SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
লম্বোদৰ ডেকা

দেওবাৰ। ৰাতিপুৱা ৭ বজা। এখোজ-দোখোজকৈ পায়চালি কৰি লাহে লাহে ৰঘুনাথ চিৰস্তাদাৰৰ ঘৰ পালোঁগৈ। দেখোন চিৰস্তাদাৰ ডাঙৰীয়াই হৰিদেউ ফয়চলা নবিচৰে সৈতে বহি দবা খেলত নিমগন। ইমান পুৱাই তেওঁলোক খেলত বলিয়া হোৱাটো বাস্তৱতে মোৰ মনত অলপ অদ্ভুত যেন লাগিল। হৰিদেউ খেল-পগলা মই জানো; কিন্তু আমাৰ চিৰস্তাদাৰ ৰঘুনাথও যে তলে তলে সেই কাৰ্য্যত ইমানদূৰ আগবাঢ়িছে এই কথা ইয়াৰ আগেয়ে মোৰ জনা নাছিল। মই চিৰস্তাদাৰৰ চ'ৰাঘৰ সোমায়েই তেওঁলোকক ইংৰাজী মতে "গুড্‌মৰ্ণিং" অৰ্থাৎ সুপ্ৰভাত বুলি সভাষণ কৰিলোঁ। চিৰস্তাদাৰে সম্ভাষণ শুনি মোৰ ফালে কেৰাহিকৈ চাই এধা-মৰা মিচিকীয়া হাঁহি এটাৰ এডোখৰ মাৰি তিনি ঠেং আছে এঠেং নাই, এনে এখন মাচিয়াৰ ফালে চকু পিৰিকিয়াই দেখুৱাই মোক বহিবলৈ অনুমতি দিলে। কিন্তু সিজন খেলুৱৈৰ মোৰ ফালে মূৰ দাঙি চাবলৈকো আহৰি নহল। মই অলপ পৰ টলকা মাৰি বহি থাকি দেখিলোঁ, গতি বিষম। মাত লগালোঁ, "চিৰদ্দাৰ ডাঙৰীয়া, চিৰদ্দাৰ ডাঙৰীয়া এখন্তকমান আপোনাৰ আহৰি হবনে? মই কথা এষাৰ সুধিবলৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ।" চিৰস্তাদাৰ মূৰ নদঙাকৈয়ে উত্তৰ দিলে, "হব কওক, কি কথা?" মই কলোঁ, "দুৰ্ভগীয়া লম্বোদৰ ডেকাটোক আপোনালোকে কি কৰিবৰ দিহা কৰিছে? সি নিগমে বুৰিল নহয়। তাৰ এটা গতি নকৰিলে হব কেনেকৈ!"

চিৰস্তাদাৰে দবা-বৰিৰ ওপৰতে পূৰাকৈ চকু ৰাখি আৰু মোৰ ফালে আদখিনীয়াকৈ মন দি উত্তৰ দিলে, "কৰিম গতি, নৌকাৰে তাক খেদি দি গজেৰে মাৰিম।" মই মিচিকীয়া হাঁহি মাৰি মাত লগালোঁ, "কি তাক নৌকাৰে খেদিব গজেৰে মাৰিব সি এনেই মৰিয়েই আছে।" ইমানখিনি বেলিৰ পিচত হৰিদেউ ফয়চলানবিচে হঠাৎ মাতি পেলালে, "কাৰ গজে তাক মাৰিব পাৰে হেঁ? মোৰ এইটো বৰি এই ঘৰত, সেইটো ঘোঁৰা সেই ঘৰত!"

মই দেখিলোঁ এওঁলোকৰ ৰোগ বিষম। ত্ৰিদোষী বুলিলেই হয়। এওঁলোক খেলত ইমান মগন হৈ আছে যে, এওঁলোকক ধৰ্ম্মতঃ হিন্দী মাতেৰে "বেহুচ" বুলিব পাৰি। এনেস্থলত স্থান পৰিত্যাগেই নীতি, শাস্ত্ৰৰ উপদেশ। এই ভাবি মই ৰাম বিষ্ণু একোকে নুবুলি সাউৎকৰে উঠি দুৱাৰমুখ পালোঁগৈ। হঠাৎ চিৰস্তাদাৰে যেন সাৰ পালে। তেওঁ ব্যস্ত হৈ মোৰ ফালে চাই মাত লগালে, "নেযাব, আপুনি খং কৰি কলৈ যায়, আমাৰ খেলৰ অন্ত পৰিল, আৰু সৰহ বেলি নাই, বহক।" মোৰ মনত আকৌ অলপ আশাৰ সঞ্চাৰ হ'ল, আৰু আমাৰ দেশৰ বুঢ়া লোকৰ কথাষাৰও মনত পৰিল যে, "নুবুৰে মানে বাবা, নমৰে মানে চাবা।" গতিকে মই আকৌ উভতি আহি, আগৰ সৌ ত্ৰিপদী চকিক মোৰ ভৰি এখনেৰে ঢোকা দি চতুষ্পদী কৰি লৈ নিজৰ বহুমূলীয়া মূৰ হাত আদি অঙ্গ-প্ৰত্যঙ্গ কেইটাক নিৰাপদে তাৰ ওপৰত ৰাখিবৰ দিহা কৰি বহি গলোঁ। কিন্তু দুখৰ কথা কি কম, খেলমতলীয়া চিৰস্তাদাৰ নিমিষতে খেলত ভোল গল আৰু মোৰ সমাজিকৰ গৰৈমাছটোও থিতাতে জানিবা হাতৰ পৰা পিচলি পানীত পৰিল। মই মনে মনে নিশ্চয় কৰিলোঁ যে, ই কথাও কথা নহয়, এইবাৰ মই সুৰুঙা পালেই নিশ্চয় সৰকি পৰিম আৰু এওঁলোকৰ ওচৰত নেথাকোঁ। এই সঙ্কল্প কৰি থাকোঁতেই, ধৰ্ম্মেশ্বৰ পেচকাৰৰ পুতেক মৰ্ম্মেশ্বৰ ভটংকৰে তাত ওলালহি। মৰ্ম্মেশ্বৰে কলিকতাত বি-এ মহলা দি ঘৰলৈ উভতি আহিছে, আৰু বন্ধু-বান্ধৱ আদিক দেখা কৰি ফুৰিছে। মৰ্ম্মেশ্বৰক দেখি চিৰস্তাদাৰে "বোপা আহাঁ আহাঁ" কৈ মাতি বহুৱালে, আৰু কলে, "বোপা আহিলা ভালেই হল, তেখেত একৰকম অকলৈ থকাদি আছিল, তুমি তেওঁৰে সৈতে দুই-চাৰি আষাৰ কথা পাতাঁ, আমি এতিয়াই আহৰি পাম, আমাৰ হলেই ধৰাঁ।"

মই মৰ্ম্মেশ্বৰ বোপাৰ ফালে চাই কলোঁ, "এৰা বোপাদেও, এওঁলোকৰ ওচৰলৈ দুৰ্ভগীয়া লম্বোদৰ ডেকাৰ বিষয়ে মই পৰামৰ্শ কৰিবলৈ আহিছিলোঁ; কিন্তু এওঁলোক খেলত ইমান মজি আছে যে, সি হৈ উঠাৰ আগন্তুক নাই। এওঁলোকৰ গঢ়-গতি দেখি মই গুচিয়েই যাব খুজিছিলোঁ, এনেতে কি ভাগ্য তুমি আহি ওলালা। সি যি হওক বোপা, তুমি কেতিয়া আহিলা? গা ভাল?"

মৰ্ম্মেশ্বৰ ।- "কালি পালোঁহি। গা ভাল। আপোনাৰ গা ভাল নে?"

মই সন্তৰ্পণে উত্তৰ দিলোঁ, "ঈশ্বৰৰ কৃপাত ভাল।"

মৰ্ম্মেশ্বৰ ।- "কি লম্বোদৰৰ কথা কৈছিল আপুনি? কোন লম্বোদৰ? তেওঁৰ কি হল?"

মই উত্তৰ দিলোঁ, "এ বোপা, তুমি শুনা নাই হবলা? কিনো কম, কিনো শুনিবা।"

মৰ্ম্মেশ্বৰ ।- "কওকচোন কওক!"

"শুনা তেন্তে" এই বুলি কবলৈ ধৰিলোঁ।

"মাহীমেলীয়া বৰুৱাৰ ঘৰৰ ল'ৰা লম্বোদৰ ডেকাৰ নাম অৱশ্যে তুমি কলিকতালৈ যোৱাৰ আগেয়ে শুনিছিলা। তেওঁ মহা বিপাঙত পৰিছে। আজি দুমাহমানৰ আগেয়ে এটা গোচৰৰ আপীল কৰিবলৈ তেওঁ গুৱাহাটীলৈ যাবলগীয়া হৈছিল। সেই সময়ত গুৱাহাটীলৈ বেহা বেপাৰ কৰিবলৈ যোৱা নাও এখন পাই তেওঁ তাকৰীয়া খৰচতে কাৰ্য্য সিদ্ধি হব ভাবি, নাৱৰীয়াহঁতক অলপ দিম-থম বুলি বন্ধৱস্ত কৰি সেই নাৱতে গুৱাহাটীলৈ যাবলৈ বুলি উঠিল। নাওখন আহঁতগুৰি পাইছেগৈ, এনেতে বিধিৰ বিপৰীত বিধান, তেওঁৰ তিৰ্‌কঁপে জ্বৰ উঠিল। সেই জ্বৰেই নেৰানেপেৰাকৈ তেওঁক তিনি দিন অজ্ঞান কৰি পেলাই থৈছিল। জ্বৰটো অলপ কমিলত তেওঁ জ্ঞান পাই 'ভোক ঔ পিয়াহ ঔ' কৰিবলৈ ধৰিলে। নাৱৰীয়াহঁত বিবুদ্ধি। সিহঁতে বামুণৰ মুখত ভাত-পানী কেনেকৈ দিয়ে! সিহঁতে হাতযোৰকৈ কলে, 'ডেকাদেও, আমি শুদিৰ মানুহ; কেনেকৈ আমি ৰন্ধাভাত আপোনাৰ মুখত দিওঁ? আমি বিবুধি সাগৰত পৰিছোঁ; অথচ আপোনাৰ গাতও শকতি নাই যে আপুনি উঠি নিজে এমুঠি ভাত ৰান্ধি খায়।' নাৱৰীয়াহঁতৰ কথা শুনি লম্বোদৰে শেহাই শেহাই কলে, "ককাইহঁত! জাতটো পিছৰ কথা। সম্প্ৰতি ভাতৰ মণ্ড এটোপা মোৰ মুখত নিদিলে মোৰ প্ৰাণ যায়।' নাৱৰীয়াহঁতেও আলচ কৰি থিৰ কৰিলে যে তেওঁৰ মুখত ভাতৰ মণ্ড এটোপা দিয়াৰ কৰ্ত্তব্য নতুবা সিহঁতৰ গাত ব্ৰহ্মবধ পাতক লাগিব। ইয়াৰ পিচতো সিহঁতে তেওঁক দিনৌ একো মুঠি ভাত ৰান্ধি খুৱাই ঢোকা-ভেজা দি কোনো মতে গুৱাহাটী পোৱালেনি। গুৱাহাটী পাই লম্বোদৰে চিনাকি মানুহ এঘৰত কিছুদিন থাকি লাহে লাহে গা টঙালে, আৰু তাৰ পিচত গোচৰৰ আপীল কৰি গোচৰ জিকি ঘৰলৈ উভতি আহিল! কিন্তু উভতি আহি তেওঁৰ অথন্তৰ মিলিল। তেওঁ ঘৰ পোৱাৰ দিনচেৰেকৰ পিচতে কেনেবাকৈ ঘুনুকঘানাক বাতৰি ওলাল যে, লম্বোদৰে গুৱাহাটীলৈ যাওঁতে বাটত হীন জাতৰ হাতে ভাত খালে। সকলোৱে এই কথা শুনি চাৰিওফালে বী-বিয়াবলৈ ধৰিলত, ৰাইজে মেলত বহি লম্বোদৰৰ জাত গল বুলি তেওঁক এঘৰীয়া কৰি এৰিলে। লম্বোদৰ নিঠৰুৱা হল, তেওঁৰ মূৰত হঠাৎ আকাশী চৰগ ভাগি পৰিল আৰু তেওঁৰ বন্ধু-বান্ধৱ মিতিৰ-কুটুম কোনেও তেওঁৰ ছাঁ নমবা হল। দৈৱদুৰ্বিপাকত পৰি লম্বোদৰ ডেকা আজি খুদমগনিয়াৰ আৰু বাটৰ বলিয়া। আজিকালি তেওঁ বলিয়াৰ দৰে কিবাবিলাক বলকি বাটে বাটে টৌ টৌ কৰে ঘূৰি ফুৰে। বপুৰাৰ দশা দেখিলে চকুৰ পানী নুটুকি থাকিব নোৱাৰি। নৰিয়াত পৰি নোৱাৰা পক্ষত তেওঁ হীন জাতৰ হাতে ভাত খালে বুলি পৰাচিত হৈও জাত পাব নোৱাৰা হল নে? এনে অন্যায় ব্যৱস্থা কত দেখিছা কত শুনিছা! হিন্দু শাস্ত্ৰ হিন্দু ধৰ্ম্মৰ 'দোহাই' দি আমাৰ দেশৰ এই পণ্ডিত নাম খোৱা মূৰ্খখনে মানুহক লৈ-লৈ থৈ-থৈ কৰি মাৰিব পায় নে বাৰু, কোৱাচোন বোপা? দুৰ্ভগীয়া লম্বোদৰক উদ্ধাৰ কৰিবলৈ কিবা দিহা কৰিব লাগিব বুলি আলচ কৰিবলৈহে মই এই পুৱাই আমাৰ চিৰস্তাদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ। মানুহটোক পৰাচিত-তৰাচিত কিবা এটা কৰি ভাল কৰিব পাৰি-বা-চাৰি; অন্ততঃ কৰাটো উচিত। আমাৰ আধা-খুন্দা পণ্ডিতহঁতে ব্যৱস্থা নিদিয়ে নাই, শাস্ত্ৰই দিব, ধৰ্ম্মই দিব, ঈশ্বৰে দিব, ন্যায় আৰু বিবেক বুদ্ধিয়ে দিব। তেওঁৰ মিছা বন্ধু-বান্ধৱে গোট খাই তেওঁক ধ্বংস কৰিবলৈ ধৰিছে। কিন্তু যেয়ে যিহকে কওক, আমি চেষ্টা কৰি মানুহটোক ৰক্ষা কৰিব লাগিব, নতুবা আমাক ঈশ্বৰে দণ্ডিব; এই কথা নিশ্চয়!"

মৰ্ম্মেশ্বৰ ।- "নিশ্চয়, নিশ্চয়, এশবাৰ নিশ্চয়! এইটো By Jove! বৰ অন্যায় কথা। What the world is coming to! –I beg your pardon মোক আপুনি 'মাফিব' অৰ্থাৎ ক্ষমা কৰিব বুজিছে নে, মই ইংৰাজী ফোলোৱাটো proper মানে উচিত হোৱা নাই, এইটো slip of tongue অৰ্থাৎ জিভাৰ পিচলনি। মই কৈছিলোঁ, ইন্দ্ৰৰ শপত! সংসাৰখন কিহৰ ফালে গৈছে কব পাৰে নে? আমি প্ৰাণপনে মিষ্টৰ ডেকাক ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। নিশ্চয়, নিশ্চয়।"

এনেতে চিৰস্তাদাৰৰ খেলৰ ওৰ পৰিল। তেওঁ "কি হৈছে" বুলি সোধাত, মই লম্বোদৰ ডেকাৰ বিষয়ে কি কৰা যাব বুলি তেওঁক সুধিলোঁ। তেওঁ কলে, "কৰিব একো নোৱাৰি। হিন্দু ধৰ্ম্মৰ মতে তেওঁৰ জাত গল, আৰু উদ্ধাৰ নাই। হীন জাতৰ ভাত খালে বামুণৰ জাত কত থাকে হেঁ?" মই উত্তৰ দিলোঁ, "যতে থকা উচিত ততে থাকে। অপাৰগ পক্ষত বামুণে বিজাতিৰ হাতে ভাত খালেও তেওঁৰ জাত নেযায়। যোৱা উচিত নহয়। হিন্দু ধৰ্ম্ম উদাৰ ধৰ্ম্ম। আপোনাসকলেহে তাৰ মৰ্ম্ম নুবুজি তাক অনুদাৰ পাতিছে।"

খেল-পগলা ফয়চলানবিচে দেখোন এনেতে মুখ বজাই উঠিল, "নেথাকে হেঁ, জাত নেথাকে। তুমি হিন্দু ধৰ্ম্মৰ বিষয়ে একোটো নোজানা। হিন্দু ধৰ্ম্মৰ ওপৰত মতামত প্ৰকাশ কৰাটো তোমাৰ অনধিকাৰ চৰ্চ্চা।"

মই খঙতে পকি-জকি উঠি উত্তৰ দিলোঁ, "অনধিকাৰ চৰ্চ্চা যদি কাৰবাৰ, সেইটো আপোনাৰহে। আপুনি খেলৰ বাহিৰে আন কিবা জানে বুলি মই নেজানো। আপুনি হিন্দু ধৰ্ম্মৰ সম্পৰ্কে যদি কিবা জানিলেহেঁতেন তেন্তে এনে ঠেক মনৰ কথা নকলেহেঁতেন। আপুনি জনা শাস্ত্ৰ হিন্দু শাস্ত্ৰ নহয়, সেইখন ঢেকিঠোৰা শাস্ত্ৰহে। হিন্দু শাস্ত্ৰই মানুহক খুন্দি গুড়ি কৰিবলৈ নকয়, ঢেকিঠোৰা শাস্ত্ৰইহে তেনে ব্যৱস্থা দিয়ে। এই কথা সহজ জ্ঞানেই ৰিঙিয়াই কব লাগিছে। কিন্তু চিৰস্তাদাৰ ডাঙৰীয়া আৰু ফয়চলানবিচ ডাঙৰীয়া, আপোনালোকে এই দেশত এৰাগছেই গছ হৈছে, হওক তাত আপত্তি নাই, আৰু আপোনালোকে ভোটৰকচু মূৰ্খ পণ্ডিতেৰে সৈতে গোট খাই দুখীয়া লম্বোদৰক পিঙত দিছে দিয়ক, কিন্তু ঈশ্বৰে আপোনালোকক ইয়াৰ প্ৰতিফল দিব নিশ্চয় জানিব।" এই বুলি মই একেচাবেই তাৰ পৰা উঠি গুচি আহিলোঁ।