SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
আমাৰ সংসাৰ
প্ৰথম দৰ্শন

(ভৱানীৰ বয়স ২২। স্বামী শম্ভূনাথৰ বয়স ৩০। জীয়েক চেনেহীৰ বয়স ৩ বছৰ। পুৱা ৯ বজা। বৰঘৰৰ ভিতৰ। ভৱানী শোৱাপাটীত। শম্ভূ পাটীৰ কাষত থিয় হৈ।)

শম্ভূ: পিছে তুমি আজি নুঠা নে? ৯ বাজিল। মোৰ কছাৰীলৈ যাবলৈ সময় হলহি; এতিয়ালৈকে ভাৰ-পানীৰো একো দিহা নহল দেখোন?
(উস্‌! আস্‌! কৈ ভৱানীয়ে কেকায়।)
কি হৈছে? কেকাইছা কিয়?
(আকৌ দীঘল দীঘল কেকনি) নোকোৱা নো কিয় কি হৈছে?

ভৱানী: কি হ'ব, একো হোৱা নাই। আমি মৰিলেও কিবা কোনোবাই আমাৰ বুজ লওঁতা আছে নে? সকলোৰে কেৱল খাওঁ খাওঁ মূৰ্ত্তিহে। উস্‌! উস্‌-দেউতা ঐ-!

শম্ভূ: কি, জ্বৰ হৈছে নেকি? চাওঁ।
(শোৱাপাটীত বহি ভৱানীৰ কপালত হাত দিয়ে।)

ভৱানী: সেই ফেৰাইহে বাকী আছে। -উস্‌! –আস্‌! –ইস্‌!-

(চেনেহীৰ প্ৰবেশ)

চেনেহী: আই, হেল আই, মোল ভোক আগিছে, দলপান দে।
(পাটীত উঠি মাকৰ গাৰ ওপৰত পৰে)

ভৱানী: উস্‌! উস্‌! তইলও আহিছনে মোক খাবলৈ? জলপান বুলি মোৰ মূৰটোকে খা। গাৰ বিষত লৰচৰ কৰিব পৰা নাই মইা মানুহজনীয়ে, আটায়ে খাওঁ খাওঁ লগাইছে!

শম্ভূ: গা বেয়া যদি উঠিব নালাগে, শুই থাকা। মইা আজি বেজবৰুৱাৰ ঘৰৰপৰা বিষৰ তেল আনি দিম, সেই তেল ঘঁহিলেই ভাল হ'ব। চেনেহী আহ, মাৰক আমনি নকৰিবি; মাৰৰ নৰীয়া হৈছে নেদেখিছ। মইৰ জলপান খাবলৈ দিম আহ।
(ঠোন্‌-ঠোনাই কন্দা চেনেহীক কোলাত তুলি লৈ শম্ভূ বাহিৰলৈ আহে।)

দ্বিতীয় দৰ্শন
(পুৱা ১০ বজা। আলিবাট।)

ঘিণাৰাম পেস্কাৰ: সেইটি নকলনবিচ ডাঙৰীয়া নে? ৰব মইহও গৈছোঁ। আজি আমি গৰহাজিৰ হমহঁক যেন পাওঁ। হাকিম যে খুব সোনকালে কছাৰীলৈ আহিবলৈ ধৰিছে।

শম্ভূ: আহক, গৰহাজিৰ নহওঁ, দহহে বাজিছে।

ঘিণাৰাম: আজি আপোনাৰ মুখখন শুকান কিয়? গা ধুবলৈ নহল হ'বলা?

শম্ভূ: এৰা, আজি আমাৰ ঘৰ-ঘৈণীৰ গা ভাল নহয়, সেই দেখি ভাত-পানী ৰন্ধা নহ'ল; বাহী গায়ে কছাৰীলৈ আহিলো!

ঘিণাৰাম: আপুনি আজি এই চ'ত-মহীয়া দিনটো এই দৰেই কটাব নেকি? নিজেই এমুঠি চাউল বহাই নাখালে কিয়?

শম্ভূ: কিবা বাঙ্কৰা কাকত এসোপা চাই থাকোঁতেই পলম হ'ল, নোৱাৰিলো। ঘিণাৰাম: আপোনাসকল বামুণৰ জীৱ দুৰা-কাছৰ নিচিনা লেকেতা; বতাহ খাইও আপোনালোকে তিনি দিন কটাব পাৰে। আমি শূদিৰ মখাইহে এসাঁজ খাবলৈ নেপালে পেটৰ পোৰণিত ত্ৰাহি-মধুসূদন দেখোঁ। সৌৱা হাকিম এতিয়াহে আহিছে। (প্ৰস্থান) তৃতীয় দৰ্শন (দুপৰীয়া ১২ বজা। ৰান্ধনি ঘৰ। ভৱানীয়ে বহি খাত খাইছে। চেনেহীয়ে কাষতে থিয় হৈ কল্‌-কল্‌ কৰি কথা কৈছে।) চেনেহী: আই, এই বল ফুঠী মাঠটো মোল; নহয় নে বালু আই? ভৱানী: হয় এই বৰ পুঠি মাছটো তোৰে; মোক ভাজি অতাবলৈ দে; আগৰপৰা আহুকাল কৰি নেথাকিবি। চেনেহী: হেল আই হেল, মোল ফালে ঠাঠোন, আন্দাত আজি জেল নেমাল নে? ভৱানী: কেপ্‌কেপাই নাথাকিবি সেই, কোনে কলে আঞ্জাত তেল নেমাৰোঁ বুলি তোক? চাওঁ গুচ, মোক তেলৰ চুপিটো আনিবলৈ দে। চেনেহী: আই হেল, ভাতে বক্‌বক্‌ কলে কিয়? ভৱানী: উতলি কৰে। চেনেহী: নহয়, নহয়, তইা মোল দেউতালে সৈতে দন্দ কলে। চতুৰ্থ দৰ্শন (ৰান্ধনিঘৰৰ মজিয়া। ভৱানী আৰু চেনেহীৰ একেখন কাঁহীতে ভোজন।) চেনেহী: মোল বল ফটী মাঠটো তই নেকাবি, হেল আই। ভৱানী: নেখাওঁ। চেনেহী: (কান্দি) নেকাওঁ বুলি তইব মোল বল ফুটি মাঠটোৰ আদখিনি কালি। দেউতা কেছালিল পলা আহিলে আজি মইন কৈ দিম।