SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভুৰুকী বৌ

এদিন এজনে তলত লেখা ঘটনাটো মোৰ আগত কৈছিল। তেওঁৰ মুখৰ পৰা মই যেনে শুনিলো হুবহু তলত তেনেকৈ লিখিলোঁ।

"অসমীয়া মানুহ কানীয়া, এই বদনামটো অসমীয়াৰ গাত যাৰে মন যায় সিয়ে দিয়ে। কিন্তু বদনাম দিওঁতাসকলে জনা উচিত যে বঙ্গদেশৰ বঙালীও সেইপাকে নিচেই উজুতিত পৰি মৰা নহয়। প্ৰভেদৰ ভিতৰত আমাৰ অসমীয়া কানীয়াই তাৰ চেঙেলীয়া বয়সতে কানিত মুখ দিয়ে, বঙালী 'আফিং খোৰে' হলে সাৰ ফুটা বয়সীয়া অৱস্থাতহে সেই আপুৰুগীয়া বস্তু ফেৰাৰে সৈতে চিনাকি হয়। আৰু অসমত আজি কালি ঘাইকৈ তল খাপৰ আৰু গাঁৱলীয়া মানুহেহে কানি প্ৰভু জগন্নাথৰ ওচৰত আঁঠু লয়, কিন্তু বঙ্গদেশত হলে ঘাইকৈ ডাঙৰ আৰু মজলীয়া খাপৰ ভদ্ৰলোকসকলে, তাকৰীয়াকৈহে তল খাপৰ মানুহে সেই গুৰু ঘৰত শৰণ লয়। আচল কথা কানি-অবিকাৰ-প্ৰভুৰ পদশিলা দুই দেশতে আছে। এখনত চৰণৰ চিনটো দকৈ, আনখনত চূৰ্চুৰীয়াকৈ বহিছে মাথোন। চল্লিশ পাৰ হলেই ভালেমান বঙালী বাবুৰ কানিৰ ভোক লগা দেখা যায়। বঙ্গদেশত বহুকাল বাস কৰি আদখিনি বঙালীৰ পৰ্কিতি পোৱা ময়ো চল্লিশ বছৰৰ মহলাত সম্ভ্ৰমৰ সৈতে উঠি এজন বঙালী শকুনি মোমাইৰ বুধি শুনি কানিৰ পাশতি হাতত ললোঁ। কিন্তু সুখৰ বিষয়, মোৰ নিজৰ বুধিটো যুধিষ্ঠিৰ ভাগিনতকৈ অলপ বেছি আছিল গুণে খেলত এপদ দুপদকৈ মোৰ নিজা লামলাকটু বই-বস্তু দুই চাইটা হাৰোতেই মই সাৱধান হৈ পাশতি কেইডাল শকুনি মোমাইৰ মুখলৈ মাৰি দি উঠি আহিলোঁ। খেলত বহি থকা কালডোখৰত মোৰ কোন কেইটা অপকাৰ উপকাৰ হৈছিল তাক তোমাৰ আগত কওঁ শুনা। আগেয়ে মই বেছি বাচাল আছিলোঁ, এতিয়া মই নিমাতী হলোঁ। আগেয়ে মোৰ দৃষ্টি বহিৰ্মুখ আছিল, এতিয়া সি অন্তৰ্মুখ হ'ল। আগেয়ে মই চেলচেলীয়া পাতল আছিলোঁ, এতিয়া মই গধুৰ গহীন আৰু ধীৰ হলোঁ। আগেয়ে মোৰ কথাৰ চোটত মানুহে তথামধা দেখিছিল, এতিয়া লোকে মোৰ মুখৰ ওপৰত মাতি গলেও, 'এঃ কোনেনো আকৌ ইয়াৰ কথাত মুখ বজায়' বুলি এলাহত একো নামাতি বহি শুনি.....................। আগেয়ে মই চট্‌ফট্‌-কৰে হাতৰ কাম তিনি-টিলিকতে কৰি শেষ কৰিছিলোঁ, এতিয়া মই ওৰে দিনটোত এটা সৰু কাম সমাধা কৰিবলৈ আহৰি উলিয়াব নোৱাৰি ব্যস্ত হৈ ৰ লাগি বহি থাকোঁ। আগৰ মোৰ হাঁহি-মাতৰ ভৰা সোঁতত ডকাই খলকনি লগাই আছিল, এতিয়া তাত শুকান চাপৰি পৰি তাৰ ওপৰত নল খাগৰি গজিল। ইয়াৰ ওপৰত আৰু এটা স্বভাৱে মোৰ গাত বাহ ললে। লোকে যিহকে কওক, তেওঁৰ কথাত মই প্ৰতিবাদ কৰিবলৈ এৰিলোঁ। লোকৰ কথাৰ প্ৰতিবাদ কৰাটো এতিয়া মোৰ মনত সময়ৰ অনাৱশ্যকীয় অপব্যৱহাৰ যেন লাগিবলৈ ধৰিলে। মোৰ মনত হ'ল, যে এই দীঘে বানিয়ে দীঘল বহল পৃথিৱীত কত মানুহে সঁচাই মিছাই কত কথা কৈছে, কণী ভগা ঘৰ শালিকাই চেকচেকাই থকাদি কত চেক্‌চেকাই আছে, সেইবোৰৰ প্ৰতিবাদ কৰি থাকিবলৈ গৈ মোৰ বহুমূলীয়া সময়ফেৰা নষ্ট কৰাতকৈ বৰং সেইখিনি সময়ত চকু মুদি বা মেলি বিশ্বব্ৰহ্মাণ্ডৰ সাৰ কানি সৃষ্টি কৰ্ত্তাজনৰ অপাৰ মহিমা অনুভব কৰি থাকিলে কাম দেখে। এই মত অনুসৰি চলি শেহত মই এনেকুৱা হলোঁ যে লোকে কোনো কথা কলে তাক নহয় বুলিবকে নোৱাৰা হলোঁ। মূৰ দুপিয়াই বা মুখেৰে হয় বা হুঁ বুলি মই গা সৰাত পৰিলোঁ। এই অদ্ভুত অৱস্থাৰ বাবে মই অনেক ঠাইত ঠেকা খাইছিলোঁ, তাৰে ঘাই এটাৰ বিষয়ে আজি মই তোমাক কওঁ বুলি আহিছো।

কলিকতাত মোৰ চিনাকি বঙালী বন্ধুৰ লেখ, সৰহ নহয়; এক, দুই, তিনি কুট(|)। তাৰে এজনৰ নাম বিজয়চন্দ্ৰ ৰায়। তেওঁ জীয়েকৰ বিয়া পাতিলে আৰু তালৈ তেওঁৰ অনেক কুটুম্ব বন্ধু-বান্ধৱে সৈতে মোকো নিমন্ত্ৰণ কৰিলে। বিয়াৰ সভাত বহি আছোঁ। দৰা-কন্যাই সপ্তপদী গমন কৰিছে। এই সময়তে দুজন চাৰিজন মানুহৰ সৈতে মোৰ অলপ-অচৰপ আলাপ পৰিচয় ঘটিল। এইদৰে চিনাকি হোৱা মানুহৰ ভিতৰত এজনে মোৰ সৈতে আলাপ কৰিবলৈ অলপ সৰহকৈ আগ্ৰহ প্ৰকাশ কৰা দেখিলোঁ। একেই ময় ভয়াতুৰ মানুহ, তাতে এই গতি; মই চঁক খাই গলোঁ। সেই মানুহজনৰ নাম শশীভূষণ মল্লিক। বিজয় বাবুৱে এখেত অমুক বৰুৱা বুলি তেওঁৰ ফাললৈ মোক আগবঢ়াই দিবলৈহে পালে, শশী বাবুৱে টপৰাই মাত লগালে- 'আমি বৰুৱাদেৰ খুব জানি; বিশেষৰূপে জানি; আমাকে কিছুই বলতে হবেনা। এঁবা কায়স্থ, বড়লোক, আসাম দেশেৰ জমিদাৰ। এঁৰ দাদাৰ সঙ্গে বোধ হচ্ছে আমি এক ক্লাছে প্ৰেচিডেন্সি কলেজে পড়েছিলাম। তাঁৰ নামটা আমাৰ স্মৰণ হচ্ছে না, কি বড়ুয়া। তিনি অতি সজ্জন লোক ছিলেন; ক্লাছে কাৰো সঙ্গে একটি কথাও বলতেন না, চুপ কোৰে এক কোণে বোসে থাকতেন। আমৰা সব বকাটে ছেলে তাঁকে ভাল মানুষ পেয়ে খুব ক্ষেপাতুম। আনন্দ বড়ুয়া এদেৰই ফেমিলিৰ।'

শশীবাবুৱে এনে সৰ্‌ সৰ্‌ কৰে এই কথা কেইষাৰ কৈ গল যে মই যদিও দেখিছিলোঁ যে তেওঁৰ দুটা এটা কথাৰ বাহিৰে সৰহখিনি কথা মোৰ গাত নাখাটে, তথাপি তেওঁৰ কথাৰ প্ৰতিবাদ কৰিবৰ মোৰ ইচ্ছা বা সাহ নহল; কাৰণ কানি মহাপ্ৰভুৰ কৃপাত সেই স্বভাৱে সৈতে ভালেমান দিন মোৰ এৰা এৰি ঘটিল। তাৰ উপৰি তেওঁ কথাবিলাক ইমান ডাঠকৈ কৈ গৈছিল যে মই নহয় বুলিলে বেচেৰা লাজত পৰি ক্ষুণ্ণ হব বুলি মোৰ শঙ্কা হল। সি যি হওক, আৰু সৰহকৈ গোলমালত নপৰিবলৈ, মই তেওঁৰ হাতৰ পৰা কেতিয়া সাৰোঁ কেতিয়া সাৰোঁ দেখিলো। এনেতে কন্যাঘৰীয়া মানুহে আমাৰ ফালে চাই মাত লগালে, 'জলপান খাবলৈ গা তোলক।' ভাবিলোঁ, ৰক্ষা পৰিলো, এই দুজনৰ হাতৰ পৰা এতিয়া সাৰিব পাৰিম; কিন্তু 'অদৃষ্টৰ ফল, কে খণ্ডাবে বল?' ময়ো উঠিলো, আৰু শশীবাবুৱে মাত লগালে,- 'বড়ুয়া মশায়, চলুন, কায়স্থদেৰ ঘৰ এইদিকে, কাছাকাছি একসঙ্গে বসা যাবে এখন।' এশটা মুকলি চকুৰ আগতে মোক বলেৰে কায়স্থ পাতি শশীবাবুৱে তেওঁৰ কাষৰত বহুৱালে, মোৰ কিন্তু প্ৰতিবাদ স্বৰূপে একেষাৰ কথা কবৰ সাহ নহল। শশীবাবু নিয়তিয়ে মোক যেনিয়েই টানি নিছে মই তেনিয়েই যাব লাগিছোঁ, তাত প্ৰতিবন্ধকতাচৰণ কৰিবৰ সাধ্য মোৰ হোৱা নাই। বিজয়বাবুৱে মোক কিন্তু সদায় বামুণ বুলি জানিছিল। আজি শশীবাবুৰ বক্তৃতা শুনি তেওঁৰ মনত সন্দেহই হল নেকি কব নোৱাৰোঁ, মই কায়স্থৰ শাৰীত বহা দেখি তেওঁ অলপ আচৰিত হৈ মোৰ ফালে চালে, কিন্তু একো নামাতিলে। আমাৰ খোৱা হৈ যোৱাৰ পিচত মই ঘৰলৈ আহিবলৈ কাৰবাৰ কৰিছোঁ, এনেতে শশীবাবুৱে মোৰ কাষ চাপি আহি মোৰ কাণে কাণে ফুচ্‌ফুচাই সুধিলে, 'বড়ুয়া মশায়, আপনাৰ এখানে থাকা হয় কোথায়?' মই উত্তৰ দিলোঁ, '৫৩ নং বাঞ্ছাৰাম অক্ৰুৰৰ গলি।' তেওঁ কলে 'এতো আমাৰ বাড়ীৰ কাছেই, ভাল হলো, ৰোজ দেখা শুনা হবে এখন।' মই অগত্যা ভদ্ৰতা ৰক্ষা কৰিবৰ নিমিত্তে কলোঁ, 'নিশ্চয়, নিশ্চয়, বৰ সুখৰ কথা। আপোনাৰ ভৰিৰ ধূলি মোৰ ঘৰত পৰিলে মোৰ ঘৰ পবিত্ৰ হব।' তেওঁ উত্তৰ দিলে, 'বি লক্ষণ।'

ইয়াৰ পিচত এদিন ৰাতিপুৱা আঠমান বজাত শশীবাবু আহি মোৰ বহাত উপস্থিত। তেওঁক দেখি যে মোৰ মনত আহুকালৰ ভাৱটো উপজিছিল, মই কি কম। কিন্তু সেইটো কোনো মতে মই ঢাকি, আস্তব্যস্তকৈ তেওঁক বহুৱালোঁ, তামোল ধপাত খাবলৈ দিলোঁ, আৰু ৰুটি চাহ খুৱাই আলহী শুধিলোঁ। সঁচা কথা কবলৈ গলে, বাস্তবিক পক্ষত, তেওঁ উপযাচি ইমানকৈ মোৰে সৈতে ভাব কৰাটো মোৰ সমূলি ভাল নালাগিছিল। কিন্তু কি কৰিম, অদৃষ্টই মোক নাকী ধৰি যেনিয়েই মন যায় তেনিয়েই টানি নিব লাগিছে আৰু মই যাব লাগিছোঁ। নানা কথা আৰু আলাপৰ পিচত তেওঁ মোক সুধিলে, 'আপনাৰ পৰিবাৰ এইখানে না দেশে?' মই কি কম একো ভাবি উত্তৰ দিলো 'দেশত।' তেওঁ কলে 'এখানে আনান, এখানে আনান। একলা কেন কষ্ট পাচ্ছেন!' মই মিহিকৈ মাত লগালোঁ, 'এৰা অনাব লাগিব।' অৱশ্যে মই বঙলা ভাষাতেই এই উত্তৰ দিছিলোঁ; মাথোন আপোনাৰ আগতহে তাক অসমীয়াকৈ কৈছোঁ। সেই দিনৰ সেই ছোৱা সেইখিনিতে শেষ হল। মই ভাবিলোঁ, কলা ডাৱৰ ইমানতে উৰি গল, আৰু বতৰ ফৰকাল হল।' কিন্তু অ' হৰি! ইয়াৰ পিচত দেখোন বৰটোপীয়া বৰষুণ! তিনি দিনৰ পিচত, শশীবাবু আকৌ মোৰ ঘৰত ওলালহি। তেওঁক দেখি মোৰ চুলিৰ আগে ধাতু যোৱা যেন লাগিল, আৰু গাত জ্বৰ উঠিল। কিন্তু কি কৰা যায়! চাহপানী ধপাত আদিৰে আকৌ তেওঁক আগৰ দৰে শোধ-পোছ কৰিলোঁ। এইবিধ লঘু আহাৰৰ পিচত, তেওঁ আগৰ দিনৰ সেই কথা গুৰুতৰকৈ আকৌ আউটি উলিয়ালে; আৰু মোৰ মুখ শুকাই টোটোৰা পৰি গল। 'দেখুন আমি আমাৰ পৰিবাৰকে সেদিন বাড়ী গিয়ে বলেছিলাম যে বড়ুয়া মশায়ও শীঘ্ৰেই এখানে তাৰ পৰিবাৰ নিয়ে আসছেন। খপৰটা শুনে গিন্নীৰ তো ভাৰী আহ্লাদ, বল্লেন বেশতো শীগ্‌গিৰ আনতে বলো। তাহলে আমাদেৰ বেড়াতে যাবাৰ একটা জায়গা হবে। গিন্নী জিজ্ঞেস কৰলেন, বড়ুয়া মশায়েৰ ছেলেপিলে কয়টি? আমি কিন্তু কথাটাৰ জবাব দিতে পাৰলুম না বোলে, গিন্নী আমাৰ উপৰ মস্ত অম্বী কৰলেন। বল্লেন, তোমাদেৰ বন্ধুটা বেশ যাহোক, ছেলেপিলেৰ কথাই জিজ্ঞেস কৰতে ভুলে যাও!

কথাই বিষম ফালে ঢাল লোৱা দেখি মই সেই কথাৰ সমিধান নিদি দেশৰ হুলস্থুলৰ বিষয়ে কথা উলিয়াই তাৰ ওপৰত ঢাকোন দিলোঁ। মোৰ বুধিটো যে একেবাৰেই নাখাটিল এনে নহয়; কিন্তু শশীবাবুৰ একৈয়া জ্বৰ, সেই বিষয়ে নানা কথা-বাৰ্ত্তাৰ পিছত, তেওঁৰ মুখত, আকৌ সেই আগৰ বোল ওলাল। মইও সতৰ্ক হৈ আছিলোঁ; গতিকে ততালিকে আকৌ অতিচাৰী দলৰ (Entremist)বৰমূৰীয়া পালবাবুৰ কথাৰ সাফৰটো মেলি দিলোঁ। বাবুৰ নাম নকলো জানিবা ফেটীসাপৰ নেগুৰতহে খচকা মাৰি দিলোঁ। পালৰ পোৰ নাম শুনিয়েই শশীবাবুৱে মোৰ ছোৱা পাহৰি সেই ছোৱাত ধৰিলে। শশীবাবুৰ গাত সেইফেৰা বিন্ধা মই আগৰে পৰা লক্ষ্য কৰি থৈছিলোঁ; গতিকে, মোৰ বিষয়ে ওলোৱা কথাৰ জোলটো সেই সুৰুঙাত পেলাই দি বোৱাই বাহিৰলৈ উলিয়াই দিবলৈ আগৰে পৰা আলচি থৈছিলোঁ আৰু দিলোঁও; আৰু সেই বাটেদিয়েই পালৰ পোৰ কথাৰ জোল ভিতৰলৈ সুমাই আনিলোঁ। ৰঙা কাপোৰ দেখিলে ভতৰা বলিয়া হোৱাদি পালৰ কথা ওলালে শশীবাবু বলিয়া হয়। সি যি হওক, মেলত নথকা পালৰ ওপৰত এছোৱা ভালকৈ তেওঁ গৰ্জ্জি লৈ সেইদিনৰ নিমিত্তে মোৰ ঘৰৰ পৰা তপত হৈ উতলি ওলাই বাহিৰত পৰিল।

সাদিনমানৰ মূৰত আকৌ এদিন মোৰ বহাত শশীবাবুৰ শুভাগমন হল। সেই দিনা তেওঁৰ ভাত ৰান্ধনি বামুণটোৰ হাতত দি এথাল সন্দেশ আৰু মতিচূৰৰ লাড়ু মোলৈ তেওঁ লৈ আহিছিল। আহিয়েই কলে,- "বড়ুয়া মশায়, গিন্নী স্বহস্তে এইগুলো খাবাৰ তৈৰী কৰে তোমাৰ জন্য পাঠিয়ে দিয়েছেন।" মই কলোঁ, "অশেষ ধন্যবাদ। মোৰ কৃতজ্ঞতা তেওঁক জনাব।"
‌ শশীবাবু।– "দেখ, তোমাদেৰ ইংৰেজীয়ানা গুলো ছাড়তে হচ্ছে। এতো 'ফৰ্মেলিটী' কেন? আমি তোমাকে তুমি বলে 'এদ্ৰেচ' কৰেছি, তোমাৰও আমাকে তুমি বলা উচিত। কিন্তু ভাই, আমি যে খাবাৰগুলো ভাৰ বয়ে এতো পৰিশ্ৰম কৰে আনলুম আমাকে থেঙ্কচ্‌ থেঙ্কচ্‌ কিছুইতো একটা দিলে না।" মই উত্তৰ দিলোঁ "আপোনাকো দিছোঁ, দুইজনেই বাঁটি লওক।"
শশী ।- "আবাৰ আপনি? ৰোগ সান্নিক দেখছি! দেখ ভাই বড়ুয়া মশায়, আমাৰ পৰিবাৰ সত্যি সত্যি ভাৰী ব্যস্ত হয়ে উঠেছেন তোমাৰ পৰিবাৰকে দেখবাৰ জন্য। শীগ্‌গিৰ আনাও। নাহলে বাপু আমাৰ আৰ সোয়াস্তি থাকছে না। তাকে আজ আৰ একখানা চিঠি লিখে দাও আসতে। লিখবে তো?"
মই নিৰুপায় হৈ উত্তৰ দিলোঁ, "দিম লেখি।"
শশী ।- "আমাদেৰ বিষয়ও তাঁকে লিখো। আৰ বলো, তোমাৰ একটি গৰীব বন্ধু যুটেছে, সে আৰ তাঁৰ স্ত্ৰী তাকে শত সহস্ৰ নমস্কাৰ জানাচ্ছে, আৰ তাঁৰা তোমাৰ অপেক্ষায় পথ পানে চেয়ে আছে। দেখ বড়ুয়া, তুমি আমাৰ চেয়ে বয়সে বড়, তোমাকে বাৰ বাৰ বড়ুয়া মশায় আৰ বলা চলে না। তোমাকে দাদা বলবো, আৰ তাঁকে বৌদিদি বলবো। বৌদিদিৰ্‌ নামটা কি দাদা?"

মই কি উত্তৰ দিম ভাবি নাপাই বিমোৰত পৰি নামাতি ৰলোঁ। তেওঁ মোৰ উত্তৰ নাপাই আকৌ সুধিলে- "বলনা ভাই বলতে লজ্জা কি? তোমাৰ লজ্জা দেখে মৰে যায় আৰ কি! মেয়ে মানুষেৰও বেশি।"

মই ভাবিবলৈ নহল, চিন্তিবলৈ নহল, দুষ্টা সৰস্বতীৰ উচতনিত হবলা, মিছাকৈয়ে সাজি কৈ দিলোঁ- 'ভুৰুকী।' তেওঁ টপৰ কৰে কথাষাৰ মোৰ মুখতে ধৰি কলে, 'ভুৰ্কী? বেশ নামটিতো। দেখ দাদা তুমি যখন বাড়ীতে চিঠি পত্ৰ লিখবে ভুৰ্কী বৌঠাকুৰণকে আমাৰ প্ৰণাম দিও।' মই দিম বুলি কৈ কোনোমতে গা সাৰি সেই দিনৰ নিমিত্তে ৰক্ষা পৰিলোঁ।

ইয়াৰ পিচত শশীবাবু প্ৰায়েই মোৰ বহালৈ আহি 'ভুৰ্কী বৌঠাকুৰণৰ' 'ভুৰ্কী বৌদিদিৰ' বাতৰি সোধে, আৰু আমাৰ ঘৰৰ নানা খবৰ সুধি মোক ব্যতিব্যস্ত কৰে। মই তেওঁৰ এইবিধ দৌৰাত্ম্যৰ হাত কোনো মতে এৰাব নোৱাৰি 'ত্ৰাহি মধুসুদন' কৰিবলৈ ধৰিলোঁ।

ইমানতে ভাঙি কোৱাৰ সকাম পৰিছে, কিয় মই শশীবাবুৰ আদৰ চেনেহ আৰু বন্ধুত্বক দৌৰাত্ম্য বুলি ভাবিছিলোঁ। সঁচা কথা কবলৈ গলে, শশীবাবু যে এজন বৰ সাদৰী, সৰল আৰু পৰোপকাৰী মানুহ তাৰ ভুল নাই; আৰু সেইটো মই যে নুবুজিছিলোঁ এনেও নহয়। তেওঁৰ সৰল মনক নিৰ্ম্মল বন্ধুতাৰ প্ৰবল ভাবে ব্যগ্ৰ কৰি তুলিছিল; কাৰণ তেওঁৰ পৰ্কিতিয়েই তেনে। তেওঁৰ আদৰ-সাদৰক নেওচি তেওঁক আপদ যেন দেখাটো যে মোৰ পক্ষে সজ কাম হৈছিল এনে নহয়। কিন্তু মই কৰোঁ কি? যাওঁ কলৈ? অদৃষ্টৰ পাকচক্ৰত পৰি ঘূৰি মই পেপুৱা লাগিলোঁ। প্ৰথম কথা মই বৰলা মানুহ; বিয়াৰ সৈতে মোৰ সতিনীৰ আঁহ বুলিলেই হয়। মই বিয়া কৰোৱা বুলি শশীবাবুৱে জবৰ্দ্দস্তি কৰি ধৰিলে। সেই বিষয়ে মোক ইমানবিলাক কথা কৈ কাবু কৰি পেলালে যে মই লৰচৰ কৰিব নোৱাৰা হলোঁ। লোকৰ কথাত নহয় বোলা স্বভাৱে মোক কিছুদিনৰ আগৰে পৰাই এৰি থৈছিল বুলি কৈ আহিছোঁ। লোকৰ কথাত "কণ্ট্ৰাদিক্‌ট" কৰা সহজটো মোৰ গাৰ পৰা আঁতৰ হোৱা বিষয়ত যে কানিৰ কোনো হাত নাই খামাখা এনে বুলিবও নোৱাৰো। দ্বিতীয়তঃ, মই ভাবিলোঁ যে শশীবাবুৰ কথাত হুঁ-হাঁ কৈ শলাগি গলেই তাৰ ওৰ সোনকালে পৰিব আৰু মই ক্ষন্তেকতে পাখি কটালি জৰ্জ্জৰীয়া দি উৰিম বা উঠিম; কিন্তু নহয় বুলিলে, তেওঁ কুৰুকি কুৰুকি আৰু অনেক কথা সুধি মোক আমনি কৰি মাৰিব। কোনে জানিব যে মোৰ হিচাপৰ ফল ওলোটা হৈ ওলাব। তৃতীয়তঃ, আৰু এটা ভয়ে মোক কোবাই ঢৰিয়াই শশীবাবুৰ কথা মনাই লৈছিল। বঙ্গদেশৰ বঙালীৰ মাজত আবিয়ৈ বয়সিয়াল মানুহ নাই বুলিলেই হয়; আৰু হাজাৰৰ ভিতৰত এটা দুটা থাকিলেও সি 'হংস মধ্যে বকো যথা' হয়। বঙালীয়ে মনত একৰকম ধাৰণাই কৰিব নোৱাৰে যে সৰহ বয়সলৈকে বিয়া নকৰোৱাকৈ কোনো মানুহ ভালে থাকিব পাৰে। তেনে মানুহক তেওঁলোকে চোভাৰ চকুৰে চায়; আৰু সেইজন সম্পৰ্কে নানা দুৰ্ভাবনাই তেওঁলোকৰ মনত উখলমাখল লগায়। সৰহ নকওঁ, তেনেকুৱা মানুহক নিভাজ বুলি তেওঁলোকে পতিয়াব নোৱাৰে। এইবোৰ কাৰণত মই শশীবাবুৰ কথা শলাগি হোঁ হোঁ কৈ গৈ, ৮০ নম্বৰৰ সূতা উঘাত পাক খোৱাদি পাক খাই পৰিলোঁ। মই শিৰফুটা বামুণৰ ঘৰৰ লৰা অথচ শশীবাবুৱে মোক কায়স্থ বুলি ধৰি ললে। মোৰ উপাধিও বৰুৱা যেতিয়া, তেওঁৰ হিচাপমতে ময়ো কায়স্থ। মই ভাবিলোঁ, তেওঁক এবকলা উত্তৰ দি তেওঁক তেওঁৰ ভুল বুজাবলৈ যোৱাতকৈ তেওঁৰ কথাটো শলাগি থোৱাই উজু; আৰু বিশেষতঃ তেওঁৰ সৈতে মোৰ ক্ষন্তেকলৈ দেখা, ইয়াৰ পিচত কোন গছৰ পখী কলৈ উৰি যায় কোনে কাৰ ভূ লয়? কিন্তু মোৰ গাললৈ টোৱাই অহা দৈবৰ সোঁ হাতটোত খামোচ মাৰি ধৰি মই নিশ্চিত হৈছিলোঁ, কিন্তু লেবেৰা হাতটোও যে সোঁ হাতৰ নিচিনাকৈ সমানে চলে, সেইটো মই নাজানিছিলোঁ। গতিকে মোৰ গালৰ এই দুৰ্গতি। চতুৰ্থত, তেওঁ মোৰ ককায়ে সৈতে কোনো কালে প্ৰেচিডেন্সি কলেজত পঢ়া নাই। অৱশ্যে তেওঁৰ নিচিনা মানুহে যে মিছাকৈ সেই আষাৰ কথা কলে এনে নহয়; তেওঁ নিশ্চয় কোনো অসমীয়া লৰাৰ সৈতে সেই কলেজত পঢ়িছিল আৰু সেই অসমীয়াজনৰ নামৰ পিচত বৰুৱা উপাধি নিশ্চয় লাগি আছিল। কিন্তু শশীবাবুৱে এতিয়া যে ভুল কৰিছে সেইটোও নিশ্চয়, কাৰণ প্ৰকৃতপক্ষে কোনো কালে মোৰ কোনো ককাই নাছিল; আৰু মই মোৰ বোপাইৰ মাথোন একেটা পো। আনন্দৰাম বৰুৱা বঙ্গদেশত নামজ্বলা পুৰুষ আছিল; গতিকে বঙালীয়ে কোনো অসমীয়া মানুহৰ নামত বৰুৱা উপাধি দেখিলেই ভুলকৈ তেওঁৰে সৈতে একেডাল দোলেৰে সেইজনক সাঙোৰে।

ইত্যাদি কাৰণত মই শশীবাবুক বাঘ দেখাদি দেখিছিলোঁ। তেওঁৰ ব্যৱহাৰ মোৰ প্ৰতি সৰল আছিল, আৰু কোনো বেয়া মতলবত তেওঁ যে ওপৰ-পৰা হৈ মোৰে সৈতে বন্ধুতা পাতিছিল এনে নহয়। তেওঁ ওখ শাৰীৰ ভাল মানুহ এইটো মই ন দি কব পাৰোঁ। কিন্তু হলে কি হব, তেওঁৰ ভুল কথাৰ গুৰিতে মই প্ৰতিবাদ নকৰি বা নহয় বুলি চকৰীৰ দৰে লেতাটো বান্ধি সোমালোঁ; আৰু এতিয়া কথা আহি ইমান গুৰুতৰত পৰিল যে, কেনেবাকৈ মই ধৰা পৰিম, এই ভয় আৰু লাজে মোক খুলি খুলি খাই মাৰিবলৈ ধৰিলে। মই নিৰুপায় হৈ ভাবি ভাবি শেহত এটা উপায় ঠিক কৰিলোঁ।

এদিন পুৱাই মোৰ লগুৱাটোৰ মুখে শশীবাবুলৈ বাতৰি কৈ পঠিয়ালো, বিজুলী ডাকত ঘৰৰ পৰা বাতৰি আহিছে যে মোৰ পৰিবাৰ জহনিত পৰি মৰিল। ইয়াৰ দহ মিনিটমানৰ পিচতে শশীবাবুৱে চকুলো টুকি হায়! হায়! কৈ মোৰ ওচৰ ওলালহি। মইও বৰ বেজাৰ দেখুৱাই চকুৰ লো টোকাৰ ছলেৰে মোৰ চকু দুটা মোহাৰি ৰঙা কৰিলো আৰু মাজে মাজে উস! উস! কৰি তেওঁৰ শোকৰ সমিধান দিবলৈ ধৰিলোঁ। বেচেৰা শশীবাবু! তেওঁ অনেক বেজাৰ কৰিলে, অনেক কান্দিলে, আৰু মোক অনেক শান্তনা দিবৰ চেষ্টা কৰিলে। তেওঁৰ ঘৈণীয়েকেও বৰ বেজাৰ কৰি মোলৈ জনাই পঠিয়ালে! শশীবাবুৱে তেওঁৰ আন বন্ধু বান্ধৱৰ আগতো মোৰ এই দাৰুণ শোকৰ বাতৰি কৈ কেইবা দিনলৈকে বেজাৰ প্ৰকাশ কৰিছিল। এদিন মোৰ চিনাকি কোনো এজন অসমীয়া মানু্হৰ সৈতে দৈবাৎ শশীবাবুৰ দেখা হোৱাত শশীবাবুৱে মোৰ এই বিপদৰ কথা তেওঁক কৈ বেজাৰ কৰিছিল। সেই অসমীয়া মানুহজনে মোক সদায় বিয়াৰ মুখ নেদেখা বৰলা বুলি জানিছিল দেখি, শশীবাবুৰ সেই মূৰ নাইকীয়া অথচ মূৰ কামোৰণিৰ নিচিনা কথা শুনি আচৰিত হৈ সেই কথা অসম্ভৱ বুলি শশীবাবুক কোৱাত শশীবাবুৱে প্ৰতিবাদ কৰোঁতাক উপলুঙা কৰি ফুতে উৰাই দিলে। অসমীয়াজনে গধূলি মোৰ ঘৰলৈ আহি সেই কথা মোক কোৱাত মই গহীনকৈ উত্তৰ দিলোঁ 'সেই বাবুজনৰ অলপ মূৰৰ গোলমাল আছে তেওঁ যিহকে পায় তাকে কয়।' উপস্থিত আপদৰ পৰা কাণে-কাণ-মাৰিহে কোনোমতে সম্প্ৰতি উদ্ধাৰ হৈ ভৱিষ্যত আপদৰ হাত সাৰিবলৈ, শেহত মই স্থান ত্যাগ কৰি শশী-গ্ৰহৰ হাত সৰাই শ্ৰেয় ভাবিলো। এদিন শশীবাবুক বিশ্বাসে কলো যে, মোৰ মন বৰ বেয়া হৈছে; দিনচেৰেক ফুৰি আহিবৰ নিমিত্তে মই ব্ৰহ্মদেশলৈ যাব খুজিছোঁ, তেওঁ কি বোলে? ফুৰিবলৈ গলে, মোৰ মনৰ শোক পাতলিব ভাবি তেওঁ কলে 'বেশ কথা, যাও, দিন কয়েকেৰ জন্য একটু বেড়িয়ে এসো, তাতে শৰীৰ মন দুই ভাল থাকবে। কিন্তু ভাই যেখানেই যাও, গৰীব বন্ধুকে ভুলোনা। কেমন থাক চিঠি লিখো। তোমাকে প্ৰাণেৰ সহিত ভাল বেসেছি, সেটা মনে থাকে যেন।' মইও শশীবাবুৰ সুৰেৰেই দুই চাৰি আষাৰ মনৰ আবেগ দেখুৱাই কথা কৈ মান দেশলৈ যাবলৈ বুলি জাহাজত উঠিলোঁ। কিন্তু কবলৈ লাজ লাগিছে, যে মই সেই দিনাৰ পৰা মোৰ বিষয়ে এটা আখৰ বা কোনো বাতৰি শশীবাবুলৈ দিয়া নাই। মই নানা দেশ-দেশান্তৰ ঘূৰি ফুৰিছোঁ, কিন্তু শশীবাবুৰ গোন্ধ থকা ঠাইৰ চাৰি ধাপৰ কাষলৈকে নাযাওঁ! শশীবাবু যেনে ভাল মানুহ, আৰু উদাৰ আৰু সৰল অন্তঃকৰণৰ লোক, তেওঁৰে সৈতে মোৰ এনে ব্যৱহাৰ কৰাটো বৰ অন্যায়, এইটো মই ভালকৈ বুজিছোঁ। কিন্তু মই কৰো কি? অদৃষ্টই মোক জৰীৰে মেৰিয়াই লাটুম ঘূৰোৱাদি ঘূৰাব লাগিছে। মই কেনেবাকৈ তেওঁৰ আগত ধৰা পৰিলে চিৰকাললৈ অমানুহ হম, আৰু লাজত মৰি যাব লাগিব। কিন্তু এই ঘটনাৰ পৰা মোৰ এটা পৰম উপকাৰ হল। মই আৰু লোকৰ সকলো কথাতে হয় দিবলৈ এৰিলো আৰু মিছাৰ প্ৰতিবাদ কৰিবলৈ সাহ গোটালোঁ। ইয়াৰ উপৰিও মই এটা ডাঙৰ কাম কৰিলোঁ; সেইটো শুনিবা নে?" মই শুনিম বুলি কলত তেওঁ কলে, "সেইটো এই—নিমুৱা চোৰৰ নিচিনা কানিক, হতচিৰী যোৱা কানিক, চুকতে থাকি বুকতে কামোৰ মৰা কানিক, গোঁসাইৰ শপত খাই একেবেলিয়েই এৰিলোঁ।" মই উত্তৰ দিলোঁ "সজ কৰিলা।"