SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
প্ৰথম দৰ্শনত ওপজা প্ৰেম

সিদিনা বান্ধ গিৰীন্দ্ৰ বৰা ফোপাই-জোপাই আহি মোৰ আগত উপস্থিত। মানুহটোৰ গতিটো দেখি মই ভয় খাই গলোঁ; বোলোঁ কি হ'ল? এওঁ কৰবাত ভৰা নাও বুৰাই আহিল নেকি, নাইবা বাটত বনৰীয়া ম'হ কি গড়ৰ খেদা খাই আহিল? মই তেওঁক আস্তবেস্ত কৰি কি হৈছে বুলি সুধিলত, বান্ধই তিনটা কি চাইটা দীঘল উশাহ সলাই লৈ মোক চকুৰ ঠাৰেৰে আঁতৰলৈ নিৰলাকৈ মাতি নি তলত লেখাদৰে কবলৈ ধৰিলে।–

"বান্ধ মই বৰ মস্কিল এটাত পৰিহে তোমাৰ গুৰিলৈ আহিছোঁ। মোক কি হয় এটা বুদ্ধি-ভাগ দি ৰাখাঁ। নতুবা মই বিপাঙে মৰিলোঁ। মোৰ গঢ়টো তুমি জানাই; সৰুৰে পৰা কেৱল কবিতা, নাটক, 'নভেল', ছাই আৰু ভষ্ম, মাথা আৰু মুণ্ড কৰিয়েই গলোঁ। কবিতাৰ ৰস পিবলৈ পালে আৰু নাটক নভেলৰ সোৱাদ জিভাত লাগিলে বিশ্ব ব্ৰহ্মাণ্ড গোটেইখনলৈকে পিঠি দিওঁ। নাটক পঢ়ি তাৰ নায়ক হবলৈ হেঁপাহ লাগে; কবিতা পঢ়ি হাঁ-হুমুনিয়াহ কাঢ়ি একাকাৰ কৰোঁ। সৰ্ব্বনশীয়া নাটক নভেল পঢ়িয়েই, প্ৰথম দৰ্শনত ওপজা প্ৰেমত মোৰ থাউনি নোপোৱা বিশ্বাস জনন্মিছিল।

কিন্তু কবিতা নাটক নভেলেতো আৰু মানুহক পেটৰ চিন্তাৰ পৰা তৰাব নোৱাৰে। তুমি জানাই, দেউতা ঢুকাবৰ পৰা গোলমলীয়া সংসাৰৰ গোলমলীয়া গধুৰ ভাৰ মোৰ মূৰত পৰিল। কি কৰোঁ নিৰুপায়, কবিতা নাটকৰ কিতাপবিলাক হেচুকি আঁতৰাই কাষৰীয়াকৈ থৈ ঘৰ সংসাৰৰ কাম হাতত ললোঁ। খেতি-পথাৰ গৰু-গাই ইত্যাদিত হাত নিদিলে সোঁ হাতৰ ব্যাপাৰ নচলাত পৰিল যে। গতিকে, কবিতা থাককে বা যাওক, অগত্যা পুহমহীয়া পথাৰৰ ধান দোৱাৰ তত্বাৱধানৰে পৰা বজাৰৰ লোণ তেল আৰু খৰিৰ খবৰা খবৰত ধৰিলোঁ।

সিদিনা অলপতে আমাৰ পথাৰত ধান দোৱা চাবলৈ গৈছিলোঁ। দেখিলোঁ, সাতজনী দাউনীয়ে বুকুত মেখেলাৰ মেঠনি মাৰি আৰু ৰিহাখন ক'কালত বান্ধি ধান দাব লাগিছে। সিহঁতৰ ভিতৰৰে এজনী দাউনী ১৮/১৯ বছৰীয়া ডেকেৰী ছোৱালী। তাইৰ হাত দুটা লোহোৰা-লোহোৰ। তাই মেখেলাখন উজাই পিন্ধা বাবে আঠুলৈকে ভৰিৰ যিডোখৰ ওলাই পৰিছিল, সেই ডোখৰ দেখিলেই বুজিব পাৰি যে তাই এজনী ডাফলী তিৰুতা। তাইৰ আঙুলিবোৰ যেন একো সেৰা পাঁজিহে; তপিনা দুটা মঙহৰ ভৰত থৰ্‌ থৰ্‌ কৰে কঁপিছে, আৰু বৰলৰ নিচিনা সৰু কঁকালটিৰো বুকুৰ ভৰত সেই অৱস্থা হৈছে। মইনো তোমাক কি কম বান্ধ, বেচেৰীৰ গাল দুখনি যেন দুটি পকা আমোলন টেঙাহে, আৰু কপালখনি যেন জাতি-চন্দন পিহা নিজম পটাখনিহে। খোপাটো মূৰটোৰে সৈতে জোখত কিজানি সমানেই হব, আৰু চকু দুটা মাৰাত্মক বিধৰ। ৰ'দত বপুৰীৰ মুখখন পকি পৰি, কি কম, সেন্দুৰীয়া আমটি যেন হৈছিল দেখিলেই আঃ"-

কথাষাৰ তেওঁ শেহ নৌকৰোঁতেই মই মাত লগাই এই বুলি শেহ কৰিলোঁ, "দেখিলেই ঢোৰা কাউৰীটো হৈ উৰি গৈ খুটিয়াই দিবৰ মন যায়।" তেওঁৰ কথাষাৰৰ মই কৰা পাদপূৰণটো তেওঁ "নাপছন্দ" কৰি কবলৈ ধৰিলে-

"ধেমালি নকৰিবা বান্ধ, এইবিলাক ধেমালিৰ কথা নহয়। যাওক সেই কথা। মোৰ ফালে তাই কেৰাহিকৈ মাথোন এবাৰ চাইছিল। সেই বাবে আমাৰ দুয়োৰো চাৰি চকুৰ মিলন ঘটিল। বান্ধ, তোমাৰ আগত মই মিছা নকওঁ, পকা জলা মৰিচটোত হঠাৎ কামোৰ মাৰি দিলে যেনেকৈ মুখখন কাণে সৈতে জন্‌জনাই যায়, সেইদৰে সেই দৃষ্টিত মোৰ গা গোটেইটো জন্‌জনাই গল। আৰু গাৰ নোমবোৰ শিয়ঁৰি উঠিল। বতাহত পতাকা চট্‌চটাই উৰি কঁপাৰ দৰে মোৰ মনটো কঁপিবলৈ ধৰিলে। তথাপি তেতিয়াও মোৰ মনৰ ঘাই শিপাডাল একেবাৰেই উভাল খোৱা নাছিল। কিন্তু এনেতে হঠাৎ এটা ঘটনা ঘটি তাক শেষ কৰিলে। সেই ঘটনাটো এই। মই দাউনীহঁতে ধান দোৱা চাই থাকোতেই হঠাৎ কৰবাৰ পৰা এটা গলধন ধৰা ম'হে আন এটা গলধনীয়া ম'হক খুচিবলৈ ঢাপলি মেলি টেঁটাই খেদি লৈ অহা দেখিলোঁ। চাওঁতে চাওঁতে ম'হ দুটা দাউনীহঁতৰ কাষ পালেহি। দাউনীহঁত ভয়ত দিহাদিহি পলাল! মই ল'ৰ মাৰি গৈ আলিৰ কাষৰৰ এজোপা গছত উঠিলোঁগৈ। কিন্তু দেখি আচৰিত মানিলোঁ যে ওপৰত উল্লেখ কৰা দাউনীজনী লগৰীয়াহঁতৰ সৈতে পলোৱা দূৰৈত থাওক, তাই হাতৰ কাঁচীখন দাঙি লৈ ঢাপলি মেলি খেদি অহা ম'হ দুটাৰ ফালে অকলৈ চোচাঁ ললে। ব্যাপাৰটো দেখি গছৰ ওপৰতে মোৰ হাত-ভৰিবোৰ ঠক্‌ঠক্‌ কৰে কঁপিবলৈ ধৰিলে। কিন্তু সাহৰ কি ভয়ানক বল, যুঁজাৰু ম'হ দুটাই ভূতৰ ওপৰত দানহ ওলোৱা দেখি ভয় খাই এফলীয়া কাটি দুয়ো দুফালে আঁতৰি গুচি গল, আৰু সিহঁতৰ খং আৰু যুঁজৰ প্ৰবৃত্তিও পানী ঢলা জুই যেন হৈ তেতিয়াই নুমাই গল।

ইয়াৰ পিচত মই গছৰ পৰা নামি মাটিত থিয় হলোঁ; কিন্তু মোৰ মূৰটো অলপ আচন্দ্ৰাই কৰা যেন, মনটো এফেৰা মান অথিৰ-অবিৰ হোৱা যেন আৰু হাত-ভৰিবোৰ যৎকিঞ্চিৎ থৰক্‌-বৰক্‌ কৰা যেন পালোঁ। অৱশ্যে তোমাক কোৱা আৱশ্যক যে এইবোৰ ভয়ত নহয়; এটা অপৰূপ ভাবে মোৰ মনত ঠাই লৈহে মোক এনে কৰিছিল। গতি বিষম বুজি মই তাত নাথাকি লাহে লাহে ঘৰলৈ গুচি আহিলোঁ। ঘৰ পায়েই মই তিনি চলু পানী মোৰ মূৰত থপিয়াই দি অলপ থিৰ হলোঁ। কিন্তু হলে কি হব? মোৰ গাত জ্বৰ উঠিল। অৱশ্যে সেই জ্বৰ আমাৰ চিনাকি সস্তা জ্বৰ নহয়, সি আপুৰুগীয়া আটকীয়া জ্বৰ। খোলাখুলিকৈ কৈ দিয়াই ভাল যে, মোৰ গাত প্ৰেম-জ্বৰৰ লক্ষণবোৰে সম্পূৰ্ণৰূপে দেখা দিলে। সেইবিলাক বৰ্ণনা কৰি মিছাতে, বান্ধ, মই তোমাৰ সময় নষ্ট নকৰোঁ। কথাতে কয় 'কাৰ জ্বৰত কোনে পিয়ে পানী, কাৰ ভগিনী মৈলে কাৰ হয় হানি।' মোৰ জ্বৰৰ ফলাফল মইহে অকলৈ ভোগ কৰিব পাওঁ, লোকক তাৰ ভাগী কৰিবলৈ যাব নাপাওঁ। মুঠতে তোমাক ইয়াকে কওঁ, যে দিনদেকৰ নিমিত্তে আহাৰ নিদ্ৰাৰ সৈতে মোৰ সম্বন্ধ গুচিল। গাৰপৰা সেই প্ৰেম-জ্বৰ নে ডোমজ্বৰটো মই কোনোমতে খেদাব নোৱাৰা হলোঁ, থাকি থাকি সি উক দি উঠে। অনেক ভাবি চিন্তি চোকা দৰবৰ দিহা কৰাটোকেই উচিত যেন বিবেচনা কৰিলোঁ; নতুবা ভয় হল, পাছে সি জ্বৰ গৈ কেনেবাকৈ জীৰ্ণ জ্বৰত পৰিণত হয় গৈ। মোৰ মনত পৰিল, লঙ্কাখন পুৰি অঁতাইয়ো হনুমন্তৰ নেজৰ জুই নুনুমুৱা হ'লত হনুমন্তই ভয় খাই বিবুধি হৈ কি কৰিম বুলি সীতা আইক বুধি সোধাত, সীতাই কলে, 'কিয় হনুমন্ত বিবুধি হোৱা? নেজৰ অগনি মুখে নুমুৱা।' মইও এতিয়া এই অদ্ভুত জ্বৰৰ অদ্ভুত অগনিৰ পোৰণিত বিবুধি হৈ পৰি মনক বুধি সুধিলোঁ। মনেও সীতাৰ দৰে কলে 'নেজৰ অগনি মুখে নুমুৱা', অৰ্থাৎ তুমি সেই ছোৱালীজনীকে বিয়া কৰোৱা। 'বাঃ ৰে মন! বেছ বুদ্ধিতো! মোৰ মনত ইমান পৰ খেলোৱা নাছিল কিয়।' এই বুলি মোৰ মনক তাৰিফ্‌ কৰি বুধি শুনি সেই দিনাৰ সেই ধান দাউনী মহিষমৰ্দ্দিনী ছোৱালীজনীৰ ভু-ভা লবলৈ এজনক ৰিপুৱা ধৰিলোঁ। বাতৰি পালোঁ, ছোৱালীজনী আবিয়ৈ, কিন্তু জাতত আহোমনী! কি সৰ্ব্বনাশ! মই শূদিৰৰ ঘৰৰ ল'ৰা। আমাৰ দুয়োৰো মাজত জাতৰ খাৱৈটো ইমান বহল, যে সহজে জঁপিয়াই তাক পাৰ হব নোৱাৰি। কিন্তু ভাবিলোঁ, হনুমন্তই ভাৰতবৰ্ষ আৰু লঙ্কাৰ মাজত বহল প্ৰণালীটো জঁপিয়াই পাৰ হবলৈ সাহ নকৰাহেঁতেন পাৰ হব নোৱাৰিলেহেঁতেন আৰু সীতাৰো উদ্ধাৰ নহলহেঁতেন। এতিয়াও যদি মই এই জাতৰ বহল খাৱৈটো সাহ কৰি যথাশক্তি জপিয়াই পাৰ হব নোৱাৰোঁ, তেন্তে মোৰ সেই মনোমোহিনী ধান-দাউনীৰো উদ্ধাৰ অসম্ভৱ। এইদৰে ভাবি মোৰ মনত মহা তোলপাৰ লাগি পৰিল। লুকুৱাৰ সকাম কি, মুঠতে খুলি কলেই হব যে সেই মুহূৰ্ত্তৰে পৰা মোৰ জাতৰে সৈতে প্ৰেমৰ তয়াময়া ৰণ লাগিল। শেহত জাত হাৰিল, প্ৰেম জিকিল। প্ৰেমে মোৰ কাণত ফুচ্‌ফুচাই কলে, যে আপুনি মনত একো খুকুৰি নাৰাখিব, আগুৱাই যাওক, আগুৱাই যাওক। স্বৰূপতে কবলৈ গলে মোৰ জাত কুল একো নাই, মই প্ৰেম, মই পৰমহংস। জাতকুলৰ মই কোনো 'এলেকা' নাৰাখোঁ। মই প্ৰেম, মই স্বাধীন, কাৰো ঘৰত মই কৰ নোশোধাওঁ। সেই কথা শুনি মই উত্তৰ দিলোঁ, বেছ কথা, 'যব মিঞা বিবি ৰাজী। তব্‌ ক্যা কৰে চহৰকা কাজী।' মই বিয়া কৰাম। প্ৰেমে 'ছপ্লিমেণ্ট' (Supplement)পৰিশিষ্ট স্বৰূপে মোক আৰু এইকেষাৰ কথা কলে যে 'ডাঙৰ মানুহে, সৰু মানুহে, ওখ কুল নীহ কুল চহকী আৰু ভিকহু, মানুহে বা সমাজে দিয়া এইবোৰ চকোৱাৰ বেৰ মই মানিবলৈ বাধ্য নহওঁ। সকলোকে একেজনা ঈশ্বৰে স্ৰজন কৰিছে, সকলো তেওঁৰ চকুত সমান আৰু আমি সকলোবোৰ ভাই ককাই।' মই ভাবিলোঁ, বাস্তবিক পক্ষত এই কাৰ্য্য কৰি মই মোৰ নৈতিক বলৰহে চিনাকি দিম। সমাজে মোক এঘৰীয়া কৰে যদি কৰিব, মই সজ বুলি যি কাম বুজিছো সেই কাম কৰিমেই। এই দৰে ভাবি মই ছোৱালীৰ বাপেকৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিলোঁ। সিহঁত দুখীয়া সৰু মানুহ, মই চহকী ডাঙৰ মানুহ, প্ৰস্তাৱটো শুনি বাপেকে ভয় খাই উত্তৰ দিলে, 'ডাঙৰীয়া বোপাই আমি দুখীয়া মানুহৰ সৈতে ধেমালি কৰিছে কেলৈ? আমি দেখোন তেখেতৰ ওচৰত কোনো অপৰাধ কৰা মনত নপৰে।' এই উত্তৰ পাই মই আকৌ ভালকৈ সিহঁতে পতিয়ন কৰিব পৰাকৈ কৈ পঠিয়ালোঁ যে 'মই তেওঁলোকৰ সৈতে ধেমালি কৰা নাই, মই সঁচাকৈহে তেওঁৰ জীয়েকক খুজি-বাঢ়ি বিয়া কৰাব খুজিছোঁ।' মোৰ কথা এইবাৰ সঁচা যেন পাই ছোৱালীৰ বাপেকে উৰুলীকৃত হৈ সেই প্ৰস্তাৱত সন্মত হৈ উত্তৰ দি পঠিয়ালে। ডাঙৰ মানুহ জোঁৱাই পাব, জীয়েক ডাঙৰ মানুহৰ ঘৈণী হব, সুখে থাকিব, লগতে সিহঁতৰো অৱস্থা আৰু মান বাঢ়িব, ইয়াতকৈ আৰু গৌৰৱৰ কথা সিহঁতৰ কি হব পাৰে?

মই কিন্তু মোৰ বঙহ পৰিয়াল মিতিৰ কুটুম কাকো এই কথাৰ শুংসূত্ৰ দিয়া নাছিলোঁ, কাৰণ এই কথা তেওঁলোকৰ আগত প্ৰকাশ কৰা মানে বৰলৰ বাহত জুই লগাই দিয়া। কাৰ্য্য সাধন হৈ গলে তেহেলৈ যি হয় হব, কিন্তু হোৱাৰ আগেয়ে তাত বিঘিনি জন্মাবলৈ লোকক চেলু দিয়াটো উচিত নহয়। তলে তলে মই মোৰ ভাবী শহুৰৰ ঘৰলৈ অহা-যোৱা কৰিবলৈ ধৰিলোঁ। মই নতুন প্ৰণালীত শিক্ষিত ডেকা। আগৰ দিনীয়া পুৰণি মামৰে খোৱা প্ৰণালী আৰু লাজ কাটি কৰি থৈ, ছোৱালীৰে সৈতে দেখা শুনা কৰি কথা বাৰ্ত্তা কৈ ভালকৈ চিনাকি হলোঁ; অৰ্থাৎ ইংৰাজী ভাষাত 'কৰ্টছিপ' (Courtship)বোলে, তাকে কৰিবলৈ ধৰিলোঁ। মোৰ ব্যৱহাৰত সিহঁত আপ্যায়িত হৈ হাতেৰে স্বৰ্গ ঢুকি পালে।

'কৰ্টছিপ' চলি থাকোঁতে পৰশুই দেওবাৰে 'বিনা মেঘে বজ্ৰাঘাত' হল। কথাই কথাই তাই মোক মৰম লগাই এবাৰ সুধিলে, 'হেৰি! কিয়নো মোৰ ওপৰত আপোনাৰ ইমানটো মৰম সোমাল কওকচোন?' মই সেই ম'হৰ ঘটনাৰ উল্লেখ কৰিলোঁ। মোৰ সেই কথা শুনি তাইৰ মুখখন কেঁহেৰাজ বটা যেন হৈ কলা পৰি গল। সেই কথা শুনি হঠাৎ কিয় তাই সেইদৰে বৰণ সলালে বুজিব নোৱাৰিলোঁ। সেই দিনা তাৰ কাৰণ জানিবলৈ মই কোনো চেষ্টা নকৰি ঘৰলৈ গুচি আহিলোঁ। কিন্তু পিচত পাকে-প্ৰকাৰে উৱাদিহ লৈ জানিব পাৰিলোঁ যে মই গুৰিতে ভুল কৰিছোঁ। ম'হৰ ঘটনাত সাহ দেখুৱা সেই সুন্দৰী ছোৱালীজনী এইজনী নহয়। এইজনী তাইৰে লগৰীয়া সাতজনী দাউনীৰ ভিতৰৰ আন এজনী ছোৱালী। যিজন মানুহ ৰিপুৱা ধৰি সেই ছোৱালীৰ ভু লবলৈ আৰু বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়াইছিলোঁ, সেইজন মানুহে ভুল কৰি আচলজনী ছোৱালীৰ বাপেকৰ আগত সেই প্ৰস্তাৱ নকৰি এইজনীৰ বাপেকৰ আগত কৰিলে। কিন্তু এতিয়া ঘটনাটো অনেক আগবাঢ়িল আৰু গুৰুতৰ হৈ উঠিল। মোৰ প্ৰথম দৰ্শনত জন্মা প্ৰেমৰ গছজোপাৰ গুৰি একেবাৰেই উভালি পৰি সি কাটি হৈ পৰিল। মই কি কৰোঁ এতিয়া? মোক তুমি এটা বুদ্ধি দিয়া।"

কথাবিলাক বান্ধৰ, কিন্তু গোঁফকোছা মোৰ নিজৰ, সেইদেখি তেওঁৰ কথাৰ ওৰ পৰিলত মই মোৰ গোঁফত তাও দি গহীনকৈ উত্তৰ দিলোঁ- "নোৱাৰোঁ দিব।" মোৰ উত্তৰ শুনি বান্ধ বৰাই চকু ঢুলঢুলীয়াকৈ, মোৰ ওচৰৰ পৰা গুচি গ'ল।