AUTOBIOGRAPHY
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
তৃতীয় আধ্যা

 

পিতৃদেৱতা লখিমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম বুৰঞ্জী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্র,গুৱাহাটী নিবাসী শ্ৰীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্বন্ধ পুৰণিকালৰে পৰা চলি আহিছে। তাৰ উপৰি কমলানাথ ফুকনৰ ভায়েক,শিৱসাগৰ নিবাসী শ্ৰীযুত মুক্তানাথ ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোঁৱায়েক। আমি অলপদিন মাথোন ফুকনৰ ঘৰত আছিলো। আমাৰ বংশৰ সুবিখ্যাত স্বৰ্গীয় লক্ষ্মীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ খালী হৈ থকা ঘৰবাৰীলৈ সোনকালে উঠি গ’লোহঁক।

গুৱাহাটীৰ বিশাল ব্ৰহ্মপুত্ৰ আৰু চাৰিওফালৰ পৰ্বতমালাৰে বিভূষিত মনোৰম দৃশ্যই মোৰ মন অনির্বচনীয় আনন্দৰে পূৰাই পেলালে। সেইদৃশ্যৰ চিত্ৰপট মোৰ হৃদয়-চিত্ৰশালত যাবজ্জীৱন থাকিব। অশ্বক্রান্ত, উমানন্দ, উর্বশী, নৱগ্রহ, শুক্ৰেশ্বৰ, বশিষ্ঠাশ্রম আদি তীর্থস্থানলৈ পিতৃদেৱতাৰ সৈতে গৈ মই যে কি অপাৰ আনন্দ উপভোগ কৰিছিলো, কৈ অঁতাব নোৱাৰোঁ। মাথোন কামাখ্যা আৰু হাজোলৈ মোক সৰু বুলি পিতৃদেৱতাই লগত নিয়া নাছিল।

গুৱাহাটীতে প্রথমতে মোৰ স্কুলত প্রৱেশ ঘটে। সঁচাকৈ ক’বলৈ গ’লে,স্কুললৈ যোৱাটো মোৰ মনত বৰ-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্রৱেশ মানে বন-বিহঙ্গৰ সজাত প্ৰৱেশ; যদিও তাৰ অৱস্থিতি চাৰি-পাঁচ ঘণ্টাৰ নিমিত্তেহে। কিন্তু হ’লে কি হ’ব,সেই চাৰি-পাঁচ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ কাইলৈ তাত পুনৰাবদ্ধ হোৱা অনিবার্য,সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃদেৱতাৰ হুকুম,মই স্কুললৈ যাবই লাগিব –তেনেহ’লে মোৰ মনোৰাজ্যত "বামুণেই মৰক বা লগুণেই ছিগক।” স্কুলত সোমায়েই যেই দেখো,কৰবৃত-ঘূর্ণিত-শোভিত-বেত্রং মাষ্টৰ মহাপ্ৰভুসকলৰ বজ্ৰ-গম্ভীৰ নিনাদ ছাত্ৰসকলৰ সন্মিলিত সংযত কণ্ঠ-নিসৃত মৃদু মণ্ড গুৰু গুৰুধ্বনিৰ কটাহ ভেদ কৰি স্কুল ঘৰৰ মূধচ পাইছেগৈ,মোৰ ধাতুটিও মূৰৰ মূধচত উঠিবলৈ লৰ ধৰে। মোৰ মূৰৰ ব্ৰহ্ম-ৰন্ধৰ কাষতে ধাতুটিক এৰি থৈ মই বহি স্কুলত কিবা শিকা-বুজাৰতো কথাই নাই, ঘৰত অলপ অচৰপ যি পঢ়ি-শুনিশিকি-বুজি আহোঁ,সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ ক’ৰবালৈ লৰি পলাই গুচি যায়। হায়! স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দভৱন হ’লেহেঁতেন আৰু মোৰে নিচিনা দুৰ্ভগীয় “স্কুলাতঙ্কৰোগগ্রস্থ” এশ এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ’লহেঁতেন,তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্রজাৰ (generation)সৃষ্টি হ’লহেঁতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাতোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থতাৰ প্রচলিত হ’লহেঁতেন, তেন্তে কেনে হাঁহিমুখীয়া কার্যক্ষম আৰু নিজৰ সাধাৰ সীমাত প্রফুল্লিত প্রজা চামে চামে বাঢ়ি আমাৰ জন্মভূমিক উজ্জল আৰু মহিমান্বিত কৰিলেহেঁতেন। দেৱী সৰস্বতীৰ বছেৰেকীয়া পূজাৰ উৎসৱ ছাত্ৰসকলৰ পক্ষে কেনে আনন্দময় হয় – তেওঁৰ দৈনিক পূজাও যদি ছাত্ৰসকলৰ পক্ষে তেনে আনন্দময় হ’লহেতেন,তেন্তে তেওঁৰ অক্ষয় জ্ঞান ভাণ্ডাৰৰপৰা জ্ঞান-ৰত্নৰ সম্ভাৰ হৰিষ মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ’ব পাৰিলেহেঁতেন।

স্কুলত আমাক অঙ্ক শিকোৱা এজন মাষ্টৰ আছিল; তেওঁৰ নামটো (যদি মই পাহৰা নাই) চাখাৱত আলি। তেওঁক দেখিলেই মোৰ মূৰত থাকিব নোখোজা অঙ্কৰ আকৃতিকেইটা বিকৃতি হৈ, মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাত কেইটাক সিহঁতে লগত লৈ মোক স্কুলৰ ক্লাছৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰুপায় কৰি অকলশৰীয়াকৈ এৰি,তাহানি নিষ্ঠুৰ নলে দময়ন্তীক হাবিৰ মাজত এৰি পলোৱাদি পলাইছিল। তাৰ পিছত কিন্তু মুন্সি চাহাবৰ ৰঙা চকু আৰু চোকা মুখৰ বাক্যবাণ এই মৃতকৰ ভেলটোৰ ওপৰত যিমান কোবৰে পৰিছিল,উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোবেৰেই সেইবোৰ তেওঁৰ টোণলৈ উভতি গৈছিল। মুঠতে এইফেৰা ক’লেই হ’ব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আনন্দালয় নহৈ যমালয় হৈ উঠিছিল।

মনত আছে,স্কুলত মোৰ এনে বিদ্যাভাসৰ সঙ্কটময় অৱস্থাতে কলিকতাৰপৰা তেওঁলোকৰ কলেজৰ বন্ধত ককাইদেউসকল গুৱাহাটীলৈ আহিছিল। মোৰ কলিকতীয়া ককাইদেউসকল আজি আহি পাবহি,এই উৎসাহৰ আনন্দাতিশয্যত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেউসকল আহিল; গুৰুজনসকলক তেওঁলোকে সেৱা কৰি আদৰ অভ্যর্থনা লাভ কৰিলে; সৰুবোৰক দুই-চাৰি আষাৰ মিঠা কথাৰে আপ্যায়িত কৰি সেৱা নমস্কাৰ গ্ৰহণ কৰিলে। কিন্তু এই দুৰ্ভগীয়া দুৰদৃষ্টৰ কথা কি কম। মোক দেখিয়েই ককাইদেৱে মাত লগালৈ – “এইটো ইমান ডাঙৰ হ’লেনে। হেৰ তই কি পঢ়িছ?” প্রশ্নটো শুনিয়েই মোৰ মনৰ আনন্দৰ বাণ একে হেচোকতে হুহকি শুকাই গৈ তাৰ তলিৰ ওখোৰামোখোৰাবোৰ ওলাই পৰিল; মুখ শুকাই কৰাই খোলা যেন হ’ল। ভাবিলো, হৰি হৰি! মোক স্কুলৰ বৰ বাঘে খেদি আহি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালেহি।

কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ’ল; আৰু তেওঁৰ প্রশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং মোক ধৰি কিল-কীর্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলে লৰ ক্ষন্তেকতে মই আমাৰ গোটেইখন বাৰীত,পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলে। তেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে। অন্তত খেদা আৰু ল’ৰাৰ ধূম যেতিয়া তমোময় হৈ উঠিলগৈ, মাতৃদেৱীয়ে বৰ পুতেকক এই wild goose chase • অর্থাৎ পলৰীয়া ৰাজহাঁহ ধৰিবলৈ খেদি ফুৰি হায়ৰাণ হোৱাৰপৰা নিবৃত্ত হ’বলৈ বৰকৈ কৈ, তেওঁক অলপ ভৎসনা কৰি ক’লে – “বাৰু হেৰ, তই কলিকতাৰপৰা আহিছ দেখি হেঁপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল; তই তাক কত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদাদি খেদি লৈ ফুৰাইছ। লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা লব পাৰ।” আইৰ কথা শুনি যদিও ককাইদেউ ক্ষান্ত হ’ল, তথাপি আইক মৃদু-মন্দ প্রতি ভৎসনা কৰিবলৈ নেপাহৰিলে যে “তোমালোকেতাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙা ল’ৰাই একো পঢ়া শুনা নকৰে - এটা big dunce হ’ল” এই ঘটনাৰ পিছত ককাইদেউসকল থকা কেইটা দিন মই মন মাৰি আলেঙে-আলেঙে ফুৰি কোনোমতে কটাই দিছিলো। বোধকৰোঁ এই ঘটনা,পিতৃদেৱতাই গুৱাহাটীতে কামৰ পৰা অৱসৰ লৈ পেন্সন পাই শিৱসাগৰলৈ আহিবৰ কিছুদিনৰ আগতে ঘটিছিল,কাৰণ মোৰ মনত আছে,শিৱসাগৰলৈ আহিবলৈ যাত্রা কৰি গুৱাহাটীৰ ঘাটতে আমি সকলোটি নাৱত উঠি থাকি, ৰাতি বালিত ভাত খাবৰ সময়ত, বৰ ডাঙৰ ধুমুহা বতাহ এটাই আমাৰ ৰন্ধা-বঢ়া ভাত বালিৰে পুতি পেলাইছিল, আৰু বালিত তৰা আঁৰ কাপোৰখন উৰাই নি ব্রহ্মপুত্ৰৰ মাজত পেলাই দিছিল; আৰু সেই ৰাতিৰ সেই দুৰ্যোগৰ সময়ত দেউতা আৰু ককাইদেউসকলে আন আন মানুহ আৰু নাৱৰীয়াহঁতৰে সৈতে পানীত নামি কান্ধ পাতি আমাৰ নাও দুখন ধৰি থাকি কোনোমতে ৰক্ষা কৰিছিল। মনত আছে,ধুমুহাৰ পিছত,সেই ৰাতিয়েই তেওঁলোক দুয়ো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠেগৈ আৰু পিছদিনা মাতৃদেৱীয়ে চকুৰ লোটুকি এইবুলি বেজাৰ কৰিছিল যে – “ল’ৰা দুটাই কালি ৰাতি ইমান দুখো পালে আৰু যোৱাৰ আগেয়ে এসাজ ভাত খাবলৈ আহি খাবলৈকো নাপালে।”

ওপৰত উনুকিয়াইছোঁ, যে পিতৃদেৱতাই গুৱাহাটীতে একষ্ট্ৰা এছিষ্টেণ্ট কামৰপৰা অৱসৰ লৈ পেন্সন পায়। গুৱাহাটীৰ অনেক ভদ্রলোকে ঘাইকৈ লক্ষ্মীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াই পিতৃদেৱতাক উজনিলৈ উভতি নগৈ গুৱাহাটীতে ঘৰ-বাৰী কৰি থাকিবলৈ অনুৰোধ কৰে। কিন্তু পিতৃদেৱতাই নিজৰ পুৰণি ঠাই শিৱসাগৰলৈ উভতি যোৱাটোকে থিৰ কৰিলে।

ব্ৰহ্মপুত্ৰইদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল। ফাগুনৰ শেষ-ছোৱা আৰু চ’তৰ আগছোৱাত বোধকৰোঁ,এই নৌকাযাত্রা সঙ্ঘটিত হৈছিল। ধৌতময় শুভ্র বালিৰে দুকাষে দুটা তিৰবিৰোৱা পাৰি দিয়া,নির্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আৰু তৰি থোৱা সেই বগা চেলেংখনত দুটা ক’লা টোকাপৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰিৰ ঠেলাত যোৱা যেন লাগিছিল। একো একোটা বালিক দূৰৰপৰা একো একোটা ‘দানাদাৰ দোবৰা’ চেনিৰ পৰ্বত যেন আৰু একো একোটা মটীয়া বৰণৰ কাশীৰ চেনিৰ দম যেন দেখিছিলোঁ;আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কালডোখৰত একো একোটা বালি লোণৰ পর্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধূলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই,মই সকলোৰে আগেয়েই একেজাঁপেই নাৱৰ পৰা বালিত পৰি আনন্দত মৰাচৰাইৰ পোৱালি লৰি ফুৰাদি ফুৰিছিলো মনত এনে ভাব,যেন চকুৰে দেখা দুৰলৈকে যত বালি দেখিবলৈ পোৱা গৈছে, এটাকো বাদ নিদি এটাইবোৰৰ ওপৰত জপিয়াই লৰিধাপৰি ভটাগুটি বাগৰাদি বাগৰি ফুৰি শেষ কৰিহে এৰিম।

এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিত্তে এটা বালিত নাও ৰখা হ’ল। দেখিলো, বহুত গঙ্গাচিলনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গঙ্গাচিলনীৰ কণী পোৱা যাব। মই, মোৰ ককাইদেউ শ্ৰীনাথেৰে সৈতে, বিচাৰি বিচাৰি সঁচাকৈয়ে দুটা গঙ্গাচিলনীৰ কণী পাই আনি বুকু ফুলাই সকলোকে দেখুৱালোঁ। শুনিলোঁ,গঙ্গাচিলনী যদিও নাখায়,কিন্তু তাৰ কণী হ’লে খায়। এই সন্তোষজনক বিধান শ্ৰৱণ কৰি কণী দুটা ভজোৱাই দুই ভায়ে পৰম তৃপ্তিৰে সৈতে ভোজন কৰিলোঁ। এদিন আন এটা বালিত বিচাৰি বিচাৰি দুটা ঘৰিয়ালৰ কণী পাইছিলো। প্রকাণ্ড কণী কণী দুটা ফুটাই তাৰ ভিতৰৰ কুহুমবোৰ দলিয়াই পেলাই,গোটা খোলা দুটা বহুত দিনলৈকে নাৱৰ কুন্ধিৰ বাৰত আঁৰি থৈ দিছিলোঁ। ৰংপুৰ পাই নাৱৰ পৰা নামিবৰ সময়ত কিন্তু সেই দুটা মোৰ দৃষ্টিৰ বহির্ভূত হ’ল। বোধকৰো ‘ছুপর্ভাইছৰ'ৰবিনাথ ককাই দয়া পৰবশ হৈ অন্ত:সাৰশূন্য অণ্ডযুগলক মাক ঘঁৰিয়ালৰ বুকুলৈ পানীয়েদি ‘চালান’দিলে।

এদিন আবেলি চাৰিমান বজাত এটা ঘুলিত আমাৰ নাও ৰখা হ’ল। সিমান সোনকালে সেই দিনা বন্ধাৰ কাৰণ,ফেৰ্ফেৰীয়া বতাহ,সম্ভৱতঃ বতাহৰ কোব ৰাতিলৈ বাঢ়ি সেই বতাহ ধুমুহাত পৰিণত হ’বগৈ পাৰে,এই আশঙ্কা কৰি। ঘুলিটো ভাল,তাত নাও বান্ধি থাকিলে কোনো ভয় নাই,আৰু শীঘ্ৰে তেনে ঘুলি পোৱা নাযাবও পাৰে। নাও বন্ধাৰ পিছত দেখা গ’ল,দুৰত বালিৰ ওপৰত দুটা কি তিনিটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰীয়াহঁতে ক’লে যে কাছকেইটা কালঢাপ কাছ। সিহঁতে এনে বতৰত বালীত কণী পাৰিবলৈ উঠে। আমাৰ লগুৱা ধনীয়ে এই খবৰ শুনিয়েই কাছৰ ফালে চোঁচা ল’লে। আমি লৰ দিলো। মানুহ অহা গম পাই কাছকেইটাই অভীস্পিত কার্য স্থগিত ৰাখি, উভতি নৈৰ ফালে প্রাণপণে লৰ দিলে। ধনীৰ বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত,সি কাছ এটাক আগচি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোৰ এটা মাৰি দিলে,যাক চলিত ভাষাত কাছগোৰ বোলে। কাছটো একে গোৰত অৱশ হৈ পৰিল। বাকীকেইটা ইতিমধ্যে পানীত পৰি প্ৰাণৰক্ষা কৰিলে। কাছটো কাটিলত তাৰ পেটত দুকুৰিমান কণী ওলাল।

এদিন নাওখন পাৰৰ নল-খাগৰিৰ কাষে যাওঁতে নাৱৰীয়াহঁতে চৰিৰ ফেৰেকা মুখেৰে হেঁচা মাৰি ধৰি এটা দুৰ কাছ ধৰিছিল। কাছটোৰ পিঠিত এটা ভোটা কাঁইট বা খড়গৰ দৰে আছিল। সেই কাছটোক হেনো নল-দুৰা বোলে;আৰু সি হেনো অখাদ্য। নাৱৰীয়াহঁতে কাছটো কি কৰিলে কব নোৱাৰোঁ সম্ভৱতঃ তাক খাদ্যৰ শ্রেণীভুক্ত কৰি ৰান্ধি-বাঢ়ি পেটত ভৰাই থ’লে। আমাৰ ধনীয়ে কিন্তু কি কৰিছিল কব নোৱাৰোঁ কাৰণ কাছটো অখাদ্য বুলি শুনি সি দেউতাই নুশুনাকৈ আমাৰ আগত প্রতিবাদ কৰি তলত দিয়া শঙ্কৰ বচন মাতি তাৰ অদ্ভুত ব্যাখ্যা কৰি কৈছিল – “কীৰ্তন ঘোষাত এই দুৰা কাছ খাবলৈ কৈছে যেনে,’দুৰাচাৰ মন মোৰ ৰাম হৰি বোল অর্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তই মই খাব পৰা হ?”

আমাৰ নাৱৰীয়া এটাই এদিনবালিত ফুৰি উভতি আহি তাৰ চুৰিয়াত কোঁচ উবুৰিয়াই আমাৰ আগত একোঁচ কাছ‌ কণী বাকিদিলে; তাৰ কিছুমান সম্পূৰ্ণ ঘূৰণীয়া, কিছুমান দীঘলীয়া। ঘুৰণীয়াবোৰ বৰ-কাছৰ কণী আৰু দীঘলীয়াবোৰ দুৰ কাছৰ কণী। পাচদিনলৈকে সেই কণী সজাইনাইবা ভাতত দি আমি সকলোৱে খাই তৃপ্তি লভিছিল।

এদিন ৰাতি খাই বৈ আনি নাৱত শুই আছোহঁক;এনেতে নাৱৰীয়াহঁতে দেউতাক ক’লে যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ ক'লা মেঘ এচটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহঁতৰ হতুৱাই নাও দুখনৰ গোজ কাটি মজপুতকে পাতাই বন্ধালে আৰু আন আন যি সতর্কতা অৱলম্বন কৰিব লাগিছিল,কৰালে। পোন্ধৰ মিনিটমানৰ পিছতে গোটেইখন আকাশ ক'লা মেঘে চাটি পেলালে হুৰহুৰ গিৰগিৰ শৱদ হল; বিজুলী মাৰিবলৈ ধৰিলে আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হ'ল আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বোন্দা থেকেচা দিবলৈ ধৰিলে। যাত্রা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰ দৰে সেইদিনাও দেউতাই নাৱৰীয়াহঁত আৰু চাকৰ নাকৰবোৰেৰে সৈতে ৰাতি পানীত পৰি কান্ধ পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছদিনা উজাই যাওঁতে এঠাইত দেখিলো,আমাৰ নাৱৰে নিচিনা নাও এখন উবুৰি হৈ এটা ডাঙৰ জাঁজিত লাগি আছে। পিছত শুনিলোঁ বোলে সেই নাৱৰ সকলোকইটা আৰোহী,গ’ল ৰাতিৰ সেই ধুমুহাত নাও বুৰি নৈৰ গৰ্ভত চিৰকাললৈ বিলুপ্তি হ’ল। কৰাল কালে কোন দুৰ্ভগীয়াক সপৰিবাৰে এইদৰে পানীৰ মৈদামত দিলে কোনে কব!

যাওঁতে যাওঁতে এদিন পূৱ নল খাগৰি আৰু কঁহুৱা থকা জেকাবালি এটাৰ ওপৰত এজাক বনৰীয়া ম’হ দেখিলোঁ। সশিঞ্চত হৈ নাৱৰীয়াহঁতে নৈৰ সিপাৰলৈ পাৰিদি যাবৰ মনোগত কৰোতেই ম’হজাকেই আত্মশক্তি-বিস্মৃত হৈ ভয় খাই টেঁটাই ঢপলিয়াই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱৰা চাৰি-পাঁচোটা সুন্দৰ ম'হ পোৱালি পিছপৰি লৰি যোৱা দেখি এনে ভাল লাগিছিল! সিহঁতক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বৰ মন গৈছিল।

এদিন দেখা গ’ল,এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা চৰায়ে এটা ডাঙৰ ৰৌমাছ খাবৰ দিহা কৰিছে। আমাৰ নাৱৰ আগোৱাল এটাই কুৰুৱাটোৰ ফালে কাঠখৰি এডাল ফর্মুটি মাৰি পঠিয়ালে। ভোজত বহা কুৰুৱাটোৱে ভোজনৰ আগেয়ে ভয় খাই উৰি লৰ মাৰিলে,আৰু মাছটো তাৰ নখৰ পৰা খহি ধূপুৰ কৰে গছৰ তলত পৰিল। ফর্মুটি মাৰোঁতা আগোৱালটোৱে একে জাঁপেই নাৱৰপৰা নামি বামত পৰি,লৰি গৈ মাছটো লৈ আহি আমাৰ আগত বুকু ফিন্দাই পেলাই দিলেহি। বৰ ডাঙৰ ৰেী। ফালিলত পেটৰ ভিতৰত তিনি সেৰমান কণী পোৱা গ’ল। ভোজত বহি বিফল মনোৰথ হৈ গুচি যোৱা কুৰুৱাটোৰ বাহিৰে সকলোৱে সেই মাছ সেইদিনা ভোজন কৰি তৃপ্তি লভিলে। 

 

এদিন দেখিলো,পাৰৰ বালি এটাত থকা জুপুৰি এটাৰ পৰা জালোৱা বুঢ়া-বুঢ়ী দুটা আমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলো,বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। “দেউতা এখন্তেক নাও ৰাখক" বুলি কোৱাত বুঢ়াৰ মাত শুনি আমাৰ নাও ৰখা হ'ল। দেউতাৰ আগত বৰকাছৰ পোৱালি এটা থৈ বুঢ়া-বুঢ়ীয়ে সেৱা কৰি ক’লে,“দেউতা ঈশপৰে পেন্সন লৈ উজাই আহিছে বুলি আমি শুনিছোঁ;সেইবাবে দেউতা ঈশপৰক সেৱা কৰিবলৈ আহিলো।” দেইতাই মিঠা কথা কৈ বুঢ়া-বুঢ়ীক আপ্যায়িত কৰাৰ পিছত,বুঢ়াই তাৰ ঘূংৰোগৰ বৃত্তান্ত কৈ দেউতাৰপৰা দৰব লৈ সন্ত্রীকে সেৱা কৰি প্ৰস্থান কৰিলে। নিজান বালিৰ ওপৰত বুঢ়া-বুঢ়ীহালি সেইদৰে অকলৈ থকা দেখি মোৰ ল’ৰা মনলৈকো এটা উদাস ভাব আহিছিল। ভাবিছিলোঁ,মোক মোৰ অভিভাৱকসকলে যদি এৰি দিয়ে, ময়ো অকলৈ এইদৰে এনে এটা বালিৰ ওপৰত পজা এটা সাজি লৈ যাৱজ্জীৱন থাকিম।

নল-খাগৰি থকা বালিৰ গৰাৰ পানীৰ যুৱলিত কাতি হৈ পৰি থকা নল-খাগৰিৰ ওপৰত সৰু সৰু কাছ-পোৱালিবোৰ উঠি থাকে,আৰু আমাৰ নাও কাষ পালেগৈয়ে টুপুং কৰে পানীত পৰি বুৰ মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলোঁ,ময়ো যদি কাছ-পোৱালি হ’লোহেঁতেন। এইদৰে টুপুং কৰে বুৰ মাৰি ক’ৰবালৈ গুচি গ’লোহেঁতেন। এনেকুৱা কাছ-পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোঁতে একুৰি তিনটা হৈছিল।

ব্ৰহ্মপুত্ৰৰ দাঁতিত একো একো ঠাইত মাদুৰি বন হয়। বাকলি গুচাই মাদুৰিৰ শাহটো আৰু কেঁওটো খাবলৈ ভাল লাগে। দেউতাই কিন্তু আমাক মাদুৰি খাবলৈ নিদি কৈছিল, “এই মাদুৰিৰে কোবাই মৰিয়া-মৰি কৰি যদুবংশ ধ্বংস হৈছিল;এতেকে মাদুৰি খাব নাপায়।” এনে innocent মাদুৰিৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে,জানিব পাৰি সেইদিনাৰ পৰা মাদুৰি ভোজনৰ পৰা প্রতিনিবৃত্ত হ’লোঁ।

একো একো ঠাইত বালিৰ গৰাত খহনীয়াই ধৰা বাবে,সেইপিনে উজাই যোৱাটো বিপদজনক। সেইদেখি সেই পাৰৰপৰা সিপাৰলৈ পাৰি দিবলগীয়া হয়। চকুৰে ইপাৰ সিপাৰ মনিব নোৱৰা ব্ৰহ্মপুত্ৰত এইদৰে আমাৰ অনেকবাৰ পাৰি দিবলগীয়া হৈছিল। পাৰি দিওঁতে নাৱৰ আগোৱালকেইটাই নাৱৰ টিং আৰু গলত বহি প্রাণপণে দাঁৰ মাৰি আৰু গুৰিয়ালে গুৰিৰপৰা গুৰি-বঠাৰে চাব দি দি অতি কষ্টেৰে এই দুখৰ কাম সমাপন কৰিছিল। এনেকৈ পাৰি দিওঁতে আমি অনেকবাৰ পিতৃদেৱতাকে গুৰিয়ালৰ হাতৰ বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই “ৰাম পাৰ কৰা এ, ৰঘুনাথ সংসাৰ সাগৰে!” এই ঘোষা লগাই পদ দিছিল, আৰু আমি সকলোৱে উচ্চৈস্বৰে গাইছিলোহঁক। বাস্তৱিকতে এই নামৰ তালৰ লগত পানীত পৰা দাৰৰ ছেও মিলি নাৱৰীয়াহঁতৰ মনত এক অপূর্ব উৎসাহৰ সোঁত বোৱাইছিল;আৰু ফলত নাও হাফেলা-হাফোলে আগবাঢ়ি গৈছিল। এদিন এইদৰে ব্ৰহ্মপুত্রত পাৰি দি যাওঁতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন ঘপহ কৰে এটা চটত লাগিল। ততালিকে নাৱৰীয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ তৰাং পানীত নামি পৰি নাওখন বলেৰে টানিটানি কোনোমতেহে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক ৰক্ষা কৰিলে।

এদিন পিতৃদেৱতাই আমাক দূৰৰপৰা আঙ্গুলিয়াই দেখুৱাই ক’লে,“সৌৱা মোৰ আতাৰ থান কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে!” পিতৃদেৱতাৰ আদেশ আৰু আৰ্হি অনুসৰণ কৰি আমি নাৱৰ চৰথত আঁঠুকাঢ়ি পৰি থানৰ উদ্দেশ্যে ভক্তিপূর্ণ সেৱা কৰিলোহঁক। পিতৃদেৱতাই সেৱা কৰি উঠি, তলত দিয়া ঘোষাকেইটা সুৰ ধৰি গাই তাৰ মানে অতি ভক্তিভাৱে ব্যাখ্যা কৰি আমাক শুনাইছিল –
যিদিশত মহা ভক্তসৱে শ্ৰীমন্তকমললোচনক
পৰম সন্তোষে কীর্তন যিটো কৰয়।
সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি
আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয়।।
ৰমানন্দ-পদ-যুগলৰ মকৰন্দ-মধুব্রত প্রায়
ভকতসকলে যিদিশিত প্রকাশয়।
সিদিশ জানিবা গঙ্গাদেৱী অনেক প্রবাহ-ৰূপে আতি
পৰম নির্মল স্বৰূপে শোভা কৰয়।।
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ কীর্তন মঙ্গল নিৰন্তৰ
যিটো ভূমিভাগে শুদ্ধৰূপে হোৱে জাত।
তাৰ ধূলি যিটো পিৰে ধৰে নিশ্চয় জানিবা সিটো নৰে
কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত।

মোৰ ভালকৈ মনত আছে,যিদিনা আমি দিখৌমুখত সোমাওঁ সোমাওঁ হৈছোঁ,সেইদিনা দুপৰীয়া, ওচৰৰ মিৰি গাঁও এখনত বৰকৈ ল’ৰা এটাই কন্দা আমি শুনিলোঁ। দেউতাই তেতিয়াই নাও ৰখাবলৈ দি,নাৱৰপৰা নাৱৰীয়া এটা কন্দনা ল’ৰাটোৰ মাক বাপেকক মাতি আনিবলৈ পঠিয়াই দিয়ে। সিহঁত আহিলত,লৰাটোক সিহঁতে কিয় সিমানকৈ কন্দুৱাইছিল,দেউতাই সুধি আৰু নকন্দুৱাবলৈ ভালকৈ কৈ সিহঁতক বিদায় দিলে৷ সিহঁতে দেউতাৰ কথা সন্তোষ লভি,আমাৰ নাওখন অলপ ৰাখিবলৈ কৈ, লৰি গৈ চাইটা মানুহে সাঙ্গী কৰি অনা এটা ডাঙৰ বৰকাছ দেউতাক উপটৌকন দি সেৱা কৰিলে। লগতে গোটেইখন মিৰিগাঁৱৰ ল’ৰা,বুঢ়া আৰু তিৰোতা আহি আমাৰ নাৱৰ কাষত জুম বান্ধিলে। দেউতাই কাছটো তাতে কটাই তাৰ এটা কি দুটা পৰা ৰাখি বাকীবোৰ সিহঁতকে বিলাই দিয়ালে। সিহঁতে ৰং মনেৰে মঙ্গহ লৈ দেউতাক সেৱা কৰি গুচি গ’ল। বৰজাপি এটাৰ সমান ইমানটো ডাঙৰ বৰকাছ আগেয়ে মই কেতিয়াও দেখা নাছিলো।

তেতিয়া মোৰ বয়স কিমান কব নোৱাৰোঁ। মই চুৰিয়া যদিও পিন্ধিছিলো,কিন্তু এৰা-ধৰাকৈহে। মই শুনিলোঁ,আৰু দুই-এদিনতে আমি ৰংপুৰ পামগৈ। মই ভাবিলো,আমাৰ ৰংপুৰৰ ঘৰৰ ন মানুহবোৰৰ আগত মোৰ কঁকালেৰে সৈতে চুৰিয়াৰ এনে এৰাধৰা সমন্ধটো বৰ লাজৰ কথা হ’ব; ইয়াকে ভাবি, দিনে ৰাতিয়ে সমন্ধ নিছিগাকৈ পিন্ধি থাকিবলৈ দুখন চুৰিয়া মোক দিবলৈ মাতৃদেৱীক কলোঁ। মাতৃদেৱীয়ে মোৰ প্ৰাৰ্থনা যুক্তিসঙ্গত বিবেচনা কৰি সেইমতে মোক চুৰিয়া দুখন দিলে আৰু মই ভবা-গব্য সভ্য ল’ৰা হৈ আমাৰ ৰংপুৰৰ ঘৰত প্ৰৱেশ কৰিলোঁ।