি ক’লে যে ভৱিষ্যতত সি যেন আৰু তেনে দুষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দুখত দুদিন নিৰুৎসাহ হৈ বহি আছিলোঁ। হঠাৎ বিজুলী মৰাৰ দৰে মনলৈ উছাহ আহিল;মই ভাবিলো,মইনো নিজ হাতে সুতুলি এটা সাজি নলওঁ কিয়?যেনে ভাবোদয়,তেনে কার্য। লৰি গৈ শৰ্মাৰ ঘৰৰ পৰা কুমাৰ-মাটি এসোপা সংগ্ৰহ কৰি আনি সুতুলি সাজিবলৈ লাগি গ’লো। প্রথম চেষ্টা বিফল হ’ল। দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ৰল। তৃতীয় চেষ্টাত কৃতকার্য হলো। এক প্রকাৰ চলি যাব পৰা সুতুলি এটা মই স্বহস্তে নির্মাণ কৰি পেলালো আৰু ফুৱাই তাৰপৰা মাতো উলিয়ালোঁ। কৃতকার্যতাৰ সফলতাত মোৰ মন উৰুলীকৃত হ’ল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱাপাটীত পৰি নিদ্রাক আহ্বান কৰি আছিল,এনেতে হঠাৎ সুতুলিৰ সুৰৰ ৰাম-নাম তেওঁৰ কাণত পৰিল। তেওঁ উত্তেজিত হৈ একে চাবেই উঠি মোৰ ফালে চোচা ল’লে;মই দিলো লৰ। মোক সৰহ দূৰলৈ খেদি যোৱাটো নিষ্ফল বুজি তেওঁ আঁতৰৰপৰা ৰিঙিয়াই শাসন কৰি ক’লে – “বাৰু,আজি ডাঙৰীয়া কাছাৰীৰপৰা আহক,কোবত তোৰ পিঠিৰ ছাল তোলাম!” এই শাসন-বাক্য শুনি মোৰ মন দমি গ’ল,মই কিছুমান বেলিৰ মূৰত উভতি আহি,তেওঁৰ হাতত মোৰ বুকুৰ বান্ধ সুতুলিটো সমৰ্পণ কৰি কাবৌ কৰি ক’লে,“ককা প্রসন্ন হোৱা! এইটো সুতুলি তুমি তাক শিলত আফালি চুচুমৈ কৰা বা যি মন যায় কৰা; মই আৰু সুতুলি নবজাওঁ।”

বিদ্যাৰম্ভ। এদিন শুনিলোঁ,মোৰ বিদ্যাৰম্ভ কৰা হ’ব। মোৰ মহানন্দ মিলিল–পুথি পঢ়িব পাৰিম,কিতাপ পঢ়িব পাৰিম,মানুহলৈ চিঠি লিখিব পাৰিম। ভাল দিন-বাৰ এটা চোৱাই এদিন সেই কার্য সুসম্পন্ন কৰোৱা হ’ল। আমাৰ গুৰু-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ কৰা, ঘৰত বামুণৰ হতোৱাই পূজা কৰোৱা,নিজৰ নামঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-জুলি নাম গোৱা আৰু নামৰ অন্তত ৰবিনাথ ককাই, মই দীর্ঘায়ু আৰু সৰ্ব-বিদ্যাবিশাৰদ হৈ পিতৃ-কুল উজ্জ্বল কৰিবৰ অৰ্থে বিশেষৰূপে উচ্চাৰণ কৰি আশীৰ্বাদ কৰা কথাৰ স্মৃতি মোৰ মনত স্পষ্টকৈ পৰি আছে।

প্রথমতে ককাই মোক কলাপাতত ক,খ লিখিবৰ কৌশল শিকায় আৰু দিনৌ কলাপাত কাটি আনি কেনেকৈ তাক ধূলিৰে মোহাৰি চাফচিকুণ কৰি লৈ তাত আখৰ লিখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ কাটি লবলৈ আৰু কেৰাহীৰ বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চলুচলুকৈ গৰু-মূত সানি মহী কৰিবলৈ আৰু মহী থ’বলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম বাৰত আঁৰি থ’বলৈ, মৈলামৰ কাণত জৰী লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।

বিদ্যাৰম্ভ কৰি ক-ফলা পঢ়ি দুদিন চাই-দিনতে যে মই পাকৈত হৈ উঠিছিলোঁ,এনে তীক্ষবুদ্ধিৰ ল’ৰা বুলি মই মোক কেতিয়াও ভাবিব নোৱাৰো। কাৰণ লিখা-পঢ়াত মই বৰ চোকাবুধীয়া বুলি কেতিয়াও খ্যাতি লাভ কৰা মনত নাই। পিছৰ কালৰ স্কুল-কলেজতো মই a boy of mediocre ability অর্থাৎ মজলীয়া বিধৰ ল’ৰা বুলিয়েই চলি গৈছিলো। ক, খ, লিখিব-পঢ়িবলৈ শিকাৰ পিছত,মদনমোহন তর্কালঙ্কাৰৰ বঙ্গলা “শিশুশিক্ষা” প্রথম ভাগ মোক দিয়া হ’ল;কাৰণ সেই কালত দেশাধিকাৰসকলৰ বিপৰীত বুদ্ধিৰ বলত বঙ্গলা ভাষাহে আসামৰ বিদ্যালয়বোৰত শিকোৱা হৈছিল; ভাষাই আইৰ ঠাই অধিকাৰ কৰি লৈ অসমীয়া শিশুবোৰৰ মুখত মাতৃস্তনৰ সলনি “ফিডিং বটল” অর্থাৎ গাখীৰ কল দি সিহঁতক “কাল কাক, ভাল নাক’ শিকাই তেওঁৰে সৈতে “খিলি খাই, মিলি যাবলৈ” কৈছিল! ঈশ্বৰৰ চৰণত সেৱা যে কালক্ৰমত দেশাধিকাৰসকলৰ এই ভ্ৰম ভাগিল, অসমীয়াই মাতৃস্তনৰ স্বাভাৱিক ক্ষীৰধাৰা পান কৰিবলৈ পাই নিজকে ধন্য মানিলে, অসমীয়াৰ মাতৃভাষা যে অসমীয়াহে, বঙলা নহয়, এই সত্য পুনৰ দৃঢ়ভাৱে সু-প্রতিষ্ঠিত হ’ল।

পিতৃ-দেৱতাৰ গাত এটা লক্ষণ বৰ পৰিস্ফুট আছিল। তেওঁ যদিও অতি নিষ্ঠাৱান পুৰণি ধৰণৰ হিন্দু আছিল, কিন্তু তেওঁৰ মন সদায় আচৰিত ৰকমে progressive অর্থাৎ উন্নতিশীল আছিল। সময়ৰ সোঁতৰ বিৰুদ্ধে অনিয়ন্ত্রিতভাৱে থিয় হোৱাটো তেওঁ অনুচিত বিবেচনা কৰিছিল; বৰং দেশ-কাল-পাত্ৰ বুজি তেওঁ অনেক কথাত সময়ৰ সোতৰ গতিত বাধা দিবলৈ চেষ্টা নকৰি সহায়তাহে কৰিছিল। তেওঁ যেতিয়া দেখিলে যে, ইংৰাজ ৰজাৰ ৰাজ্যত থাকি ইংৰাজী ভাষা, ইংৰাজী বিদ্যা নিশিকিলে মানুহৰ অৱস্থা পানীৰপৰা বামলৈ তোলা মাছৰ দৰে হয়, তেওঁ নিজেও অলপ-অচৰপ ইংৰাজী শিকিবলৈ আৰু নিজৰ ল’ৰাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি ইংৰাজী শিকিবলৈ উৎসাহিত কৰিলে। লখিমপুৰত তেতিয়া ইংৰাজী-বঙলা কোনো বিধৰ স্কুল নাছিল। মোৰ অগ্রজ দুজন আৰু মোতকৈ ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিধাৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰি দেউতাই লখিমপুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিলে। সেই স্কুলত মাষ্টৰী কৰিবৰ নিমিত্তে শিৱসাগৰৰ পৰা তীর্থনাথ উকীলৰ পুতেক পদ্দনাথ শৰ্মা নামে,আমাৰ দূৰসম্পৰ্কীয় আত্মীয় এজনক দেউতাই লখিমপুৰলৈ আনি নিজৰ ঘৰতে আশ্রয় দি ৰাখিলে আৰু দুই তিনিজন ইংৰাজী জনা মানুহ সংগ্ৰহ কৰি তেওঁলোককো মাষ্টৰ নিযুক্ত কৰিলে। দেউতা লখিমপুৰত মুঞ্চেফ হৈ থকাডোখৰ কাল সেই স্কুল সুন্দৰৰূপে চলিছিল।

লখিমপুৰীয়া স্মৃতিৰ ভিতৰত আৰু এজন সজ লোকৰ কথা মোৰ মনত আছে। তেওঁৰ নাম শ্ৰীযুক্ত ঘিণাৰাম বৰুৱা মৌজাদাৰ। মৌজাদাৰ ঘিণাৰাম বৰুৱা পুৱা-গধূলি সদায় আমাৰ ঘৰলৈ আহিছিল আৰু দেউতাৰ বৰ প্রিয়পাত্ৰ আছিল। আমি ল’ৰাবোৰেও তেওঁক নথৈ ভাল পাইছিলো; কাৰণ তেওঁ বৰ নিৰ্জু মানুহ আছিল আৰু আমাক বৰ মৰম কৰিছিল। কোৱা বাহুল্য যে মৰমে ল’ৰাৰ মন যেনেকৈ আকর্ষণ কৰি মৰম কৰোতাৰ ফালে টানে,আন একোৱে তেনেকৈ নোৱাৰে। তেওঁ দেউতাৰ কাষৰপৰা আঁতৰিলেই তেওঁৰ কোলা আমাৰ দখললৈ সম্পূৰ্ণৰূপে এৰি দিছিল। তেওঁ গা-গাৰিয়ে শকত-আৱত নাছিল বৰ ক্ষীণোৱাও নাছিল; ওখইও মজলীয়া বিধৰ আছিল। দেউতাৰ কাষত বহি নিজৰ কাপ-মৈলাম লৈ,তেওঁ সেই কালৰ ডাঙৰ ঘূৰণীয়া ৰঙা-ক'লা ছবিৰ ষ্টাম্প কাকতত খং দলিল ইত্যাদি লিখা দেখিছিলো। তেওঁৰ তিনিটি পুতেক আছিল,তেওঁলোক সততে আমাৰ ঘৰলৈ আহি আমাৰে সৈতে ধেমালি-ধুমুলা কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু দুটি মোৰ সমনীয়াই হওক,নাইবা মোতকৈ সৰুৱেই হওক, এনেবিধৰ আছিল। সেই দুটিৰ এটি আজিকালি আসামত সু-বিখ্যাত শ্রদ্ধাস্পদ শ্রীযুক্ত পদ্মনাথ বৰুৱা।

চিপাহী বিদ্রোহৰ টৌৰ কোব আসামতো আৱিষ্কাৰ কৰাৰ সম্পর্কে বিশেষৰূপে খ্যাতি লাভ কৰোতা হৰনাথ পর্বতীয়াৰ জ্যেষ্ঠ পুত্র শ্ৰীযুত হলিৰাম বৰুৱা (যি পিছত একষ্ট্ৰা এছিষ্টেণ্টৰ পদ পাইছিল) কাছাৰীত হেডক্লার্ক পদতেই হওক বা আন কোনো তেনে পদতেই হওক,লখিমপুৰলৈ আহি আমাৰ টোলতে, দেউতাই সজাই দিয়া ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই কুকুৰা ভোজন কৰে বুলি মিছাই কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল ক’ব নোৱাৰোঁ,সেই দেখি পৰাপক্ষত তেওঁৰ ঘৰৰ ফালে মই নগৈছিলো। সম্ভৱতঃ তেওঁ নিজেই মোৰ সৈতে কৌতুক কৰিবলৈ সেই কথা কৈ মোক ভয় খুৱাইছিল,কাৰণ মোৰ মনত আছে,এদিন তেওঁ ভাত খাবৰ সময়ত,মোক মাতি নি তেওঁৰ বাটিত থকা পাৰচৰাইৰ আঞ্জা দেখুৱাই মোক কুকুৰাৰ আঞ্জা বুলি কৈ তাৰে সৰু হাড় এডোখৰ মোৰ গাৰ ফালে দলি মাৰি দিছিল আৰু মই চুৱা হবৰ ভয়ত একেলৰে আমাৰ ঘৰ পাইছিলোহি। শ্ৰীযুত হলিৰাম বৰুৱাৰ ওপৰত মোৰ বিতৃষ্ণা জন্মৰ আৰু এটা কাৰণ ঘটিছিল। দিন চেৰেকৰ আগতে তেওঁৰ ঘৰৰ চালত এটা হুদু পৰিছিল আৰু সেইটো অমঙ্গলৰ কথা দেখি তেওঁ পূজা শান্তিকৰম আদি কার্য বামুণৰ হতুৱাই কৰাই,সেই অমঙ্গলৰ প্ৰতিবিধান কৰিবলগীয়াত পৰিছিল। এদিন মই গধুলি মোৰ পাঠ্য বঙ্গলা কিতাপ এখন পঢ়ি থাকোতেই তেওঁ আহি মোৰ ওচৰত বহিল। কিতাপখনত এটা ফেঁচাৰ ছবি আছিল। তেওঁ ছবিটো দেখিয়েই,ততালিকে মোৰ আগতে জিয়াচলিৰ কাঠী এটা মাৰি তাৰে ফেঁচাটোৰ মুখাগ্নি কৰিলে। ফেঁচাৰ মুখেৰে অলঙ্কৃত মোৰ কিতাপৰ পাতটোৰ সেই ডোখৰ পুৰি গৈ তাত ডাঙৰ ফুটা এটা হ’ল। মুখাগ্নি কৰা ফেঁচাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰো এডোখৰ দগ্ধ হৈ গ’ল;মই কান্দিবলৈ ধৰিলো। মোক যদিও ঘৰৰ মানুহে নানা কথা কৈ চেচনি-বুজনি দি কিছুমান বেলিৰ মূৰত শান্ত কৰিলে,কিন্তু মোৰ dislike বিতৃষ্ণা শ্ৰীযুত বৰুৱাৰ প্রতি আৰু বদ্ধমূল হ’ল। ঘাইকৈ আৰু এইবাবে যে ফেঁচা-পোৰা বৰুৱা ডাঙৰীয়াই তেওঁৰ দুস্কৃতিৰ নিমিত্তে এখুদমানো অনুতাপ নকৰি আৰু মোৰ শোকাগ্নি নির্বাপণ কৰিবলৈ এতিলমানো চেষ্টা নকৰি,লঙ্কা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ ঘোচাকো অনুভৱ নকৰাকৈ বীৰদৰ্পে আশোকবনলৈ গুচি গ’ল।

আমাৰ ঘৰৰ কাষতে তোলন সাজতোলা নামেৰে দিহিঙৰ গোসাঁইৰ সাজতোলা এজন আছিল। সাজতোলা বয়সত বুঢ়া,জাতত আহোম আৰু দিহিঙৰ গোসাঁইৰ বৰ নিষ্ঠাৱান সেৱক আছিল ৷ নাম-প্রসঙ্গ,গীত-পদ আদিত সদায় তেওঁৰ ৰতি আছিল দেখি আৰু দেউতাক বৰ মান-সৎকাৰ উপাসা-ভৰসা কৰি চলিছিল দেখি,সাজতোলাক দেউতাই বৰ ভাল পাইছিল। আমিও ভাল পাইছিলো। সাজতোলা ঘৈণীয়েক, পুতেক, বোৱাৰীয়েকেৰে সমৃদ্ধিশালী আছিল।

ধনী নামৰ আমাৰ এটা লগুৱা আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাত মৌজাত। বাস্তৱিক পক্ষত সেই কালত চাওখাতক আমাৰ ঘৰৰ পক্ষে লগুৱাৰ বৰ-ভঁৰাল বুলিলে বঢ়াই কোৱা নহয়। বেঙ্কলৈ চেক (cheque) পঠিয়াই দিলে টকা পোৱাৰ দৰে আমাৰ দেউতা আৰু ককাইদেউসকলে আৱশ্যকমতে চাওখাতলৈ বাতৰি পঠিয়াই তাৰপৰা লগুৱা পাইছিল। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু ভায়েক সিদ্ধিৰাম,এই তিনিও পাল পাতি এবছৰ দুবছৰকৈ দেউতাৰ লগত নগাঁও, বৰপেটা,তেজপুৰ,লখিমপুৰ আৰু গুৱাহাটীত লগুৱা কাম কৰিছিল;আজিকালি লগুৱা আৰু গিৰিহঁতৰ ভিতৰত যেনেকৈ মাথোন দৰমহাৰহে সম্বন্ধ,সেই কালত তেনে নাছিল,সেই কালত লগুৱা-লিগিৰীবোৰ গৃহস্থৰ পৰিয়ালৰ একো একোটা অপৰিহাৰ্য অঙ্গ আছিল। ধনৰ সম্বন্ধতকৈ মৰমৰ সম্বন্ধ প্রবল আছিল। হিন্দু শাস্ত্ৰৰ সুন্দৰ অনুশাসন – ‘ছায়া স্বদাসবৰ্গশ্চ’ অৰ্থাত দাস-দাসীবোৰ গৃহস্থৰ গাৰ ছাঁৰ নিচিনা, এইটো বৰ্ণে বৰ্ণে প্ৰতিপালিত হৈছিল। অসমীয়া ‘লগুৱা’শব্দটোৱেই এই কথাৰ সাক্ষী ফট্‌ফটীয়াকৈ দিয়ে। মনত আছে,আমাতকৈ বয়সত ডাঙৰ লগুৱা লিগিৰীক আমি সন্মানেৰে সৈতে মাতিছিলো। তোলন আৰু ঘিণলাগী গিৰিয়েক-ঘৈণীয়েক। সতি-সন্ততিৰে সিহঁত এঘৰ ভাল গৃহস্থ। এই ঘৰ লগুৱা-লিগিৰী আমাৰ ৰংপুৰৰ ঘৰৰ টোলৰ ভিতৰত সদায় আছিল। তোলনক ‘ঘৰগিৰী’আৰু ককাই’বুলি আৰু ঘিণলাগীক ‘ঘিণলাগী বাই’বুলিহে আমি ল’ৰাবোৰে মাতিছিলোঁ। কেতিয়াবা তোলনক অকল ‘তোলন’ ঘিণলাগীক অকল ‘ঘিণলাগা’ বুলি আমি মাতিলে আমাৰ অভিভাৱকসকলৰপৰা ডাবি খাইছিলোঁ।

তিনিও ভায়েক ককায়েকৰ ভিতৰত ধনী,টেঙ্গৰ,বলী,বুধিয়ক,খৰ,ৰঙিয়াল,অঘাইতং আৰু কামত সন্তোষ দিব পৰা আছিল। দিনে ৰাতিয়ে আমাৰ ঘৰৰ এশ এটা কাম ধনীয়ে উছাহেৰে কৰি সুবিধা পালেই ৰং-ধেমালিৰে আমাক আমোদ দিছিল। তাৰ বৰণ ক'লা-বগাৰ মাজতে গা,হাত-ভৰি আটিল আৰু পেটত এটা ডাঙৰ মেৰুণ আছিল। ধনীয়ে সদায় সকলোকে কৈছিল যে মেৰুণটো তাক ঈশ্বৰে হেনো ধন ভৰাই থ’বলৈ দিছে আৰু সেই দেখি তাৰ নামটোও ধনী। আনে তাৰ এই কথাত হাঁহিছিল;কিন্তু মই সেই কথা ভালেমান দিনলৈকে নিৰহ-নিপানীকৈ পতিয়াই আছিলো। ধনীৰ তেতিয়া ভৰ ডেকা বয়স। গাৰ বল আৰু মনৰ স্ফুর্তিত সি খোলাত ভজা আখৈ ওফৰাদি উফৰি ফুৰিছিল আৰু উফৰি ফুৰাটোৱোই তাৰ normal condition-সহজ অৱস্থা আছিল। তাৰ গাত উপতি পৰা বলে তাক ইমান দিগ দিছিল,যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিলে সি উপযাচি আগবাঢ়ি গৈ তাৰে সৈতে এখুন্দা যুঁজবাগৰ নকৰি নোৱাৰিছিল আৰু যুঁজৰ জয় পৰাজয় নামৰ দুইটা মিঠা-তিতা ফল অম্লানবদনে গিলিছিল; দুপৰীয়া পল বোৱা মানুহৰ উকি কাণত পৰিলেই ধনীৰ গা সাতখন-আঠখন হৈ পৰিছিল আৰু সেই মুহুর্ততে সি সকলোৰে হাক-বচন,গালি-শপনি কাতি কৈ থৈ ঘৰৰ সকলো কাম এৰি হাতত পল লৈ মাছ মাৰিবলৈ লৰিছিল আৰু কেতিয়াও শুদা হাতে নুভতিছিল। শুদা হাতে নোভতাৰ মানে যে,সদায় সি মাছ ধৰা কার্যত কৃতকার্য হৈছিল এনে নহয় বৰং ষোল অনা দিনৰ ভিতৰত পোন্ধৰ অনাদিনত তাৰ ওলোটাটোহে সংঘটিত হৈছিল। উপমা দি কবলৈ গ’লে মুঠতে ধনীৰ পলৰে সৈতে মাছৰ সম্পর্ক, বাৰী বামুণীৰ আঞ্জাৰ বাটিৰে সৈতে মাছৰ সম্পর্কেৰে ৰিজালেও বেছি ৰেঙাই নাযায়। সি তাৰ আত্মসন্মান নিখুঁত ৰাখিবলৈ অনেক ৰকম টেঙৰালিৰ আশ্রয় লৈছিল; যেনে – পলৈয়াহঁত বামলৈ উঠিলে সিহঁতৰপৰা খুজি-মাগি নাইবা ডকা-হকা দি দুটা-চাইটা মাছ আনি আমাৰ ঘৰত দি,সেই মাছ তাৰ পলত পৰা বুলি,একুৰি এটা মিছা কথাৰে বুকু ফিন্দাই কৈ বাহাদুৰি লৈছিল। কিছুদিনলৈকে যদিও সকলোৱে তাৰ কথাৰ তলনলা ধৰিব নোৱাৰিছিল,কিন্তু তলিফুটা পানীৰ কলহৰ দৰে তাৰ এই মহতালি কথাৰ তলিত ফুটা থকা বাবে অচিৰতে তাৰ সম্ভেদ তাৰ গুণগ্ৰাহীসকলৰ আগত ওলাই পৰিল আৰু তাৰ বাহাদুৰিৰ বৰ নাও অচল হ’ল। মাঘৰ বিহুত হাঁহকণী যুজোৱা বিদ্যাতে ধনী পিছপৰা নাছিল। কিন্তু তাৰ মাছধৰা বিদ্যাৰ দৰে,হাঁহ-কণী যুজোৱা বিদ্যাতে শীঘ্ৰে জাল-জুৱাচুৰি ধৰা পৰিল। খবৰ পোৱা গ'ল যে ওৰে দিনটোৰ মূৰত যে সি এপাচি মূৰ ভগা হাঁহকণী নিজৰ জয়লব্ধ চিন (trophy) স্বৰূপে ঘৰলৈ আনিছিল, তাৰো তিনি ভাগৰ দুভাগত পানী দিয়া (adulterated) অর্থাৎ সেই এটাইবোৰ তাৰ স্কোপার্জিত নহয়, লোকৰ পৰা খুজি-মাগি বা ডকা-হকা দি আনি তাৰ লেখ বঢ়োৱা।

মুঞ্চেফ হাকিম ডাঙৰীয়াৰ বৰ লগুৱা বুলি ধনীক হাটৰুৱা-বাটৰুৱা দোকানী পোহাৰীয়ে খাতিৰ আৰু ভয় কৰিছিল আৰু সি সেই অৱস্থাৰ সুবিধাটো ষোল অনাৰ উপৰি আদায় কৰিবলৈ ক্রটি নকৰিছিল। লাহে লাহে তাৰ দুষ্টালিৰ জোখ ইমান বাঢ়ি উঠিছিল,যে সি মাছ কিনিবলৈ আমাৰ ঘৰৰ পৰা পইচা লৈ গৈ সেই পইচা পোহাৰীক দিয়া অভ্যাসটো বদ অভ্যাস থিৰাং কৰি একেবাৰেই তাক পৰিত্যাগ কৰিছিল আৰু বলেৰে পোহাৰীৰপৰা মাছ কাঢ়ি আনি সেই মাছ আমাৰ পইচাৰে কিনি অনা বুলি বঢ়িয়াকৈ আমাৰ ঘৰত চলাই দি মাছৰ পইচা কঁকালৰ জালৰ মোনাত ভৰাইছিল। প্রথম ডোখৰত তাৰ এনেবোৰ অত্যাচাৰ-অবিচাৰ দোকানী পোহাৰীয়ে ভয়তে নির্বিবাদে সহি হজম কৰিছিল আৰু সিউ ‘চলাও পাঞ্চি'বুলি সেই ব্যৱসায়ৰ পাঞ্চৈ নাওখন ভো-ভো কৰে চলাই দিছিল। কিন্তু এদিন ধনীৰ নাও লাগিল ঘপহকৰে চটত আৰু খালে উবুৰি। তাৰ এনে অত্যাচাৰৰ কোব অসহ্য হ’লত বজাৰৰ এজাক দোকানী পোহাৰীয়ে মৰোঁ-জীওঁ সো-আধিকৈ দেউতাৰ আগত ধনী বৰ ভাণ্ডাৰীৰ নামে গোচৰ দিলেহি। ধনীয়ে বিপদ সমুপগত দেখি ততালিকে পলাই ফাট্‌ মাৰিলে। আসামী ফেৰাৰ দেখি,দেউতাই সেই পাহাৰীবোৰক সিহঁতৰ মাছৰ দাম যিমান দূৰ সম্ভৱ সুধি-পুছি লৈ, দি, বিদায় দিলে আৰু পিছদিনা ধনীক বিচৰাই ধৰাই আনি বঢ়িয়াকৈ এজাউৰি কিল-কীর্তন দিলে। এই কিলকীৰ্তনৰ effect-গুণ যে সৰহ দিন ধনীৰ গাত আছিল,এনে মনে নধৰে,কাৰণ সি সেই পাঞ্চৈ নাৱৰ বেহা ইমান লাভজনক দেখিছিল যে,দিনচেৰেকৰ মূৰতে আকৌ তাত মনপুতি লাগি গ’ল। তাৰ এই ৰোগ দুৰাৰোগ্য হৈ উঠা দেখি দেউতাই তাক ‘চচপেণ্ড’ কৰি তাৰ ঘৰ চাওখাতলৈ বদলি কৰি তাৰ ঠাইত তাৰ ককায়েক গোজৰক আনি বাহাল কৰিলে। এবছৰৰ পিছতহে ভালেখিনি চেচা পৰা ধনীক আকৌ অনাই তাৰ পূৰ্বৰ কামত ভর্তি কৰা হ’ল।

মহাপুৰুষ শ্ৰীমাধৱদেৱৰ প্রিয়তম শিষ্য,উজনিত মহাপুৰুষৰ গাৰ নিবিকাৰ পদ্ম আতা বা বদলা আতাৰ থান কমলাবাৰী পিতৃদেৱতাৰ প্ৰাণ আৰু কমলাবাৰীৰ গোসাঁই ভকতসকল বুকুৰ সম্বল আছিল। এই সত্ৰ আৰু ভকতৰ অৰ্থে তেওঁ যথা সর্বস্ব দিবলৈ সদায় সাজু আছিল;আৰু দিছিলো। পিতৃদেৱতাই সদায় কৈছিল,“মহাপুৰুষ গুৰুজনে নিজৰ নাৱৰ পৰা সৰ্বহ পানীত দলিয়াই পেলাই দি ভক্ত-বস্তুক তুলি লৈছিল;এতেকে ভক্ত-বস্তুতকৈ শ্রেষ্ঠ বস্তু নাই।” মোৰ মনত আছে দলে দলে কমলাবাৰী সত্ৰৰ ভকত সদায় দেউতাৰ ওচৰলৈ অহা-যোৱা কৰিছিল আৰু সিধা আদি খাদ্য-দ্ৰব্য সম্ভাৰৰ উপৰিও থানৰ কীৰ্তন-ঘৰত তেওঁলোকে জাৰকালি গাত লৈ বহি নাম গাবলৈ ৰঙা বানত একোখন লাভ কৰিছিল। এইটো নিশ্চয়কৈ ক’ব পাৰো যে কমলাবাৰী, বৰপেটা, মধুপুৰ সত্ৰৰ গোসাঁই-ভকতসকলক দান কার্যত পিতৃদেৱতাৰ মাহে মাহে দৰমহাৰ আদখিনি ধন ভগন হৈছিল। দেউতা লখিমপুৰত থাকোঁতেই কমলাবাৰী সত্ৰত কন্দল উপস্থিত হৈ সত্ৰখন দুভাগ হৈ ফাটি এভাগ আঁতৰি খাৰিজাবান কমলাবাৰী সত্ৰ হয় আৰু এই নতুন সত্ৰৰ ঘাই ধৰণী পিতৃদেৱতা হৈছিল।

কমলাবাৰী সত্ৰৰ ভকতসকলে এবাৰ কি দুবাৰ পিতৃদেৱতাৰ আহবানত আহি লখিমপুৰত ভাওনা কৰিছিল। সেই ভাওনা চাই যে আমাৰ কি মহানন্দ হৈছিল, কৈ শেষ কৰিব নোৱাৰে। ভাওনা হৈ যোৱাৰ এবছৰমান পিছলৈকে আমাৰ মুখৰপৰা ভাওনাৰ । ভাৱৰীয়াৰ বচনবোৰ নুগুচিছিল আৰু সময়-অসময়, থল-আথল বিবেচনা নকৰি আমি ভাৱৰীয়াৰ ভাও দি ফুৰিছিলো। এটা ভাওনা বোধকৰো জৰাসন্ধ বধ আছিল। মই আৰু মোৰ ককাইদেউ শ্রীনাথ,দুয়ো কলা-ঠহুৰাৰ দুডাল গদা কৰি লৈ ঘৰৰ চোতালত বীৰৰসাত্মক বচন মাতি পৰম বিক্রম প্রকাশ কৰি যুঁজি ফুৰিছিলো আৰু দুইৰো পিঠিত কলা-ঠহুৰাৰ গদাৰে দুইও ধুপ ধুপকৰে কোবাই গদা দুডাল ঘুগুলা পচলা কৰিছিলোঁ। আমাৰ দুইৰো তুমুল যুদ্ধত প্রদর্শিত বল-বিক্রম দেখি ঘৰুৱা তিৰোতসকল আৰু চাকৰনাকৰবোৰে পৰম বিস্ময় মানি তধা লাগিছিল আৰু সেই দর্শকসকলৰ উচ্চাৰিত শলাগ আৰু উছাহ বাক্যত আমি দুই ভাই ভীম-জৰাসন্ধ ওফন্দি পৰি দুয়ো আৰু বেগেৰে তয়াময়া যুঁজ লগাই দিছিলো। লাহে লাহে এই জাল আৰু বাউলা ভীম-জৰাসন্ধ-যোৰৰ যুঁজৰ কোব ইমান বাঢ়ি উঠিছিল যে আমাৰ ‘চুপৰ ভাইচৰ’ককা ৰবিনাথে ‘নাম নহৈ কোঁদোৰ বাহ’হ’বগৈ বুলি আশংকা কৰি to preserve Law and Order,অৰ্থাত আইন আৰু শান্তি ৰক্ষাৰ নিমিত্তে,এক মাথোন তেওঁৰ দ্বাৰাই সঙ্কলিত,প্রচাৰিত আৰু প্রচলিত দণ্ডবিধি আইনৰ কোনো এটা section বা ধাৰামতে কৰা হুকুম জাৰি কৰি furtherযুদ্ধ বন্ধ কৰি দিলে। কোনো সোঁত বা বেগৰ স্বাভাৱিক outlet অর্থাৎ বাট বন্ধ কৰি দিলে যেনেকৈ সি বাস্তৱিকতে বন্ধ নহৈ underground হয়, অথাৎ আত্মগোপন কৰি অন্তঃসলিলা হয়,সেইদৰে ইয়াৰ পিছত এই ক্ষুদ্র যোদ্ধা দুটিয়ে শাসকৰ চকু এৰাইবাৰীৰ পিছফালে,নাইবা ঘৰৰ পিছ-চোতালত,নাইবা গৰু-গোহালিত ছেগ বুজি একো একোখন ক্ষুদ্র ক্ষুদ্র সংঘটন কৰিবলৈ ধৰিলে। ভেকুৰগুটীয়া যুঁজাৰু দুটিৰ গাত লম্ভা ভইব ভীম-জৰাসন্ধ দুটাৰ কালক্ৰমত স্বভাৱতে বিলয়প্রাপ্ত হ’লতহে প্রকৃত পক্ষত সম্বৎসৰ ব্যাপী সেই দুৰ্ঘোৰ মহাৰণৰ ওৰ পৰিল। ইয়াৰ পিছৰ বছৰত ‘নৃসিংহযাত্রা’ ভাৱনা দেখিছিলোঁ। আকৌ দুই ভাইক ভাৱনাৰ ভূতে পালে বচন মাতি মাতি আকৌ দুয়ো যুদ্ধক্ষেত্ৰত প্রবেশ কৰিলো। মনত আছে এদিন মই হিৰণ্যকশিপু হৈ–
ৰহ ৰে ৰহ ৰহ
ভ্ৰাতৃবৈৰী হৰি
হাতে শূল ধৰি
পঠাইবো যম নগৰী।

এই বচন মাতি হাতত লাখুটি এডাললৈ নৰসিংহ হোৱা শ্ৰীনাথ ককাইদেউৰ ফালে চোচা লওঁতেই কলিৰ হিৰণ্যকশিপুতকৈও ডাঙৰ ককা শ্ৰীযুত ৰবিনাথ মজুদলৰ বৰুৱা আহি ক’ৰবাৰ পৰা হিৰণ্যকশিপুৰ ওপৰত জপংকৈ পৰিল। নিমিষতে নৰসিংহ ফিৰিঙতি ভগাদি ভাগি অদৃশ্য হৈ সাৰিল, কিন্তু হিৰণ্যকশিপুৱে কাণ-মলা খালে।

মনত আছে,এবাৰ ভাৱনাত এটা ভাও দিয়া হৈছিল,তাৰ নাম মঙ্গলা খৰিকটীয়াৰ ভাও। মঙ্গলাই খৰি কাটিবলৈ হাবিলৈ যাবলৈ ওলাইছে,কিন্তু সেইদিনা আছিল মঙ্গলবাৰ। ওচৰ-চুবুৰীয়াই বাৰটো বেয়া দেখি মঙ্গলাক খৰি কাটিবলৈ হাবিলৈ যাবলৈ হাক দিলে,কিন্তু মঙ্গলাই নুশুনিলে,ফলত মঙ্গলাক বাঘে খালে। ভাৱনাৰ সভাঘৰত পিতৃদেৱতা,ৰবিনাথ ককা আৰু আন আন মানুহেৰে সৈতে আমি বহি ভাও চাই আছোহঁক। মঙ্গলাই খৰি লুৰি থাকোতেই যেই তাক খাবলৈ পিছফালৰ পৰা হাও-হাওঁকৈ মুখা পিন্ধা বাঘ এটা ওলাল ওপৰত কৈ অহা ভীম-জৰাসন্ধৰ যুদ্ধৰ প্রধান নায়ক,জৰাসন্ধৰ সিদ্ধহস্ত, বীৰৰসাত্বক বাক্য-বচনত লব্ধপ্রতিষ্ঠ ককাইদেউ শ্রীনাথে ভয়ত চিয়ৰ মাৰি উঠি মাৰিলে লৰ! ভাৱনাৰ সভাঘৰত হাঁহিৰ ৰোল উঠিল। গতি বিষম দেখি উপস্থিত বুদ্ধিসম্পন্ন ককা ৰাবিনাথে to save the situation, একেচাবেই উঠি গৈ ব্যাঘ্র-ভীতি-বিহ্বল শ্রীনাথ ককাইদেউক ধৰি আনি নিৰ্ভৰ দি নিজৰ কোলাত বহুৱাই বুকুত সুমাই ল’লে; আৰু লোকৰ হাক-বচন নুশুনি গৰুৱালি কৰি বেয়া বাৰ নমনা বপুৰা মঙ্গলাক মুখা পিন্ধা ঢেকিয়াপতীয়া বাঘে নির্বিবাদে খালে।

অথচ সভাঘৰ ভৰি থকা বাৰে কুৰি মানুহৰ ভিতৰত এটা-এডোখৰেও এটিটু শব্দ নকৰিলে, একাষাৰ ইচইচ বা ৰাম বিষ্ণুকে নুবুলিলে,টোকোন লাখুটিৰ কথাকে নকওঁ,এডাল মেমেৰা খাগৰিকে নাইবা হালোৱা-এচাৰিকে নোজোকাৰিলে নাইবা তর্জনী আঙ্গুলি বা কেয়া আঙ্গুলি এটাকে বাঘটোক নেদেখুৱালে !!!

মনত আছে, আমি লখিমপুৰত থাকোতেই ককাইদেউ শ্ৰীযুত গোবিন্দ বেজবৰুৱা (G. Bezbaroa) আৰু শ্ৰীযুত গোপাল্চন্দ্ৰ বেজবৰুৱা (Dr. G. C. Bezbaroa) কলিকতাত পঢ়িবলৈ গৈছিল। সেই কালত কলিকতাত পঢ়িবলৈ যোৱাটো অনেক বিষয়ত আজি-কালিৰ নিচিনা উজু ব্যাপাৰ নাছিল। ডাক-জাহাজ আৰু ৰেলৰ আৱির্ভাব তেতিয়াও আসামত হোৱা নাছিল; সদাগৰী জাহাজৰ চলাচল হৈছিল মাথোন,আৰু তাৰ সহায়েৰে ১৫/২০দিনেহে গৈ কলিকতা যাত্ৰীয়ে কলিকতাত ওলাবগৈ পাৰিছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সম্ভৱত আমাৰ ককাইদেউসকলৰ জাত যায়;এই ভয়ৰ আন্দোলন আমাৰ ঘৰত প্রবলভাৱে চলি বিষম সমস্যা উপস্থিত কৰিছিল। এই সমস্যাৰ সমাধান,শশধৰ নামৰ অসমীয়া বামুণ এটাক তেওঁলোকৰ ভাত ৰান্ধনি কৰি পঠিয়াই দিয়া হয়। কিন্তু লাহে লাহে দেখা গ’ল যে ককাইদেউসকলৰ দ্বাৰাই কলিকতাত অচিৰতে ৰান্ধনি শশধৰ অনাৱ্যশক বিবেচিত হ’ল; আৰু এবছৰমানৰ পিছতে অসমীয়া শশধৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পুনৰ অসম আকাশত উদয় হ’লহি। সিফালে কলিকতাত,জাতৰ বাৰখৰে শুকাই কৰ্কৰীয়াকৈ থোৱা দুই ভাইক বিদেশী ৰান্ধনিৰ আঞ্জাভাতে ধাৰাসাৰে ধোৱাই পেলালে। সন্তানসকলৰ বিপৰ্যৰ বুদ্ধি দেখি বেচেৰা পিতৃদেৱতাই কলিকালৰ প্ৰকাণ্ড প্রতাপ অনুভৱ কৰি ঈশ্বৰক চিন্তি বিষাদ মনেৰে ৰ’ল।
দুইজন ককাইদেউৰ চুলি-কটা ব্যাপাৰ লৈও আমাৰ ঘৰত কম আন্দোলন উপস্থিত হোৱা নাছিল। অথচ তেনে চুলিকটা বা টিকনিকটা ঘটনা সাতোটা বাৰৰ ছাপ্পন প্ৰহৰত আজি-কালি নিতৌ ঘটিব লাগিছে, ‘ব্রাহ্মণ ক্ষত্রিয় পুণ্য-তনু’ সকলে নির্বিবাদে, অপ্রতিৰোধ গতিৰে নিতেী স্ব-স্ব মস্তকৰ শিখা কাটি তহিলং কৰিব লাগিছে, কিন্তু তেনে কাণ্ড-কাৰখানা দেখি অলেখ কাউৰীৰ এটা কোৱাইও একাষাৰ ‘কা’ কৰা নাই, অসংখ্য চিলনীৰ এটা চিলাইও এটা 'চি'বোলা নাই,বৰ গছে এটা টোপাল পেলোৱা নাই,ৰান্ধনীয়ে পুহমহীয়া চৰুৰ তলত জাল দিওঁতে গেৰেহা কাঠ-খৰিৰে সৈতে এবাৰ সেহোৱা নাই, আন কি সনাতনী ধর্ম সম্প্রদায়সভাৰপৰা এটা unanimously passed resolution অর্থাৎ সর্বসন্মতিক্রমে নিদ্ধাৰিত প্রস্তাৱৰ সিদ্ধান্ত লাট আৰু বৰলাট বাহাদুৰৰ সভালৈ দুৰ্ঘোৰ প্রতিবাদ স্বৰূপে পঠিওৱা হোৱা নাই আৰু সেই ‘বিৰাট’সভাৰ সেই বিষয়ৰ কাৰ্যাৱলী কোনো দৈনিক মাসিক বাতৰি কাকতত প্রৱেশ কৰি শদিয়াৰপৰা ধুবুৰীলৈকে তুমুল আন্দোলনৰ তৰঙ্গ তোলা নাই। কালৰ কি প্ৰৱল প্রতাপ,আগৰটো আন্দোলনৰ দৰে এই টিকনি-বিনাশনৰ আন্দোলনটোৱেই কালক্ৰমত আমাৰ ঘৰত নির্বাণ-মুক্তি লাভ কৰিলে;আৰু ক’লেনো কোনে হাতত ধৰিব,যে টিকনিতো একৰকম সৰু কথাই, দেখোঁতে দেখোঁতেই চাহাবী হেট কোট আৰু পট্‌লুঙৰ বৰ বৰ কথাবোৰ পর্যন্ত সৰুৰো সৰু একোটি হৈ কেনিবা সৰকি পৰিল।

পিতৃদেৱতা লখিমপুৰত থাকোতেই কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনে;আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিব্ৰুগড়লৈ যাবলগীয়াত পৰে। তেতিয়া ডাক জাহাজ বা ৰেল আসামত নাছিল,গতিকে তেওঁ নাৱেৰে আহিবলগীয়াত পৰিছিল। পিতৃদেৱতা বাটত থাকোতেই কিবা স্বৰূপে জুই লাগি ডিব্ৰুগড়ৰ কাছাৰী ঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহকেইটাই চেলু পাই,তেওঁ মানুহ লগাই দি কাছাৰী ঘৰটো পোৰালে বুলি ডেপুটি কমিশ্যনৰ কৰ্ণেল ক্লার্কক কৈ দিলে। কর্ণেল ক্লার্কে কোনো বিচাৰ আৰু বিবেচনা নকৰি,দণ্ডবিধি আইনৰ ঘৰ জ্বালানি অভিযোগৰ ধাৰাত পিতৃদেৱতাক পেলাই তেওঁ ডিব্ৰুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকৰ্দমাই সেই কালত আসামৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো মানুহৰ মনত তোলপাৰ লগাই পেলাইছিল;আৰু সকলোৱে তাৰ নিচিনা ধাৰ্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণনীয় কাম কোনোমতেই হোৱাটো অসম্ভৱ বুলি বুজি,বেজাৰ আৰু শোকত মগন হৈছিল,আৰু যাতে পিতৃদেৱতা সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সন্মানেৰে সৈতে উদ্ধাৰ হৈ ওলায় তাৰ অর্থে ঈশ্বৰৰ ওচৰত কায়োমনোবাক্যে প্রার্থনা কৰিছিল। এই বিপদৰ গোটেইডোখৰ কালতে ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ,ধীৰ,অটল হৈ আছিল আৰু তেওঁৰ নিষ্পাপ নির্মল অন্তঃকৰণত এক মুহুর্তৰ নিমিত্তে ভয়ৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিৰ্ভৰ উত্তৰ,ঈশ্বৰ-বিশ্বাসেৰে বলী পৌৰুষপূর্ণ ব্যৱহাৰে কৰ্ণেল ক্লার্ককে প্রমুখ কৰি তেওঁৰ শক্রদলৰ প্ৰাণত আতঙ্ক আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়-বিমিশ্রিত আনন্দ উৎপাদনৰ কৰিছিল। বিচাৰৰ শেষত পিতৃদেৱতা মেঘমুক্ত শশধৰৰ দৰে নিজৰ পূর্ণ যশস্যাৰ জেউতিৰে আৰু উজ্জল হৈ ওলাল৷ গৱর্ণমেণ্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কৰি,কামৰপৰা স্থগিত (চচ্‌পেণ্ড) হৈ থকা কেইমাহৰ পূৰা বেতন দিলে। ইয়াৰ পিছত তেওঁৰ শত্রুদলৰ যিবোৰ নানা লটিঘটি হৈছিল,সেইবোৰৰ বৰ্ণনা দি লেখনী কলুষিত কৰিব নোখোজোঁ। সেই মোকৰ্দমাত পিতৃদেৱতাৰ বিস্তৰ ধন ভগন হৈছিল। ব্ৰেন্সন নামে (পিছত ইলবট বিলৰ সময়ত ভাৰতীয় মানুহক ঘাইকৈ বঙালীক গালি পাৰি বিখ্যাত হোৱা) এজন ইংৰাজ ডাঙৰ বেৰিষ্টাৰক,আৰু শৰৎচন্দ্র বানুৰৰ্জী নামে এজন চাপৰ বঙালী উকীলক পিতৃদেৱতাৰ পক্ষ সমর্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা আনোৱা হৈছিল। ব্রেন্সন অহাৰ আগেয়েই উকীল শৰৎচন্দ্র বানুৰ্জীয়ে ডিব্ৰুগড় পাই সেই মিছা মোকদর্মাৰ জাল খণ্ড বিখণ্ড কৰি উৰাই দিলে। ব্রেন্সন আহি গোৱালপাৰা পাওঁতেই তাৰেপৰা পিতৃদেৱতাৰ নাতিয়েক সুবিখ্যাত হাকিম পূর্ণানন্দ বৰুৱা ‘ছোটচাহাবে’ তেওঁক ওভোতাই পঠিয়ালে। সেই মোকৰ্দমাত অহা সুযোগ্য উকীল বাবু শৰৎচন্দ্র বানুৰ্জীয়ে তাৰ পিছত আসাম গৱর্ণমেণ্টৰ চাকৰি লৈ ‘একষ্ট্ৰা এছিষ্টেণ্ট’ হৈ আসামতে থাকিল।

আমাৰ সুযোগ্য বন্ধু সদাগৰ শ্ৰীযুত ভোলানাথ বৰুৱা ডাঙৰীয়াই (B. Barooah) মোক এদিন কলিকতাত কৈছিল যে তেওঁ ঢাকাতে থাকোতে ডিব্ৰুগড় কাছাৰী পোৰাৰ ৰহস্য হঠাৎ এদিন তেওঁৰ আগত এটা ঘটনা সূত্ৰত উদঘাটিত হৈ পৰিছিল। হেনো ঢাকাৰ কোনোবা এটা মুছলমান বেপাৰীৰ মোকৰ্দমাৰ নথি এটা পুৰি নষ্ট কৰিবৰ নিমিত্তে সেই বেপাৰীৰে এটা মুছলমান কর্মচাৰীৰদ্বাৰাই সেই কাৰ্যটো সংঘটিত হৈছিল। অনেক বছৰৰ পিছত,সেই ৰহস্য প্ৰকাশৰ বিপদ সম্পূর্ণৰূপে বিদূৰিত হোৱা জানি,সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সুত্ৰত সেই কথা স্বতঃপ্রকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল।
লখিমপুৰীয়া স্মৃতিৰ ওচৰত বিদায় ল’বৰ আগতে লখিমপুৰৰ চেনিমাছ আৰু পাভমাছৰ কথা মনত পৰিল। এনে ডাঙৰ আৰু তেলাল চেনি আৰু পাভমাছ লখিমপুৰ এৰিবৰ পৰা আজিলৈকে আৰু মই ক’তো দেখা নাই। সেই দুবিধ লখিমপুৰীয়া মাছ সোঁশৰীৰে মোৰ আগৰপৰা অন্তৰ্ধান হ’ল যদিও তাৰ সোঁৱৰণ অন্তৰ্ধান নহ’ল।

লখিমপুৰতে এই সোঁৱৰণ-লেখক হৈ-গুদু খেলৰ বিদ্যাত দীক্ষিত হৈ সেই খেলৰ কোনো এখন অস্থায়ী ক্লাবৰ খুদমান ছাত্ৰৰ সভ্যৰূপে পৰিগণিত হৈছিল। অৱশ্যে সেই ‘ক্লাব'ৰ যুদ্ধ-ক্ষেত্র, এই লেখকতকৈ অনেক গুণে ডাঙৰ আৰু বলী যুঁজাৰু ৰথী মহাৰথীসকলৰ শৌর্য-বীৰ্যৰ আস্ফালনেৰেহে বিশেষকৈ পৰিকল্পিত হৈছিল; এই ভেকুৰিগুটীয়া আন দুই চাৰিটা ভেকুৰিগুটীয়াৰে সৈতে প্রতিদ্বন্ধী দুপক্ষৰ কোনো এক পক্ষৰ দ্বাৰাই ৰণুৱাৰ লেখ বঢ়াবলৈ ক্ষুদ্র পদাতিকৰূপে মাথোন ব্যৱহৃত হৈছিল; আৰু ভেকুৰিগুটীয়া ৰণুৱাৰ ‘ডিউটি’ (duty) কাম হৈছিল— গুদু-গুদুকৈ স্বদলপৰা বিম্বাশৱদে লৰি ওলাই গৈ বিপক্ষ দলৰ কোনো এজনৰ হাতত বন্দী হৈ উশাহ এৰি হৈ-গুদুৱা প্রাণ পৰিত্যাগ কৰাটো মাথোন। উশাহ এৰি হৈ-গুদুৱা মোৰ ককাইদেউ আৰু ভাগিনৰ বাহিৰে সেই ৰথী-মহাৰথীসকলৰ ভিতৰত দুজনৰ নাম মনত আছে। এজন শ্ৰীযুত হাৰিবৰ দাস,আনজন শ্ৰীযুত গম্ভীৰচন্দ্র দাস।