AUTOBIOGRAPHY
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
চতুর্থ আধ্যা

অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগৰৰ দৃশ্য অসম ৰাজপ্রতিনিধিৰ চহৰ গুৱাহাটীৰ দৃশ্যতকৈ সুকীয়া। গুৱাহাটীৰ গাত লুইতৰ ৰিহা মেখেলা,ডিঙিত পৰ্বতৰ সাতসৰী হাৰ,মূৰত ভুবনেশ্বৰীৰ ধৱল কিৰীটি,বুকুত উমানন্দ আৰু উর্বশী। শিৱসাগৰ সমতল,চকুৰে দেখালৈকে প্রায় পর্বতশূন্য নিৰাভৰণা মাথোন তেওঁৰ ক্ষীণ হাত দুটি দিখৌ আৰু দিচাং নামৰ সৰু বলয় এযুৰিয়ে অলপ উজ্জ্বলাই ৰাখিছে। গুৱাহাটীৰপৰা নাৱেৰে আহোতে,ব্ৰহ্মপুত্ৰৰ ওচৰত বিদায় লৈ দিখৌৰ বুকুত সোমাওঁতে মোৰ যেনে লাগিছিল,নামনি আৰু মাজ অসম এৰি ৰংপুৰ চহৰত সোমাওঁতে মোৰ তেনে লাগিছিল। নতুন ঠাই,আমাৰ নিজা পুৰণি ঘৰ ৰংপুৰলৈ যাব লাগিছে,ৰংপুৰ নোপোৱালৈকে এই আনন্দই যেনেকৈ মোক আপ্লুত কৰি ৰাখিছিল,ৰংপুৰ পালত,সেই আনন্দ এটা অনির্বচনীয় বিৰাগে শুকাই পেলালে।

অসম দেশখনক গোটেই ভাৰতৰ আন আন দেশবোৰেৰে সৈতে ৰিজাই কোনো কোনোৱে জকাইচুক বুলি উপলুঙা কৰা শুনিছোঁ;তেনেকুৱা উপলুঙীয়া জিনিকেদি যদি নামনি অসমৰ সৈতে উজনিৰ শিৱসাগৰক চোৱা যায়,তেনেহ’লে শিৱসাগৰকো অসম জকাইৰ চুক বুলিলে বুলিব পাৰি। অন্ততঃ আকৃতিত নহ’লেও প্রকৃতিত–কিন্তু জকাইৰ চুকটোক অগ্রাহ্য আৰু অমান্য কৰি চলিলে যেনেকৈ জকাইখনৰ কোনো মূল্য নাথাকে,শিৱসাগৰকো সেইদৰে অগ্রাহ্য অমান্য কৰিলে অসমৰ মূল্য নাথাকে। যি হওক অতি শীঘ্ৰে শিৱসাগৰৰ সম্পর্কে বিৰাগৰ এনে ভাব মোৰ মনৰ পৰা আঁতৰি তাৰ ঠাই অনুৰাগে অধিকাৰ কৰিলে। তাৰ কাৰণ,শিৱসাগৰৰ বিশাল বিতোপন বৰপুখুৰী আৰু পাৰত ওখ ডাঙৰ দৌল তিনিটা। শঙ্কৰদেৱৰ ভাষাৰে ক’বলৈ গ’লে, এই দৌল তিনিটাৰ বিষ্ণুদ’ল আৰু দেৱীদ’ল – দুকাষৰ এই দ’ল
সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ।
চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ।।

দুটাত যদিও ৰজতৰ শৃঙ্গ নাথাকি লোৰ চক্ৰ আৰু ত্ৰিশূলে সেই কাম কৰছে, মাজৰটোৰ অর্থাৎ শিৱদ'লৰ ওপৰত “চকুত জমক লগোৱা বিৰিঙ্গ শৃঙ্গই তিৰি-মিৰি কৰি দশোদিশ” প্রকাশি যে শিৱসাগৰৰ মহিমা উজ্জ্বল কৰি ৰাখিছে,তাক এশখন মুখেৰে ক’ব পাৰি। সুশীতল নির্মল জলেৰে চপচপীয়া শিৱসাগৰৰ বৰপুখুৰীটোকো সৰোবৰৰ সন্মান দি, শ্ৰীশঙ্কৰদেৱৰ অমৃতময় ভাষাৰে আকৌ এইদৰে বৰ্ণাব পাৰি –
তাহাৰ মাঝে সৰোবৰ এক ।
সাগৰ-সঙ্কাশ দেখি প্রত্যেক।
সুৱৰ্ণময় পদ্মে আছে জুৰি।
ভ্ৰমৰে মধু পিয়ে তাত পৰি।।
ৰাজহংস আদি যতেক পক্ষী।
পৰি পাৰ থাকে নাযায় উপেক্ষি।

এনে বিধৰ বৰপুখুৰীটোৱেও অচিৰতে মোৰ মন হৰণ কার্য সম্পাদন কৰিলে। ইয়াৰ উপৰি কোবাল-সোঁতীয়া আৰু “মানুহ-পৰি-মৰা” ওখ গৰাৰে দিখৌ নৈয়ে আৰু দিখৌৰ সিপাৰৰ ৰংঘৰ,কাৰেংঘৰ,তলাতল ঘৰ,জয়সাগৰৰ দৌল আৰু প্রকাণ্ড পুখুৰী প্রভৃতিয়েও যে সোনকালে এই মোৰ মন-হৰণ ভাওনাত ডাঙৰ ডাঙৰ ভাৱৰীয়াৰ ভাও দি সহায় কৰি সেই ভাৱনা সুকলমে সমাপন কৰিলে এইটো কোৱা বাহুল্য মাথোন। মোৰ পক্ষে শিৱসাগৰ শীঘ্ৰে আনন্দ-সাগৰ হ’ল,ৰংপুৰ ৰঙৰ আলয় হ’ল।

শিৱসাগৰৰ ঘৰত উমলিবলৈ মোৰ দুটা ভতিজাক লগৰীয়া স্বৰূপে পালোঁ,এটি মোতকৈ ডেৰ বছৰৰ বৰ,আনটি মোতকৈ অলপ সৰু। প্রথম দিনতে মই আৱিষ্কাৰ কৰিলে যে সিহঁত দুয়ো মোতকৈ বেছিকৈ পঢ়িছে,অৱশ্যে বঙ্গলা কিতাপ। সিহঁত দুয়ো সিহঁতৰ বঙ্গলা বিদ্যাৰ ‘তুবৰিবাজী’ৰে খন্তেকতে মোক অবাক কৰি দিলে। বঙ্গলা পদ্যপাঠৰ পদ্য মোৰ আগত সিহঁতে মাতি মোক এক প্রকাৰ পুতি পেলালে বুলিব লাগে। তাৰ এটা পদ্য মোৰ এতিয়াও মনত আছে যথা—
পর্বতে ধূসল মেঘ হইল উদয়।
ভয়ঙ্কৰ শব্দ কৰি বেগে বায়ু বয়।
পাতা উড়ে ফল পড়ে ভাঙ্গিতেছে ডাল।
উড়িল বাতাসে সব কটীৰেৰ চাল।।
নদী জ্বলে উঠে ঢেউ পর্বত সমান।
উপায় নাপায় মাঝি কৰে হায় হয়।

দুয়ো লগ লাগি “ভয়ঙ্কৰ শব্দ কৰি” এই প্রচণ্ড পদ্য মাতি মোৰ ওচৰত প্রথম দিনতে এনে “বেগে বায়ু” বোৱাবলৈ ধৰিলে যে মোৰ লখিমপুৰীয়া আৰু গুৱাহটীয়া বিদ্যাৰ গৰ্বেৰে ছোৱা মন-কুটীৰৰ চাল উৰি ক’ৰবাত পৰিলগৈ; মোৰ শান্ত মনাহ নৈৰ জলত পর্বত সমান টৌ উঠিল, তুলনাত মোৰ বিদ্যাহীনতাৰে চৈ দিয়া টুলুঙা নাওখিনি টুলুং ভুটুং কৰি বুৰো বুৰো হ’ল আৰু মই উপায় নাপাই অন্তৰত হায়! হায় কৰিবলৈ ধৰিলোঁ। তেতিয়াই মই মনতে সংকল্প কৰিলো যে সিহঁতে যিটো খাৰ ঘৰৰ পৰা খাৰ বাৰুদ সংগ্ৰহ কৰি মোৰ ক্ষুদ্ৰ কিল্লাটো ফতে কৰিলে সেই খাৰ ঘৰৰপৰাই অতি শীঘ্ৰে ময়ো খাৰ্-বাৰুদ সংগ্ৰহ কৰি সিহঁতৰে সৈতে সমানে ৰণ দিম। যেনে সংকল্প তেনে কাৰ্য হ’ল। সিহঁতে পঢ়া বঙ্গলা পদ্যৰ কিতাপখন দুই-চাৰি দিনতে পঢ়ি আৰু সিহঁতে মুখস্থ কৰি থোৱা কবিতাকেইটা মুখস্থ কৰি পেলালোঁ। তেতিয়া সিহঁতে পদ্য মাতিলে ময়ো যেতিয়া সিহঁতেৰে সৈতে সমানে সেই পদ্য মাতি বা সিহঁতে মাতোতে লৰি আগবাঢ়ি কাউণ্টাৰফায়াৰেৰে (counterfire-এৰে) অর্থাৎ প্রত্যগ্নিৰে পদ্যাগ্নি নুমাবলৈ ধৰিলোঁ,আমাৰ ভিতৰত সংঘটিত পদ্য যুদ্ধখন স্থগিত হৈ শান্তি স্থাপিত হ’ল। কিন্তু কুইনিনে হেঁচা মাৰি ধৰি ৰখা মেলেৰীয়া জ্বৰৰ নিচিনাকৈ সোনকালে সি আন আকাৰেৰে দেখা দিবলৈ সৰহ দিন নালাগিল। ওপৰত কৈ অহা খণ্ডযুদ্ধত যদিও যোদ্ধা দুজন হাৰিছিল,সিহঁতে আকৌ শক্তি সংগ্ৰহ কৰি মোৰে সৈতে গেৰিলা-ৱাৰফেয়াৰ (guerrilla-warfare) অর্থাৎ অনিয়মিতভাৱে ‘হায়ৰানি যুদ্ধ’ আৰম্ভ কৰি দিলে। এই যুদ্ধত বঙ্গলা যাত্রা-গানৰ টেঙ্ক’ (tank) ওলাল। আমি শিৱসাগৰলৈ যোৱাৰ কিছুদিনৰ আগতে হেনো বৰপেটাৰ বিখ্যাত তিথিৰাম বায়নে তেওঁৰ বঙ্গলা যাত্রা-গানৰ-পালা লৈ উজনি দিগ্বিজয় কৰি ফুৰিছিল। বায়নৰেসই যাত্ৰাগানৰ অন্তৰ্গত ৰাধাৰ ‘মানভঞ্জন পালাৰ’ একো একোটা গানৰ একো একোটা বিকৃত টুকুৰা সুৰ-লয়-তাল শূন্য কৰি ‘গিৰি-গুহা-বন-নদী-সৰোৱৰ’ৰ ওপৰেদি দুয়ো হুৰ হুৰ কৰে চলিবলৈ ধৰিলে;আৰু তাৰ প্রবল গতিত মানভঞ্জনৰ গানবোৰ ডালেপাতে চূর্ণীকৃত হবলৈ ধৰিলে। সেই গীতবোৰৰ এডোখৰ কঙ্কৰ এতিয়াও মোৰ মনত গধুৰ হৈ পৰি আছে, যেনে –
ও ৰাই ! আগে প্রেম কৰিলি হেসে হেসে।
এখন কান্দ কেন নির্জনে বসে।

মই ভাবিলো,ই কি হ’ল! এইবাৰতো মোৰ আৰু ৰক্ষা নাই। মোৰ দেখোঁ পতং। তেতিয়ালৈকে মই কোনো বঙলা যাত্রা গান দেখা নাছিলোঁ,শুনা নাছিলোঁ। গতিকে এই musician সঙ্গীতজ্ঞ দুজনৰ হাতত মোৰ ঘাট অনিবার্য। মই দেখা আৰু শুনা অসমীয়া ভাৱনাৰ গীত-পদ-বাইক-বচন দুটা-এটা মাতি এই ভয়ানক ‘ধাক্কা’ চম্ভালিবলৈ প্রাণপণে চেষ্টা কৰিলোঁ হয়;কিন্তু প্রতিপক্ষই মোৰ সেইবোৰক ধূলি-মাকতি rubbish আৰু অসভ্য বুলি একে টিলিকিতে উৰাই দিলে;যদিও সিহঁতে তেতিয়ালৈকে কোনো ভাৱনা দেখা নাছিল। বঙ্গলা ভাষা,বঙ্গলা গান,বঙ্গালীৰ নিচিনাকৈ চুলি-কটা,চুৰিয়া-চোলা পিন্ধা,মুঠতে বঙ্গালী ‘ফেশ্যন’(fashion) আৰু everything Bengaliঅৰ্থাত যি কি নহওক সকলো বঙ্গালী আমাৰ অসমীয়াতকৈ যে শ্রেষ্ঠ,এই ৰোগে তেতিয়াৰ ডেকা তৰপৰ গাত ভালকৈয়ে ধৰিছিল;আৰু এই ৰোগৰ প্রকোপ ইমান বাঢ়িছিল যে ডাঙৰ ডাঙৰ সত্ৰবোৰত সুন্দৰ অসমীয়া অঙ্কীয়া ভাৱনাৰ লগে লগে নাইবা অঙ্কীয়া ভাৱনাক খেদাই নাট ৰচোতা গোসাঁই মহন্তসকলে বাৰেবাঙ্কৰা অশুধ বঙ্গলা ভাষাত নাট ৰচি,ভাৱনা কৰি,নিজক গৌৰৱাম্বিত আৰু দৰ্শকক সুখী বিবেচনা কৰিছিল। বৰবোৰ যেনি যায় সৰুবোৰো তেনি যায়, গতিকে ময়ো ভাবিলো যে মোৰ বঙ্গলা গানৰ অনভিজ্ঞতা অমাৰ্জনীয়। আকৌ ভাবিলো মোৰেইবা দোষ কি? ই বঙ্গলাআত্ৰাদেখিবৰ,বঙ্গলা গান শুনিবৰ সুবিধা কত পালোঁ যে মই ইহঁতৰে সৈতে সেই বিষয়ে সমানে জোৰ মাৰিম? ইয়াকে ভাবি মৌন হৈ, আকাৰে ইঙ্গিতে প্ৰতিদ্বন্দীসকলৰ ওচৰত ঘাট মানি শিৱসাগৰলৈ তিথিৰাম বায়নৰ পুনৰাগমনৰ প্রতিক্ষা কৰি “নিচুকি স্তম্ভিয়া ৰৈলোঁ।”

কিন্তু যি হওক, অচিৰতে আন আন সকলো বিষয়তে ঘৰৰ ল’ৰাবোৰৰ আৰু ওচৰ চুবুৰীয়াৰ সমবয়স্ক বালকবৃন্দৰ নেতাৰ স্থান মই অধিকাৰ কৰিলোঁ,আৰু সেই অধিকাৰত কোনো বিবাদী নহ’ল। মোৰ পৰিচালনাত পৰিপক্ক বালকবৃন্দেৰে সৈতে অনেক প্রকাৰ ৰং-ধেমালি আৰু খেলত মই পৈণত হৈ পৰিছিলো যেনে – হৈ গুদু, টাংগুটি, লুকুভাকু, পঁচি, কচুগুটি, বাঘ গৰু খেলা,গছত উঠা, বৰশী বাই মাছ ধৰা, ইত্যাদি ইত্যাদি। সেইকালত ফুটবল,হকী আৰু টেনিছ খেলে আমাৰ দেশত উকি মৰা নাছিল; অৱশ্যে ক্রিকেট খেলা দেখিছিলো, আৰু অলপ ডাঙৰ হৈ দুই-চাৰিদিন খেলিছিলোঁও। আমাৰ এটা পানীখোৱা পুখুৰী আছিল,আৰু সি আহল-বহলত পৰি মৰা বিধৰো নাছিল;অর্থাৎ সেইকালত তাক এটা বুজন বিধৰ পুখুৰীকেই বুলিব লাগে। বাৰিষা তাত পানী উপচি থাকিছিল,আৰু খৰালি পানী শুকাই সি কেটেঙাও নহৈছিল। বাৰিষা পর্বতৰ টিঙত যেনেকৈ ম’ৰাৰ আনন্দৰ চালি,বাৰিষা আমাৰো সেই পুখুৰীৰ পাৰত হাঁহি ধেমালি আৰু খিকিন্দালি। দিন নাই, ৰাতি নাই,সময় নাই,অসময় নাই,কাৰণ-অকাৰণত সেই পুখুৰীত আমাৰ নাদোৰ-সাঁতোৰ জাপ আৰু খৰ থিয়-সাঁতোৰ,চিলনী সাঁতোৰ আদি কত ৰকমৰ সাঁতোৰৰ আন্দোলনেৰে সেই পুখুৰীত হেন্দোলদোপ লগাইছিলো,তাক আমি জানিছিলো আৰু সেই পুখুৰীয়ে জানিছিল। বোধকৰো আমাৰ অতিৰিক্ত উৎপাতৰ প্রতিবাদ স্বৰূপেই হ’বলা,এদিন আবেদি সকলোৱে দেখি আচৰিত মানিলে যে হঠাৎ সেই পুখুৰীটো খলকিবলৈ ধৰিলে। চাৰিওফালৰপৰা পানীবোৰ,কিহে ক’ব নোৱাৰো, সামৰিনি পুখুৰীৰ মাজৰ নাদৰ ওচৰত গোটাই পৰ্বতৰ ওখ টিং যেন কৰিলে আৰু খন্তেকতে চাৰিওপৰৰ ফালে মাৰি পঠিয়ালে,আকৌ সেইদৰে চপাই ওখ কৰিলে,আকৌ মেলি দি চাৰিওপাৰ টোঁৱাই পেলালে,ঠিক যেন পুখুৰীৰ সাগৰৰ পানীৰ টোৰ উঠা-নমা আৰু আগবঢ়া পিছহোহকা। এনেকৈ দহ মিনিটমান আন্দোলিত হৈ পুখুৰীটোৱে আকৌ আগৰ সৌম্য শান্ত মূর্তি ধাৰণ কৰিলে। এইটো কিবা আধিদৈৱিক বা আধিভৌতিক উৎপাত বুলি ধৰি পিতৃদেৱতাই পণ্ডিত ব্রাহ্মণসকলৰ দ্বাৰাই ইয়াৰ পিছত স্বস্ত্যয়ন,শান্তিকৰম কৰোৱালে আৰু নামঘৰ বা গোসাঁই ঘৰত পাল-নাম গোৱালে। এই ঘটনাৰপৰা কিছুদিনলৈকে আমি সেই পুখুৰীত আমাৰ উৎকট জল-ক্রীড়া স্থগিত কৰি ৰাখিছিলোঁ,কিন্তু তাৰ পিছত – “যথা পূর্ব তথা পৰং।" সকলোতকৈ সৰহ সময় মই পানীৰ তলত বুৰ মাৰি থাকিব পাৰিছিলো আৰু একে বুৰতে চাৰিপৰীয়া পুখুৰীটোৰ এচুকৰপৰা diagonally আনটো চুকত ওলাইছিলোগৈ। পুখুৰীটোৰ এটা পাৰত একে ঠাইতে লগালগিকৈ এজোপা কঠাল, এজোপা তামোল আৰু এজোপা তেতেলি গছ আছিল। তেতেলি গছৰ ডালবোৰ পুখুৰীটোৰ পানীৰ ওপৰলৈকে মেল খাই গৈছিল। তেতেলিৰ ডালত উঠি তাৰপৰা জাপ মাৰি জপং কৰে পানীত পৰাটো মোৰ নিত্যকৰ্মৰ এটা কর্ম আছিল। পাৰৰপৰা ওলোটা খৰ মাৰি পুখুৰীত পৰাটোও মোৰ এটা বাহাদুৰীৰ কাম আছিল। মুঠতে ঘাটেদি বা সেবাটেদি পুখুৰীত নামি গা ধোৱা বা পুখুৰীৰ সৈতে ‘লেনদেন’’ কৰাটো মোৰ স্বভাৱবিৰুদ্ধ হৈ পৰিছিল।

মই সাঁতোৰা বিদ্যাত পৰিপক্ক হ’লোঁ যেতিয়া সঙ্গীসকলেৰে সৈতে যুক্তি কৰি একো একোদিন দিখৌ সেই কাৰ্য্য কৰিবলৈ ধৰিলোঁ। বাৰিষা দিখৌত সাপৰনেগুৰ ছিগা সোঁত। একো একেদিন তেনে দিখৌত পৰি সাঁতুৰি ইপাৰ-সিপাৰ হৈছিলোঁ। দিখৌৰ দুই পাৰে দুটা খুঁটা পুতি তাৰপৰা লোৰ তাঁৰ লগাই তাত পাৰ-নাওঁ বান্ধি মানুহ, ঘোঁৰা, গাড়ী আদি পাৰ কৰা হয়। বাৰিষা আমি সেই পাৰ নাৱত উঠি নৈৰ মাজ পাই তাত নাৱৰ পৰা খৰ মাৰি দি পৰি সাঁতুৰি পাৰ হওঁ। এইটো উজু কাম যে নহয়েই বৰং risky বিপদজনকেই বুলিব লাগে;কিন্তু মোৰ মনত ভয়-সংশয় একো নুপজিছিল। এই কাৰ্য কিন্তু আমি পিতৃদেৱতাৰ অগোচৰতহে কৰিছিলোঁ,কেনেবাকৈ তেওঁৰ গোচৰলৈ আহিলে শাস্তি পাইছিলোঁ।
বুদুৰাম মুক্তিয়াৰ নামৰ ভকত এজনক আমাৰ পুখুৰী পাৰতে ঘৰ দি দেউতাই ৰাখিছিল। তেওঁ কমলাবাৰী সত্ৰৰ ভকত আছিল। কমলাবাৰীৰ ভকতক সদায় পুৱা গধূলি একো কঠা চাউল দি আমাৰ ঘৰত পোহা পিতৃদেৱতাৰ এটা অখণ্ড কার্য আছিল। বুদুৰাম মুক্তিয়াৰক আমি সকলোৱে বুদু আতৈ বুলি মাতিছিলো আৰু শ্রদ্ধা আৰু সন্মান কৰিছিলোহঁক। তেওঁ বাঢ়ৈৰ কাম ভালকৈ জানিছিল। তেওঁৰ দ্বাৰাই আমি পমা কাঠৰ সৰু নাও এখন কৰাই লৈ পুখুৰীত নাও বাই ফুৰি,মাজতে আপোন ইচ্ছাতে নাওখন বুৰাই,পানীতে আকৌ সিঁচি লৈ তাত উঠি অপাৰ আনন্দ ভোগ কৰিছিলো। মোৰ এই নৌবিহাৰ ইমান বঢ়া-বঢ়িত পৰিছিলগৈ যে দেউতা শুলে জোনাক ৰাতি মনে মনে আহি নাও খেলাই ফুৰিছিলোঁ।“সৰ্দ্ধমত্যন্তং গহিতং” বুলি কোৱা কথাই ফলিল। এদিন ৰাতি সেই কার্য কৰি থাকোঁতেই হাতে-কলমে ধৰা পৰিলে,“ফলং প্ৰহাৰং” হ’ল আৰু পিছদিনা নাওখন forfeited অর্থাৎ জপৎ বা জৰিমনা হৈ কটা পৰিল আৰু দুই-চাৰি দিনতে সি বুদু আতৈৰ সহায় এখন তক্তাপোছ বা চালপীৰাত পৰিণত হল। ইন্দ্ৰৰ দোষত আশ্রম বিহাৰী অহল্যা সুন্দৰী পাষাণী হৈছিল,আৰু মোৰ দোষত আমাৰ জলবিহাৰী নাও-সুন্দৰী চালপীৰা হ’ল।

লগুণ-দিয়নি। একেদিনাই মোৰ আৰু মোৰ ভতিজা এটাৰ লগুণ-দিয়নি হৈছিল। যদিও প্রাইভেট (private) অর্থাৎ অশাস্ত্রীয় ৰকমে মোৰ কৰ্ণবেধ অর্থাৎ কাণ-বিন্ধনি কেতিয়াবাই হৈ,কাণৰ ভোমোলা পিন্ধাত সীহৰ কঁৰিয়া,খৰিকা আৰু কুহিলাৰেপৰা আৰম্ভ কৰি সোণৰ বাখৰ পতোৱা লংকেৰু পর্যন্ত সোমাই ওলমি টিঘিল ঘিলাইছিল, তথাপি অফিচিয়েলি’ (officially) অর্থাৎ শাস্ত্রীয় ৰকমে কর্ণবেধ আৰু চুড়াকৰণ আদি ব্রাহ্মণৰ দশসংস্কাৰৰ ভিতৰুৱা সংস্কাৰ সেইদিনা লগুণ-দিয়নিৰে সৈতেহে সমাপিত হৈছিল। এটা কথা এইখিনিতে কৈ থোৱা যাওক যে লগুণ-দিয়নিলৈ চাৰি-পাঁচ দিন থকাৰেপৰা দিনৌ আমাৰ টোলৰ ভিতৰত নিবাস কৰোতা অব্রাহ্মণসকলৰ বহাৰ পৰা অন্ন-ব্যঞ্জন ভোজনৰ অৰ্থে মোলৈ ভুৰি ভুৰি নিমন্ত্রণ আহিছিল আৰু মই আনন্দ মনেৰে নিমন্ত্রণবোৰ ৰক্ষা কৰি আত্মতুষ্টি আৰু পৰতুষ্টি সম্পাদন কৰিছিলো। এনে মূৰামুৰি সময়ত এনে নিমন্ত্ৰণৰ জাউৰি উঠাৰ অৱশ্যে মানে আছিল। – শাস্ত্ৰৰ বচন হৈছে “জন্মনা জায়তে শূদ্রঃ" অর্থাৎ উপজিবৰেপৰা যদিও মই বামুণৰ ল’ৰা,তথাপি শাস্ত্রমতে সংস্কাৰ নোহোৱালৈকে এজতুৱা শূদিৰ হৈয়ে আছিল যদিও এনেকুৱা শুদ্ৰত অমুক শৰ্মা পণ্ডিত বিদ্যানৰ বাপুৰ ঘৰৰ পখিলী নামৰ মেকুৰীজনীৰ মেকুৰীত্ব শৰীৰহে। অর্থাৎ পণ্ডিত বাপুদেউৰ মেকুৰীজনী যদিও বামুণৰ ঘৰৰ মাজাৰী, তথাপি তাই থিতাতে ওচৰ-চুবুৰীয়া কৈৱর্তৰ ঘৰত সোমাই পোৰা মাছ পইতা ভাত খাই জিভাৰ কোৱাৰি চেলেকি আহি,পণ্ডিত বাপুৰ ভাতৰ পাতৰ পৰাও তপত তপত ভজা মাছ লৈ যদিও দ্রুত গতিৰে প্ৰস্থান কৰে,তথাপি বাপুৰ বঢ়া ভাতে অশুচি হব নোখোজে; কাৰণ বাপুৱে বিৰালীৰ ব্যৱহাৰ দেখি কিংকর্তব্যবিমূঢ় নহৈ মার্জাৰী গমনে শুদ্ধি'বুলি মন্ত্র মাতি সেই অন্নকে শুদ্ধ কৰি লৈ,নাগ-কুৰ্মকে প্রমুখ্য কৰি পঞ্চ দেৱতাক অৰ্পণ কৰি পঞ্চগ্রাস কৰি ভোজন কৰাত ক্রটি নাই। যি হওক,“ সংস্কাৰাং দ্বিজ উচ্যতে” অর্থাৎ মোক লগুণ দিলেই মই দ্বিজ হম,আৰু দ্বিজ হ’লেই শূদিৰৰ ঘৰত ভাত খোৱাৰ স্বাধীনতা মোৰ নাইকিয়া হব;মই বামুণৰ শাৰীলৈ উঠিম,আৰু উঠিলেই চিৰকাললৈ মই শূদিৰ বন্ধুসকলৰপৰা বিহাৰত নহ’লে অন্ততঃ আহাৰত এৰা-এৰি হম;এই নিমিত্তে,অর্থাৎ মই বামুণ হোৱাৰ বিপদত বা সম্পদত পৰাৰ আগতে, মোক তেওঁলোকৰে এটা বুলি ইমানদিন ভাব কৰি আহোতা তেওঁলোকে ভালকৈ একো সাঁজ খুৱাই তৃপ্তিৰ ধাৰ শুজি লৈছিল।

শিৱসাগৰত ত্রিলোচন শৰ্মা নাজিৰ বুলি এজন ডাঙৰ পণ্ডিত ব্রাহ্মণ আছিল। তেওঁ সকলো বামুণীয়া বিধি-বিধান দিয়া কার্যত,আৰু শান্তি-কৰম,গ্রহযজ্ঞ,তিলহোম বটুকপাঠ,বিয়া-শৰাধ আৰুলগুণ-দিয়নি আদিকার্যত অতি পৰিপক্ক আছিল। সঁচাকৈয়ে ত্ৰিলোচন নাজিৰদেউ বৰ পণ্ডিত মানুহ আছিল। নাজিৰ আমাৰ ঘৰৰ পুৰোহিত আছিল। মোৰ লগুণ-দিয়নিত তেৱেই প্রধান দ্রষ্টা আছিল। অপ্রধান কার্যকাৰক আন আন অনেক পণ্ডিতৰে সৈতে,লম্বোদৰ নামেৰে বৃদ্ধ পণ্ডিত এজনৰ কথাও মোৰ মনত আছে। হোমৰ অন্তত লম্বো বাপুৱে যেতিয়া হাতত দুৰ্বা লৈ,শ্ৰুবৰ নালৰ তলিত হোমৰ ঘিউৰে সৈতে ভস্ম বা ছাই সানি সেই ভস্মৰ ফোট মন্ত্র মাতি আমাৰ কপালত দিবলৈ উদ্যোগ কৰিছিল,সেই উদ্যোগ-পৰ্বৰ অভিনয় দেখি,হাঁহিয়ে মোৰ পেটত আঙোৰ-পাঙোৰ কৰি মুখৰপৰা খুক্খুকনি তুলি দিছিল। পিতৃদেৱতাৰ এটা ভাবিয়েহে সেই বিদ্রোহী হাঁহিক দবাই তেতিয়া মোক প্রকৃতিস্থ কৰিব পাৰিছিল। হাঁহিৰ কাৰণটো অৱশ্যে মই কওঁ – লম্বো বাপু বুঢ়া মানুহ। তেওঁৰ হাত বৰকৈ কঁপিছিল। ‘কাণ্ডাত কাণ্ডাত প্ৰৰোহস্তী পুৰুষ: পুৰুষ: পৰি এৱা নো দুৰ্বেপ্ৰতনু সহস্ৰণে শতেন চ’(ইয়াৰ মানে – প্ৰত্যেক কাণ্ড বা গাঁঠিৰ পৰা দুৰ্বাঙ্কুৰ যেনেকৈ উদগত হয় আৰু পুৰুষ-পৰম্পৰাক্ৰমে বর্ধিত হয়, তুমি,হে দুর্বা। সেইদৰে বংশপৰম্পৰাক্ৰমে শত-সহস্ৰ বৰ্ধিত কৰা।) – বেদৰ এই শ্লোকটো মাতি লম্বো বাপুৱে যেতিয়া আমাৰ কপালত ভস্মৰ ফোট একোটা দিবলৈ গৈছিল,আমি পৱিত্ৰ ফোট লবলৈ তেতিয়া তেওঁৰ আগত আঁঠু কাঢ়ি আছিলোঁ। তেওঁ কঁপা হাতেৰে অতি কষ্টেৰে ফোট দিবলৈ গৈ, সেই ফোট ঠিক ঠাইত দিব নোৱাৰি, কাৰো চেলাউৰিত, কাৰো নাকত, কাৰো গালত, তেওঁৰ অনিচ্ছাস্বত্ত্বেও দিছিল; দিছিলমান, তেওঁ দিয়া ফোট আপোন মতলবেৰে য’তে ত’তে পৰিছিল। ফোটৰ এনে বিপৰীত বিন্যাস লক্ষ্য কৰি বেদমন্ত্ৰৰ উদ্দাত্ত-অনুদাত্ত স্বৰবিকম্পিত গাম্ভীৰ্য্যৰ ব্যোম ভেদ কৰি মোৰ খুকখুকীয়া হাঁহি বিষম বিদ্ৰোহী হৈ উঠিছিল। এই ব্যাপাৰটো ঠিক যেন – কোনো দ্বাপৰযুগীয়া পূজাৰীয়ে তেওঁৰ গোসাঁই-ঘৰত অকলৈ বহি শালগ্রাম বা দেৱতাৰ মূর্তিৰ আগত মৃদু কণ্ঠেৰে একান্ত মনেৰে স্তোত্র পাঠ কৰি থাকোঁতে সেই গোসাঁই-ঘৰৰ মূধচত জানিবা দুটা ডালশলিয়াৰ দ্বন্দ্ব-হাইৰ ধ্বনিৰে অকস্মাৎ সেই পৱিত্ৰ স্তোত্ৰৰ পৱিত্ৰাৱৰণ-ভেদ।

লগুণ-দিয়নিৰ অন্তত যেতিয়া টকলামূৰীয়া এডলীয়া টিকনীয়া ‘বাচ্ছা’ ব্রহ্মচাৰী ল’ৰা মই হাতত পলাশৰ ডাল এটাৰ দণ্ড,কমণ্ডলু আৰু ভিক্ষাৰ মোনা হাতত লৈ মাতৃদেৱীৰ আগত উপস্থিত হ’লোঁগৈ,আৰু “ভৱতি মাতৰ ভিজ্ঞাং দেহি!” বুলি তেওঁক ভিক্ষা মাগিলো,আৰু মোক বেঢ়ি থকা নামতী তিৰোতাবোৰে “-এ নাযাবা বৰাগী হৈ এ!"বুলি কৰুণ ৰসাত্মক গীত ধৰিলে,দেখিলোঁ মাতৃদেৱীৰ চকু চলচলীয়া হ'ল আৰু তেওঁ ৰিহাৰ আঁচলেৰে চকু মচিবলৈ ধৰিলে। কিয় ক’ব নোৱাৰোঁ,ততালিকে মোৰ চকুৰপৰা দুধাৰ লো বৈ গ’ল। মই তিনিদিনলৈকে এই ব্রহ্মচৰ্য ৰাখি অন্তত দণ্ড পৰিত্যাগ কৰিলোঁ। সন্ধ্যাৰ সৰু পুথি এখনৰ মন্ত্র এই তিনি দিনৰ ভিতৰত সম্পূৰ্ণকৈ মুখস্থ কৰিবলগীয়াত পৰিছিলোঁ। আৰু অগত্যা কৰিছিলোঁও। প্রথমদিন-চেৰেকলৈকে আনে দেখুৱাইদি মোক সন্ধ্যা কৰিবলৈ শিকাইছিল;পিছত নিজেই কৰিব পৰা হ’লোঁ।

তেতিয়া সন্ধ্যাৰ মন্ত্ৰবোৰ মোৰ মনত নগাৰ দোৱান যেন লাগিছিল; কাৰণ তাৰ মানে একো নুবুজিছিলোঁ; আৰু আনে বুজাইও নিদিছিল,অথচ মুখস্থ মাতি সেইবোৰেৰে সন্ধ্যা কৰিবলগীয়াত পৰিছিলোঁ;নকৰিলে হেনো ব্রাহ্মণ পতিত হয়। সেই দেখি প্রাণপণে সেই কার্য সমাপন কৰিছিলোঁ। মই অনেক কালৰ পিছতহে হৃদয়ঙ্গম কৰিছিলোঁ যে সন্ধ্যাৰ বেদমন্ত্ৰবোৰৰ মানে অতি সুন্দৰ; অথচ মোক আগে সেইবোৰৰ মানে কোনেও ভালকৈ বুজাই নিদি সেইবোৰক মোৰ পক্ষে সন্নিপাত জ্বৰত পৰা মানুহৰ বী-বিয়নি আৰু সন্ধ্যাৰ অনুষ্ঠানবোৰক সেই নৰিয়াৰে আনুষঙ্গিক বস্তু বুলি ভবা কৰি তুলিছিল। আগডোখৰত সেই দেখিয়েই মই দিনৌ পাঁজি মেলি আঁউসী একাদশী বিচাৰি ফুৰিছিলো, যাতে সন্ধ্যা খতি পাওঁ; কাৰণ "সায়ং সন্ধ্যা ন্যাস্তি” পাঁজিৰ বচন মোৰ পক্ষে স্বস্তি-বচন হৈ পৰিছিল।

প্রথমতে মোক বঙ্গলা স্কুলত নাম লগাই দিয়া হ’ল,একেবাৰেই তৃতীয় শ্রেণীত। সেইকালত অসমীয়াৰ মাতৃভাষা বঙ্গলা অসমীয়া ভাষাটো এটা স্বতন্তৰীয়া ভাষা নহয়,মাথোন বঙ্গলা ভাষাৰহে এটা হেনাহুচা মাত,এই ভ্ৰমৰ বশৱর্তী হৈ গৱর্ণমেণ্টে আসামত অসমীয়া ল’ৰাৰ নিমিত্তে “আদৰ্শ বঙ্গ বিদ্যালয়” নাম দি ছাত্রবৃত্তি পাছ কৰিবলৈ বঙ্গলা স্কুলবোৰ পাতি দিছিল। আমাৰ শিৱসাগৰতো ইংৰাজী স্কুলৰ ওচৰতে শাৰী পাতি এনেকুৱা মিছা ডাবীৰ ঢোকাৰে থিয় হোৱা আদৰ্শ বঙ্গ বিদ্যালয় এটাই বৰ ঘৰ,বৰ মেজ, বৰ চকী, বেঞ্চ লৈ,অসমীয়া কুমলীয়া ল’ৰাৰ কুমলীয়া মনৰ ওপৰত ঘেঁহু পিহা জাতৰ নিচিনা বঙ্গলা ভাষাৰ জাত এখন ঘৰ্ঘৰ কৰে ঘূৰাই আছিল। সেই স্কুলতে প্রথমতে মোৰ প্ৰৱেশ ঘটিল। তাৰ হেডপণ্ডিজন আৰু দ্বিতীয় পণ্ডিতজন বঙ্গদেশীয় তৃতীয় পণ্ডিতৰে পৰা আৰম্ভ কৰি তলৰ কেইজন অসমীয়া আছিল। হেডপণ্ডিতজনৰ নাম তাৰক বাবু (তেওঁৰ উপাধিটো পাহৰিলোঁ),দ্বিতীয়জনৰ নাম প্রাণকৃষ্ণ কৰ। যিজন তৃতীয় পণ্ডিতৰ তলত মই বঙ্গলা বিদ্যা উপার্জন কৰিবলগীয়াত পৰিছিলো তেওঁৰ নাম লম্বোদৰ আছিল। তেওঁ তেওঁৰ উপাধিৰ ঠাইত দত্ত নে দাস লেখিছিল,মোৰ মনত নাই;কিন্তু এই দুটাৰ এটা নিশ্চয় হ’ব। সেইকালত অনেক অসমীয়া শূদ্র জাতৰ মানুহে,বঙ্গালীৰ দেখাদেখি নিজৰ নামৰ লগত দত্তৰ নিচিনা বঙ্গালী উপাধি লগাই দিয়া দেখিছিলোঁ। তেওঁলোকৰ মনত এবাৰো বোধকৰোঁ খোলোৱা নাছিল যে দাস উপাধিটো শাস্ত্ৰমতে লেখিচলাইদিবপাৰিলেও,দত্ত উপাধি অসমীয়াৰ পক্ষে অচল। যি হওক,কোনো কোনো অসমীয়াইতো দত্ত হৈয়েই আহুকাল-খৰিয়ালৰ হাত সাৰি ডাঢ়ি-চুলি পকাই দিছিল। মাথোন এদিন এজন অসমীয়া দত্তৰ নাওখন দৈবাৎ এদিনা আমাৰ ঘৰত ঘপকৰে চটত লগা দেখিছিলোঁ। আমাৰ ঘৰৰ চৰাতে পর্বতীয়া গোসাঁইৰ সম্পৰ্কীয় এজন বঙ্গালী ভদ্রলোক বহি আছিল;এনেতে অসমীয়া দত্ত এজন উপস্থিত হ’লহি। তেওঁক সেই বঙ্গালী ভদ্রলোকজনেৰে চিনাকি কৰি দিয়াৰ পিছত, বঙ্গালীজনে তেওঁৰ নাম সুধি যেতিয়া দত্ত পালে,তেতিয়াই তেওঁ কোন খেলৰ,কোন মেলৰ দত্ত এইবোৰ প্রশ্নেৰে তেওঁক তহিলং কৰি পেলালে। দত্তই “আমতা আমতা” কৰি অলপ পৰ থাকিসভা ত্যাগ কৰিহে এই আহুকলীয়া অৱস্থাৰ হাত সাৰিছিল।

লম্বোদৰ পণ্ডিতৰ বৰণটো ক'লা, মুখত গুটি-সাচ আৰু বয়স ভৰ ডেকা আছিল। তেওঁৰ ছাতৰক পঢ়োৱা গঢ়টোও সেইকলীয়া স্কুলমাষ্টৰীয়া প্রথাৰে অভিন্ন আছিল। মই তেওঁৰ ৰুদ্ৰ তেজেৰে তাপিত হৈ তেওঁৰ অসমীয়া মুখৰ দ্বাৰাই উচ্চাৰিত হৈ জাত-এৰা বঙ্গলা শুনি, শিকি আৰু পঢ়ি, চকু মূৰ মুদি কোনোমতে এবছৰ কটাই দিছিলোঁ। মোৰ বঙ্গলাস্কুলীয়া জীৱনত ঘটা দুটা কথা মাথোন মনত আছে। এদিন মোৰ পেট কামুৰিছে বুলি মই হেডপণ্ডিত তাৰক বাবুৰ ওচৰত ছুটী ল’বলৈ গৈছিলো। তাৰক বাবুৱে মোক পাই আমাৰ কোমল-চাউল-ভোজনৰ বিৰুদ্ধে অনেক ৰসিকতা কৰি এটা বুজন বিধৰ বক্তৃতা শুনাই দিলে; কাৰণ তেওঁৰ সুযোগ উপস্থিত যে মোৰ ছুটীৰ দৰ্খাস্ত ‘পেচ কৰা’কাৰণটো পেট-কামোৰণি আছিল। হেড পণ্ডিত বাবুৰ বক্তৃতাৰ অন্তত মোৰ মনত খেলাইছিল যে কি লাজৰ কথা, কি ‘শৰমত মৰিবৰ’ কথা, যে আমি অসমীয়াবোৰে কোমল-চাউল খোৱাৰ নিচিনা অসভ্য কাম কৰোঁহক। অৱশ্যে এই ধিক্কাৰৰ কৰণটো মোৰ পেটৰকাৰণ নহয়; কিয়নো আমুকাই একো একোদিন তাতকৈও ডাঙৰ ডাঙৰ পেট কামোৰণি নাগাৰ্জ্জুনৰ বড়ি খাই অম্লানমনে হজম কৰিছিলোঁ, কাৰণটো হেডপণ্ডিতৰ বক্তৃতাৰ ফলত হোৱা জাতীয় দুষ্কাৰ্যৰ নিমিত্তে আত্মগ্লানিৰ পোৰণি। “আমাৰ আদৰ্শ বঙ্গবিদ্যালয়”ৰ আদৰ্শ বঙ্গালী হেডপণ্ডিত সর্ববিদ্যা-বিশাৰদ তাৰক বাবুৱে কোমল-চাউলক এনেকৈ কুকুৰে কাঁইট নোখোৱাকৈ যেতিয়া ককৰ্থনা কৰিছে আৰু সেই ককর্থনা তেওঁৰ বিদ্যাৱন্ত মুখ-নিঃসৃত, কোমল-চাউল খোৱাটো নিশ্চয় আমাৰ অসভ্যতাৰ চিন। দ্বিতীয়টো-আমাৰ শ্রেণীৰ দুষ্ট ল’ৰা এটাই এদিন মোৰ ক্ষেত্রতত্ত্ব (জ্যামিতি) কিতাপটোৰ পাত এটা (যিটোত ৫ম প্রতিজ্ঞা আছিল) মোৰ অসাক্ষাতে বেজী এটাৰে ফুটাই ঠকা-সৰকা কৰি দিলে। সিযে কিয় তেনে কৰিলে,তাৰ মনৰ কি ভাব মই বুজিব নোৱাৰিলো,অনুমান কৰোঁ সি সেই প্রতিজ্ঞাটো আয়ত্ত কৰিব নোৱাৰি সম্ভৱতঃ লম্বোদৰ পণ্ডিতৰ হাতত লাঞ্ছিত হৈ মোৰ কিতাপত থকা প্রতিজ্ঞাটোৰ ওপৰত সেইদৰে প্ৰতিশোধ ল’লে। যি হওক,শতছিদ্ৰযুক্ত পাতটিৰ লগে লগে মোৰ মনতো শোকৰ ছিদ্র এশটা হ’ল আৰু শতধাবিভক্ত ছিদ্ৰবোৰৰপৰা ততালিকে সন্মিলিত দুধাৰ লো বৈ গ’ল। কিন্তু কাৰো দ্বাৰাই সেই প্রবাহিনীৰ গতি পৰিলক্ষিত হৈছিল যেন মোৰ মনে নধৰে কাৰণ সান্ত্বনা বাক্যৰ শুকান কাপোৰৰ আঁচলৰূপী অগস্ত্যক আনি, কোনেও সেই প্ৰবাহিনীৰ প্রবল জল পান কৰি দিবৰ অৰ্থে মোৰ ওচৰত উপস্থিত কৰা নাছিল।

ইয়াৰ এবছৰ পিছত মোক ইংৰাজী স্কুলৰ তলৰ শ্রেণী এটাত নাম লগাই দিয়া হ’ল। শ্ৰীযুত লোকনাথ শৰ্মা নামেৰে এজন মাষ্টৰৰ তলত পৰিলোঁ। তেওঁৰ মতা নাম টেপু আছিল। টেপু মাষ্টৰ ভয়ানক disciplinarian অর্থাৎ নিয়ম-প্রিয় শিক্ষক আছিল। ল’ৰাক পঢ়োৱাতকৈ discipline-ৰ ফালে তেওঁৰ প্ৰখৰ দৃষ্টি। স্কুলীয়া নিয়মেই হওক বা ঘৰুৱা নিয়মেই হওক, সেইবোৰ নিখুঁতভাৱে ল'ৰাৰ দ্বাৰাই যাতে পালিত হয়, তাৰ নিমিত্তে তেওঁ যত্নশীল আছিল,যদিও সেই নিয়মবোৰৰ অধিকখিনি প্রচলিত পুৰণিকলীয়া অনিয়মৰ নামান্তৰ মাথোন। কোনো ল’ৰাৰ দ্বাৰাই ওপৰত কোৱা কোনো নিয়মৰ গাত আঁচোৰ এটা লাগিলেই তাৰ বেত্ৰাঘাত পৰিছিল। নিজৰ ঘৰতো কেতিয়াবা কোনো ছাতৰে যদি কোনো ঘৰুৱা নিয়মৰ ব্যতিক্রম কৰে – যেনে,ককায়েকৰ মুখে-মুখে উত্তৰা-উত্তৰ কৰা, দদায়েকে কিবা কৰিবলৈ পাচিলে নকৰা বা কৰিবলৈ গাফিলি কৰা, ইত্যাদি – আৰু সেই সংবাদ যদি কিবা স্বৰূপে মাষ্টৰ শ্ৰীযুত লোকনাথ শৰ্মাৰ গোচৰীভূত হ’ল, তেন্তে তাৰ বাবে পিছদিনা স্কুলত সেই ছাত্ৰৰ পিঠিত বা হাতৰ তলুৱাত তেওঁৰ দ্বাৰাই স্বহস্তদত্ত বেত্ৰাঘাত,নাইবা বেঞ্চৰ ওপৰত হোৱা শাস্তি। এই লেখকৰ কপালতো যে তেনেকুৱা কাৰণৰ নিমিত্তে তেনে বিধৰ দণ্ড দুদিন-এদিন নঘটিছিল,এনে নহয়। টেপু মাষ্টৰক লৈ আমি বৰ আহুকালত পৰিছিলোঁহক। তেওঁ ক্লাছত বহি থাকোঁতে,কেতিয়াবা থাকি থাকি,আমাক মাৰিবৰ কাৰণ উলিয়াবলৈকে হ’বলা,মুখখন ওফোন্দাই বা ওঁঠ দুটা বেঁকা কৰি আঙ্গিভঙ্গি কৰিছিল আৰু পাতল মনৰ আমি সেই অঙ্গিভঙ্গি দেখি হাঁহি সামৰিব নোৱাৰি হাঁহি দিছিলো আৰু হাঁহিলেই লাগিছিল লেঠা, তাৰ ফল-হাতৰ তলুৱাত বা পৃষ্ঠদেশত এটি বেতৰ মজলীয়া বিধৰ কোব। কিন্তু মুঠতে শ্ৰীযুত লোকনাথ শৰ্মা মাষ্টৰ ৰঙিয়াল মাষ্টৰ আছিল,আৰু আমি তেওঁক যে বেয়া পাইছিলোঁহক এনে নহয়।

শ্ৰীযুত ধর্মেশ্বৰ নামৰ আৰু এজন মাষ্টৰ আছিল। তেৱে কম ‘ডিছপ্লিনেৰিয়ান’ নাছিল; কিন্তু ওজনত তেওঁ পঢ়োৱাৰ জোখ বেছি আছিল দেখি ডিছিপ্লিন'ৰ ভৰ আমি কেঁকোজেঁকোকৈ সহিছিলোঁহক। তেওঁৰ মূৰটো টপা আছিল দেখি,আমাৰ ভিতৰৰ দুষ্টবোৰে তেওঁৰ নাম ৰাখিছিল ‘টপা মাষ্টৰ’ আৰু তেওঁৰ অসাক্ষাতে তেওঁৰ উল্লেখ সেই নামেৰেই কৰিছিল।

মতিলাল ঘোষ নামেৰে বঙ্গালী ছাতৰ এজনে প্রথম শ্রেণীত অর্থাৎ এণ্ট্ৰেঞ্চ ক্লাছত পঢ়িছিল। তেওঁক প্রথম ধ্রুবতৰাৰ দৰে কত বছৰ যে দেখিছিলোঁ,ঠিক নাই। তেওঁ কঁটীয়া আৰু ডঢ়ীয়া আছিল। তেওঁৰ মুখত ভোবোকাৰ ডাঢ়িৰ প্ৰভাৱ ইমান সৰহ আছিল যে তেওঁৰ মূৰটোতকৈ ডাঢ়িৰ ভৰ সৰহ,এই ভুল ধাৰণা অনেক কাললৈকে মোৰ মনত আছিল। তেওঁক মাজে মাজে আমাৰ শ্রেণীত পঢ়াবলৈ হেড়মাষ্টৰে পঠিয়াই দিছিল। মনত আছে, তেওঁ আহিলেই গোটেইটো স্কুলৰ চকু তেওঁৰ ফালে পোন হৈছিল; কাৰণ তেওঁ আহিয়েই ক্ষন্তেকৰ ভিতৰতে ইটোক “ Stand up on the bench, Sir” সিটোক “Go out of the class, Sir! You!” এনেবোৰ হুকুমৰ ভৈৰৱ নিনাদেৰে স্কুল ঘৰটো খলক লগাই পেলাইছিল।

শ্ৰীযুত গোপালচন্দ্র ঘোষ নামেৰে এজন মাষ্টৰে আমাক ওপৰ ক্লাছত পঢ়াইছিল। তেওঁ মৃদু স্বভাৱৰ আৰু সৰল প্রকৃতিৰ মানুহ আছিল। তেওঁলোক বহুকলীয়া আসাম প্ৰবাসী বঙ্গালী। আচাৰ ব্যৱহাৰ,মাত কথাত তেওঁলোক প্ৰায় অসমীয়াৰ নিচিনা হৈ গৈছিল। তেওঁৰ পিতাক ঠাকুৰদাস ঘোষক দেখা মোৰ এতিয়াও মনত আছে। ঠাকুৰদাস খামিক আৰু মৃদু স্বভাৱৰ মানুহ আছিল। গোপাল বাবুৱে আমাৰ ক্লাছলৈ আহি দিনৌ ছপা কৰা মানে কিতাপ এখন হাতত লৈ ক্লাছত য’ত বহোঁ তালৈকে, প্ৰথমটো প্ৰথমটো ল’ৰাটোৰেপৰা আৰম্ভ কৰি, মানে কিতাপখনত থকা শব্দবোৰৰ মানে এটাৰ পিছত এটাকৈ সুধি গৈছিল। আমি তেওঁৰ গতি বুজি জুৱাচুৰি বুদ্ধি উলিয়াই ক্লাছত য’ত বহোঁ তালৈকে,প্রথমটো ল’ৰাৰেপৰা লেখি আনি আৰু মানে থকা কিতাপৰ শব্দ বোৰো সেইদৰে লেখি আনি, কাৰ গাত কোনটো শব্দৰ মানে কোৱাৰ ভাৰ পৰিব সেইটো ঠিক কৰি লৈ মুখস্থ কৰি থওঁহক আৰু গোপাল বাবুৱে আমাৰপৰা টপৰ কৰে নিৰ্ভুল উত্তৰ পাই ভাবে ল’ৰাহঁতে বঢ়িয়াকৈ সিহঁতৰ ‘লেছন’ তৈয়াৰ কৰি থৈছে। এনেকৈ অনেকদিন চলি আছিল; আৰু আমিও ভটীয়া পানীত উটি গৈ আছিলোঁহক। কিন্তু এদিন বিধি বিবাদী হ’ল আৰু আমাৰ বিড়ম্বনা ঘটিল। গোপাল বাবুৰ বুকুত কিহে খুন্দিয়াই দিলে ক’ব নোৱাৰোঁ,তেওঁ সেই কৰালবন্ধা নিয়ম ভঙ্গ কৰি, মানে – কিতাপখন হাতত লৈ শব্দ-শ্ৰেণীৰ প্ৰাস নাৰাখি য’ৰে ত’ৰে পৰা মানে সুধিবলৈ ধৰিলে, ফলত আমাৰ ছত্ৰভঙ্গ হ’ল। আমাৰ ফলিয়া ৰণুৱাবোৰ বিদ্যাৰ পৰ্বতৰ গাৰ পৰা খহি পৰিবলৈ ধৰিলে। মনত আছে, গোপাল বাবুৱে মোৰ পৰা তেওঁৰ প্রশ্নৰ বলিয়ালি অৰ্থাত ভুল উত্তৰ শুনি লাহেকৈ তিৰস্কাৰ কৰি ক’লে “ আজি মদত খানাৰ পৰা এইফালে বতাহ মাৰিছিল নেকি?”মই সেই তিৰস্কাৰৰ আচল মৰ্মত যদিও তেতিয়া প্ৰবেশ কৰিব নোৱাৰিছিলোঁ,তথাপি এইটো বুজিছিলোঁ যে মাষ্টৰে মোক খুব শুনাই দিলে। যি হওক,সেইদিনাৰপৰা মই সকলো চালাকি পৰিত্যাগ কৰি লেছনটোৰ শব্দৰ মানে মুখস্থ কৰি তেওঁৰ সমুখ হ’বলৈ ধৰিলোঁ। ইয়াৰ পিছত দুদিন-চাইদিন গোপাল বাবুৱে আমাক মানে-কোৱা বিদ্যাত ঠিক পাই,আকৌ আগৰ ৰীতিলৈ উভতি গ’ল আৰু আমাৰ ভিতৰৰো অনেক পৰিত্যক্ত টেঙৰালি পুনৰ অৱলম্বন কৰিলে।

শ্ৰীযুত তোয়ধৰ শৰ্মা-পণ্ডিত নামেৰে পণ্ডিত এজন কিছুদিনৰ নিমিত্তে আমাক সংস্কৃত পঢ়োৱা পণ্ডিত হৈছিল। সংস্কৃতত তেওঁৰ প্ৰগাঢ় বুৎপত্তি আছিল। তেওঁৰ সাজপাৰ আমাৰ দেশৰ পুৰণিকলীয়া বিধৰ আছিল। এদিন তেওঁ মুগাৰ চুৰিয়া পিন্ধি আহি ক্লাছত বহিলতে আমাৰ ভিতৰৰ টপটপীয়া ল’ৰা এটাই মাত লগালে, “আজি ছাৰে (Sir) - চুৰিয়া পিন্ধি আহিছে।” এই কথা শুনি পণ্ডিতৰ বৰ খঙউঠিল আৰু তেওঁ ল’ৰাটোৰ ফালে চাই ক’লে, “হেৰ, তোৰ বাপেৰৰ ঘৰৰ মুগাৰ চুৰিয়া মই পিন্ধি আহিছোঁনে?” এই কথা শুনি দমি যোৱা দূৰত থাওক, কিয় ক’ব নোৱাৰো, ল’ৰাবোৰে গিজনি মাৰি হাঁহিবলৈ ধৰিলে। দুখৰ বিষয় সিহঁতৰ ভিতৰত এই লেখকে আছিল। পণ্ডিতে মোৰ পিতৃদেৱতাক বৰ সন্মান আৰু ভক্তি কৰিছিল আৰু পিতৃদেৱতাইও তেওঁক পুত্ৰৱতে স্নেহ কৰিছিল তাৰ ঘাই কাৰণ পণ্ডিত পিতৃদেৱতাৰ বন্ধু সুবিখ্যাত মিত্ৰধৰ অধ্যাপকৰ ছাত্ৰ আছিল। পণ্ডিতে আনবোৰক এৰি,মোৰ ফালে চাই বিৰক্তি প্রকাশ কৰি ক’লে—“তুমি সিংহৰ পোৱালি হৈ শৃগালৰ নিচিনা হ’লা কিয়?” মই সেই তিৰস্কাৰ শুনি লাজত তললৈ মূৰ কৰি ৰলোঁ আৰু সেইদিনাৰে পৰা আন আন দুষ্ট ল’ৰাৰ লগ নলওঁ বুলি মনতে সঙ্কল্প কৰিলোঁ।

বৰ আচৰিত কথা যে ইমানবোৰ শিক্ষকৰ তলত মোৰ বিদ্যা শিক্ষা ঘটিছিল,কিন্তু প্রকৃত শ্রদ্ধা,ভক্তি বা ভালপোৱাৰে এজনেও মোৰ মন আকর্ষণ কৰিব নোৱাৰিছিল। এইটো শিক্ষকসকলৰ গুণৰ ক্ৰটিৰ বাবতকৈও সেইকালৰ শিক্ষা-প্রণালীৰ দোষ বুলি ধৰিলেহে ঠিক হ’ব হ’বলা। যি হওক,ইয়াৰ এটা ব্যতিক্রম ঘটিছিল,এমাহমানৰ নিমিত্তে। শ্ৰীযুত কেশৱনাথ ফুকনে (যি পিছত তেজপুৰত হেডমাষ্টৰ হৈ সুখ্যাতিৰে কাম কৰিছিল) এমাহমানলৈ আমাৰ স্কুলত কাম কৰি আমাক পঢ়াইছিল। তেওঁৰ পঢ়োৱা প্রাঞ্জল প্রণালীয়ে আৰু মিষ্ট ব্যৱহাৰে আমাক তেওঁৰ প্রতি শ্রদ্ধাৱান কৰি তুলিছিল। দুখৰ বিষয়,তেওঁ আমাৰ স্কুলত সৰহদিন নাথাকিল।

আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টৰ আছিল বাবু বিষ্ণুচন্দ্র চক্ৰৱৰ্তী। তেওঁ দীর্ঘকাল অসম প্ৰবাসী বঙ্গালী। কিন্তু আশ্চৰ্য্যকৰ বিষয় যে তেওঁ এষাৰো অসমীয়া কথা ক’ব নাজানিছিল। তেওঁৰ তলত মই সৰহদিন পঢ়া নাছিলোঁ,কাৰণ মই ছেকেণ্ড ক্লাছলৈ উঠাৰ অলপ দিনৰ পিছতে তেওঁ বদলি হৈ গ’ল। তেওঁৰ সম্পর্কে মোৰ তিনিটা কথা মনত আছে – তেওঁৰ গোফটাৰ সৰ্বসাধাৰণ গোফতকৈ দীঘল। দ্বিতীয়টো,তেওঁ কথা কওঁতে খোনাই খোনাই কথা কৈছিল আৰু প্রত্যেকষাৰ কথাত “অ কৰ্চ” “অ কৰ্চ”(of course)শব্দটোৰ পোহ ইমানকৈ দিছিল যে শিৱসাগৰ জিলাৰ বানমুখ নামৰ গাঁৱৰ গাখীৰ বেচোঁতা মানুহে গাখীৰত পানী দি বেচিবলৈ অনা গাখীৰৰ দৰে তাত তিনি ভাগ “অ কৰ্চ” পানীৰ পোহ পৰিছিল। তৃতীয়টো,তেওঁ আনতকৈ যে ভালকৈ ইংৰাজী জানে,এইটো বুজাবলৈ দেশৰ মানুহৰ ইংৰাজীত ভুল ধৰি দেখুৱাই আমাৰ আগত পেংলাই কৰিবলৈ ভাল পাইছিল। গণিত বিদ্যাৰে সৈতে কিন্তু বিষ্ণুবাবুৰ সতিনী আঁহ আছিল বুলি ঘনে ঘনে নিজেই সেই কথা জাহিৰ কৰি সুখ লভিছিল।

আমাৰ হেডমাষ্টৰজনৰ নাম আছিল শ্ৰীশ্ৰীনাথ গুহ। আমাৰ দেশত যোৰাযোৰে শ্ৰী ব্যৱহাৰ কৰোঁতাসকলক কোনো সত্ৰৰ গোসাঁই বুলি মই জানিছিলো। সেইদেখি এযোৰ শ্ৰীৰে গুহ বাবুৰ চহীৰ বঙ্গল হস্তলিপি এখন এদিন দেখি,সৰুতে মই ভাবিছিলোঁ,যে আমাৰ হেডমাষ্টৰজনো বঙ্গদেশৰ কোনোবা এখন সত্ৰৰ গোসাঁই প্ৰভু বা অধিকাৰ পুৰুষ। অনেকদিনৰ মূৰতহে মোৰ এইবালক-সুলভ ভ্ৰম ভাগিছিল আৰু জানিছিলোঁ,যে শ্ৰীনাথৰ শ্ৰীটো নামটোৰেই অন্তগর্ত। শ্রীনাথ গুহ গা-গাৰিয়ে বৰ শকত-আৱত মানুহ আছিল আৰু তেওঁৰ বৰণটো একেবাৰেই কেতোৰ-ক’লা নহ’লেও দিব্য ক’লা আছিল। তেওঁৰ মাতৰ গুমগুমনিত শিৱসাগৰৰ ডাঙৰ স্কুলঘৰটোৱে দিনৌ থক থক কৰে কঁপি মোক কোৱা যেন শুনিছিলো- “আৰু মই নোৱাৰোঁ। দেউতা ঐ! মোৰ কাণ ফাটি যাওঁ ফাটি যাওঁ কৰিছে!” এঘাৰ বজাৰপৰা চাৰি বজালৈকে তেওঁ তেওঁৰ ক্লাছ প্রথম শ্রেণীত পঢ়াবলৈ নাহি স্কুলৰ সম্পর্কে লেখা-পঢ়াৰ কাম কৰিবলৈ থকা কাষৰ ঠাই এডোখৰত বহি desk work অর্থাৎ অফিচৰ কামত ব্যস্ত থাকিছিল আৰু মাজে মাজে থাকি থাকি ‘silence’অর্থাৎ চুপ বুলি বুকু কঁপি যোৱা প্রকাণ্ড গোঁজৰণিৰ ফৰ্মূটি গোটেইটো স্কুলৰ ছাত্রবৃন্দৰ উদ্দেশ্যে মাৰি পঠিয়াইছিল। মই বোধকৰোঁ, ওপৰতকৈ অহা মাষ্টৰ হ’বলৈ ক্ষন্তেকীয়া ক্ষমতা পোৱা,প্রথম শ্রেণীৰ ছাত্র মতিলাল ঘোষৰ সেই গোঁজৰণিও হেডমাষ্টৰীয়া গোঁজৰণিৰ হাস্যকৰ নকল মাথোন। যি হওক, শ্রীনাথবাবুৰ ‘ছাইলেঞ্চ’ নামৰ গোঁজৰণিৰ ধ্বনিত গোটেইটো স্কুলৰ ছাত্ৰ আৰু মাষ্টৰৰ মাত দুই তিনি মিনিটলৈকে মুখৰপৰা পলাই ফাট মাৰিছিল। এই গোঁজৰণিৰ আচল মানে হৈছিল “ছাত্ৰহঁত, তহঁতে ভাবিছ হ’বলা যে তহঁতৰ হেডমাষ্টৰে নিজৰ কাম লৈয়ে ব্যস্ত আছে,তহঁতৰ ফালে তেওঁৰ চকু নাই? সেইটো নহয়, তেওঁ সজাগ।” এই অৰ্থটো তেওঁ আৰু সুস্পষ্ট কৰিছিল এইদৰে,কোনো ক্লাছৰ কোনো ল’ৰাৰ ব্যৱহাৰত ক্ষুদ্র ব্যতিক্রম কেতিয়াবা তেওঁৰ চকুত পৰিলেই তেওঁ তেওঁৰ সেই সুদুৰস্থিত চকীৰ পৰা ঢেৰেকনিমাৰি “You! You!” অৰ্থাত তই! তই! বুলি তাক তেওঁৰ ওচৰলৈ মাতি নি, সোধ-পোছ নাই,তাক “এই হাত!” “সেই হাত!” বুলি হাত পাতিবলৈ কৈ তাৰ হাতৰ তলুৱাত বেতেৰে কোব লগাই দিছিল। এনে বেত্ৰাঘাতৰ সুখ ভোগ এই দুখীয়াৰ ভাগ্যতো এদিন ঘটিছিল।

আমাৰ ক্লাছত মহীকান্ত নামেৰে দুষ্ট ল’ৰা এটা আছিল। মোৰ দুভাগ্যৰ নিমিত্তে এদিন সি মোৰ ওচৰত ঠাই অধিকাৰ কৰি বহিলহি। মোৰ অমত আৰু আপত্তি অগ্রাহ্য কৰি, সি মোৰ সৈতে “পাঞ্জা লড়িবলৈ” অভিলাষ কৰি মোৰ হাতটো ধৰি টনা-আজোৰা লগাই দিলে। "পাঞ্জা যুদ্ধৰ’ এই উদ্যোগ পর্বটো পৰিল হেডমাষ্টৰৰ চকুত আৰু যাওঁ কলৈ ? প্রচণ্ড “You! You!” নিনাদে স্কুলঘৰ কঁপাই দি ততালিকে যুদ্ধ স্থগিত কৰি পেলালে। উভতি চাওঁ যে হেডমাষ্টৰ বাবুৱে অকল মোৰ ফাললৈহে সেই "ইউ" বজ্ৰ মাৰি পঠিয়াইছে। হৰি হৰি! ঘাই দোষী মহীকান্তৰ ফালে নহয়;সি সাৰিল! মই মতলীয় মানুহৰ দৰে থৰক-বৰক্ কৰে উঠি গৈ,ততালিকে হাতৰ তলুৱা পাতি দিলোঁ; আৰু তেখেতে তাত বেতৰ দুটি কোব বহুৱাই দি মোক আপ্যায়িত কৰি বিদায় দিলে। এনে অযথা বিচাৰ বা অবিচাৰ দেখি মনত ধিক্কাৰ লাগি,ক্লাছলৈ আহি,হিতোপদেশৰ এই শ্লোকটো মোৰ ছিলিটখনত লেখিলোঁ – “ন স্থাতব্যং ন গন্তব্যং দুৰ্জনেন সমং ক্কচিত্।” দুৰ্জনৰ লগত থাকিলে বা গ’লে,গছৰ ডালত কাউৰীৰ লগত বহা হাঁহটোৰ দশা ঘটে।

শ্ৰীনাথ বাবুৰ এটা পুতেক আছিল, তাৰ নাম অতুল। সি হেডমাষ্টৰৰ পুতেক, এই বাবেই observed of all observes অৰ্থাত গোটই স্কুলৰ সসভ্ৰম আৰু কুতুহলী চকুৰ বিষয় হৈছিল। অতুলেৰে সৈতে যি ছাতৰ বন্ধুতাৰ ডোলেৰে বান্ধ খাব পাৰিছিল বা অতুলে যাৰে সৈতে হাঁহি মাতি কথা কৈছিল,সেই ছাতৰৰ ভাগ্যক আনবোৰ ছাতৰে ঈৰ্ষাৰ লোলুপ দৃষ্টিৰে চাইছিল।

দুইমান বজাত হেডমাষ্টৰৰ ঘৰৰপৰা হেডমাষ্টৰ আৰু পুতেক অতুললৈ জলপান আহিছিল। হেডমাষ্টৰে পুতেকেৰে সৈতে স্কুলঘৰৰপৰা ওলাই গৈ বাহিৰৰ পৰালিত থিয় দি সেই জলযোগ সমাপন কৰিছিল। সেই বয়সতে মই ভাবি নাপাইছিলোঁ,কিয় হেডমাষ্টৰ বাবুৱে স্কুলঘৰৰ ভিতৰত,তেওঁৰ অফিচৰ এচুকত এখন আঁৰ-কাপোৰ বা আন ৰকমৰ আৰ দি লৈ সেই ভোজৰ ব্যৱহাৰ ব্যৱস্থাৰ কৰি নলৈছিল?এই প্রশ্ন মোৰ মনতে উঠি অনেক দিনলৈকে থাকি “উথায় হৃদি লীয়ন্তে" হৈছিল।

শ্ৰীনাথ বাবুৰ তলত মোৰ পঢ়া নঘটিল। কাৰণ মই প্রথম শ্রেণী পোৱাৰ আগতে শিৱসাগৰতে তেওঁ তেওঁৰ বিপুল বপুটি পেলাই থৈ পলাল। মই পঢ়িবলৈ পাইছিলো অসমৰ সুপ্রসিদ্ধ চন্দ্রমোহন গোস্বামী হেডমাষ্টৰৰ তলত। সকলো বিষয়তে এনে প্রগাঢ় পণ্ডিত চন্দ্রমোহন গোস্বামীৰ নিচিনা কোনো লোকে অসমত হেডমাষ্টৰী কৰা নাছিল। চন্দ্ৰত কলঙ্কৰ দৰে চন্দ্ৰমোহনৰ এটি কলঙ্ক আছিল, যে অতিৰিক্ত মদ্যপান। আচল চন্দ্ৰৰ দৰে চন্দ্রমোহনো মাহেকত দুই পক্ষ আছিল। তেওঁ মদ খাবলৈ আৰম্ভ কৰিলে ১৫ দিনমান একেৰাহে চলিছিল আৰু তাৰ পিছত ১৫ দিনমান একেবাৰেই শুকান বাৰে খৰ। তেওঁৰ নিৰামহীয়া কালডোখৰক মই শুক্লপক্ষ বুলিছিলো আৰু সিডোখৰক কৃষ্ণপক্ষ বুলিছিলো। বেজাৰৰ কথা এইটোহে যে,এই কৃষ্ণপক্ষতো তেওঁ একো একোদিন স্কুলত ভটং কৰে উদয় হৈছিলহি,আৰু ছাত্ৰবোৰে তেওঁৰ স্ফুর্তিৰ গঢ়-গতি দেখি আমোদ উপভোগ কৰিছিল। এদিন মনত আছে তেওঁ তেওঁৰ কৃষ্ণপক্ষৰ ভিতৰতে ঘপহকৰে স্কুলত ওলালহি লগতে বঙ্গলা স্কুলৰ হেডপণ্ডিত বাবু প্ৰাণকৃষ্ণ কৰ প্ৰাণকৃষ্ণ বাবু নিশ্চয় চন্দ্রমোহন বাবুৰ তদাৰক আৰু চম্ভালক হৈ আহিছিল। কিন্তু আচৰিত কথা যে গোস্বামী ডাঙৰীয়াৰ পট্‌লুঙৰ ভিতৰত থকা চুৰিয়াৰ পোন্ধটো যে পট্‌লুঙৰ ওপৰেদি ওলাই ওলমি আছিল,সেইটো গোস্বামী ডাঙৰীয়াৰ চম্ভালক কৰ বাবুৰ প্ৰফুল্লিত নয়ননিকৰত নপৰিছিল, পৰাহেঁতেন তেওঁ সেইটোকো সেইদৰে নিৰাশ্রয় কৰি নেৰি গোস্বামী ডাঙৰীয়াৰ পট্‌লুঙৰ ভিতৰতে ৰক্ষা কৰিবৰ এটা দিহা দিলেহেঁতেন। গোসাঁয়ে প্রথম শ্রেণীৰপৰা আৰম্ভ কৰি ষষ্ঠ শ্ৰেণীলৈকে পৰিভ্ৰমণ কৰি ছাতৰক কিতাপৰ পাঠৰ প্রশ্ন সুধি ফুৰিছে আৰু প্ৰাণকৃষ্ণ বাবু লগে লগে ছঁৰ দৰে ফুৰি সেই প্রশ্ন দোহাৰি (repeat কৰি) ল’ৰাক বুজাই দিছে অথচ এই গোটেই ডোখৰকালত বিদ্রোহী, জাতীয় (natural)চুৰিয়াৰ পোন্ধৰ অগ্রভাগে পতাকাৰ ৰূপ ধৰি বিৰাট বৃটিছ গৱর্ণমেণ্টৰ স্কুলৰ বিজাতীয় ‘ইউনিয়ন জেক’ পতাকাৰ স্পিৰিট বা আত্মাক অগ্রাহ্য আৰু সম্ভৱতঃ অমান্য কৰি উত্ৰাৱলভাৱে উৰি ফুৰিছিল,কিন্তু তাৰ ফালে কৰ বাবুৰ চকু নাই। দৃশ্যটো দেখি,গোটেইটো স্কুল ছাতৰৰ suppressed হাঁহিৰ অর্থাৎ হেঁচা মাৰি ধৰি থকা হাঁহিৰ হেচাত অধীৰ। যি হওক,ইয়াৰ পিছত স্কুলৰ ছেকেণ্ড মাষ্টৰ আৰু মোৰ সহপাঠী প্রথম শ্রেণীৰ ছাত্র গোস্বামী ডাঙৰীয়াৰ পুতেকে গোস্বামীক ঘৰলৈ লৈ গৈ সেই দৃশ্যপট পৰিৱর্তন কৰি দিলে।

বিদ্যাৰ গৌৰৱত চন্দ্রমোহন গোস্বামী পূর্ণিমাৰ জোন যেন আছিল। তেওঁ আমাৰ শেষ ভক্তি-শ্রদ্ধা আকর্ষণ কৰিছিল। কলেজত শিক্ষা শেষ কৰি সংসাৰত সোমাই বিষয়ী হৈও যেতিয়াই অসমলৈ গৈছোঁ বা যেতিয়াই কলিকতাত গোস্বামী ডাঙৰীয়াৰ সৈতে মোৰ দেখা হৈছে,তেতিয়াই তেওঁৰ ওচৰত মোৰ ভক্তিপূর্ণ মূৰ দোঁ খাইছে। তেওঁৰো পুৰণি ছাত্ৰ মোৰ প্ৰতি সদায় অশেষ স্নেহ থকাটোৰ নিদৰ্শন পাইছিলোঁ। ‘জোনাকী’আৰু ‘বাঁহীত’ওলোৱা মোৰ প্ৰবন্ধবোৰ তেওঁ পঢ়ি আমোদ পাইছিল আৰু সেইবোৰৰ বিষয়ে মোৰ সৈতে দেখা হ’লে,মোৰ আগত মতামত প্ৰকাশ কৰিছিল।মোৰ বিয়াৰ কিছুমান দিনৰ পিছত তেওঁৰে সৈতে এবাৰ কলিকতাত মোৰ দেখা হৈছিল। তেওঁ in a fatherly way অর্থাৎ বাপেকে পুতেকক উপদেশ দিয়াৰ দৰে মোক কৈছিল- “ঠাকুৰবাড়ীত তুমি বিয়া কৰাই ভাল কৰিছা। মই বৰ সন্তোষ পাইছোঁ। তেওঁলোকৰ পৰিয়াল বঙ্গদেশত বৰ aristocratic (সম্রান্ত)। কিন্তু সেইবুলি তুমি তেওঁলোকৰ আগত এচুলমানো হীনতা অনুভৱ আৰু প্রকাশ নকৰিবা; কাৰণ এইটো মনত ৰাখিবা যে তেওঁলোকৰ দেশত তেওঁলোক বংশগৌৰৱত যেনেকৈ ডাঙৰ,তোমাৰ দেশতো তুমি তেনেকুৱা।” মই অশ্ৰু-গদগদ লোচনেৰে মূৰ দোঁৱাই তেওঁৰ কথাৰ মৰ্যাদানুভৱ কৰি appreciation জনালোঁ। -