SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মলক গুইন্‌-গুইন্‌

"হেয় আও! তোম কোন হ্যাঁয়? দৰৱাজাকা চামনে কাহে খাৰা হ্যাঁয়?" কঁকালত পিতলৰ ছাপৰাচ আৰু মূৰত ৰঙা কলাৰে সানমিহলি কাপ্‌ কাপ্‌ পাগুৰী পিন্ধা হিন্দুস্থানী ছাপৰাচী এটাই, মুগাৰ বৰচুৰিয়া আৰু এৰিয়াৰ মিৰ্জাই চোলা পিন্ধা গাত খনীয়া কাপোৰ আৰু হাতত বাঁহৰ লাখুটি লোৱা, শুদা ভৰি, ওঠত তামোলৰ ৰাং, মুখত তামোলৰ মোকোৰাৰে আদহীয়া বয়সৰ চহা মানুহ এজনক এইদৰে কেৰ্কেৰীয়া মাতেৰে এদিন পুৱা ৯ মান বজাত সম্বোধন কৰিছে। ছাপৰাচীৰ প্ৰশ্ন শুনি মানুহজনে উত্তৰ দিলে, "মই মোৰ পো মলখু বোপাক চাবলৈ আহিছোঁ। বতৰা কৈ দিয়াঁ ছাপলাঠি ককাই, মই আহিছোঁ বুলি।"

ছাপৰাচী ।- "তোমাৰা কোই মলখু পৌ হিয়া নাহি হ্যাঁয়। এইথো গুঁই গুঁই চাহাবকা মোকান হ্যাঁয়। হিয়াছে ভাগ্‌ যাও। নাহিতো চাহাব বাহাৰমে আয়কে তোমকু হিঁয়া দেখনেচে হমাৰা উপৰ বহুত গোচা কৰেগা।"

মানুহজন ।- "নহয় ছাপলাঠি ককাই, মোৰ নিজৰ লেৰেকা মলখু বাবুৰ ঘৰ মই জানো। তুমি নতুন মানুহ হবলা, সেই দেখি মোক চিনি পোৱা নাই। তুমি ভিতৰলৈ গৈ মোৰ কথা মোৰ ল'ৰাৰ আগত কোৱাগৈ, সি এতিয়াই ওলাই আহিব।"

ছাপৰাচী ।- "বুঢ়াথু পাগলা হ্যাঁয় না ক্যা কুচ মালুম নাহি হ্যাঁয়। ইচকা মলখু বাবু লেৰকাকু হিয়া চাহাবকা কুঠিমে তল্লাচ কৰনে আয়া। যাও, ভাগ হিয়াঁচে। হিঁয়া তোমৰা মলখু-উলখু কোই নাহি হ্যাঁয়। মগৰ, বাত নাহি শুনেগা তো তোমকু গৰ্দ্দান পাকৰকে হিয়াঁছে নিকাল দেগা।"

কথাষাৰ শুনি মানুহজন খঙত থৰ্‌ থৰ্‌ কৰে কঁপিবলৈ ধৰিলে। ক্ষন্তেক টভক মাৰি থাকি তেওঁ মাত লগালে, "কি কলি কটা কুকুৰ-ধূলি ছাপলাঠি? তোমাৰ ইমানটো সাহ নে? তই মোৰ গলধনটোত ধৰি উলিয়াই দিবি? মোৰ নাম তোলন সাজতোলা বুলি কটা ভূ পাৱ নে নাই? তোৰ চাহাবৰ মই বাপেক বুলি তই বঙালে জান নে নাই? কটা, তোৰে ইমানটো কেৰামত? এতিয়াই মোৰ ল'ৰাক কৈ দি তোৰ দাঁত আটাইকেইটা ভঙাম বুলি জানিছ নে বোলোঁ?"

এই কথাৰো অন্ত পৰিল, আৰু তোলন সাজতোলা আৰু ছাপৰাচীৰ মাজত জোটাপুটি লাগি পৰিল। ডাঢ়ি-গোঁফ খুৰুৱা মুখ, পাহ-কটা চুলি, উধনিয়া খোপা আৰু ফটুৱাই ফটা ভৰিৰে আঢ়ৈ কুৰি বছৰীয়া গাঁৱলীয়া মানুহ এজনে হিন্দুস্থানী ছাপৰাচীটোৰ সৈতে জোটা-পুতি লগাই বাহিৰত হাই-উৰুমি কৰিছে শুনি মিষ্টাৰ মলক গুইন্‌ গুইন্‌ চাহাব, "কোন হাল্লা কৰতা?" বুলি হুকি মাৰি দি ভিতৰৰ পৰা "শ্লিপিং চুট" আৰু "শ্লিপাৰ" অৰ্থাৎ ৰাতি শুবলৈ যাওঁতে পিন্ধা ঢিলা চোলা আৰু ঠেঙা, আৰু ভৰিত চটি জোতাৰেই বাহিৰলৈ ওলাই আহিল। জোটাপুটি লগা শালিকাই কোনো মানুহ সিহঁতৰ কাষ চাপি গলে ততালিকে জোটাপুটি ভাঙি আঁতৰা-আঁতৰি হৈ চেক্‌চেকোৱাদি অহা দেখিয়েই চাপৰাচী আৰু তোলন দুয়ো জোটাপুটি ভাঙ্গি দুয়ো দুইকো এৰি আঁতৰ হৈ ফোঁপাই-জোঁপাই একেবেলিয়েই দুয়ো দুয়োৰো নামে চাহাবৰ আগত গোচৰ দিবলৈ ধৰিলে। ছাপৰাচী ।- "দেখিয়ে হজুৰ। এইথু বুঢ়া পাগলা না চোৰ কুচ ঠিকনা নাহি, কাঁহাচে আয়কে হিয়া হাল্লা কৰণে লাগা। আউৰ হামকু বলতা- উচকা কোই মলখু বেটাকা স্যাৎ মুলাকাত কৰাই দেনেকু। হম ভালা কৰকে ইছকু চমজাইকে দিয়া যে এইথু চাহাবকা কুঠি, হিঁয়া উচ্‌কা মলখু লেৰকা কোই নাহি হ্যাঁয়; লেকিন বুঢ়াথু হামকু গালি দেনে লাগা।"

তোলন ।- "হেৰ চাচোন বোপাই মলখু। তোৰ ছাপলাঠি নে টেকেলা কি এইটোৱে মোক গালি পাৰি টানি আজুৰি নগুৰ্ণাগতি কৰি কি অপমান বিলাক কৰিব লাগিছে। কুকুৰৰ সাহটো চাছোন, সি হেনো মোৰ গলধনটোত ধৰি মোক গতিয়াই ইয়াৰ পৰা উলিয়াই দিয়ে!"

তোলন সাজতোলাই এই কথা গুইন্‌ গুইন্‌ চাহাবৰ আগত কৈ চকুৰ পানী টুকিবলৈ ধৰিলে। চাহাবে সাজতোলাৰ ফালে চাই গম্ভীৰভাৱে কলে, "তুমি কৰ পৰা আহিছে? কোন আছে? মই তোমাক চিনি নাপাওঁ। ইয়াৰ পৰা এতিয়াই তুমি গুচি যাব লাগে।" এই বুলি চাহাবে সাজতোলাৰ ফালে পিঠি দি ছাপৰাচীৰ ফালে মুখ কৰি আকৌ কলে, -"ছাপৰাচী, এই বুঢ়াক হিয়াছে বাহাৰ যানে বলা। লেকিন গালি দেও মৎ, মাৰ মৎ, হাল্লা কৰ মৎ।"

এই কেষাৰ কথাৰো অন্ত পৰিল, মলক্‌ গুইন্‌-গুইন্‌ চাহাবে চট্‌ চট্‌ কৰে চটি জোতাৰে নিজৰ ভৰিৰ তলুৱাত কোবাই ঘৰৰ ভিতৰ সোমাই অন্তৰ্দ্ধান হল। পুতেকৰ ব্যৱহাৰ দেখি বুঢ়া তোলন তোলা চৰগ পৰা যেন মানুহ যেন হৈ থৰ লাগি অলপ পৰ থাকি, "হেৰ মলখু, তই মোক চিনিকে নোপোৱা হলিনে?" বুলি কওঁতেই, ছাপৰাচীয়ে তেওঁৰ হাতত ধৰি টানি লৈ গৈ তেওঁক ৰাজআলি পোৱালে গৈ। বুঢ়া মৰ্ম্মান্তিক হৈ, "হে পৃথিৱী মাতৃ! তুমি দুফাল হোৱাঁ, মই তোমাৰ গৰ্ভত সোমাওঁ" বুলি কৈ এটা দীঘল হুমুনিয়াহ কাঢ়ি, যি বাটেদি আহিছিল সেই বাটেদিয়েই তাৰপৰা গুচি গল।

এইখিনিতে এই বুঢ়াৰ চিনাকিটো দিয়া যাওক আৰু মলক চাহাবৰ আখ্যানৰো যৎকিঞ্চিৎ আভাস দিয়া যাওক। এওঁ চেটিয়া গাৱঁৰ তোলন সাজতোলা। চেটিয়া গাৱঁত তোলন এজন গণ্য মান্য মানুহ। দিহিঙৰ গোঁসায়ে তেওঁক সাজতোলা পাতি সন্মানিত কৰিছে। গাৱঁৰ ল'ৰা, ডেকা, বুঢ়া সকলোৱেই তেওঁৰ হাকবচন শুনে আৰু তেওঁক মানি চলে। সাজতোলা দুটা ল'ৰাৰ বাপেক; এটাৰ নাম মলখু আৰু আনটোৰ নাম পুণাৰাম। সাজতোলাই পুণাইক খেতি-বাতি কৰিবলৈ শিকাই তেওঁৰ লগতে ৰাখিছিল, আৰু বৰটো লৰা মলখুক লখীমপুৰ জিলাত দেউনাথ খাজাঞ্চিৰ ঘৰত লাচনি-পাচনি বন-বাৰি কৰি আৰু লগে লগে লেখা-পঢ়া শিকাবলৈ থৈছিল। মলখুৰ বুধিটো সৰুৰে পৰা জোঙা আছিল গুণে, সি বন-বাৰিৰ অন্তত যি ফেৰা আহৰি পাইছিল সেই ফেৰা কালত তাক লেখা-পঢ়াত লগাই দি বিদ্যাৰ বাটত ভৰ্‌-ভৰ্‌ কৰে সোমাই যাবলৈ ধৰিলে। মাহেকে পষেকে বাপেক জিলালৈ আহি মলখুক ঘৰলৈ লৈ গৈছিল, আৰু ঘৰত তাক দুদিন চাইদিন ৰাখি আকৌ জিলাত থৈ গৈছিলহি। কালক্ৰমত মলখু এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিল আৰু অসমীয়া ছাতৰৰ নিমিত্তে চৰ্কাৰৰ ঘৰৰ পৰা দিহা কৰা জলপানী পাই কলিকতাত এল্‌-এ পঢ়িবলৈ আহিল। খাজাঞ্চীৰ ঘৰত থকা শেহ ডোখৰ কালতে মলখুৰ খোপা ক্ৰমশঃ টুটি গৈ টিকনিত পৰিছিল, কলিকতা পায়েই সি একেবাৰে অন্তৰ্দ্ধান হল। লালুকীৰ নেজ সৰিলে সি ভেকুলী হৈ জপিয়ায়। আমাৰ মলখুৰো ওলোটা ফালৰ নেজ অৰ্থাৎ টিকনি সৰি কলিকতা চহৰৰ আলিত তেওঁ জপিয়াই "কলৈ যাওঁ গোপাল, কলৈ যাওঁ কৃপাল" লগালে। এফালে টুটিলে আনফালে বাঢ়ে। এই নিয়ম মতে মলখু টিকনিত টুটিল হয়, কিন্তু উপাধিত বাঢ়িল। খোলাখুলিকৈ কবলৈ গলে, কলিকতাৰ কলেজৰ হাজিৰা বহিত আৰু চিঠি-পত্ৰ আদি আন কাকত পত্ৰতো তেওঁৰ নাম পিচত গগৈ উপাধি গজিল। ইংৰাজ পণ্ডিতে বোলা "ল অব্‌ ইভলিউচন" যাক বঙালী পণ্ডিতে বিৱৰ্ত্তনবাদ বুলি তৰ্জমা কৰিছে, সেই নিয়ম মতে, কলিকতাৰ বালাম নামৰ চাউল, ৰসগোল্লা সন্দেশ নামৰ মিঠাই আৰু লুচি-কচুৰি নামৰ পিঠাৰ সহায়ত, মাহ-চেৰেকৰ পিচত শ্ৰীমান মলখু গগৈ মিষ্টৰ এম গগৈ হৈ পৰিল। দুবছৰৰ পিচত, ওভোতা-কোলৰ নিচিনা বুধিৰ মলখুৱে এল্‌-এ পৰীক্ষাটো কোনো মতে খুচি ধৰিলে আৰু কলিকতা গেজেটত তৃতীয় বিভাগত তেওঁৰ নামটো তৃতীয়াৰ চন্দ্ৰৰ দৰে উদয় হ'ল। বি, এ, পৰীক্ষাটোকো তেওঁ সেইদৰে কাবু কৰিবৰ মতলবেৰে "চেণ্ট্‌ জেভিয়ৰ্ছ" কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীত ভৰ্ত্তি হল। কাতি মাহৰ পহিলা তাৰিখটো মনত ৰাখিবলগীয়া দিন। আমাৰ নহলেও মিষ্টাৰ এম্‌ গগৈৰ; কাৰণ সেইদিনা গধূলি পাঁচ বজাত মিষ্টাৰ এম্‌ গগৈয়ে দেশী চুৰিয়া চেলেঙক কুটা চিঙি এৰি হেট কোট পেণ্টলুন পিন্ধি চাহাব হৈ ডাক্তৰ চৰ্কাৰৰ "চায়েঞ্চ এছ'চিয়েছনৰ" বক্তৃতা শুনিবলৈ গৈছিল। আঘোণৰ শেহ পষটোকো কাতিৰ পহিলা তাৰিখৰ শালপতিয়েক বুলিলে হয়; কিয়নো, সেই পষতে তেওঁৰ নামেও তেওঁৰ সাজৰ পাচ ধৰি, পুৰণি লেটাটো ফুটাই তাৰ ভিতৰৰ পৰা পোক গুচি পখিলা হৈ ওলাল। অৰ্থাৎ মিষ্টৰ এম্‌ গগৈ মলক্‌ গুইন্‌-গুইন্‌ (Mullock Gwyn-Gwyn) হল। কেৰেলুৱাটো গৈ থাকোঁতে তাক কোনোবাই ছুই দিলে যেনেকৈ সি থমকি গোটবান্ধি ঘূৰণীয়া হয়, সেইদৰেই আমাৰ মলখু চাহাব পঢ়া-শুনাৰ বাটত বাটবুলি থাকোঁতেই চাহাবী সাজ 'খানা' আৰু নামে তেওঁক ছুই দি থমকাই দিলে, আৰু তেওঁ হেট কোট পট্‌লুঙে সৈতে গোটবান্ধি ঘূৰণীয়া হল। অধিক কি, মলক্‌ গুইন্‌ গুইন্‌ চাহাব বি,এ পৰীক্ষাৰ ঘূৰণীয়া মেৰটোত সোমাই গৈ ঘূৰি ঘূৰি আকৌ আগৰ ঠাইতে ওলাবলৈ ধৰিলে, কোনোমতে অলপো আগবাঢ়িব নোৱাৰাত পৰিল; অৰ্থাৎ পোনাই কবলৈ গলে, তেওঁ 'ফেল' হল। ইফালে চৰকাৰৰ ঘৰৰ পোৱা জলপানীৰো ওৰ পৰিল আৰু তেওঁৰ কাপোৰ-কানিও কলা হল। অগত্যা তেওঁ কৰে কি, ঘৰলৈকে উভতি যাবলৈ থিৰ কৰিলে। দুখৰ কথা কি কবা, গুইন্‌ গুইন্‌ চাহাবে বজাৰত প্ৰস্তুত চাহাবী কোটেৰে ঢকাবহল পিঠিখন "চিভিলাইজেছনৰ বোটলত" অৰ্থাৎ সভ্যতাৰ ৰণত দেখুৱাই ঘৰমুৱা হৈ অসভ্য অসম দেশলৈ অগত্যা যাবলগীয়াত পৰিল। অদৃষ্টই কলিকতাৰ সাৰুৱা মাটিৰ পৰা তুলি নি অসমৰ কটুৰ মাটিত মলক চাহাবক ৰুই দিয়া বাবে তেওঁ চক্‌ খাই কিছুমান দিন গজালি পোখা একো নেমেলাকৈ আছিল; কিন্তু শেহত দয়াময় হাকিম পৰ্টিয়িচ চাহাবৰ দয়াত তেওঁ স্কুলৰ চব ইন্সপেক্টৰৰ বিষয়খন পালে। টেঙৰ কলা মলক চাহাবৰ এটা গুণ আছিল; তেওঁ বগা চাহাবসকলৰ ভৰিত ভালকৈ তেল টেঙা ঘঁহিব জানিছিল; গতিকে তেওঁ অলপ দিনৰ ভিতৰতে চব-ইন্সপেক্টৰৰ মোটটো সলাই তচিলদাৰৰ মোটটোত সোমাবলৈ পালে।

এইখিনিতে কোৱা আৱশ্যক যে পো তুলি-তালি ডাঙৰ দীঘল কৰি তাৰ ঘটন্‌-পিটন্‌ খাম বুলি বাট চাই থকা বাপেক তোলন সাজতোলা আৰু মাক সাজতোলানী আশাত নথৈ নিৰাশ হল। মলক চাহাবে অসমলৈ উভতি যোৱাৰ দিনৰে পৰা, তেওঁলোকক আন কোনো প্ৰকাৰ সহায় কৰা দূৰৈত থাওক, এদিনো দৰ্শন দিবলৈকে নগল। মাকে পুতেকক মতাই ঘূৰি নোযোৱা দেখি শেহত সাজতোলা আৰু পুণাইক পঠিয়াই দি কৈ পঠিয়ালে যে "মোৰ গা বৰ বেয়া। সৰহ দিন আৰু মই নিজীওঁ। এইবাৰ যদি সি নাহে, তেন্তে মই এতিয়াই মৰিলোঁ বুলি সি এৰিব।" কিন্তু "বামুণেই মৰক বা লগুণেই ছিগক" অৰ্থাৎ মাকেই মৰক বা এই পৃথিৱীয়েই ওলটক, মিষ্টৰ গুইন্‌ গুইন্‌ "ন লৰন্তি ন চৰন্তি।" সাজতোলা নিৰুপায় হৈ শেহত চাহাবৰ এজন কলিকতীয়া বন্ধুৰ কাষলৈ গৈ "ল'ৰাটোক" বুজাই-বৰাই কোনোমতে তেওঁলোকৰ লগত ঘৰলৈ পঠিয়াই দিবলৈ খাটিলে। বন্ধুৰ বুজনত চাহাব অলপ কুমলিল। চাহাবে বাপেকক কলে, "অল ৰাইট্‌ মই যাম; 'বট্‌' কিন্তু ৰাজআলিৰ পৰা ঘৰলৈ যাবলৈ পথাৰৰ মাজে দি যিটো আলি আছে, সেইটো বৰ নেৰ', -অলপ বহল কৰিব লাগিব, নতুবা মই সেই ঠেক আলিত বুট জোতাৰে যাব নোৱাৰিম; কিজানি পিচলি পৰিব পাৰিম, তেনেহলে হক্‌লো মাট্টি।"

সাজতোলা ।- "নপৰ বোপাই নপৰ। আজিকালি পানী বোকা একো নাই; শুকান। সেই আলিটো বহল কৰিবলৈ মই ইমান খৰচ কত পাম? তাৰ বাহিৰে, লোকৰ মাটিৰ ওপৰেদি আলি; লোকে তাক বহলাবলৈ দিব কেলেই?"

মলক ।- "আচ্ছা আলি বহলাব নোৱাৰা যদি কি কৰিবা। কিন্তু পুখুৰীৰ গেলা পানী হলে মই খাব নাই পাৰিম; খালে মোক একদম মেলেৰিয়া আৰু কলেৰা দোনো পাকুৰিব।"

সাজতোলা ।- "বাৰু বোপাই মই তাকে কৰিম; কিন্তু তই মোৰে শপত যাব লাগিব; নগলে মাৰ কান্দি-কাটি এধামৰা হব।"

মলক ।- "অৱশ্যে অৱশ্যে যাম। যাম বুলি মই 'প্ৰমিছ' মানে প্ৰতিজ্ঞা কৰিলো যেতিয়া 'ডিউটি বাউণ্ড' যাম। আইক কবা বেছি 'ছেণ্টিমেণ্ট' নকৰিবলৈ। কৰিলে কোনো 'ফয়দা' নাই। কিন্তু এটা কথা; তাত মই ভাত খাবলৈ দুবেলা গা ধুব নোৱাৰোঁ। তোমালোক ভেকুলী বেঙৰ নিচিনাকৈ পানীত পৰিয়েই থাকা। তেনে কৰিলে মোৰ পানী লাগিব, চৰ্দ্দি হব, জ্বৰ আহিব, বহুত 'তকলিপ' হব। আৰু জ্বৰ হলে, বাই জোভ! হু উইল্‌ চেভ মি? ন ব্লডি ডক্তৰ, ন ব্লুমিং মেডিচিন দেয়াৰ!"

সাজতোলা ।- "নেলাগে তুমি আমাৰ দৰে দুবেলা গা ধুব মোৰ বোপাই, পুৱাবেলা এবাৰ ধুলেই হব।"

মলক ।- "অল ৰাইট বট, ৰাতিপুৱাই গা নোধোৱাকৈ মোক 'ছোট হাজিৰি' দিব লাগিব; নতুবা মোৰ 'হেল্‌ঠ' মানে স্বাস্থ্য নষ্ট হব।"

সাজতোলা ।- "ছোট হাজিৰি মানে কি বোপাই? তোৰ কি নষ্ট হব? ৰাতিপুৱাই তুমি তাত কাৰো ওচৰত হাজিৰা দিব নালাগে।"

মলক ।- "ইচ্‌ ইচ্‌ তুমি একো নুবুজা, ছোট-হাজিৰি মানে হাজিৰা নহয়, খানা। প্ৰাতঃভোজন। ৰাতিপুৱাৰ খানা।"

সাজতোলা ।- "এতিয়া বুজিলোঁ। কোনো খাব নোপোৱা বস্তু নহয় নহয়? খাব পোৱা বস্তু কিয় খাবলৈ নিদিম? দুপৰ বেলিলৈকে তোক শুকাবলৈ দিম কিয়, মোৰ সোণাই! তোৰ মাৰে চিৰা সান্দহ নানা ৰকমৰ পিঠা পিঠাগুৰি টেকেলিয়ে টেকেলিয়ে তোলৈ সাঁচি থৈছে। তই যত পাৰ খাবি; গা নোধোৱ নালাগে ধুব।"

মলক ।- "গুড্‌নেছ গ্ৰেস্যচ! মোক মাৰিবলৈ বন্ধৱস্ত কৰি থৈছেনে কি? হু দি ডেভিল উইল টেক ইয়ৰ ব্লুমিং চিৰা-পিঠা, এণ্ড পাৰ্টিকিউলাৰ্লি দেট্‌ ডেলিকেচি ইয়ৰ পিঠা-গুৰি? বোলো সেইবোৰ 'ডেঠ' মানে মৃত্যু! মোক ৰাতিপুৱাই এপিয়লা চাহ, আৰু কণী এটা বা দুটা সিজাই দিবা, বচ্‌। কণী পোৱা যাবতো?"

সাজতোলা ।- "আমাৰ ঘৰৰে দুজনী হাঁহে কণী পাৰিছে, পোৱা নাযাব কিয়?"

মলক ।- "হাঁহ কণী! হৰিবোল! অল্‌ ৰাইট, আই নো উই পিপোল আৰ ষ্টিল ষ্টিপ্‌দ ইন্‌ ডাৰ্কনেছ। আচ্ছা চলি যাব। আই উইল মেনেজ এনি হাউ। চোৱাঁচোন দেউতা! মিন্‌ টু চে বিৰক্ত নহবা। তুমি যেতিয়া মোৰ ওচৰলৈ আহাঁ তেতিয়া বগা কাপোৰ কানি পিন্ধি আহিবা। তোমাৰ গাত মলিৰে কলা কাপোৰ দেখিলে মোৰ বৰ 'ছেম' হয়, মানে বৰ লাজ পাওঁ; আৰু মোৰ 'চাৰভেণ্ট আই মিন' লগুৱাহঁতেই বা মোক কি ভাবিব। কোট পেণ্টলুন পিন্ধি আহিব পাৰিলে মই বৰ সন্তোষ পাম।"

তোলন ।- "বোলে সাত পুৰুষত নহল গাই, কৰীয়া লৈ খীৰাবলৈ যায়। মৰিবৰ কালত মই এতিয়া ঠেঙা পিন্ধি বহুৱাৰ ভাও দিম। বোপা, তহঁতে যিমান লেখা-পঢ়া শিকিছ, কিন্তু তহঁতৰ বুধিবিলাক কিবা কলিকতীয়া বেকা হৈ গৈছে।"

মলক ।- "অল ৰাইট্‌। হোৱাটচ্‌ দি গুদ অব্‌ ডিচকচিং উইথ এ-এ--? বাৰু গুডবাই! তুমি যোৱাঁ, মই কাইলৈ যাম।"

পিছদিনা আমাৰ মলক চাহাব ঘৰলৈ গৈ কি কৰিলে, কেনেৰূপে চলিলে সেইবোৰ বহলাই লেখিবলৈ গলে এখন পুৰাণ পুথি হব। মুঠতে ইয়াকে কওঁ যে, প্ৰথমতে কলা কাপোৰ পিন্ধি মাক আৰু ভায়েক তেওঁৰ ওচৰলৈ অহা বাবে তেওঁলোকে এজাউৰি বক্তৃতা শুনিলে। গাঁৱৰ অঙহি-বঙহি মিতিৰ-কুটুম যি তেওঁক চাবলৈ আহিছিল, কোনেও তেওঁৰ পৰা একোপালি নোপোৱাকৈ ঘৰলৈ উভতি যাব পৰা নাছিল। হাতেৰে ভাত খাবলৈ আপত্তি আৰু মেজৰ ওপৰত ভাত নিদিলে খাবলৈ আপত্তি কৰাৰ বাবে, পুণাৰামে বাঁহৰ কাঁটা চামুচ সাজি, আৰু খুৰা দিয়া পীৰাৰ ওপৰত মাকে ভাতৰ কাঁহী তুলি দিহে তৰণি পাইছিল। মুঠতে যি তিন দিন মলক চাহাব ঘৰত আছিল, সেই তিন দিনৰ ভিতৰতে তেওঁৰ মাক-বাপেক ভায়েককে আদি কৰি গাৱঁৰ লগা-ভগা সকলোৱে দেও দেও দেখি তেওঁ কেতিয়া তাৰ পৰা ওলাই যায় তাকেহে চিন্তিছিল।

ইয়াৰ মাহচেৰেকৰ পিছত মলক চাহাব কিবা এটা দৰ্কাৰী কামত মফস্বললৈ যাওঁতে, আলিৰ কাষৰৰ পথাৰত ম'হৰ পিঠিত উঠি ম'হ চৰাই থকা ভায়েক পুণাৰামে তেওঁক দেখিবলৈ পাই, উলাহত আগ পিছ সকলোকে হঠাৎ পাহৰি, সাধুকথাৰ শিয়ালৰ দৰে আনন্দত আপ্লুত হৈ, মাত লগালে "হেৰঔ ককাইটি! কলৈ যাৱ?" ম'হগুৱালে হাকিমক এইদৰে সম্ভাষণ কৰাটো কি 'বিয়াদপৰ' কথা হাকিমেহে তাক ভালকৈ বুজিব পাৰে; গতিকে আমাৰ হাকিমে তৎক্ষণাৎ ছাপৰাচীৰ হতুৱাই ভায়েকক ধৰাই আনি চৰ গোটাচেৰেক মৰাই গতিয়াই দিয়ালে। কিল খাই পুণায়ে নিজৰ গৰুৱালি বুজিব পাৰি একোকে নামাতিলে। আৰু পুণাৰামৰ আৰ্হি লৈ গছ-গছনি পহু-পতং চৰাই-চিৰিকতি বাটৰুৱা পৰুৱাও নিৰ্ব্বাক। দেখি শুনি আমিও অবাক।