SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
নিস্তাৰিণী দেৱী বা ফাতেমা বিবি

দেওবাৰ, দুপৰীয়া। পৰক আপোনাৰ কৰি, অৰ্থাৎ পানীৰ মাছ, পথাৰৰ ভাত, বাৰীৰ শাক পাচলি, বজাৰৰ লোণ তেলক অন্তৰঙ্গ বন্ধু কৰি লৈ, অৰ্থাৎ পোনাই কবলৈ গলে, ওপৰত কোৱা বস্তুবোৰ দকচি এপেটকৈ খাই উঠি, "ইজিচেয়াৰ" বা "আৰামচকি" এখনৰ ওপৰত পূৰ্ণ বিশ্বাস স্থাপন কৰি সম্পূৰ্ণৰূপে ভৰ দি, নিজৰ হাত ভৰি মূৰেৰে সপৰিবাৰ শৰীৰটো তাত থাপি, বনৰীয়া উতনুৱা ছটা বাৰৰ লগৰীয়া ঘৰচীয়া জাতি দেওবাৰটোক নথৈ শলাগি, আদখিনি মেলা আদখিনি জপোৱা চকুৰে দেহাৰূপী বৰঘৰটো আন্ধাৰ পোহৰ কৰি থাকি, নলিচা লগোৱা গুৰগুৰিটোৰে সৈতে টোৰোক-টোৰোক ভাষাত অতীত কালৰ পাহৰা কথা সুঁৱৰি সুঁৱৰি পাতি আছোঁ। এনেতে মোৰ পকীঘৰৰ চালৰ ওপৰত গিৰিং কৰে কিবা এটা পৰা শব্দ শুনিলোঁ। মোৰ বৈ থকা সুখ-নৈৰ সোঁতটোৱে ততালিকে ওভতনি পাক ললে, আৰু মই উঠি গৈ দেখিলোঁ যে, পকীঘৰৰ চালৰ ওপৰত কাম কৰা ৰাজ-মিস্ত্ৰীবোৰক ইটা যোগোৱা কুলিয়নী তাই মূৰত লৈ যোৱা এপাচি ইটাৰে সৈতে, চালৰ ওপৰত হঠাতে পিছলি পৰি মূছকছ গৈছে।লৰা-লৰিকৈ পানী আনি তাইৰ মূৰত দিবলৈ দিহা নকৰি মিস্ত্ৰী কেইটাই অবাক হৈ ভোজখোৱা শিয়ালৰ দৰে চাই আছে। "হেৰ বাঘে খোৱা গৰুহঁত। তহঁতে কি কৰিছ?" বুলি মই সিহঁতক গালি পাৰি লৰালৰিকৈ পানী অনাই মানুহজনীৰ মূৰত থপিয়াই দিয়ালোঁ।অলপমান বেলিৰ পিচত তাইৰ ধাতু আহিল। তাৰ পিচত দাংদোলাকৈ তাইক ধৰাই লাহে লাহে তললৈ নমালোঁ। এপাচি ইটাৰে সৈতে পৰি তাই বৰ টান পোৱা বাবে তাইৰ তেনে হৈছিল। মানুহজনী গা-ভাৰী আছিল। তাই তেনেকুৱা অৱস্থাত কিয় ইমান দুখৰ কাম কৰিবলৈ আহিছে বুলি তাইক সোধাত তাই কবলৈ ধৰিলে।

"হুজুৰ! মোৰ দুখৰ কথা কি কম, কলে ওৰ নপৰে। কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে। আল্লাৰ মৰ্জি। আল্লাই মোক সৰুতে আই-বোপাই, ককাই-ভাই, বন্ধু-বান্ধৱ, ঘৰ-বাৰী সকলোৰে পৰা বঞ্চিত কৰিলে; বঞ্চিত কৰিলে মানে কিজানি হুজুৰে ভাবিছে, তেওঁলোক মৰি-হাজি ঢুকাল। সি নহয়। মইহে তেওঁলোকৰ মনত মৰি-হাজি ঢুকালোঁ। কেনেকৈ তেনে হল, মই কওঁ শুনক।–

"আমাৰ ঘৰ বৰ্দ্ধমান জিলাৰ বামুণ গাঁৱত। আই বোপাই ককাই ভাই ধন ধানেৰে আমাৰ ঘৰ জয়-জয় ময়-ময় আছিল। গাঁৱৰ ভিতৰত মোৰ বোপাই সকলো বিষয়তে বৰমূৰীয়া আছিল। কিন্তু তেওঁৰ স্বভাৱটো অতি উগ্ৰ আছিল দেখি গাৱঁৰ ভিতৰৰ সৰহখিনি মানুহে তেওঁক ভাল নেপাইছিল। আমাৰ ঘৰৰ মানুহ ধন বিতেৰে চহকী দেখি আমাৰ দুখীয়া বঙহ-পৰিয়াল বিলাকেও আমাৰ শ্ৰী সহিব নোৱাৰি সদায় আমাক খিয়াল কৰিছিল। পিতাদেৱে কাৰো ওচৰত সৈমান হৈ নচলি কাকো গ্ৰাহ্য নকৰি লোকৰ মনৰ সেই ভাবটো আৰু দ কৰি দিছিল।

আমাৰ গাৱঁৰ ওচৰত ঘৰচেৰেক মছলমান মানুহ আছিল। আমাৰ পথাৰৰ খেতি-বাতি আদি কামত আৰু ৰূপবান বাঢ়িলৈ ধাৰে নিয়া আদি বিষয়ত সততে সিহঁতে আমাৰ ঘৰ মানুহক উপাসা-ভৰসা কৰি চলিছিল। মোৰ এতিয়াও ভালকৈ মনত পৰে; মই তেতিয়া সাত বছৰীয়া ছোৱালী। এদিন মই আমাৰ ওচৰ চুবুৰীয়া সমনীয়া ছোৱালী জনীচেৰেক সৈতে কাকো নোকোৱাকৈ মনে মনে মছলমান এঘৰত ঈদ চাবলৈ গৈছিলোঁ। আমাক দেখি সেই ঘৰৰ তিৰুতাবিলাকে সন্তোষ পাই আস্তব্যস্ত কৰি বহুৱালে, আৰু 'চিমাইৰ পায়স' খাবলৈ দিলে। ছোৱালী মানুহ আমি আগ-গুৰি ভাল-বেয়া একো নুগুণি পেট ভৰাই পায়স খাই বৰ ৰঙেৰে ঈদ চাই গধূলি ঘৰলৈ উভতি আহিলোঁ। পিতাদেৱৰ অনেক শত্ৰু। তাৰে ভিতৰৰ কোনোবাই সেই কথা গম পাই, লৰা-লৰিকৈ আহি গাৱঁত ৰাষ্ট্ৰ কৰি দিলে যে অমুকৰ জীয়েক নিস্তাৰিণীয়ে মুছলমানৰ ঘৰত পায়স খাই আহিছে। লগৰীয়া আন কেইজনী ছোৱালীৰ নামকে নোলাল, অকল নিস্তাৰিণীৰহে নামটো ওলাল। এই বাতৰি পিতাদেৱৰ কাণত পৰিলত তেওঁৰ মূৰত আকাশী-চৰগ ভাগি পৰিল। লোকৰ দোষ খুচৰি ফুৰা তেওঁৰ, লোকৰ ওপৰত কথাই কথাই বৰমতা ওলোৱা তেৱঁৰ গৰ্ব্বটো গোটেই গাওঁৰ মানুহে ধৰি খৰ্ব্ব কৰি পেলালে। তেওঁৰ জাত গল বুলি তেওঁক এঘৰীয়া কৰিবলৈ সকলোৱে ভয় দেখুৱালে। লাজ অপমান আৰু খঙত তেওঁ মৰ্ম্মান্তিক হৈ সোণৰ সোলেং যেন সাত বছৰ বয়সীয়া জীয়েকক, যতে মৰে ততে মৰকগৈ বুলি ঘৰৰ পৰা উলিয়াই দিলে। তাই কান্দিকাটি বিবুধি হল। পিতাদেৱৰ মূৰ্ত্তি দেখি চুৰ্ত্তি হেৰাই কি কৰিম কলৈ যাম কত লুকাম ভাবি মই বিবুধি হলোঁ। মই আশ্ৰয় বিচাৰি চিনাকি মানুহ যাৰে ঘৰলৈ গলোঁ, সিয়েই মোক ছেই ছেই কৰি খেদাই দিলে। অন্তত মই বিবুধি হৈ লাহে লাহে সেই মছলমান ঘৰত ওলালোগৈ। সিহঁতে মোৰ সকলো কথা শুনি মোক আতৌ পুতৌ কৰি সিহঁতৰ ঘৰতে ৰাখিলে। ময়ো কি কৰিম একোকে ভাবি নেপাই তাতে থাকিলোঁ। নেদেখাজনৰ ইচ্ছাত অমুকা বামুণৰ জীয়েক নিৰাশ্ৰয়া নিস্তাৰিণী নৰু মিঞা মুছলমানৰ ঘৰত আশ্ৰয় পাই মুছলমান হল।

"লাহে লাহে মই নৰু মিঞাৰ জীয়েকৰ পদ পালোঁ! বিপদৰ কালত নৰু মিঞা মিঞানীয়ে মোক সাৱটি ধৰিলে। মোৰো ছোৱালী মন সকলো দুখ বেজাৰ পাহৰি নতুন অৱস্থাৰে সৈতে মই মিলি গলোঁ। বোপাইৰ মনত পায়স-ফেটীসাপে মোক খুটি মাৰিলে। আইয়েও বোপাই আৰু লোকৰ ভয়ত মোৰ বিষয়ে সেই দৰেই কিছুমান দূৰ ভাবিলৈ বাধ্য হল। কিন্তু মাকৰ মন বৰ ডাঙৰ বস্তু হজুৰ, ৰাইজৰ ভয়েও সদাই তাক ভৰিৰ তলত ৰাখিব নোৱাৰে। আইয়ে লুকাই-চুৰকৈ জীয়েকলৈ টোপোলাটো বস্তুখন বেহানিখন নপঠিওৱাকৈ আৰু জীয়েকৰ বাতৰি নোলোৱাকৈ থাকিব নোৱাৰিছিল, কাৰণ পিতাদেৱে কৈছিল যে, মোক তেওঁ দেখিলে ছোৱা-ছোৱাকৈ কাটিব। কবলৈ পাহৰিছোঁ, মই নৰু মিঞাৰ ঘৰত থকাৰ এবছৰৰ পিচত মোক মুছলমান কৰি ফাতেমা বিবি নাম দিয়া হল। মোৰ পোন্ধৰ বছৰ বয়সত মিঞা মিঞানীয়ে মোক এজন মছলমান ডেকা ল'ৰাৰে বিয়া দিলে। তেওঁৰ ফালৰ পৰা মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী হৈছিল। তিনি চাৰি মাহ মান হৈছে মাউৰত পৰি মোৰ গিৰিহঁত আৰু লৰা-ছোৱালী দুটি মৰিল। তেওঁ ডাকঘৰত হৰকৰাৰ কাম কৰিছিল, আৰু একো ধন-বিত ৰাখি থৈ যাব নোৱাৰিলে। মই চাৰিমহীয়া গা-ভাৰী মানুহ। মোৰ খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, কোনো সহায় নাই, উপায় নাই। এই পৃথিৱীত দুখ ভুঞ্জিবলৈ মোক আল্লাই জীয়াই থৈছে। মোৰ শৰীৰৰ এনে অৱস্থাত মই কুলিৰ কাম কৰি পেটৰ ভাত-কাপোৰ মোকোলাব লগীয়াত পৰিছোঁ। আজি যেতিয়া এপাচি ইটাৰে সৈতে হজুৰৰ ঘৰৰ চালৰ ওপৰত পৰিছিলো, তেতিয়া ভাবিছিলোঁ যে খোদাই দুখুনীৰ ওপৰত কৃপা কৰিলে, মোক মাৰি নিব; কিন্তু লেলেতীয়া জীৱৰ ইমান সোনকালে দুখৰ ওৰ কিয় পৰিব, সেই দেখি নমৰিলোঁ।

"মোৰ বোপাই ঢুকাল। আই এতিয়াও আছে। বোপাই ঢুকুৱাৰ পিছত তেওঁৰ ধন-সম্পত্তি সকলোবোৰ কেনিবা উৰি গল আৰু আই বৰ দুখত পৰিল। মোৰ ককাইটোৱে খেতি-বাতি কৰি আইক আৰু নিজৰ ল'ৰা-তিৰুতাক অতি কষ্টেৰে কোনো মতে পোহে। এতিয়া মই অৱশ্যে আইক চাবলৈ মাজে মাজে যাওঁ। কিন্তু তেওঁক পাইটো পইচাটো দি সহায় কৰিব নোৱাৰোঁ; কাৰণ তেনেহলে তেওঁৰ জাত যাব; তেওঁৰ হিন্দু বঙহ পৰিয়াল আৰু গাৱঁৰ মানুহে তেওঁক এঘৰীয়া কৰিব। মই দুই-চাৰি অনাকৈ গোটাই মাহে মাহে এটকা দুটকাকৈ ৰূপ আইলৈ লুকাই পঠিয়াই দিওঁ, তাৰে তেওঁৰ লোণ তেলৰ খৰচ চলে। এই পৃথিবীত মোতকৈ দুখিত প্ৰাণী, হজুৰ, কোনো নাই। কিন্তু হজুৰ এটা কথা কওঁ আমাৰ দেশখন জাতেই খালে। জাত জাতকৈ ইটোৱে সিটোক ঘিণাই, হিন্দু-মুছলমান বুলি এটা ধৰমৰ মানুহে আনটোক ছেই-ছেই কৰি মিছাতে আমাৰ দেশখন 'জহান্নামে' নিলে। আল্লাৰ আগত সকলো জাতৰ সকলো ধৰমৰ মানুহ সমান হজুৰ। ইপুৰীত মই মোৰ আই-বোপাইক নেপালো, সিপুৰীত নিশ্চয় মোক খোদাই তেওঁলোকক দিব। দুখুনী ফাতেমাই এই কেষাৰ কথা কলে; নিশ্চয় নিশ্চয়, হজুৰ জানিব, ই ফলিয়াবই ফলিয়াব।'