SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বাপিৰাম
প্ৰথম আধ্যা

তাহানি "বৰতি চাহাবৰ" দিনত জোঁকতলী মৌজাত সিধাই খাটনিয়াৰ বুলি এজন মানুহ আছিল। সেই কালত সিধাই খাটনিয়াৰক নজনা মানুহ ৰংপুৰ চহৰত নাছিল। দোল, দুৰ্গোৎসৱ, হৰিসেৱা আদি ধৰম-কৰমেৰে খাটনিয়াৰৰ ঘৰ উজনিত উজ্বল আছিল। পৰমেশ্বৰে তেওঁক সকলো সুখ সম্পদেৰে সুখীয়া কৰিও এটা বিষয়ত অতি অসুখীয়া কৰিছিল। অপুত্ৰক খাটনিয়াৰৰ অপেস্বৰীৰ নিচিনা একেটী ছোৱালী ফুলতে বাঁৰী! কত আশা, কত ভৰসা বুকুত বান্ধি লৈ তেওঁ তেওঁৰ চকুৰ মণি ছোৱালীটিক ভাল মানুহৰ ঘৰৰ সজ ল'ৰা এটিৰ সৈতে বিয়া দি, ঈশ্বৰৰ অনুগ্ৰহত নিশ্চিন্ত হলোঁ বুলি ভাবিছিল; কিন্তু বিধিৰ বিপৰীত বিধান – বিয়াৰ পৰা এমাহ যাওঁতে-নৌযাওঁতেই জোঁৱাই লৰাটি মাউৰত পৰি মৰি খাটনিয়াৰক আজলী ছোৱালীটিৰে সৈতে এক প্ৰকাৰ জীৱন্ততে মাৰি গল! এই মহাশোকৰ অগনিত পুৰি-ডেই খাটনিয়াৰ আৰু ইহ সংসাৰত অধিক দিন টিকিব নোৱাৰিলে। জোঁৱাই যোৱাৰ ছমাহৰ পিচতে তেৱোঁ সেই মহাপ্ৰয়াণৰ বাটৰ বাটৰুৱা হল।
তিলকাৰ এতিয়া আৰু এই পৃথিবীত এক দদায়েক আৰু খুৰীয়েকৰ বাহিৰে কোনো নাই। তিলকা বোলোঁতে আমি খাটনিয়াৰৰ বাঁৰী ছোৱালীটিৰ নামকে কাঢ়িছোঁ; আৰু দদায়েক বোলোঁতে খাটনিয়াৰৰ স্বগৰ্ভী ভায়েক ভূধৰৰ কথাকে কৈছোঁ। ভূধৰ সেই কালৰ এধাপোৰা এধাডেৱা ইংৰাজীৰ এধাডুখৰীয়া সোৱাদ পোৱা ডেকা। পৈতৃক স্বাধীন ব্যৱসায়তকৈ চাহ বাগিচাৰ চাহাবৰ তলত চাকৰি কৰাটো তেওঁৰ জীৱনৰ এটা মহা ওখ আশা। সেই কালত উজনিত, ইংৰাজ খেতিয়ক চাহাবসকলে নতুনকৈ চাহ বাগিচাবিলাক মহা ধুম্‌ধামেৰে খুলি মুঠিয়ে মুঠিয়ে ধন সিঁচিছিল আৰু কাণ্ডখন দেখি-শুনি আমাৰ দেশৰ ভোদা মানুহবোৰ তধা লাগি গৈছিল। ডেকা তৰপৰ ডেকা তেজে, "বি-এল-এ-ব্লে" শিকা ডেকাসকলক বৰমহৰীৰ বৰ সৰু কামৰ নিমিত্তে উদগনি ঢোল বজাই লৰুৱাইছিল-ধপৰাইছিল; বুঢ়া তৰপৰ চেচা তেজীয়া বুঢ়াসকলকো ডেকাসকলৰ গাৰ বতাহৰ কোবে থৰকবৰক নলগোৱাকৈ এৰা নাছিল। তেওঁলোকে ডেকা পুতেকহঁতৰ আশাৰূপী বৰৰ আঠাৰ বৰমোনাত সোলামুখৰ সোলোক ঢোলোক ফু যতনেৰে দি তাক ফুলাই ডাঙৰ কৰি দিয়াত ত্ৰুটী কৰা নাছিল। এনেস্থলত আমাৰ খাটনিয়াৰৰ ভায়েক ভূধৰে যে অসম কোম্পানীৰ দীঘলিটিং চাহবাগিচাৰ বৰমহৰীৰ বৰ কামটো অতি যতনেৰে পাই, তাক প্ৰাণকাতৰে গবা মাৰি নধৰিব, তাত সন্দেহ কৰিবৰ কাৰো কোনো কাৰণ নাছিল।
খাটনিয়াৰৰ মৃত্যুৰ পিচত স্বভাৱতে, ভূধৰ বৰ মহৰীয়েই জোঁকতলীৰ ঘৰৰ গৰাকীৰ পদ পালে। তেওঁ দীঘলিটিং আৰু জোঁকতলীৰ ভিতৰত কেৰা নলগাকৈ সমানে তাল এইদৰে ৰাখিছিল; যথা- দীঘলিটিঙৰ পৰা প্ৰতি শনিবাৰে জোঁকতলীলৈ তেওঁৰ অহা, আৰু এসপ্তাহলৈ খেতি-পথাৰ ঘৰ-বাৰী চলোৱাৰ দিহা-পোহা কৰি দি প্ৰতি সোমবাৰে আকৌ জোঁকতলীৰ পৰা দীঘলিটিঙলৈ উভতি যোৱা। তেওঁৰ অনুপস্থিতি কালত, জোঁকতলীৰ ঘৰৰ ঘিলা তেওঁলোকৰ বহুকলীয়া বুঢ়া লগুৱা বাপিৰামৰ তত্ত্বাৱধানত ঘূৰে।
আজিকালি লগুৱা বুলিলে তুমি আমি যি বুজোঁহঁক বাপিৰাম লগুৱাৰ কথাত তেনে বুজিলে নিশ্চয় ভুল হব। ইংৰাজ ৰজাই অসমত পুৰুষানুক্ৰমিক লগুৱা-লিগিৰাৰ প্ৰথা বা দাসত্ব প্ৰথা তুলি দিয়াৰ আগেয়ে গিৰিহঁত আৰু লগুৱা-লিগিৰাৰ মাজত যেনে সম্বন্ধ আছিল, তেনে সম্বন্ধীয় লগুৱা এই বাপিৰাম। সি যদিও লগুৱা, তথাপি খাটনিয়াৰ পৰিয়ালৰ ভিতৰত সিও এটা কটা-ছিঙা কৰিব নোৱাৰা মানুহ। সকলো বিষয়তে সকলো পিনে খাটনিয়াৰৰ ঘৰেই তাৰ ঘৰ, খাটনিয়াৰৰ মানুহেই তাৰ আপোন মানুহ, যদিও তাৰ নিজা ঘৰ চাওখাটত ল'ৰা-তিৰুতা অঙহী-বঙহী দদাই-খুৰাৰ অভাৱ নাছিল। মুঠতে কবলৈ গলে, সি চাওখাটত আলহী, জোঁকতলীত গিৰিহঁত; চাওখাটত বিদেশী, জোঁকতলীত স্বদেশী; ঘৰত নিলগীয়া, পৰত আপোন।
ওপজাৰ পৰা তিলকাক বাপিৰামে তুলিতালি ডাঙৰ দীঘল কৰিছিল। তাৰ মানত তিলকা আইদেও, তাৰ নিজৰ তেজ মঙহৰ পুতেক চাওখাটৰ দুখীৰামতকৈও সাতছাৰ। তাৰ মন-পালাপাঞ্চাত এফালে তিলকাক আৰু আনফালে দুখীৰামক তুলি সি জুখি চাই দেখিছে যে তিলকা দুখীতকৈ গধুৰ। তিলকাই খালে তাৰ পেট ভৰে, পিন্ধিলে তাৰ গা জুৰায়, হাঁহিলে তাৰ হাঁহি ওলায় আৰু কান্দিলে কান্দোন ওলায়। তিলকা বাঁৰী হল। সি ভাবিলে ঈশ্বৰে তাক তাৰ আগেয়ে মাৰি নিনি শত্ৰু শালিলে। তিলকা বাঁৰী হবৰ দিনাৰ পৰা সি খাটনিয়াৰৰ গোসাঁই ঘৰৰ ফালে উভতি নেচায় আৰু তাত থকা "কলীয়া জনাৰ্দ্দন" মূৰ্ত্তিৰ ফালে মূৰ নোদোঁৱায়। পেটে পেটে তাৰ দোৰ্ঘোৰ খং যে সি দিনে ৰাতিয়ে তেওঁক ইমানকৈ খাটি থাকোঁতেও কিয় তেওঁ তাক অনাহকত এনে শাস্তি দিলে।
সময়-ৰথৰ চকৰি পৰ্ব্বতে-ভৈয়ামে পানীয়ে-বামে সদায় সমানে চলে, ক্ষন্তেকলৈকো সি কতো লাগি নেথাকে। সময়ে সংসাৰৰ সম্পদ বিপদ সুবিধা অসুবিধা হাঁহি কান্দোন সকলোকে নিজৰ পিঠিত বোকোছা বান্ধি লৈ একোলৈকে ভ্ৰূক্ষেপ নকৰি যাবলৈ ধৰিলে; আৰু জোঁকতলীৰ খাটনিয়াৰ পৰিয়াল আৰু লগে লগে বাপিৰাম বুঢ়া লগুৱাও বাধ্য হৈ সেই বোকোছাতে এচুকীয়া হৈ চলিল। তিলকাৰ বয়স এতিয়া ওঠৰ বছৰ। তিলকাৰ ৰূপ আৰু যৌৱন চাৰিওফালে ছাটি পৰিছে। এই সংসাৰৰ শান্তি অশান্তি আশা নিৰাশা আটনি নাটনি স্পৃহা-নিস্পৃহা উদ্বেগ নিৰুদ্বেগৰ নতুন বা-মাৰলীয়ে পখিততুলি তেওঁক উৰাই লৈ ফুৰিছে। তেওঁৰ মানত এই সংসাৰৰ সকলো আচৰিত। দহো দিশে দহোটা হাতেৰে হাতবাউল দি তেওঁক দহফালে মাতিছে, কিন্তু কিজানি কিয়, তেওঁ কাৰোফালে যাব নোৱাৰে, কাৰো অনুৰোধ ৰাখিব নোৱাৰে। তেওঁ বুজিব নোৱাৰি বিমোৰ যে, কিজানি কিয়, তেওঁ তেওঁৰ উপচি পৰা হিয়াৰ পৰা এটোপা মৰম, এটোপা প্ৰেম, এধানমানো আকাঙ্ক্ষা, ধনিষ্ঠামানো তৃপ্তি কাকো বিলাবলৈ অপাৰগ। কিন্তু তেওঁৰ হৃদয় আবেগৰ ধলেৰে উথলি উঠিব খুজিলেই তেওঁৰ কাণত যেন ৰিণিকি-ৰিণিকি বাজি উঠে 'খবৰ্দ্দাৰ, তোৰ ক্ষমতা নাই, ক্ষমতা নাই! তোৰ যৌৱন-সম্পদ তোৰ নহয়! তোৰ আকাঙ্ক্ষা আবেগ হাবিলাষ উৎসাহ তোতে থাকি তোতে মাৰ যাব, লোকক বিলাবলৈ নহয়। তোৰ প্ৰেম-অগনিৰ উমাজাল এই বিশাল বিশ্ব জগতৰ কাৰো উপকাৰ সাধিবৰ নিমিত্তে নহয়, সি কেৱল তোক তুঁহ জুইৰ দৰে লাহে লাহে পুৰি ছাই কৰিবলৈহে মাথোন।' তিলকাৰ হৃদয়-মণিকটত তেলভৰা বন্তি জ্বলি উঠি বিমল জেউতি চাৰিউফালে বিলাই দিছে, কিন্তু মণিকূট দেৱতাশূন্য!

 

দ্বিতীয় আধ্যা

অসম কোম্পানীৰ দীঘলিটিং বাগিচাৰ বৰচাহাব মিষ্টাৰ স্কটক কোনে বাতৰি দিলে কব নোৱাৰি যে, তেওঁৰ বৰমহৰী ভূধৰৰ এজনী দীপ্‌লিপ্‌ ভতিজা-জীয়েক আছে; যাৰ ৰূপ দেখিলে দুপৰৰ বেলিয়েও ক্ষন্তেকলৈ ৰথ ৰাখি যায়। এদিন দুপৰীয়া চাহাবে ভূধৰ বৰমহৰীক নিজৰ বঙলালৈ মতাই আনি তলত লিখাৰ দৰে কথা বাৰ্ত্তা হল;-
স্কট ।- "ওৱেল ভূধৰ, মই হুনিছে, তোৰ ভতিজা এজনী বাঁৰী হৈ ঘৰতে আছে?"
ভূধৰ ।- "হয় হজুৰ, আছে।"
স্কট ।- "মই হুনিছে হেইজনী বৰ হুন্দৰী আছে।"
ভূ ।- "আছে হজুৰ।"
স্কট ।- "তাইক মোক দিব লাগে, মই চাদি কৰিবে।"
ভূধৰ চাহাবৰ কথা শুনি কাণত আঙুলি দি, চৰগ-পৰা মানুহৰ দৰে থিয় হৈ অবাক!
স্কট ।- "কথা নাকহিছে কিয়? তুমি তোমাৰ ভতিজাক মোক জৰুৰ দিব লাগিবে।"
ভূ ।- "সেই কাম হব নোৱাৰে হজুৰ। ভূমি চুই কৰ্ণত হাত দিবলগীয়া কথা। আমি বামুণ মানুহ, হিন্দু মানুহ হজুৰ, আমি এনে কাম কৰিলে তল যাম হজুৰ। আমাৰ জাত-কুল যাব হজুৰ। হজুৰ খোদাবান্দা, এনে কামলৈ হজুৰে গোলামক নধৰিব।"
এই বুলি ভূধৰে আঁঠু কাঢ়ি চাহাবক হাতযোৰ কৰে।
স্কট ।- "তোমাৰ কি জাতি যাবে, জাতি না যাবে, মই দস্তুৰমত চাদি কৰিবে; তোমাক ৰূপীয়া পইচা দিবে, বহুৎ দিবে; ডাঙৰ মানুহ কৰি দিবে, কোনো ভয় নাই আছে।"
ভূ ।- "নহয় হজুৰ, গোলামে এনে কাম কৰিব নোৱাৰোঁ। গোলামক হজুৰে ছোৱা-ছোৱাকৈ কাটি পেলালেও নোৱাৰোঁ।"
স্কট ।- "ডেম বদ্‌জাত! তুমি হামিকে চিনি নাই পাইছে, তোমাক হামি গুলী কৰিবে, জান লিবে, ডিছ্‌মিছ্‌ কৰিবে! মগৰ, তুমি হামাৰা হুকুম মাফিক কাম কৰিবে তো তোমাক হামি বহুৎ বৰা আদমি বনাই দিবে। তোমাৰ মলুকত চব আদমিকা উপৰ তোমাক বৰা বনাই দিবে। দেখ ভূধৰ! তোমাক হামি নাহি চাৰিবে, তুমি হামাৰা হুকুম তামিল কৰিবে হুবেই হুবে।"

তৃতীয় আধ্যা

ব্ৰিটন "বাচ্ছা" স্কট চাহাব সহজ পাত্ৰ নহয়। হাৰ কাক কয় তেওঁ নেজানে। পোনতে ভয়, শেহত লোভ, খোচামোদ, ধমক আদি চোকা চোকা অব্যৰ্থ অস্ত্ৰৰ আগত অলপধতুৱা বামুণৰ ল'ৰা ভূধৰ টিকিব নোৱাৰি, পুণ্যতনু সিধাই খাটনিয়াৰৰ জীয়েক তিলকাক আনি স্কট চাহাবক দিবলৈ মান্তি হল; আপোনাৰ পবিত্ৰ কুলত আপোন হাতে চূণ-কালি সানিবলৈ প্ৰস্তুত হল! পবিত্ৰ যজ্ঞৰ হবি আপোন হাতে তুলি আনি ভূধৰ কুলাঙ্গাৰে বকৰাণিত পেলাই দিবলৈ ওলাল! আপোন গোসাঁইঘৰৰ থাপনাৰ সোণৰ ফুলপাহ নিজ হাতে চুৰ কৰি আনি চোৰৰ বুকুত আঁৰি দিবলৈ ভূধৰে সঙ্কল্প কৰিলে।
সাতদিনৰ ভিতৰতে ভূধৰে গৈ ফাঁকি দি নিজৰ ঘৈণীয়েকে সৈতে তিলকাক জোঁকতলীৰ পৰা দীঘলিটিং বাগিচালৈ লৈ আহিল। ভূধৰৰ অনিচ্ছা অগ্ৰাহ্য কৰি লগতে বাপিৰাম লগুৱাও আহিল। জোকতলী এৰিবৰ আগেয়ে বাপিৰামে, কি জানি কব নোৱাৰি দীঘলিটিঙলৈ তিলকাক লৈ আহিব খোজা কথাত দোৰ্ঘোৰ আপত্তি কৰিছিল। ভূধৰৰ ঘৈণীয়েকৰো যে আহিবৰ মন আছিল এনে নহয়। কিন্তু নানা কথা কৈ "দিনচেৰেকলৈ মাথোন গৈ তহঁত সোনকালে উভতি আহিবিহঁক" বুলি ভূধৰে সিবিলাকৰ মত কৰিলে। তিলকাই কিন্তু নতুন ঠাই দেখিবলৈ পাম ভাবি উৰুলিকৃত হৈ আহিল।

 

চতুৰ্থ আধ্যা

আজলী অবলাৰ পক্ষে পুৰুষৰ প্ৰৱল জাল ফালি সৰকি ওলাই যোৱাটো বৰ উজু নহয়, বিশেষ, যেতিয়া সেই পুৰুষে সেই নাৰীৰ প্ৰতিপালক আৰু অভিভাবকৰ ঠাই অধিকাৰ কৰি থাকে। দিনে দিনে দদায়েক ভূধৰৰ নানা চক্ৰান্ত নানা চলাহৰ মেৰে মেৰে আজলী তিলকা সোমাই যাব ধৰিলে। স্কট চাহাবৰ আশাবেলিয়ে পূবেৰুণ দিবৰ সময় হৈ আহিছে, এনেতে কিবা স্বৰূপে বাপিৰামে গম পালে যে দদায়েক ভূধৰ পাষণ্ডই আপোন ভতিজা জীয়েক তিলকাক খাটনিয়াৰ বংশৰ পবিত্ৰ নামত ছাই সানি দীঘলিটিং বাগিচাৰ বৰচাহাবৰ হাতত দিব খুজিছে! হঠাৎ বুঢ়া বাপিৰামৰ মূৰত আকাশী চৰগ ভাগি পৰিল! তাৰ গোটেইতো গাত সাতকুৰা অগনি লাগিল। লাজ, অপমান আৰু ক্ৰোধত বাপিৰাম থৰ থৰ কৰে কঁপিবলৈ ধৰিলে। তেতিয়াই সি তাৰ গুৰুঘৰত শপত খাই প্ৰতিজ্ঞা কৰিলে যে, সি জীয়াই থকাত তাৰ গৰাকী আৰু অন্নদাতা সিধাই খাটনিয়াৰৰ জীয়েক তিলকাক কোনেও চাহাবলৈ দিব নোৱাৰে। আৰু তেতিয়াই সি গৈ ভূধৰক সুধিলে,
"এই কথা সঁচা নে সৰুদেউতা?"
ভূধৰ ।- "কি কথা সঁচা?"
বাপিৰাম ।- "তিলকা আইদেউক তুমি দীঘলিটিঙৰ বৰচাহাবলৈ দিব খুজিছা?"
ভূ ।- "তোক কোনে ক'লে?"
বাপি ।- "যেয়ে কওক নকওক, সঁচা নে মিছা, কোৱা?"
ভূ ।- "দেখ বাপিৰাম, তই লগুৱা মানুহ, লগুৱাৰ দৰে থকাই ভাল। ঘৰৰ বন-বাৰী তোৰ কাম। এই বিলাক বিষয়ত তোৰ কথা কবৰ আৰু ভু-ভা লৈ ফুৰিবৰ কাম নহয়।"
বাপি ।- "আছে কাম। শুনা সৰুদেউতা। তোমাক কেচুৱাৰ পৰা তুলি ডাঙৰ দীঘল কৰিলোঁ। আজি তিনি পুৰুষৰ পৰা তোমালোকৰ ঘৰৰ চাউল খাই লগুৱালি কৰি মোৰ ঘৰ মানুহ। তোমালোকৰ ঘৰৰ অন্নেৰে বাপিৰামৰ তেজ মঙহ। এনে স্থলত তুমি আজি মোক এনেষাৰ কথা কব নোলাগিছিল। ক'লা, ক'লা, মই তাত নেলাগো। কিন্তু, এই কথা সৰুদেউতা তুমি নিশ্চয় জানিবা, তুমি যি পাপ কাম কৰিবলৈ ওলাইছা, বাপিৰামৰ এই বুঢ়া গাত তোমাৰ ঘৰৰ চাউল খাই হোৱা এটোপা তেজ থাকে মানে, সি হব নোৱাৰে। খাটনিয়াৰৰ ঘৰৰ কৌটিকলীয়া নাম বাপিৰামে সি জীয়াই থাকোতে নিগমে বুৰিবলৈ নিদিয়ে। চন্দ্ৰ সূৰ্য্য সাক্ষী হবাহঁক! সৰু দেউতা, তোমাৰ ভৰি ছুই মই সইত খাই কৈছোঁ, যদিও গোলামি কৰি ভাত খাওঁ, যদিও বামুণৰ ভৰিৰ ধূলিৰ যুইগ মই নহওঁ, তথাপি জানিবা বাপিৰাম একেষাৰ কথাৰহে মানুহ।"
ভূ ।- "যা যা, এইবোৰ মিছা কথা তোক কোনে কলে কব নোৱাঁৰো, মই তেনে কাম কৰিবলৈ বলিয়া হোৱা নাই।"
এই বুলি বাপিৰামক প্ৰবোধ দি পঠিয়াই, ভূধৰে গধূলি গৈ স্কট চাহাবক কলে যে, তেওঁৰ বুঢ়া লগুৱাটোৱে সেই কথাৰ গম পাই মহা গোলমাল কৰিছে।
স্কট ।- "হো-হো-হো! ভূধৰ, তই বহুৎ ভয়াতুৰ মানুহ আছে। নৌকৰলৈ ভয় কৰিছ, আৰু হেই কথা আহি মোৰ আগত কৈছ? তোৰ লাজ নাই লাগিছে?"
ভূ ।- "নহয় হজুৰ, সি যেনেতেনে লগুৱা নহয়, সি যি কয় তাকে কৰিব, আৰু ঠিক এই কামত ব্যাঘাত জন্মাব।"
স্কট ।- "তহঁত নেটিভ মানুহ কালা আদমি। তহঁতৰ আউৰৎকা মাফিক ডৰ। গোৰালোক, চাহাবলোক হেই ডৰ নাহি কৰে। হুন, তোৰ হেই নৌকৰকু কাইলৈ তই দুপৰীয়া হামাৰ বঙলালৈ পঠিয়াই দিবি। হামি ছাপৰাচী ভেজি দিবে। হামাৰা হুকুম খিলাপ কৰিবেতো তোক হামি হামাৰ বাগিচাচে নিকাল দিবে।"
ভূ ।- "বহুৎ আচ্ছা হজুৰ, দিম পঠিয়াই।"

পঞ্চম আধ্যা

বাপিৰাম ।- "শুনিছা নে সৰু দেউতা। স্কট চাহাবে মোক ছাপৰাচী লগাই ধৰাই নি বঙলাৰ ভিতৰ সুমাই বিনাহকতে চৰ, গোৰ আৰু ভুকুকেইটা যে মাৰিলে, তাত মোৰ বিশেষ বেজাৰ নাই; কাৰণ আমি ছালছিগা ভিকহু গোলাম মানুহ। ডাঙৰ মানুহৰ হাতত হকতেই হওক বা অনাহকতেই হওক, কিলটো গোৰটো চৰটো ভুকুটো খাই থাকিবলৈকে জনম ধৰিছোঁ; কিন্তু সি গৰু খোৱাই যে গণ্ডপ মাৰি কলে, বোলে সি তিলকা আইদেউক নি মেম কৰিবই কৰিব, সেই কথাহে মোৰ বুকুত শাল সোমোৱাদি সোমাইছে! মাৰ কিলৰ অন্ত পৰিলত মই বগা বঙালক কৈ আহিছোঁ যে, মই কাঁড়ীৰ ঘৰৰ ল'ৰা, যদিও ধনে মানে ক্ষমতাই মই তাৰ ভৰিৰ ধূলি এটাৰ যুইগ নহওঁ, তথাপি মোৰ শৰীলত জীৱ থাকে মানে সেই কাম সি কৰিব নোৱাৰে। মোৰ কথা শুনা সৰু দেউতা! তুমি এই পাষণ্ডৰ চাকৰি এৰি আজিয়েই এই নৰক ঠাইৰ পৰা তোমাৰ তিৰুতা আৰু ভতিজা জীয়েৰাক লৈ গুচি বলা। এক তিলও তুমি ইয়াত নেথাকিবা। পৃথিৱীত ধৰম একেবাৰেই লোপ পোৱা নাই। মান মৰাণৰ মলুক গৈ কুম্পানীৰ মলুক হৈছে। কুম্পানীৰ মলুকত ধৰম এতিয়াও আছে। তুমি ঘৰলৈ গৈ খেতি-বাতি কৰাই, আৰু আন একো নোৱাৰা যদি কৰম কৰাই ভাত এগাল মোকোলাই খাব পাৰিবা। খাটনিয়াৰ বৰদেউতাৰ জীয়েক তোমাৰো জীয়েৰা। মহামেলেছৰ হাতত জীয়েৰাক দি ৰৌ-ৰৌ নৰকলৈ নেযাবা। মই মূৰুখ গৰু মানুহ; আৰু তোমাক কি কম। এতিয়াই তুমি ইয়াৰ পৰা আইদেওহঁতক লৈ ঘৰলৈ গুচি যোঁৱা।"
ভূ ।- "তোৰ একিল খায়ো এবুধি নেচাপিল দেখিছোঁ। তই মোৰ ওপৰত কি ডঁৰি কৰোঁতা ওলাইছ অ? মোক বুজনি দিবলৈ আহিছ? ভালে ভালে মোৰ আগৰ পৰা তই আঁতৰ হ।"
"বাৰু সৰুদেউতা, মই আঁতৰ হলোঁ," এই বুলি বাপিৰামে আঠুকাঢ়ি ভূধৰক এটা সেৱা কৰি ততালিকে তাৰ পৰা উঠি কৰবালৈ গুচি গল।

 

ষষ্ঠ আধ্যা

ভূধৰ ।- "কালি বাপিৰামৰ কথাবিলাক ঠহৰ ঠহৰকৈ মোৰ আমঠুত সৰকি গৈছিল, যদিও শেহত মই তাক ডাবি দি গালি পাৰি খেদি দিলোঁ। সি কালিৰ পৰা কলৈ গল কব নোৱাৰাঁ কিন্তু, সি কিবা এটা কাণ্ড কৰিব বুলি মোৰ ভয় লাগিছে। মই নিশ্চয় অন্যায় কাম, পাপ কাম, জঘন্য কাম কৰিবলৈ আগবাঢ়িছোঁ। মোৰ পৰকাল গল! মই নিগমে বুৰিলোঁ!-গল, গল, পৰকালটোনো কোনে দেখিছে, কত আছে, কোনে কব পাৰে? কিন্তু ইহকালৰ সুবিধাটোতো কম নহয়। বৰচাহাবৰ খাটনিয়াৰ, ধন-বিতেৰে চহকী; এই বাগিচাত মানুহ-দুনুহ বনুৱাৰ ওপৰত চাহাবৰ পিছতে গৰাকী; জোঁকতলীত সকলোৰে মাজত ধন-বিত প্ৰতাপৰ ডাঙৰ। যোগাই হাজৰিকাই মোক দেউতা বুলি মোৰ আগত সেও হব লাগিব। যোগাই! যোগাই! তোক দেখিম! ধান সৰিয়হ এগাল বেচি তোৰ গোটাচেৰেক পইচা হৈছে। তাৰে বলত তই মোক মানুহ যেনকে নেদেখ! ৰ, তোৰ মূৰৰ টিকনিত ধৰি মই তোক চোচোৰাই লৈ ফুৰিম। তেতিয়াহে বুজিবি, যেতিয়া মই ঘোঁৰাগাড়ীত উঠি ৰংপুৰ চহৰত গা ঘেলাই ফুৰি ফুকন বৰুৱাহঁতৰ চকুত জালুক বাটি দিম। আও, ইমানবিলাক ৰূপ পাম! ইমান বিলাক ৰূপ! এহেজাৰ টকা! এশ, দুশ, তিনিশ, চাৰিশ, পাঁচ শ, ছ শ, সাত শ, আঠ শ, ন শ, দহ শ, হেজাৰ টকা মোৰ কোন পুৰুষে চকুৰে দেখিছিল? -গাভৰু বাঁৰী ছোৱালী ঘৰত ৰখা যে কি বিপদ তাক কোনে নেজানে। কোন দিন কি বাদ কুবাদ ওলায় কোনে জানে। তেতিয়া সোপাই এনেই "সোপায়ং নমঃ" হব; ইকুল সিকুল দুই কুল যাব। মইতো তাইক দুখত পেলাবলৈ যোৱা নাই। বৰচাহাবৰ মেম! বাপ ৰে বাপ! ৰাণীৰ নিচিনাকৈ অলঙ্কাৰ-পাতি পিন্ধিব, টকা-কড়ি খৰচ কৰিব, খাব-দাব থাকিব। লগে লগে আমি ঘৰে ঘৰোৱাহ বৰ মানুহ। এতিয়া যেয়ে যি কয় কওক, মোৰ পইচা হলে তেতিয়া সকলোৱে আগৰ পৰা গুৰিলৈকে আহি মোৰ ভৰিৰ তলুৱা চেলেকিব। শেহত মই বাপিৰাম লগুৱাৰ বুধিত, পৰামশত, হুকুমত চলিব লাগিব নেকি? ছিঃ! ছিঃ! এইবাৰ বৰচাহাবে তাক পালে একেগোৰেই তাৰ পেটৰ জৰখাপৰি ফালিব। জুইৰে সৈতে ধেমালি!"
ভূধৰে এইদৰে মনে মনে ভাবি থাকোতেই হঠাৎ সৰুৰাম হাজিৰা মহৰী উধাতু খাই লৰি আহি তেওঁক বাতৰি দিলে যে "বৰচাহাবে দহ লম্বৰ দাগৰ চাহবাগিচা ডোখৰ চাই বঙলাৰ ফালে উভতি আহোঁতে নিজান বাট এডোখৰতে কোনোবাই টঙনিয়াই বৰচাহাবৰ ভৰি ভাঙিলে, আৰু মূৰটো ফালিলে। ওচৰতে চাহাবৰ ধোঁৰাটোও কঁকাল ভাগি পৰি চট্‌ফটাই আছে। আপুনি লৰি আহক, বাগিচাত হাহাকাৰ পৰি গৈছে, কোনে এই কাম কৰিলে, তাক বিচাৰি মানুহে চাৰিউফালে পিয়া-পি লগাইছে, কিন্তু পোৱা নাই।"
বৃত্তান্ত শুনি ভূধৰৰ আৰু বুজিবলৈ বাকী নেথাকিল যে তেওঁলোকৰ বুঢ়া লগুৱা বাপিৰামৰে এই কাম। সেই কথা মনতে ৰাখি ভূধৰ ঘটনাস্থললৈ লৰি গল।
ইফালে বাপিৰামে পলাই আহি ৰংপুৰৰ থানাত খবৰ দিলে যে, সি দীঘলিটিং বাগিচাৰ বৰচাহাবক মাৰি আহিছে। তাক ফাঁচী দিয়ে বৰশীত দিয়ে যি কৰে চৰকাৰৰ ঘৰৰ পৰা সোনকালে কৰক।

সপ্তম আধ্যা

বাপিৰামে যদিও স্কট চাহাবক একেবাৰেই মাৰি থৈ আহিছিলোঁ বুলি ভাবিছিল, কিন্তু চাহাব নমৰিল। বাগিচাৰ ডাক্তৰ আৰু জিলাৰ ডাঙৰ ডাক্তৰৰ চিকিৎসাত তেওঁ এমাহৰ ভিতৰতে আৰোগ্য হৈ উঠি, চিৰকাললৈ ভাৰতবৰ্ষ এৰি, ঘূনীয়া শৰীৰ লৈ বিলাতলৈ গুচি গল। বুঢ়া বাপিৰাম তিনি বছৰৰ নিমিত্তে বৰফাটকলৈ গল। ভূধৰে নিজৰ ঘৈণীয়েক আৰু ভতিজা জীয়েক তিলকাক লৈ চাকৰি ইস্তাফা দি জোঁকতলীলৈ উভতি আহি খেতি-বাতি কৰাই পৈতৃক ব্যৱসায় পূজা-সেৱা আদি কৰি সুখেৰে জীৱন-যাত্ৰা নিৰ্ব্বাহ কৰিবলৈ ধৰিলে। তিলকাৰ হঠাৎ জ্ঞানচকু মুকলি হ'ল। ঈশ্বৰ উপাসনা, পৰৰ উপকাৰ, দয়া ধৰম আৰু পৱিত্ৰতাক কায়মনোবাক্যে তেওঁ সয়ম্বৰ কৰি তেওঁৰ ইহকালৰ নিষ্ফল জীৱন সফল কৰিলে। বাপিৰামে তিনি বছৰ আনন্দ মনেৰে ফাটক খাটি তাৰ পৰা ওলাই আহি আকৌ জোঁকতলীৰ খাটনিয়াৰৰ ঘৰত তাৰ আগৰ ঠাই আগতকৈও গৌৰৱেৰে পূৰাবলৈ ধৰিলে। বাপিৰাম উভতি আহিলত ভূধৰে তাক আকোঁৱাল মাৰি ধৰি কলে, "বাপিৰামকাই! তুমি মোৰ বৰককাইতকৈও বৰ।"