SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
লাওখোলা

কলিকতাৰ ফালে "বাগান বাড়ী" কাক বোলে, অসমীয়া মানুহৰ ভিতৰত ভালেমানে তাক "খায় নে কাণত পিন্ধে" ক'বই নোৱাৰে। ভিকহু বদনামৰ চেকাৰে কলা-মলা অসমত বিদেশী মানুহৰ আগত লাজ নলগাকৈ উলিয়াব পৰা অত্‌ তত্‌ এক ৰিঙৰ বাটত দুঘৰ এঘৰ মানুহৰ দুটা-এটা ঘৰৰ বাহিৰে সৰহখিনি অসমীয়া মানুহৰ ঘৰ, তাহানি পুৰাণত লিখা বকদল ঋষিৰ ঘৰ, আৰু শোৱাপাটী, বিদূৰৰ শয্যাৰে ৰিজাব পৰা। এনে স্থলত "বাগান বাড়ীৰ" বাতৰি তেওঁলোকৰ পক্ষে আদাৰ বেপাৰীৰ জাহাজৰ খবৰৰ নিচিনা বুলিব লাগে। মানুহৰ ঘৰুৱা আৰু বাহিৰা দুসাজ কাপোৰৰ দৰে, কলিকতাৰ প্ৰায় চহকী গৃহস্থৰ দুখন ঘৰ থাকে; এখনৰ নাম তেওঁলোকে "বসতবাড়ী" আৰু আনখনৰ নাম "বাগানবাড়ী" ৰাখিছে। বসতবাড়ী মানে সদায় বাস কৰি থাকিবৰ ঘৰ, আৰু বাগানবাড়ী মানে, বসত-বাড়ীত থাকোঁতে থাকোঁতে ভোটা হোৱা মন গা তালৈ লৈ গৈ শনাই চোকা কৰি আনিবৰ অৰ্থে ৰখা ঘৰ। চহৰৰ পৰা বেঙা মেলি পোৱা আঁতৰত, আম, কঠাল, লেচু, কল, নাৰিকল আদি ফলৰ গছ, গোলাপ সেউতী মালতী জাঁই যুঁতি আদি ফুলৰ গছ, "ক্ৰটন" "পাম", পাণৰ মাহী আদি স্বদেশী বিদেশী নানা বৰণীয়া নানা ঠগীয়া পাতৰ গছ থকা, আৰু ৰৌ-বাহু আদি পোহনীয়া মাছেৰে ভৰা পুখুৰী এটা আৰু ইটাৰে সৈতে ধুনীয়া পকীঘৰ এটা বা দুটা থকা শুৱনি বাগিচা এখনকে বঙলা মাতেৰে "বাগানবাড়ী" বোলে। বাগিচাৰ গৰাকীয়ে মাজে সময়ে দুই চাৰিজন সমনীয়া অন্তৰঙ্গ বন্ধু লগত লৈ, ঘোঁৰাৰ গাড়ীৰে বা ৰেলগাড়ীৰে নাইবা (নৈৰ পাৰত হলে) নাৱেৰে সেই বাগিচালৈ আহি, এই সংসাৰৰ বিস্তৰ দুখৰ-দিন-বালি ধুই এচিকটা আদ-চিকটা সুখৰ-দিন-সোণ উলিয়াই লৈ উপভোগ কৰে। তাত বৰশী নাইবা জাল আদি তামসিক অস্ত্ৰেৰে বাগিচাৰ ভিতৰৰ পুখুৰীনিবাসী আশ্ৰিত পালিত ৰৌ বাহু আদি মাছৰ প্ৰতি নিষ্কাৰণ বৈৰতাচৰণ কৰি সিহঁতক বধ কৰি সিহঁতৰ শবোৰ পেটত ভৰোৱা হয়। আম নাৰিকল লেচু আদি গছৰ ফল "জবৰ্দ্দস্তি" কৰি পাৰি উদৰান্তৰ্গত কৰা হয়; পুখুৰীত নামি জলকেলি কৰা হয়; আৰু মাছ মঙহ আদিৰে ভোজভাত খাই অজগৰ পৰাদি পৰি থকা হয়। কোনো কোনোৰ বাগানত বাই-নাচ নটী-নাচ আৰু ফটিকাৰ বিভৎস আমোদৰ ভৰসোঁত যে নবয় এনে নহয়; কিন্তু সেই বিধৰ কাম স্বভাৱ ভেদে কাৰ্য্য ভেদৰ নিয়ম অনুসৰি চলে বুলি ধৰিব লাগে। মুঠতে কবলৈ গলে, অফিচ কাছাৰী আদি বন্ধৰ দিনত বাগানৰ আমোদ আহলাদ খোলা হয়। সেই দেখি শনিবাৰ আহিলেই বাবুসকলৰ মুখত লোভৰ পানী ওলায়; আৰু শনিবাৰক "সোণৰ শনিবাৰ" নাম দি তেওঁলোকে আদৰকৈ মাতে।

এনে বন্ধৰ এদিনত বন্ধুবৰ নিৰ্ম্মলচন্দ্ৰ বানুজীৰ উচটনিত মোৰো গাৰ আৰু মনৰ চহৰীয়া মলি আৰু মামৰ ঘঁহি গুচাবৰ মনেৰে তেওঁৰে সৈতে তেওঁৰ দমদমাৰ বাগানবাড়ীলৈ গতি কৰিলোঁ। আমাৰ লগত আৰু দুই চাৰিজন পালি বন্ধু যে নাছিল এনে নহয়, কিন্তু বাই-নাচ আদি আন কোনো প্ৰচলিত উপসৰ্গ বা প্ৰত্যয় নাছিল গুণে, সেই বিধীয়া বন্ধুৰ লেখও কম হৈছিল। মোৰ সৰুৰে পৰা মাছ ধৰা বায়ু। নিৰ্ম্মল বাবুৰ বাগিচাৰ পুখুৰীত সেই বায়ুৰ পাল মোৰ মন-নাৱত ভালকৈ তৰি দিব পাৰিম। এই লোভত মই উছাহেৰে ওলালোঁ। ওলালোঁ বোলাটো ঠিক নহয়; কাৰণ, কলিকতাৰ আলিবাটত ৰাতি মতলীয়া মানুহক কনিষ্টবলে ধৰি থানালৈ টানি লৈ যোৱাদি বাস্তৱিকপক্ষত মোক সেই মাছ ধৰা বায়ুৱে ধৰি সেই বাগিচালৈ টানি লৈ গল, আৰু নিৰ্ম্মল বাবু নিমিত্তৰ ভাগী হল মাথোন। ৰাতিপুৱাই তপতে তপতে প্ৰকৃত স্বদেশী চাহ-পানী এবাটি পেটত পেলাই নিৰম্বু নিশা শুকাই থকা শৰীৰৰ গুৰিত সেই কাৰ্য্যৰ দ্বাৰাই পানী এটোপা দি সাত বজাৰ সময়ত ঘৰৰ পৰা ওলাই, নিৰ্ম্মল বাবুৰে সৈতে গৈ আঠমান বজাত তেওঁৰ বাগিচা পালোঁগৈ। তেওঁৰ লগত জলপান পাতি গৈছিল, লগুৱা লিকচৌ গৈছিল, খাবৰ দাবৰ অনেক বয়বস্তু গৈছিল; গতিকে বাগিচা পায়েই আমি জলপান একোটাৰে, বাটত অলপ অলপকৈ ধোঁৱাই অহা পেটৰ খং-জুই মাৰ নিয়ালোঁহঁক। নিৰ্ম্মল বাবুৰ মানুহে আগদিনাই তালৈ গৈ মাছ ধৰিবলৈ জালোৱা ঠিক কৰি থৈছিল; আমি গলতে সেই জালোৱাই পুখুৰীত জাল পেলাই দিলে। টনা বৰজালে পুখুৰীৰ ইপাৰৰ পৰা সিপাৰলৈ লাহে লাহে মাছ চুঁচি টানি লৈ যাবলৈ ধৰিলে। জাল পাৰৰ ওচৰ চাপিলত তাত পৰা আৰু নপৰা সৰু বৰ মাছবিলাকে, বৰাধানৰ আখৈয়ে তপত খোলাৰ পৰা জপিৱাদি জপিয়াবলৈ ধৰিলে। আৰু দৰ্শকসকলৰ মনেও লগে লগে, সেইটো গল ঔ! সেইটো ধৰ ঔ! সেইটো বৰ মাছ ঔ!! এনেবিলাক উদ্বিগ্নৰ ধ্বনি কৰি জপিয়াবলৈ ধৰিলে। অন্তত ডাঙৰ ডাঙৰ ৰৌ, বাহু মাছ আঠোটা কি দহোটামান ৰাখি বাকীবোৰ নিৰ্ম্মল বাবুৱে আকৌ পুখুৰীত এৰি দিবলৈ জালোৱাহঁতক ক'লত সিহঁতে তাকে কৰিলে। জালখন তুলি বামলৈ টানি আনিলত দেখা গল যে, মাছৰ লগতে তাত মানুহৰ লাওখোলা এটাও উঠিছে। সেইটো দেখি আমাৰ উৎসাহৰ সোঁতত ক্ষন্তেকলৈ এটা ভেটা পৰা যেন লাগিল। কি আপদ! মানুহৰ মূৰটো ওলালহি কৰ পৰা! এই বুলি আমি সকলোৱে কোৱামেলা কৰিবলৈ ধৰিলোঁ। মোৰ হাতত চাহগছৰ লাখুটী এডাল আছিল, তাৰ আগেৰে আমাৰ আনন্দৰ বিঘিনি সেই লাওখোলাটো জালৰ পৰা এৰুৱাই পাৰৰ ফালে অলপ দূৰলৈ পেলাই দি মৎস্য-পুৰাণৰ সেই আধ্যাৰ সেইখিনিতে ওৰ পেলালোঁ।

ভোজন ব্যৱহাৰৰ দ্বিতীয় আধ্যা ৰং ধেমালিৰে আৰম্ভণ কৰি ৰন্ধা বঢ়া মাছ মঙহ পিঠা ভাত আদিৰে সমাপন কৰা গল। সেই আধ্যাৰ বহল বিবৰণ দিয়াটো যুগুত যেন বিবেচনা নকৰোঁ; কিয়নো সেই লোভলগা বিবৰণ শুনি আমাৰ পাঠকসকলৰ মুখৰ পানী অনাহকত পৰাৰ বাহিৰে আন একো নহয় আৰু সেই পানীৰ নিবৃত্তিৰ উপায় ততালিকে কৰিব নোৱাৰাৰ বাবে আমাৰ গাতে দোষ চুব।

তৃতীয় বা শেহ আধ্যা হাতত লৈ কোৱা যাওক যে সেই ৰাতিটো আমি বাগিচাতে থাকি কটাবৰ মনস্থ কৰি ৰাতিৰ যোগ্য খোৱা-শোৱাৰ আয়োজন কৰিলোঁহঁক। তাৰ ঘৰৰ ভিতৰত শুবৰ সুন্দৰ আয়োজন অনেক। গাখীৰৰ ফেনৰ নিচিনা শুকুলা নিৰ্ম্মল শোৱাপাটী, আৰু সেই শোৱাপাটীৰ মান ৰক্ষা কৰি চলিব পৰা সুন্দৰ গাৰু আৰু চাৰিওফালে চকি মেজ আদি উপকৰণ বিস্তৰ। ঘৰৰ ভিতৰ বাজ বগা শিলৰ মজিয়াৰে জকজকীয়া আৰু বাৰ চাল ৰুৱা মাৰলি ৰহনসনা আৰু নানান নক্সা ছবি আদিৰে চকচকীয়া। নিৰ্ম্মল বাবুকে প্ৰমুখ্য কৰি সকলোৱে ঘৰৰ ভিতৰত সেই মনোমোহা শোৱাপাটী বিলাকত শুবৰ দিহা কৰিলে; কিন্তু মই সেই মিহি বন্দবস্তত উভঁহা উলিয়াই বাহিৰত পুখুৰীৰ বগা শিলৰ খট্‌খটীৰ ওপৰত শুবলৈ ঠিক কৰিলোঁ। মোৰ মতলব আছিল এইটো যে সুন্দৰ জোনাকত জুৰ ফুৰ্ফুৰীয়া বতাহ গাত লগাই স্বভাৱৰ বিচিত্ৰ শোভা চাই অনন্ত আকাশৰ অনন্ত গৌৰৱৰ ফালে একচিতে চকু দি বিশ্বেশ্বৰৰ বিশ্বব্ৰহ্মাণ্ডৰ লীলা অনুভৱ কৰিবৰ সুবিধা পাম। নিৰ্ম্মল বাবুৱে মোৰ এই অদ্ভুত বন্দবস্তত দোৰ্ঘোৰ আপত্তি কৰিলে। তেওঁ কলে, "ই হবই নোৱাৰে। বাহিৰত শুই গাত নিয়ৰ লগাই চেঁচা লগাই তোমাৰ কাইলৈ গা বেয়া কৰক আৰু তেতিয়া মোৰ গাত দায় লাগিব আৰু তাৰ বাহিৰে পুখুৰীৰ পাৰত সাপ-সুপ কত কি ৰাতি ওলাব এনে কথা অসম্ভৱ, কোনোমতে হবই নোৱাৰে।" মোৰ কিন্তু বামুণৰ গ, শুম বুলি দৃঢ় প্ৰতিজ্ঞা কৰি বহিলোঁ। মোৰ মইমতীয়া স্বভাৱৰ বিষয়ে নিৰ্ম্মল বাবুৰ জনা আছিল। তেওঁ যেতিয়া বুজিলে যে মোক মোৰ সঙ্কল্পৰ পৰা লৰোৱা টান, তেতিয়া তেওঁ তেওঁৰ লগুৱাহঁতক সেই পুখুৰীৰ পাৰৰ খটখটীৰ বগা শিলৰ ওপৰত মোলৈ শুবৰ দিহা কৰিবলৈ আদেশ কৰিলে; আৰু নিমিষতে সেই আদেশ প্ৰতিপালিত হ'ল। আমি নিজ নিজ ঠাইত দীঘল দি দুখ ভাগৰৰ অন্তকাৰী টোপনিক মাতি নিমাত হলোহঁক। দিনত নৈৰ পাৰত ঘৰিয়ালে গা ৰদাই পৰি থকাদি ৰাতি পুখুৰীপাৰত মোক জোনাকত গা পোহৰাই পৰি থকা দেখি নিশা বিমানত ফুৰা দেৱতাসকলে কি ভাবিছিল কব নোৱাৰোঁ কিন্তু তেওঁলোকৰ ভিতৰত কোনো চিকাৰী দেৱতাই যে মোৰ ওপৰত গুলী চলোৱা নাছিল এইটো ধুৰূপ; নতুবা তেওঁ মোক আজি এই সাধু কবলৈ জীয়াই নথৈ নিশ্চয় মোৰ ছালেৰে তেওঁৰ চৰাঘৰ সজালেহেঁতেন। এই নিমাত নিফুট ৰাতি এটা বৰ আহুকালৰ কথা হৈছিল যে, বাগিচাৰ গৰাকী নিৰ্ম্মল বাবুৰ মনে মনে থাকিব নোৱাৰা স্বভাৱৰ নাকে ঘোঁট ঘোঁট শব্দ কৰি শোৱনি-ঘৰ তল-ওপৰ কৰি তেওঁৰ ওচৰত শোওঁতাসকলৰ শান্তি ভঙ্গ কৰিছিল। মই দূৰৰ পৰা সেই অপৰূপ শব্দ শুনিছোঁ আৰু তেওঁৰ ওচৰত ঘৰৰ ভিতৰত নোশোৱা বাবে নিজৰ বুধিক ধইন ধইনকৈ শলাগিছোঁ। জোনৰ সুবিমল জোনাকে মোৰ গোটেইটো গা বুৰাই দিলে। মই আনন্দত আপ্লুত হলোঁ। এইদৰে জোন আৰু তৰাৰে ভৰপূৰ নীল আকাশলৈ চাই ঈশ্বৰৰ সৃষ্টি কৌশল আৰু মহিমাৰ বিষয়ে ভাবি থাকোঁতে থাকোঁতে কেতিয়া কোনটো ছেগত কব নোৱাৰোঁ, মনে মনে টোপনিয়ে আহি মোৰ মূৰৰ পৰা ভৰিলৈকে ঢাকি কলা কাপোৰ এখন মোৰ গাৰ ওপৰত পেলাই দিলে; আৰু সেই কাৰ্য্যত বিনা প্ৰতিবাদে মই সৈমান হোৱা দেখি হবলা, মোৰ চকু কাণ আদি বাহিৰৰ বনুৱা লগুৱা ইন্দ্ৰিয়বোৰে ৰোহ পাতি ধৰ্ম্মঘট কৰি নিজৰ কাম বন বন্ধ কৰি দিলে।

এইদৰে "স্বাধীনতা হীনতাৱস্থাত নাবাচি" টোপনিৰ "দাসত্বশৃঙ্খল" ভৰিত পিন্ধি, কিমান পৰ আছিলোঁ কব নোৱাৰোঁ, কিন্তু হঠাৎ কোনোবাই মোৰ ভৰিত চেঁচা হাত এখন দিয়া যেন পালোঁ। চাট্‌কৰে টোপনিয়ে মোৰ গাৰ পৰা, ওপৰত কৈ অহা কলা কাপোৰখন তুলি নিলে আৰু কাৰবাৰ এই কেইষাৰ কথা মোৰ কাণত পৰিল; -" হেঁগা বাবু মশায়! তোমাৰ কি আৰ ঘুম ভাঙ্গবে না! ওঠ না একবাৰটি, আমাৰ একটু কথা বলবাৰ আছে।" মই খক্‌মককৈ উঠি বহিলোঁ। দেখোঁ পাৰি নিদিয়া শাৰী পিন্ধা ওৰণীৰে আদখিনি মুখ ঢকা, কুৰি-বাইশ বছৰ বয়সীয়া বঙালী তিৰোতা মানুহ এজনী মোৰ আগতে থিয় হৈ আছে। তিৰুতাজনীৰ মুখখন শেতা বিবৰ্ণ, যেন তাত কোনোবাই দুখৰ ডাঠ ৰহন সানি থৈছে। দুপৰ ৰাতি মই অকলশৰীয়া, এনে সময়ত এই গাভৰু তিৰোতাজনী কৰ পৰা কিয় আহি মোৰ ওচৰত থিয় হৈ আছে, আৰু লোকে বা কি বুলিব, কি নিন্দাৰ কথা হব, এই কথা ভাবি ভাবি মোৰ লাজ ভয় দুইটা সমানে লাগিল। মাতত সুৰ কঠুৱা আৰু তাল খৰ দি মই তাইক সুধিলোঁ, -"তই কোন? ইমান ৰাতি মোৰ কাষলৈ কিয় আহিছ?" তিৰুতাজনীয়ে মিহিকৈ উত্তৰ দিলে, "আমি কে, এখনই বলছি, ব্যস্ত হবেন না মশায়। কিন্তু, তাৰ আগে বলুন দেখি আপনি কে? কাৰ পৰামৰ্শ শুনে আজ আপনি আমাকে টানা-হ্যাচড়া কোৰে নাস্তানাবুদ কৰলেন? হেঁগা বাবু, তোমাৰ কাছে আমি এলুম, না তুমি আমাৰ কাছে এলে? আচ্ছা উল্টোচাপ দেখছি!" মই আচৰিত হৈ মাত লগালোঁ, "কি কয় অ, এইজনীয়ে! মই কেতিয়া তোক টনা আজোৰা কৰিলোঁ? আৰু কেতিয়া তোৰ কাষলৈ আহিছিলোঁ? তোৰ মতলবটো কি? ৰাতি গোলমাল এটা পকাই মোৰ গাত বদনাম দি দাঁড়ি ধন উলিয়াই লবলৈ আহিছ হবলা? সি কথা নেচেল। নিৰ্ম্মল বাবুৰ বাগিচাত এনেকুৱা বেয়া শ্ৰেণীৰ মানুহ থকা বুলি জনাহেঁতেন মই কেতিয়াও ইয়ালৈ নাহিলোহেঁতেন। এই বাগিচাত এখন্তকো ভাল মানুহৰ থকা উচিত নহয় দেখিছোঁ। সি যি হওক, তই ভালে ভালে মোৰ কাষৰ পৰা যা; নাইবা মালী আৰু দাৰোৱানহঁতক মাতি তোৰ চুলিকোছাত ধৰোৱাই এতিয়াই মই তোক চোচোৰাই উলিয়াই দিয়াম!" মোৰ ভাবুকি শুনি মানুহজনীয়ে মিচিকীয়া হাঁহি মাৰি সমিধান দিলে, "বাবুজী স্থিৰ হও, পাগলামী কৰোনা। তোমাৰ কাউকে ডাকতে হবেনা। আমাৰ দু-একটা দুঃখেৰ কথা আছে তা তোমাকে বলে এখনই চলে যাব। আমি তোমাৰ সঙ্গে ঝগড়া কৰতে আসিনি; দু-একটা কথা বলে মনটা একটু হালকা কৰতে এসেছি মাত্ৰ। দৰওয়ান মালীকে আৰ ডাকাডাকি কেন, তাদেৰ চেয়ে ঢেৰ মস্ত লোকেও আমাৰ মাথাৰ ছেড়া চুল এক গাছিতে হাত দিতে পাৰে না! ওগো বাবু, বলি ব্যস্ত হইওনা। তোমাদেৰ একটুতেই ব্যস্ত হোয়ে উঠা স্বভাৱ আছে তা আমি জানি, কি তা না হোয়ে নাহয় একটু স্থিৰ হয়ে আমাৰ কথাটাই শুনলে, তাতে আৰ হানিটা কি? –পুৰুষ! পুৰুষ! হে ভগবান! তুমি কি দিয়ে এই জিনিষটাকে গড়েছ জানিনে, জলেৰ নীচে লুকিয়ে পড়ে থেকেও তাদেৰ হাত থেকে নিস্তাৰ নেই!" মানুহজনীৰ কথা শুনি, আৰু তাইৰ কথা কোৱা গতিটো দেখি মই তধা লাগিলোঁ, আৰু মোৰ বুকুখন অলপ অলপকৈ লৰিবলৈ ধৰিলে। মই মনটো ডাঠকৈ মাত লগালো, "কি তই পানীৰ তলত লুকাই পৰি থকাৰ কথা বলকিছ? পুৰুষে তোৰ কি কৰিলে, কি দৌৰাত্ম্য কৰিলে? নিশ্চয় এইজনী মতলীয়া তিৰুতা। কৰবাৰ পৰা আহি কিবা কু-মতলবেৰে ৰাতি এই বাগিচাত সোমাইছেহি। দাৰোৱান! দাৰোৱান!"

মোৰ কথাষাৰ ঢুকাওঁতে নৌঢুকাওঁতেই তাই তাইৰ তৰ্জ্জনী আঙ্গুলিটো মোৰ আগত জোকাৰি মাত লগালে, "চুপ! বলি খবৰ্দ্দাৰ চুপ! ফেৰ যদি তুমি আমাকে মাতাল বলে অপমান কৰবে তো তোমাৰ ভাল হবে না বলছি। আগে যাৰ দোষে যা হয়েছিলুম হয়েছিলুম; সে সব হোয়ে গেছে। এখন আমি খাৰাপ মেয়ে নই! মাতাল নই! কোনও কুমতলবে তোমাৰ কাছে আসিনি। খবৰ্দ্দাৰ আৰ সে ৰকম কথা মুখ থেকে বেড় কৰবে না, যা কৰলে কৰলে।"

তিৰুতাজনীয়ে ইমান তেজেৰে সৈতে এই কথা কেইষাৰ কৈছিল যে মই থমকি গলো আৰু মোৰ গাৰ জোখটো দীঘলে কুঁচি গৈ কমি যোৱা যেন পালো। এনেতে হঠাৎ মানুহজনীৰ চকুৰে সৈতে মোৰ চকু একে হল। দেখি তবধ মানিলো যে, তাইৰ চকুৰ পৰা অসংখ্য জুইৰ ফিৰিঙতি ওলাইছে আৰু মুখৰ ভিতৰৰ দাঁতবোৰ, পুহমহীয়া জাৰৰ ঠেঁটুৱাইত কঁপা মানুহৰ দাঁতৰ দৰে, এপাৰিৰ ওপৰত এপাৰি পৰি ঠক্‌ ঠক্‌ শব্দ কৰিছে! এইবাৰ সঁচাকৈয়ে মোৰ বুকুত ভয়ে বাহ ললে, মুখৰ মাত হৰিল আৰু মই শোটমোত খাই পৰিলো। মোৰ অৱস্থা দেখি তাই খন্তেকতে শান্ত মূৰ্ত্তি ধৰি মিহিকৈ মাত লগালে, "তুমি না জেনে আমাকে সেই ৰকম কথা বলেছিলে, আমি বুঝতে পেৰেছি। আৰ বলোনা। আমি খাৰাপ লোক নই। কোনও খাৰাপ মতলবে আমি তোমাৰ কাছে আসিনি। দুঃখেৰ কথা একটা আদটা বলবাৰ জন্য তোমাৰ কাছে এসেছি। তুমি একটু মন দিয়ে শুনলেই আমি কৃতাৰ্থ হোয়ে চলে যাব।"

মই উত্তৰ দিলো- "বাৰু কি কব খুজিছা কোৱা, মনদি শুনিম।" তিৰুতাজনীয়ে কবলৈ আৰম্ভ কৰিলে। তাইৰ সেই কথাৰ অবিকল অসমীয়া ভাঙনি তলত দিলো।–

"এই বাগিচাখন আজিকালি কাৰ কব নোৱাৰোঁ। কিন্তু আগেয়ে ইয়াৰ গৰাকী আন এজন আছিল। সি আজি ডেৰকুৰি বছৰৰ আগৰ কথা। সেইজনা সম্বন্ধত মোৰ জেঠাল আছিল। মোৰ স্বামীৰ মুখ মই দেখিবলৈকে নাপালো। আমাৰ বিয়াৰ এমাহৰ পিচতে তেওঁ জহনীত পৰি ঢুকাল। মই তেতিয়া মোৰ আই বোপাইৰ ঘৰত উমলি ভাত খোৱা সৰু ছোৱালী। মোৰ চকাচমকাকৈ মনত পৰে, হঠাৎ এদিন আবেলি আমাৰ ঘৰত কোঢ়াল লাগি পৰিল। মই ঘৰৰ আগচোতালত আমাৰ ওচৰ চুবুৰীয়া এজনী সমনীয়া ছোৱালীৰে সৈতে উমলি আছিলো; কোঢ়াল শুনি, কি হল বুলি ঘৰৰ ভিতৰলৈ লৰ মাৰি আহি দেখিলো যে আয়ে হিয়া-মূৰ ভুকুৱাই কান্দিছে, বোপায়ে বহি চকুৰ পানী টুকি থাকি থাকি 'মোৰ কি হ'ল ঐ!' বুলি একোবেলি মাতি উঠিছে। পেহী আৰু আমাৰ বুঢ়ী বেটীজনীয়ে দীঘলকৈ ৰাউচি জুৰি কান্দি গছৰ পাত সৰাইছে! তেওঁলোকৰ কি হল মই একোটো বুজিব নোৱাৰি, তেওঁলোকৰ লগতে কান্দিব ধৰিলো। ভালেমান বেলিৰ মূৰত কোঢ়াল কমি আহিলত পেহী আৰু বুঢ়ী বেটীজনীয়ে মোক বৰঘৰৰ ভিতৰলৈ মাতি লৈ গৈ মোৰ হাতৰ পৰা শঙ্খৰ খাৰু আৰু লোৰ খাৰু আৰু সোণৰ বালা সোলোকাই ললে আৰু কপালৰ সেন্দুৰ মচি দি কলে যে মই সেইবোৰ আৰু পিন্ধিব নেপায়, কাৰণ মোৰ স্বামী মৰিল। মোৰ স্বামী কি পদাৰ্থ তেতিয়া মই ভালকৈ একো নুবুজিলো। মাত্ৰ লোকে মোক ঠাট্টা আৰু ধেমালিকৈ কোৱা কথাৰ পৰা এইফেৰা বুজিব পাৰিছিলো যে, কিছুমান দিনৰ আগেয়ে মোৰ সৈতে যে লোকৰ লৰা এটাৰ বিয়া হৈছিল, যি বিয়া মোৰ ধেমালিৰ পুতলাৰ দৰা-কন্যাৰ বিয়াৰ নিচিনা বুলি মই সদায় ভাবিছিলো, সেই ল'ৰাটোকে ইহঁতে মোৰ স্বামী বোলে। মোৰ সেই কথাটো সমূলি ভাল নেলাগিছিল, আৰু লোকে সেই ল'ৰাটোক মোৰ স্বামী বুলি জোকালে মোৰ বৰ খং উঠিছিল। মই ভাবিছিলো, মই পুতলাৰ দৰা-কন্যা পাতি বিয়া দিয়াদি আয়ে ধেমালিকৈ আমাৰ বিয়া পাতি ৰং কৰিছিল; বিয়াও ভাগিল, ধেমালিও ভাগিল, গল কথা গুচিল; সদায় সেই একেটা পুৰণি কথাকে লৈ মোক সকলোৱে জোকাই থাকে কিয় কব নোৱাৰোঁ। শেহত মোৰ মনত সেই কথা অসহনীয় হৈ উঠিছিলগৈ। সেই নিমিত্তে তেতিয়া পেহী আৰু বুঢ়ী বেটীৰ মুখে মোৰ স্বামী মৰি যোৱাৰ কথা শুনি মই পেটে পেটে সন্তোষ পালো; ভাবিলো, আপদ গল; আজিৰ পৰা আৰু কোনেও মোক তাৰ কথা কৈ জোকাই থাকিব নোৱাৰে; আৰু মোৰ আই-বোপাইৰ লগ আৰু ঘৰ এৰি লোকৰ ঘৰলৈকো যাবলৈকো কোনেও কব নোৱাৰে। কিন্তু মোৰ হাতৰ পৰা তেওঁলোকে খাৰু কেইডাল কাঢ়ি নিয়াতহে মই নথৈ বেজাৰ পাইছিলো। মই পেহীক সুধিলো, "পেহী, বাৰু খাৰু কেইডাল নিছ নে কিন্তু কাইলৈ মোক পিন্ধিবলৈ দিব লাগিব।' পেহীয়ে চকুৰ পানী টুকি উত্তৰ দিলে, 'আৰু খাৰু পিন্ধিবলৈ নেপাৱ মইনা! তই বাঁৰী হলি! বাঁৰী মানুহে খাৰু পিন্ধিব নেপায়। মই জানো কেতিয়াবা খাৰু পিন্ধা দেখিছ?' এই কথা শুনি মই ফেঁকুৰি ফেঁকুৰি খুব কান্দিলোঁ।

"মই আই-বোপাইৰ আলাসৰ লাড়ু আছিলোঁ। বোপাই ধনী মানুহ আৰু তেওঁৰ সন্তান-সন্ততিৰ ভিতৰত ময়েই। তুমি সহজেই অনুমান কৰিব পাৰাঁ মই কেনে আদৰুৱা আছিলোঁ।

"মোৰ শহুৰৰ ঘৰ আমাতকৈয়ো চহকী। জোঁৱায়েকৰ শোকত মোৰ আই-বোপাই জুৰুলা হ'ল! পাঁচ বছৰৰ ভিতৰতে এজনৰ পিচত এজনকৈ দুয়ো ঢুকাল। মই নিঠৰুৱা হলোঁ। ধন-সম্পত্তি মাটি-বাৰী মোৰ একোৰো অভাৱ নাছিল; কিন্তু মতা মানুহ অভিভাবকৰ অভাৱত সেইবোৰ দেখিব-শুনিবলৈ কোনো নাইকিয়া হ'ল। কিছুদিনৰ আগেয়ে মোৰ শহুৰৰো মৃত্যু হৈছিল। শাহু মোৰ বিয়াৰ আগতেই ঢুকাইছিল। মোৰ জেঠালৰ বাহিৰে নিজৰ মানুহ বুলিবলৈ কোনো নাছিল। গতিকে মই তেওঁৰ ঘৰলৈকে উঠি আহিবলৈ থিৰ কৰিলোঁ। তেওঁ বৰ উৎসাহেৰে মোক আনিলে আৰু মোৰ ধন-বস্তু মাটি-বাৰীৰ দিহা পোহা কৰিবলৈ গাত ললে।

"তেতিয়া মোৰ বয়স ওঠৰ বছৰ, আৰু মোৰ মহাশত্ৰু পযৌৱনৰ মোৰ গাত মহা পয়োভৰ। তুমি এতিয়া মোক দেখি নিশ্চয় অনুমান কৰিব পাৰিছা মই কেনে শুৱনী ছোৱালী আছিলো।

"মই আই-বোপাইৰ ঘৰত থাকোঁতে, মোৰ জেঠোত কেনেকুৱা মানুহ মই নেজানিছিলোঁ; কিন্তু তেওঁৰ লগলৈ আহি দুই-চাৰি দিনৰ ভিতৰতে মই তেওঁৰ জঘন্য স্বভাৱ চৰিত্ৰৰ চিনাকি পালোঁ। কোনোবাই দোৰ্ঘোৰ মদপী আৰু বেশ্যাসক্ত মানুহৰ আৰ্হি বিচাৰিলে মোৰ জেঠোতৰ ফালে আঙুলিয়াই দিলেই যথেষ্ট হব। ঘৰত তেওঁৰ সতী লক্ষ্মীৰ নিচিনা ঘৈণীয়েকক তেওঁ ভৰিৰে ঠেলি পেলাই নটীৰ সৈতে খোৱা লোৱা কৰি পশুতকৈও অধইচ জীৱন কটাইছিল। বাৰীৰ ঘাঁহেৰে সৈতে গোহালিৰ গৰুৰ ৰাহি নহাদি ঘৈণীয়েকে সৈতে তেওঁৰ ৰাহি নাহিছিল। মই তেওঁৰ ঘৰলৈ আহিহে বুজিব পাৰিলোঁ যে কি এটা ভয়ানক ভুল কৰিলোঁ আৰু সেই ভুলেই কিজানি মোৰ ইহকাল পৰকাল দুইটাৰ সৰ্ব্বনাশ কৰিব। মনত এই কথা খেলালতে মই তেওঁৰ আশ্ৰয় এৰি আকৌ আমাৰ আগৰ ঘৰলৈ উভতি যাবলৈ সঙ্কল্প কৰি মোৰ জাক সেই কথা কলোঁ। মোৰ কথা শুনি জাৰ নিৰ্ম্মল মুখ কলা পৰি গল; চকুৰ পানীৰে তেওঁৰ চকু চল্‌চলীয়া হ'ল। কিছুমান পৰৰ মূৰত চকুৰ লো টুকি তেওঁ কলে, 'ভনীটি, জীৱনত বিধতাই মোৰ সুখ নেলেখিলে, নতুবা তুমিও মোক এৰি যাবলৈ ওলাবা কিয়! সৰহ নকওঁ, তুমি মৰা-বাঁৰী মই জীয়া-বাঁৰী। স্বামী সুখৰ পৰা তুমি বঞ্চিত ময়ো বঞ্চিত। তোমাক দুখ পতিয়াবলৈ পাই ক্ষন্তেকমান সুখৰ ছাঁ দেখিছিলোঁ; গোসাঁয়ে তাক সহিব কেলৈ!'

"বাইদেউৰ চকুৰ লো আৰু হিয়াৰ তলিৰ পৰা ওলোৱা এই কেইষাৰ কথাই মোক সমূলি ঘটুৱালে; আৰু মই যি থাকে কপালত ভাবি তাৰপৰা গুচি যোৱা সঙ্কল্প পৰিত্যাগ কৰি তাতে থাকিলোঁ।

"লক্ষ মানুহৰ ভিতৰত এটা দুটাৰ মনেহে কেতিয়াবা-কাচিৎ অৱস্থা আৰু সময়ৰ সৈতে তমোময়কৈ লগা দীঘল যুঁজ যুঁজি শেহত জিকিব পাৰে। এনেস্থলত মোৰ নিচিনা নিঃসহায় দুৰ্বল ছোৱালীয়ে কিছুকাল সেই দুৰ্দ্দান্ত সেই দুই শত্ৰুৰে সৈতে যুঁজি শেহত ঘাট মনা আচৰিত কথা নহয়। কিছুমান দিনৰ মূৰত জেঠালৰ ঘৰত বাস কৰা সেই অপূৰ্ব্ব অৱস্থাৰ উভহাবিলাক মৰি মোৰ পক্ষে সি মিহি হৈ পৰিল। তেওঁৰ অদ্ভুত অসহনীয় স্বভাৱ চৰিত্ৰৰ উৎপাতবোৰ মোৰ চকু কাণে সহিবলৈ শিকিলে; আৰু তাৰো কিছুমান দিনৰ মূৰত তাত দোষ বা পাপৰ হুল মোৰ চকুৱে একেবাৰেই নমনা হল।

"এইখিনিতে কোৱা আৱশ্যক যে মই মোৰ জেঠোতৰ ঘৰলৈ যাবৰ দিনাৰে পৰা তেওঁৰ পপীয়া চকু মোৰ ওপৰত পৰিছিল; আৰু তেওঁৰ নানা বিধ গঢ়-গতিত সেই কথা ফুটি ওলাইছিল। মই মোৰ বিষম বিপদ বুজিও, ঈশ্বৰৰ চৰণত একান্ত নিৰ্ভৰ কৰি জাৰ মৰমৰ মায়া-জৰিডাল ছিঙিব নোৱাৰি তাতে আছিলোঁ। দিনকদিনে মোৰ বৰজনাই মোক জালত পেলাবলৈ নানা চক্ৰান্ত কৰিবলৈ ধৰিলে। শেহত অজগৰ সাপৰ আকৰ্ষণত নিৰুপায় হৰিণী তাৰ মুখৰ ভিতৰত সোমোৱাদি গৈ মই পাপ-অজগৰৰ মুখত সোমালোঁ। মোৰ সৰ্ব্বনাশ ঘটিল। কলঙ্কৰ পাচি মই মূৰত তুলি ললোঁ।

"এই বাগিচাৰ সেইটো ঘৰতে মই মোৰ পপীয়া জীৱন পাষণ্ড জেঠোতৰ সৈতে আমোদ প্ৰমোদত কটাইছিলোঁ। মোৰ জাই তেওঁৰ স্বামীৰ সৈতে মোৰ জঘন্য ব্যৱহাৰ লক্ষ্য কৰি হতাশ হৈ এদিন যি কেইষাৰ কথা কৈছিল, সেই কেইষাৰ কথা আজিলৈকে মোৰ মনত আছে। জেঠোতে তেওঁৰ ঘৰৰ পৰা মোক উলিয়াই লৈ এই বাগিচাৰ ঘৰলৈ আহিবলৈ ওলাইছে, এনেতে জাই চুলি মেলি বলিয়াৰ দৰে হৈ কৰবাৰ পৰা লৰি আহি দুহাতে বুকু চপৰিয়াই মোৰ ফালে চাই কলে: 'নলিনী! শেহত তয়ো এনেটো কাম কৰিলি! চুকতে থাকি তই মোৰ ভাল বুকুত কামোৰ মাৰিলি!' পাপ ফটিকাৰ ৰাগীত মতলীয়া হৈ তেতিয়া জাৰ সেই হিয়া ভাগি ওলোৱা কথাৰ উত্তৰত মই মাথোন হো-হো কৰে হাঁহিলোঁ। পিশাচৰ হাঁহিৰ নিচিনা মোৰ সেই হাঁহি শুনি জাই আকৌ ইয়াকে মাথোন কলে, 'আইৰ ঘৰলৈ যাম; দুই হাতে খাম; বিধাতাই বোলে মই পাচে পাচে যাম। তই যা, যা, যা, ময়ো কাল হৈ তোৰ পাচে পাচে যাব লাগিছোঁ।' সঁচাকৈ কব লাগিলে, জাৰ সেই কথা কেইষাৰ মোৰ অন্তৰত শেল সোমোৱাদি সোমাইছিল; কিন্তু সেই সন্তাপ সেই ধিক্‌কাৰ ততালিকে উৰি গল; কাৰণ তেতিয়া মই পাপ-পুখুৰীত ডিঙিলৈকে তল যোৱা। তাৰ পৰা মোৰ উঠিবৰ শকতি নাই।

"দুখুনী জাৰ মৰ্ম্মভেদী কথা অচিৰতে মোৰ গাত ফলিয়ালে। ছমাহ যাওঁতে নৌ যাওঁতেই মোৰ পাপৰ পৰাচিত ঘটিল। মই গৰ্ভৱতী হলোঁ। পাপিষ্ঠ জেঠাল যদিও পশুতকৈও অধম, তথাপি হিন্দুসমাজৰ ভিতৰত তেওঁ এজন বৰমূৰীয়া আছিল। দুৰ্ব্বল হিন্দু সমাজে, ধনৰ বলেৰে বলী তেওঁক এৰিবলৈ সাহ গোটাব পৰা নাছিল; বৰং সেই সমাজে তুৰি মুৰি কৰিব নোৱাৰাকৈ তেওঁহে ধনৰ সোপাৰে সমাজৰ মুখত সোপা দি থৈছিল। কিন্তু এইবাৰ তেওঁৰ ভয় হ'ল। তেওঁ ভাবিলে এশ গৰু মাৰিলে বাঘৰো মৃত্যু বুলি কয়। কিজানি ইমানটো ডাঙৰ কলঙ্ক এইবাৰ তেওঁ চম্ভালিব নোৱাৰেই। সেইদেখি তেওঁ মোৰ গৰ্ভ নষ্ট কৰিবলৈকে মনতে সঙ্কল্প কৰি সেই কাৰ্য্যৰ অৰ্থে খুব চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ সকলো চেষ্টা বিফল হ'ল। বীৰ পুৰুষে শেহত কি কৰিলে কওঁ শুনা।

"এদিন ৰাতি মোৰ টোপনিত পাষণ্ডই মোৰ টেটুটো চেপা মাৰি ধৰি মোক বধ কৰিলে। পাপিষ্ঠৰ এটা পৰম বিশ্বাসী পামৰ লগুৱা বা লগৰীয়া আছিল। তাৰে সৈতে লগ লাগি মোৰ ডিঙিত এটা ডাঙৰ শিল জৰীৰে বান্ধি দি সেই ৰাতিয়েই মোক এই পুখুৰীত পেলাই দি পাপিষ্ঠই কলঙ্কৰ হাতৰ পৰা উদ্ধাৰ হল। পাপীৰ হাতত মোৰ প্ৰাণ যোৱাৰ দিনাৰে পৰা আজিলৈকে মই এই পুখুৰীতে পৰি আছিলোঁ। বেচ আছিলোঁ, শান্তিত আছিলোঁ; এই স্বাৰ্থপৰ দুখৰ সংসাৰত জোন বেলি তৰা, বিশেষকৈ পুৰুষৰ মুখ মোৰ চকুত নপৰাকৈ আছিল। আহা কি শান্তি! কি আৰাম! তুমি কিহৰ বাবে, কি আখেজত আজি মোক জালোৱাৰ হতুৱাই আজোৰাই লটিঘটি কৰি মোৰ শান্তি ভঙ্গ কৰি এইদৰে পাৰত পেলাই দিয়ালা? মোৰ সৈতে তোমাৰ শত্ৰুতা কোনো কালে নাছিল। তোমালোক মতা মানুহে তিৰোতা মানুহৰ ওপৰত দৌৰাত্ম্য কৰিবলৈ আৰু নেৰা নে? চিৰকাল আমাৰ ওপৰত তোমালোকে জুলুম কৰিয়েই থাকিবানে?

"হৰি হৰি! তিৰুতাৰ জীৱন দুখৰ জীৱন। তাক আৰু দুৰ্ভগীয়া কৰিবলৈ মতা সদায় সাজু! বিয়া কাক বোলে তাক জনাৰ আগেয়েই, আৰু স্বামী কাক বোলে তাক চকুৰে দেখাৰ আগেয়েই অৰ্থাৎ প্ৰকৃতপক্ষে স্বামীক পোৱাৰ আগেয়েই মই স্বামী হেৰুৱালোঁ, বিধবা হলোঁ! তোমালোক পুৰুষৰ কেনে যুক্তি! কেনে ন্যায়! তোমালোক আপোনপেটীয়া স্বাৰ্থপৰ জাতি। তিৰুতাৰ আগত বৰ-মতা বোলোৱা তোমালোকৰ স্বভাৱ। সত্য ত্ৰেতা দ্বাপৰ যুগৰ 'বাতিল' ব্যৱস্থা শাস্ত্ৰবিলাক তোমালোকৰ আজিকালিৰ আইন; শ্ৰীৰামপুৰৰ 'নতুন পঞ্জিকা'ৰ দৰে সি কেতিয়াও কোনো কালে পুৰণি হব নেজানে। আৰু আইন কৰোঁতাসকল অৱশ্যে পুৰুষ মানুহেই। সত্য ত্ৰেতা দ্বাপৰৰ ৰজা গল, ৰাজত্ব গল, বৈদিক পৌৰাণিক কত কি ধৰ্ম্ম গল, আচাৰ গল, ব্যৱহাৰ গল, আন কি, বগা আৰ্য্যবোৰৰ গাৰ বৰণ সলনি হৈ তেওঁলোক ক'লা হলগৈ; কিন্তু সেইবোৰ যুগৰ সমাজৰ মানুহে চলিবলৈ কৰা আইনৰ সলনি নাই। সি মোট নসলোৱাকৈ তেনেই জীয়াই আছে! আৰু বেলি পানী হৈ সৌ চাপৰিটো তল গৈছিল, এইবেলি সি শুকাই টকলানি হৈ আছে। তুমি তাতে জোবোৰা এটা মাৰি গাটো ধুই নাহাগৈ কিয়? তোমালোকৰ ন্যায়মতে স্মৃতি শাস্ত্ৰমতে বিচাৰ কৰি চালে তুমি দেখিবা যে তাত এতিয়াও পানী আছে, তুমি মনুৰ মতে এতিয়াও তাত জোবোৰা মাৰি আহিব পাৰাগৈ। কিবা বোলেনে, 'ওলোটা বুজিলি ৰাম'- তোমালোক মতা মানুহ। পুৰুষে পুৰুষে ওলোটা বুজিহে তোমালোকে সকলোকে হেৰুৱাই এই নীহ অৱস্থা পাইছাহি। তোমালোকৰ লক্ষণ ধ্বংসৰ ফালে, তেহেলৈ তোমালোকে যিহকে কোৱা। তোমালোকৰ ভিতৰৰ কোনোবা কাচিৎ এজন দুজনে তোমালোকৰ অন্যায় ব্যৱহাৰ দেখুৱাই তিৰুতাৰ প্ৰতি ভদ্ৰ আৰু ন্যায় ব্যৱহাৰ কৰিবলৈ তোমালোকক যদি কয়, তেন্তে তোমালোকে কঁকালত টঙালি বান্ধি উঠি বক্তাজনক কিলাবলৈ যোৱা আৰু নানা অত্যাচাৰ উৎপাত তেওঁৰ ওপৰত কৰা! বিদ্যাসাগৰে আমাৰ হৈ আষাৰচেৰেক কথা কোৱাৰ বাবে তেওঁক তোমালোকে নকৰিবৰ চকৰি কৰিলা। গালি শপনি নিন্দাৰে তেওঁক তোমালোকে পুতি শেহত এঘৰীয়া কৰি এৰিলা। ন্যায় আৰু ধৰ্ম্মৰ ব্যৱহাৰ তোমালোকৰ পৰাটো আমি পাব নোৱাৰোঁয়েই, তোমালোকে যি স্মৃতিশাস্ত্ৰ মানো বুলি কোৱা, সেই শাস্ত্ৰই বিহাৰ দৰেও কিন্তু তোমালোকে আমাৰ প্ৰতি ব্যৱহাৰ কৰিবলৈ অমান্তি হোৱা। ধইন তোমালোক! বিদ্যাসাগৰে শাস্ত্ৰ সাগৰ মথি তাৰ পৰা বিধবাৰ বিয়াৰ ব্যৱস্থা উলিয়াই তোমালোকৰ আগত ধৰিলে। তোমালোকে নানা তৰ্কজাল পাতি সেই ব্যৱস্থা টিলিকি মাৰি উৰাই দিবলৈ চেষ্টা কৰি, নোৱাৰি শেহত তেওঁক গালি পাৰি ৰণ জিকিলা। তোমালোকৰ গুণৰ কথা তিন দিন দিন ৰাতি কৈ থাকিলেও ওৰ নপৰে। আমি এবাৰ স্বামী হেৰুৱাই তোমালোক পুৰুষৰ ব্যৱস্থা মতে দুনাই বিয়া কৰাব নোৱাৰোঁ; কিন্তু তোমালোকলৈ হলে সেই বাট একেবাৰেই মুকলি ৰাজআলি। ঘৈণীয়েক মৰি থাকক যতবাৰ হয়, তোমালোকে যিমান মন যায় বিয়া কৰি থাকিবা; তালৈ শাস্ত্ৰই হাতত ছাতি ধৰি তোমালোকক আদৰি লগে লগে লৈ যাব। ছিঃ এনেখন শাস্ত্ৰ তোমালোকৰ? এনেকুৱা তোমালোক! এনেকুৱা এইখন সংসাৰ! এইখন সংসাৰৰ গৰাকী কোন? আপোনপেটীয়া মতা কেইটাৰ বাহিৰে ইয়াৰ আন কোনোবা গৰাকী আছে যেন মনে নধৰে।"

এইখিনিতে মই মাত লগালোঁ, "শুনিছানে বোলোঁ, জানি শুনি আজি আমি তোমাৰ শান্তিভঙ্গ কৰা নাই। নজনাতহে এই কাণ্ড ঘটিছে। এতিয়া কি কৰিলে আমাৰ গাৰ পৰা দায় যাব আৰু তোমাৰো আকৌ শান্তি স্থাপন হব কোৱা, মই নিশ্চয় তাকে কৰিম।"

তিৰুতাজনীয়ে উত্তৰ দিলে, "আকৌ মোক এই পুখুৰীৰ পানীত পেলাই দিয়াঁ। তেনেহলে মই আকৌ আগৰ ঠাইতে আগৰ দৰে নিশ্চিন্ত হৈ শুই থাকিম। আৰু নুমুৱা অগনি নজ্বলে।" মই কলোঁ, "দিম পেলাই; কিন্তু এটা কথা; -তোমাক মই যেনে দেখিছোঁ এই অৱস্থাত তোমাক পুখুৰীত পেলাই দিলে মোক নৰহত্যা অপৰাধত পুলিচে ধৰি লৈ যাব আৰু মোৰ ফাঁচী হব।" মোৰ এই কথা শুনি মানুহজনীয়ে পিশাচৰ দৰে ইমান হাঁহিলে যে শেহত তাই মাটিত বাগৰি পৰিও তাইৰ হাঁহিৰ ওৰ নপৰা হল। তাইৰ সেই বিকট হাঁহিত মোৰ বুকু কঁপিবলৈ ধৰিলে। তাই হাঁহি হাঁহি বাগৰি গৈ গৈ শেহত পুখুৰীৰ পাৰৰ সিফালৰ খাৱৈত পৰিল। মই চকিদাৰ চকিদাৰ বুলি মাতিলত, বাগিচাৰ চৌকিদাৰ লৰি আহিল! মই তাক কলোঁ, "সেয়া দেখিছ নে?" সি সুধিলে, "কি দেউতা?" মই উত্তৰ দিলোঁ, "সেইজনী তিৰুতা মানুহ মতলীয়াই নে কি মই কব নোৱাৰোঁ, বাগৰি গৈ খাৱৈত পৰিছে।" চকিদাৰে তধা লাগি অপলমান ৰৈ কলে, "কতা দেউতা! মই দেখোন একো দেকিবলৈ পোৱা নাই; দেউতাই কিজানি কিবা সমাজিক দেখিছিল হবলা। উঠক দেউতা, ইয়াৰ পৰা বলক, ভিতৰত শোৱকগৈ; এই বাগিচাত দেও আছে, বাহিৰত শোৱা ভাল নহয়।"

মই "বাৰু বল যাওঁ" বুলি কৈ তাক কলোঁ, "দেখ যোৱাৰ আগেয়ে তই চাচোঁন বাৰু খালটোত কি আছে।" সি মোৰ কথা মতে চাই কলে, "অ' এইটো আজি ৰাতিপুৱা জালত উঠা সেই লাওখোলাটো। ইয়াক দূৰৈত পেলাই দিব লাগিছিল, ইয়াতে কোনে পেলাইছিল কব নোৱাৰোঁ।" এই বুলি সি জেওৰা এচলা আনি তাৰ আগেৰে সেই লাওখোলাটো দূৰলৈ মাৰি পঠিয়াব খোজোঁতেই মই "ৰবি ৰবি" বুলি তাক হাক দি কলোঁ, "পুখুৰীৰ বস্তু আকৌ তাক পুখুৰীতে পেলাই দে। সি আগেয়ে যত আছিল ততে থাওক।" চকিদাৰে সেই কথাত অমত প্ৰকাশ কৰিব খোজোঁতেই মই আকৌ কলোঁ, "নহয় তই জনা নাই, বাগিচাৰ ওচৰত পৰি থকা তাক পুলিচে দেখিলে নানা সন্দেহ কৰি আমাক দিগদাৰি কৰিবৰ সম্ভৱ; সেইদেখিহে মই কৈছোঁ যে তাক পুখুৰীতে পেলাই দিয়াইহে ভাল।" পুলিচৰ নাম শুনি চকিদাৰে ভয় খাই আৰু একো নকৈ সেই লাওখোলাটো আকৌ পুখুৰীত পেলাই দিলে। মই তাৰপৰা উঠি আহি ভিতৰত শুবৰ চেষ্টা কৰিলোঁ, কিন্তু আৰু টোপনি নাহিল, কেতিয়া ৰাতি পুৱায় কেতিয়া ৰাতি পুৱায় ভাবি বাট চাই থাকোঁতে ৰাতি পুৱাল। "মোৰ বৰ সকাম এটা আছে" বুলি নিৰ্ম্মল বাবুক কৈ তেওঁলোকৰ আগেই মই সেই বাগিচাৰ পৰা গুচি আহিলোঁ।