SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মিষ্টৰ ফিপ্সন

এদিনৰ এবেগেতীয়া ঘটনা এটা আজি কওঁ। হাওৰালৈ আহিবলৈ বুলি এদিন ইষ্ট ইণ্ডিয়া ৰেলৰ মধুপুৰ ষ্টেছনত ডাকগাড়ীত উঠিলোঁ। য়ুৰোপীয় সাজেৰে মোৰ আপাদমস্তক পৰিশোভিত। গতিকে, আন খোটালিকেইটা মানুহেৰে ঠাহ খাই থকা দেখি, "য়ুৰোপীয়সকললৈ সুকীয়াকৈ ৰখা হৈছে" এই বুলি বাৰত জাননী আঁৰি দিয়া এখোঁটালিত নিৰ্ভয়ে নিসঙ্কোচে উঠি পৰিলোঁ। যদিও নিৰ্ভয়ে নিসঙ্কোচে মই তাত উঠিলোঁ, তথাপি ঢোৰাকাউৰীয়ে ম'ৰাৰ পাখি পিন্ধি ম'ৰাৰ লগত ছালি ধৰি নাচিবলৈ যোৱা যেন যে মোৰ মনত নালাগিছিল এনে নহয়। যাওক, কাৰণ সেইটো আন এটা বাটৰ কথা। সেই খোটালিটো "ফিৰিঙ্গীনন্দন" দুজনে শোভা কৰি আছিল। তেওঁলোকে মোক কোনোবা "ফিৰিঙ্গী-নন্দন মোৰ বান্ধৱ এ" ভাবি আপত্তি নকৰি সামৰি ললে যেন পালোঁ। কিন্তু স্বদেশী বিদেশী কাপোৰৰ চুৰিয়া পিন্ধা বঙালী বা ভাৰতবৰ্ষীয় আন কোনো যাত্ৰী মানুহ সেই খোটালিত থকা দূৰৈত থাওক, তাৰ কাষলৈ আহিলেই সেই যুগল মূৰ্ত্তিয়ে, ফেঁটী সাপে খুঁটিবলৈ ফোঁচ কৰি উঠাদি ফোঁচ কৰি উঠিছিল। ফিৰিঙ্গী-নন্দন দুজনৰ গাৰ বৰণ মোৰ গাৰ বৰণতকৈ কেইবা পোছও কলা বুলি আমাক দেখোঁতাসকলে নকৈ নোৱাৰিলেহেঁতেন। তেওঁলোকৰ নাক-মুখ ইত্যাদিৰ গঢ় আমাৰ পথাৰত হাল বাওঁতা বিহুৱা হালোৱাৰ নাক মুখৰ গঢ়তকৈও নাইবা আমাৰ ঘোঁৰাশালত ঘোঁৰাৰ আলধৰা খুদমন চহিচৰ খৰা নাক আৰু বহল বদনতকৈও যে আপচু তাত কোনো সন্দেহ নাই; কিন্তু হলে কি হব, তথাপি তেওঁলোক সিংহৰ 'ছৱা' তেহেলৈ শিয়ালীৰ গৰ্ভতেই জাত হওক। তেওঁলোকৰ মুখৰ পৰা ওলোৱা ইংৰাজী ভাষা, আমাৰ মাছ যোগনিয়াৰ শ্ৰীলেহেতীয়াৰ মুখৰ পৰা ওলোৱা অসমীয়া ভাষাৰ সৈতে একে শাৰীতে বুলি ধৰিলেও ভুল নহয়। আমাৰ লেহেতীয়াই তাৰ কথাষাৰে পতি যেনেকৈ কিবা এটা অবাইচ এঠা নলগালে কথাৰ জোৰা মিলাব নোৱাৰে; তেওঁলোকেও সেইদৰে তেওঁলোকৰ কথাষাৰেপতি "ব্লডি" শব্দটোৰে নেঠালে কথাৰ জোৰা ৰেঙাই থাকে। লেহেতীয়াৰে সৈতে তেওঁলোকৰ অলপ অমিল দেখা যায় মাথোন এইখিনিতে যে, সি কথায় কথায় গুৰু গোসাঁইৰ নাম ধৰি শপত নাখায়, কিন্তু এওঁলোকে এচিয়া য়ুৰোপ আমেৰিকাত গুৰু গোসাঁইৰ যত শপত আছে, আটাইবোৰ কথায় কথায় তলি উবুৰিয়াই নাইবা ঢকাডিঙৰীয়া লগাই খায়। এইবিলাক যি নহওক, মই গাড়ীত সোমালতে তেওঁলোকে মোৰে সৈতে ভদ্ৰভাৱে কথা কবলৈ ধৰিলে আৰু দেশী মানুহৰ ওপৰত তেওঁলোকৰ মন্তব্যবিলাক মোৰ আগত নিশঙ্কচিত্তে ফৰ্ফৰ কৰে প্ৰকাশ কৰিবলৈ ধৰিলে। মই বেচেৰাই নিৰুপায় হৈ মূৰ জোকাৰি কোনো মতে "ইয়েছ", "ন" কৈ গা সাৰি সিহঁতৰ লগত অস্থায়ীৰূপে জীণ যাবৰ চেষ্টা কৰি সেই ভয়ঙ্কৰ 'সাধু সঙ্গত' আহি আসান্সোল ষ্টেছন পালোহি। আসান্সোলে দুইকো জৰাসন্ধৰ নিচিনাকৈ ফালি দুফাল কৰিলে, অৰ্থাৎ আসান্সোল ষ্টেছনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিল; তাতে এজন গাড়ীৰ পৰা নামি গ'ল। যিজন গাড়ীত মোৰে সৈতে ৰল, তেওঁ এই ভৱ-সংসাৰৰ এচুকত মিষ্টৰ ফিপ্সন নামে খ্যাত। ফিপ্সন হাওৰাযাত্ৰী, গতিকে মই হাওৰা নোপোৱালৈকে তেওঁ মোৰ এৰাব নোৱাৰা সঙ্গী। সেইদেখি আকৰীৰে সৈতে গৃহবাস কৰিব লগীয়াত পৰাৰ দৰে তেওঁৰে সৈতে সদ্ভাৱ কৰি, অৰ্থাৎ মানস সৰোবৰত চৰা ৰাজহংসৰ নিচিনাকৈ নীৰৰ পৰা ক্ষীৰ উলিয়াই লৈ, অৰ্থাৎ মন্দৰ ভিতৰৰ পৰা ভাল উলিয়াই লৈ বেগাবেগিকৈ মোৰ অৱস্থাৰ উন্নতি কৰিবলৈ বাধ্য হলোঁ। প্ৰথমতে একেষাৰ দুআষাৰ, তাৰ পিচত ভালেমান কথা থপিয়াথপিকৈ পাতি লৈ তেওঁৰে সৈতে পাতি লৈ তেওঁৰ বুকুৰ দুৱাৰমুখত মই প্ৰবেশৰ নিমিত্তে থিয় হলোঁ, আৰু তেওঁ উদাৰ ভাবে ততালিকে তাৰ দাং খুলি দিলে, মই তেওঁৰ হিয়াৰ ভিতৰ সোমালোঁ। তেওঁৰ হিয়াৰ ভিতৰত সোমাই লৈ মই বুজিলোঁ যে তেওঁৰ ওপৰত মই পোনতে পাতি লোৱা মতটো অলপ ঘূণে খোৱা। তেওঁ জাতিভাই ফিৰিঙীৰ লগত পৰি যদিও ফিৰিঙী স্বভাৱৰ ভালেমান চানেকী দেখুৱাইছিল, কিন্তু আচলতে তেওঁৰ হৃদয়ত অভদ্ৰতা আৰু অসভ্যতাৰ ঠাই বৰ নাই বুলিলেই হয়। অৱশ্যে আসান্সোলত নামি যোৱা তেওঁৰ বন্ধুজনৰ বিষয়ে এইদৰে কব নোৱাৰোঁ এইটো ধুৰূপ। সেইজনৰ গণ্ডপীয়া বৰ কথা, কুলক্ষণীয়া গঢ়-গতিয়ে মোৰ মনত যথেষ্ট তিতা লগাই থৈ গৈছিল। সঙ্গদোষ বৰ দোষ। কুসঙ্গৰ অভাৱত স্বভাৱৰ পৰিবৰ্ত্তন ঘটাৰ বাবেই হওক, নাইবা, স্বভাৱতে তেওঁতকৈ এওঁ সৰল আৰু উদাৰ মনৰ বাবেই হওক, লাহে লাহে এওঁৰ কথা বাৰ্ত্তাত এওঁক মোৰ ভাল লাগি আহিল। তেওঁ কৰ মানুহ কলৈ যায় কি কাম কৰে ইত্যাদি কধা সুধিলোঁ; আৰু উত্তৰত দেখিলোঁ, এওঁ লাহেকৈ মোৰ আগত তেওঁৰ হিয়াখন উবুৰিয়াই দিলে। তেওঁৰ নিজৰ জীৱন ইতিহাসৰ গুৰিৰ এপাত মুকলি কৰি মোৰ আগত ধৰিলে, আৰু মই তাক পঢ়ি পেলালোঁ। ইংৰাজী ভাষাত কোৱা তেওঁৰ কথা কেইষাৰৰ সাৰমৰ্ম্ম তলত অসমীয়াকৈ দিলোঁ-

"মোৰ বান্ধ! মোৰ জীৱনৰ কাহিনী দোৰ্ধোৰ এন্ধাৰৰ দ গাঁতৰ ভিতৰত লুকুৱা। মই নিজেই তাৰ উৱাদিহ একো নাপাওঁ। মই শুনিছোঁ মই হেনো ফিপ্সন নামেৰে অসমৰ চাহবাগিচাৰ ইংৰাজ এজনৰ ল'ৰা। মোৰ আই হেনো এজনী অসমীয়া পোহাৰী। পোহাৰী কাক বোলে আপুনি কিজানি নাজানে। অসমত ঘৰে ঘৰে বস্তু বেচোঁতা জাতৰ তিৰোতাক বুজায়। মোৰ আইক মিষ্টৰ ফিপ্সনে তেওঁৰ মেম কৰি ৰাখিছিল, বেইতা ঘৈণীয়েক নহয়। আইৰ গৰ্ভত ফিপ্সনৰ দুজনী ছোৱালী আৰু এটা ল'ৰা জন্ম হল। সেই ল'ৰাটোৱেই এতিয়া আপোনাৰ আগত নিজৰ মৰ্ম্মান্তিক দুখৰ কাহিনী কব লাগিছে। আমাক সৰুতে বোপায়ে অসমৰ পৰা দেশান্তৰী কৰিলে। আমাৰ জ্ঞান জন্মা কালতে তেওঁ আমাক অসমৰ পৰা আনি কলিকতাত স্কুল এটাত আমাৰ পঢ়াৰ আৰু খোৱা-পিন্ধাৰ খৰচ দি থৈ দিলেহি। বোপায়ে সেই যে আমাক পঠিয়ালে, সেই দিনৰ পৰা আজিলৈকে আমি দুৰ্ভগীয়া কেইটাই আমাৰ আই বোপাইৰ মুখ দেখিবলৈ পোৱা নাই। আমাক কলিকতাত থোৱাৰ কিছুমান বছৰৰ পিচত মিষ্টৰ ফিপ্সনে অসমৰ চাহবাগিচাৰ কাম এৰি আৰু লগে লগে হতভগীয়া আইকো এৰি বিলাতলৈ গুচি গল হেনো, আৰু উভতি নাহিল। বিলাতত হেনো তেওঁ নকৈ বিয়া কৰাই দহজনৰ ভিতৰত এজন হৈ বসতি কৰিছে। অৱশ্যে তেওঁ বিলাতত ক'ত আছে, আমি আজিলৈকে সমূলি নাজানোঁ; আৰু আগলৈকো যে তাৰ কিবা সম্ভেদ পাম এনে আগন্তুক নাই। যাতে এইবোৰ বাতৰিৰ কোনো উৱাদিহ নাপাওঁ তাৰ তেওঁ কটকটীয়া দিহা কৰি গৈছে। যিবোৰৰ মুখৰ পৰা সেই বাতৰি ওলাবৰ সম্ভৱ, সেইবোৰৰ মুখত তেওঁ ভালকৈ ধনৰ সোপা দি থৈ গৈছে। আজি দুই তিনি বছৰ ধৰি মই আমাৰ আঁতিগুৰি, আইৰ নাম আৰু থকা ঠাই, বোপাইৰ বিলাতৰ ঠিকনা ইত্যাদি উলিয়াবলৈ চেষ্টা কৰি ফুৰিছোঁ, কিন্তু তাক উলিয়াব পৰা নাই আৰু পাৰিম যে তাৰো আশা নাই। বোপাইৰ নাম যে ফিপ্সন আছিল, সেইটোতে এতিয়া মোৰ সন্দেহ হৈছেগৈ। এতিয়া বুজিছোঁ তেওঁ ফাকি দি নাম সলাই আমাক কলিকতাত থৈছিল। পাপিষ্ঠই নিজৰ সন্তান সন্ততিক যে এইদৰে পৰিত্যাগ কৰিলেই আমাক আমাৰ আইৰ পৰাও বঞ্চিত কৰিলে। আই পোহাৰীয়েই হওক বা দন্দুৰীয়েই হওক, দেশীয়েই হওক বা বিলাতীয়েই হওক, দুখীয়া হোজা তেওঁক ঠগ কৰি, জনমলৈ ধ্বংস কৰি, পাষণ্ডই বাটৰ মগনিয়াৰ কৰিবৰ তাৰ কোনো অধিকাৰ নাছিল। মই কত ঠাইত কত বিচাৰিছোঁ, কত ফুৰিছোঁ, তথাপি মোৰ দুৰ্ভগীয়া আইৰ কোনো ভূ-ভা উলিয়াব পৰা নাই। -হে পৰমেশ্বৰ! হে অগতিৰ গতি! মই মোৰ আইক ক'ত দেখিবলৈ পাম? মোৰ দুখুনী আইক মোক এবাৰ দেখুৱাই দিয়া হে ঈশ্বৰ! তেওঁক পালে তেওঁৰ কোলাত মই এবাৰ মূৰ সুমাই তেওঁক সান্ত্বনা দি, খাবলৈ মুখত ভাত এমুঠি, পিন্ধিবলৈ কাপোৰ এখন দি মই মোৰ জীৱন সাৰ্থক কৰোঁ!

*** ***

বিলাতৰ পৰা এই শ্ৰেণীৰ পাপিষ্ঠ পশু আকৃতিৰ কোনো কোনো লোক আহি নিজৰ পাশৱ-বৃত্তি চৰিতাৰ্থ কৰিবৰ নিমিত্তে দুখীয়া হোজা দেশী মানুহক লোভ দেখুৱাই চিৰকাললৈ ধ্বংস কৰি, স্বাৰ্থপৰতাৰ বশৱৰ্ত্তী হৈ ভীৰু কাপুৰুষ ভাৱে, ভাৰতত ঘটা ধন এপেৰাকৈ পেৰাত ভৰাই লৈ উভতি গৈ নিজৰ দেশত ভাল মানুহ বোলাই ভাল মানুহৰ শাৰীত সোমাই নিজৰ ঘিণ লগা পপীয়া জীৱন কটায়। ঈশ্বৰৰ ভয়ঙ্কৰ বজ্ৰ ইহঁতৰ মূৰত নপৰে কিয়? চয়তানৰ ভীষণ নৰকত ইহঁতৰ ঠাই নহয় কিয়? হে মাইকেল! হে গেব্ৰিয়েল! তোমালোকৰ হাতত মোৰ দুখুনী হতভাগিনী আইক গতালোঁ; তোমালোকে তেওঁক ৰক্ষা কৰাঁ। উস!

*** ***

হে মোৰ ঈশ্বৰ! মোৰ জন্মদাতা পাপীক যদি কোনোবাই মোক দেখুৱাই দিব পাৰে, সি থকা ঠাইৰ সঠিক বাতৰি যদি কোনোৱে আনি দিব পাৰে, তেন্তে মই তোমাৰ ওচৰত বাইবোল হাতত লৈ শপত খাই কৈছোঁ, মই নিজ হাতে, মোৰ এই দুৰ্ব্বল হাতেৰে তাৰ পপীয়া জীৱনৰ ওৰ পেলাই, মোৰ দুখীয়া আইৰ, অনাথা আইৰ, আৰু আমি তিনিটা অনাথ প্ৰাণীৰ প্ৰতিশোধ লৈ তাৰ তপত তেজেৰে ইংলণ্ডৰ মাটি ৰঙা কৰিম! আপুনি সিদিনা বাতৰি কাকতত বিলাতৰ হুইট্‌লি আৰু ৰেইলৰৰ ঘটনাটো নিশ্চয় পঢ়িছে। মই সেই ৰেইলৰতকৈয়ো আৰু কঠোৰ ভাবে মোৰ হুইট্‌লিক শাস্তি দিবলৈ সাজু আছোঁ।"

এই বুলি বেচেৰা ফিপ্সনে চকুৰ পানী টুকিবলৈ ধৰিলে! ইয়াৰ পিচত বাকী ডোখৰ বাটত "অ' মোৰ দুখুনী আই। তুমি কত আছাঁ?" এই কথাৰ বাহিৰে তেওঁৰ মুখত আৰু আন কোনো কথা নুশুনিলো। অলপ পিচতে গাড়ী আহি বৰ্দ্ধমান ষ্টেছন পালত, মিষ্টৰ ফিপ্সনে দেখোন হঠাৎ উঠি মোৰ হাত জোকাৰি গুড্‌বাই বুলি নামি গুচি গল। মই সুধিলোঁ, "আপুনি হাওৰালৈ নাযায় নে?" তেওঁ উত্তৰ দিলে, "নাযাওঁ।"