SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভোকেন্দ্ৰ বৰুৱা

গোন্ধাই গুৱাল।-" ভোকোন্দাইৰ মাক ঔ, ভোকোন্দাইৰ মাক! বোলো কলৈ গল ঔ এইজনী !শুনিছ নে ঐ শুনিছ! বাঘেখাঁতীক বিচাৰিলেও পাবলৈ নাই! বোলো শুনিছে নে !"

ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিচাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰপৰাই ওলাই আহি উত্তৰ দিলে,"কি হল নো? চিঞৰ বাখৰখন বা লগাইছে কেলৈ ? মোক নেদেখি কিবা এৱাঁ চৰিল নে কি ?"

গোন্ধাই ।-"এৱাঁ চৰা নাই; শুনহি! তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰপৰা কি লেখি টিকচ্ মাৰি ডাকত দি পঠিয়াইছে, চাহি-চোন চাহি !"

কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি।

জেতুকী-"মোৰ ভোকোন্দায়ে নো কি লেখিছে? মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়| মোৰ দেহ ডুখৰিক কিবা ধন-বিত লাগে নে? ধন-বিত লাগে যদি একুৰি মান ৰূপ পঠিয়াই দিয়া। মোৰ দেহ ডুখৰিয়ে পঢ়ি থাওক, পঢ়ি থাওক, বৰ মানুহ হওক, মোক আন একো নালাগে।"

গোন্ধাই ।-"বাঘেখাতী! তোৰ দেহিডুখৰিক ধন-বিত নালাগে, বৰুৱা ফুকন হবলৈ হে লাগে। তাৰ এইখন চিঠি আজি ডাকত পাই, তাত নো কি লেখিছে পঢ়াই আনিবলৈ আমাৰ বেথাৰাম ভাগতীৰ ওচৰলৈ গৈছিলো। চিঠিখনত ইংৰাজী দেশী দুই কলম আছে। ভাগতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢ়িলে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে। তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটোতে নাম ঘহি মাজি সইভ কৰিলে। হেনো এতিয়াৰপৰা মই তালৈ চিঠি লেখিলে কিবা ভোকেইন্দ্ৰ বুলি লেখিব লাগিব ; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব। অৰ্থা‌ৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুচি ভোকেইন্দ্ৰ বৰুৱা হৈছে হেনো।"

জেতুকী ।-"বুজিছোঁ, মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে। বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ,দেখি থাকিবা, মোৰ ভোকোন্দাইক মহাৰাণীয়ে মনচু্প নাপাতিও নেৰে। হওক, হওক, মোৰ বোপায়ে সাত-শতৰুৰ মুখত ছাই দি মনচুপ সদৰামিন এটাইবোৰ হওক। মইৰ দিনৌ গোসাঁইক খাটি আছোঁ, সেই দেখি তাৰ ভাল হৈছে। তাৰ হকে আমাৰ আতাৰ থানত মই পাল-নাম এভাগি গোৱাবলৈকো আগ কৰি থৈছোঁ।"

গোন্ধাই ।-"তই নো এইখন কি বলকিছ ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে কলে ? তোৰ পুতেৰে হে আপোনা-আপুনি বৰুৱা হৈছে, আৰু মোকো সি বৰুৱা পাতিছে। তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকেইন্দ্ৰ হৈছে। মোৰও হেনো সি কিবা চৰিত্ৰ লেখাইছে ,সেই দেখি মোৰ নামটোও সলাই মোক গোন্ধেশ্বৰ বৰুৱা পাতিছে। তইনো কথামখাৰ আহমখা নুবুজাকৈ কি কব লাগিছ ?"

এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক। বগীৰামক দেখি গোন্ধায়ে মাত লগালে, "ডাকবাবু ডাঙৰীয়া! ডাকবাবু ডাঙৰীয়া। ভো-ভো কৰে নো কলৈ যাব লাগিছে ? এইপিনে এখন্তেক আহকচোন, তামোলছালি এখনকে খাই যাওকহি।" এই কথা শুনি বগীৰাম আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বটাঁটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল।

গোন্ধাই ।-"বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া লৰাটোৰপৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কিৰ্পা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন।" এইবুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰকৈ মাতি পঢ়িবলৈ ধৰিলে:

"মাই ডিয়েৰ ফাদৰ,
আজি তোমালৈ যি কথা লেখিছোঁ, মই হপ(hope)কৰোঁ তুমি তাত মনযোগ কৰিবা। আজি এবছৰ হবলগীয়া হল মই কলিকতালৈ আহিলো! কিন্তু আহিবৰেপৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল। সম্প্ৰতি এটা মীমাংসা কৰিছোঁ। বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল। really really বাস্তবিকতে এইটো বৰ shameful লাজৰ কথা। ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে। ময়ো দেখিছোঁ যে ভোকোন্দি বৰ অসভ্য নাম। monstrous! তাক সভ্য কৰি লোৱাটো মোৰ duty অৰ্থাত কৰ্ত্তব্য। সেইদেখি মই আমাৰ কলেজৰ হাজিৰা বহীত আজি মাৰ্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলো। আৰু মোৰ নামৰ পিছত এটা উপাধি নোহোৱাৰ বাবেও বৰ হাঁহিয়াতৰ কথা হৈছে। সেইদেখি তাত বৰুৱা লগাই দিয়ালো। তুমিও আজিৰপৰা তোমাৰ নামটোৰ উন্নতি বিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা; আৰু লোককো সেইদৰে তোমাক address কৰিবলৈ অৰ্থা‍ত্‍ মাতিবলৈ কৈ দিবা। মই remember কৰোঁ অৰ্থাত্‍ মোৰ মনত আছে, তুমি এদিন কৈছিলা, মোৰ পেহী এজনী দুলীয়া বৰুৱাৰ ঘৰৰ সতৰাম বৰুৱাৰ হৰিভকত কানুৰামলৈ পৰিবৰ কথা হৈছিল। যদি সেইটো সঁচা তেন্তে সেই সূত্ৰতে আমিও বৰুৱা লেখাত কোনো ব্যাঘাত নেদেখো। বিশেষ Ram gone, Ajodhya gone অৰ্থাৎ ৰাম গল, অযোধ্যাও গল। আহোমো গল, আহোমৰ ৰাজত্বও গল। সেইদেখি আহোমে পতা বৰুৱা ফুকনসকল সেই সেই উপাধিৰ ওপৰত Copy-right also gone , অৰ্থাত স্বত্বও গল। এতিয়া যি যোগ্য সিয়েই ইচ্ছামতে সেই উপাধি ব্যৱহাৰ কৰিব পাৰে। This is according to law of Equity অৰ্থাত ইকুইটি আইন মতে সত্য। আৰু "যোগ্য ভোগ্য বসুন্ধৰা" বুলি শাস্ত্ৰত আছে ; এই সংস্কৃত কথাফাকিৰ মানে তুমি আমাৰ ভাগতী বাপুক শুধি লবা। এই বিষয়ে in detail অৰ্থাত বাহুল্যকৈ তোমালৈ লেখাৰ সকাম নাই ; কাৰণ তুমি ignorant সেইবোৰ বুজিব নোৱাৰিবা। মুঠতে, যে আজিৰপৰা তুমি মোৰ instruction follow কৰি মই কোৱা মতে কাৰ্য্য কৰিবা। আৰু এটা কথা মই্ তোমাক কওঁ। তুমি লাহে লাহে তোমাৰ shameful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা ; কাৰণ সেইটো লাজ-লগা বুলি মই think অৰ্থাত বিবেচনা কৰিছোঁ। তুমি আগেয়ে যি আছিলা, এতিয়া you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman অৰ্থাত ভদ্ৰলোকৰ দৰে তুমি চলিব লাগিব। আইক কবা, তেওঁ যেন ঘৰে ঘৰে ঢেং ঢেং কৰে আৰু নুফুৰে। she must keep her respect অৰ্থাৎ এতিয়া তেওঁ নিজৰ মান সম্ভ্ৰম ৰাখি ফুৰিব লাগিব। I hope অৰ্থাৎ আশাকৰো, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা। ইতি

Your affectionately
শ্ৰী ভোকেন্দ্ৰ বৰুৱা

পুঃ- মোলৈ চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা।

Mr. B.K. Boroah
First Year Class, Metropolitan Institution
Calcutta

পুঃ পুঃ- মোৰ সৰু ভনীজনীৰ ভুৰ্ভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা। কাৰণ, সময় থাকোঁতেই সেই কাম কৰা উচিত নাইবা, পিচত too late হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচিনাকৈ বৰ কষ্ট পাব লাগিব। ভ্ৰমৰিণীক মোৰ Kiss অৰ্থাৎ চুমা দি কবা, যে এই এই নামটো তাইৰ কলিকতীয়া ককায়েকে তাইক Birthday present অৰ্থাৎ জন্মদিনৰ উপহাৰ দিছে। আৰু এটা কথা, মই দ-কৈ ভাবি দেখিছো, যে আইৰ নামতোও নসলালে নচলিব! তোমাৰ জীৱন-চৰিতত আইৰ জেতুকী নামটো নিশ্চয় হাস্যাস্পদ হ'ব। সেইদেখি আইৰ জেতুকী নামটো গুচাই যতিকেশ্বৰী দিলো। আমাৰ গাঁৱৰ নামটোও বদলাব পাৰিলে ভাল। অৱশ্যে সেইটো কাম তুমি অকলে কৰি উঠিব নোৱাৰিবা। অনেক লোকক influence কৰি অৰ্থাত ৰাজহুৱা মত সংগঠন কৰি গবৰ্ণমেণ্টক "মেমোৰিয়াল" অৰ্থাত দৰ্খাস্ত দি হে সেই কাম কৰিব পৰা হব। সেইদেখি সেইটো কাম মই উভতি যোৱালৈকে স্থগিত থাকক ; মই গৈ agitation অৰ্থাত আন্দোলন কৰি তাক হাতত লম। ভবিষ্যতৰ ইতিহাসলৈ এইদৰে বাট পোনাই ৰখাটো অত্যাৱশ্যক হৈছে। মইত শ্যেলী, কীটচ, ৰবি কবি নিচিনাকৈ এখন বহুমূলীয়া কবিতা গ্ৰন্থ লেখিছোঁ, সি প্ৰায় শেষ হবলগীয়া হৈছে। তাৰ পাতনিত মোৰ ছবিৰে সৈতে মোৰ সংক্ষিপ্ত জীৱনীও ওলাব। সেইবাবে মই দীঘলকৈ চুলি ৰাখিছোঁ, জ্ঞাত কাৰণ লেখিলো। তোমাৰ বিস্তৃত জীৱনচৰিত্ৰ এখন লেখা নিতান্ত প্ৰয়োজন হৈ উঠিছে। মই তাৰ যো-জা কৰিছোঁ। তোমাৰ জীৱন-চৰিত্ৰৰ নিমিত্তে কিছুমান material অৰ্থাৎ সজুলি অৰ্থাত ঘটনা ম‍‍ই সংগ্ৰহ কৰি ডাঙৰ মানুহ এজনৰ হাতত দিছোঁ, তেওঁ তোমাৰ জীৱন চৰিত লেখিবলৈ গাত লৈছে, আৰু তাৰ পাতচেৰেক লেখিছেও। কিন্তু সেই কিতাপৰ front pageঅত অৰ্থাৎ সমুখৰ পাতত তোমাৰ ছবি এটা দিবৰ বৰ দৰ্কাৰ, সেইদেখি তুমি এই চিঠি পোৱা মাত্ৰকতে তোমাৰ ছবি এটা তোলাই মোলৈ পঠিয়াই দিবা। যোৰহাটত photographer অৰ্থাৎ ছবি তোলোতা মানুহ নাই যদি ডিবৰুলৈ গৈ গোহাঁই ব্ৰদৰ্চৰ তাত তোমাৰ ফটোগ্ৰাফ এটা তোলাবা; ইয়াত মই হাফটোন ব্লক কৰাই এনলাৰ্জ কৰিব লাগিব। ফটোখন সোনকালে মোক লাগে। ডিবৰুলৈ যাবলৈ সম্প্ৰতি তোমাৰ হাতত cash অৰ্থাত নগদ ধন নাই যদি সেই গাখীৰতী বগী মহজনী বেচি দিবা; অলপ cheap অৰ্থাত সস্তাকৈ দিলে থিতাতে বহুত কিনোতা ওলাব। আৰু তোমাৰ Travelling expenses–অৰ অৰ্থাত ডিবৰুলৈ যোৱাৰ খৰছৰ পিছত ছবিৰ নিমিত্তে জোৰাকৈ হাতত ৰূপ নথকা যেন দেখিলে, আৰু এজনী মহ বেচিবা। মুঠতে এই কাম বৰ জৰুৰী জানিবা। -বি.কে.বি

গোন্ধাই ।-" দেখিলি, দেখিলি, বাঘেখাঁতী দেখিলি এতিয়া, তোৰ পুতেৰ কেনেকৈ ভোকেইন্দ্ৰ হল, কেনেকৈ বৰুৱা হল? সি বান্দৰে মোকো বৰুৱা পাতে, তোকো বৰুৱানী পাতে। গুৰুজনৰ অনুগ্ৰহত মহ-গৰু দুটামান ৰাখি এগাল ভাত খাই আছোঁ, সি বৰুৱা হৈছে দেখি তাকো হেনো এৰিব লাগে, তাকো বেচি দিব লাগে।"

জেতুকী । মই দেখোন তোক কৈছোঁ, যে মোৰ বোপায়ে হাড়-মূৰ ভাঙি তেজ পানী কৰি কলিকতাত পঢ়িছে দেখি বৰুৱা হৈছে। মহাৰাণীৰ পেটৰ কথাটো পাইছে; নাপালে তেনে কেতিয়াও নকৰে। সি কত হেপ (Hope) কৰিছে, থিং (think) কৰিছে, চেম (Shame)কৰিছে, ৰেচপেচ (respect) কৰিছে, কৰিহে তেনে কৰিছে। মই এতিয়াও কওঁ যে মোৰ বোপাইক মহাৰাণীয়ে বৰুৱা পতাদি মনচুপ সদৰামিনো পাতিব, তুমি চাই থাকিবা ; মই আমুকী হওঁ যদি মোৰ কথা ফলিয়াবইী ফলিয়াব। মোৰ বোপাইৰ হকে মইে এই একাদশীতে থানত পাল নাম গোৱাম। মোৰ বোপায়ে ভণীয়েকক কি হাৰ (উপহাৰ) দিছে চাওঁ? কোন ধাৰ? অ' ভুৰ্ভুৰী ! অ' ভুৰ্ভুৰী ! তোৰ কলিকতীয়া ককায়েৰে তোলৈ কিবা কলিকতীয়া হাৰ পঠিয়াইছে, চাহি ! কলৈ নো গল এইজনী ?"

গোন্ধাই ।-"বাঘেখাতী। তোৰ পুতেকৰ লগতে তয়ো বলিয়া হৈছ নে কি? বোলে, সাত পুৰুষত নহল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়। সি দুটা ইংৰাজী পঢ়ি ক-ক-ম-ম-কৰিলে বুলি গোন্ধাই গোৱালে তাৰ সাত পুৰুষীয়া বৃত্তি এৰি বৰুৱা হব লাগিব। সি বৰুৱা হয়, ফুকন হয়, বান্দৰ হয়, শিয়াল হয় যি হয় হৈ থাওক, তাৰ লগতে মইৰ বুঢ়াইও নাচিবলৈ যাব লাগিল নে কি ? তইা নাচিব খুজিছ নাচ। কিন্তু ৰাইজে তোৰ মুখত চূণ সানি মূৰত ঘোল ঢালিব চাবি।"

জেতুকী ।-"মোৰ লৰাৰ সুখ-সম্পদ দেখি ৰাইজৰ হিংসা লাগিছেই, সেইবুলি মোৰ লৰাই নপঢ়িব নে কি ?ৰাইজে হিংসা কৰিলে বুলি মোৰ লৰা মনচুপ সদৰামিন নহব নেকি ? মোৰ একেটা লৰা, তাক এইদৰে সকলোৱে হিংসা কৰে। উ-উ-উ-!"

এইবুলি জেতুকীয়ে ৰাও জুৰি কান্দিবলৈ ধৰিলে। গিৰিয়েক ঘৈণীয়েকৰ চুপতাচুপতি লাহে লাহে এইদৰে বাঢ়ি গৈ শেহত গোন্ধায়ে জেতুকীক এখুন্দা দিবলৈ ঢেকি-থোৰা বিচৰা দেখি বগীৰাম ডাক-বাবু তাৰপৰা লাহেকৈ উঠি প্ৰস্থান কৰিলে।

এইখিনিতে আমি এই অখ্যানটোৰ অলপ আগৰেপৰা ধৰি তাক মুকলি কৰি দিওঁ। গোন্ধাই গুৱালৰ ঘৰ মাজুলিত। ম'হ গৰু ৰাখি, গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল। তাৰ এটা ল'ৰা নাম ভোকোন্দি ; আৰু এজনী ছোৱালী নাম ভুৰ্ভুৰী। ভোকোন্দিৰ বুধিটো সৰুৰে-পৰা চোকা আছিল দেখি তাক গোন্ধায়ে পঢ়াশালিত পঢ়িবলৈ লগাই দিলে। জোঙাল বুধীয়া ভোকোন্দিয়ে সোনকালে পঢ়াশালিৰ শিক্ষা শেষ কৰিলে দেখি বাপেকে উত্সাশহিত হৈ দহ-চাৰিৰ পৰামৰ্শ মতে তাক যোৰহাটত থৈ গৱৰ্ণমেণ্ট হাইস্কুলত ইংৰাজী পঢ়িবলৈ নাম লগাই দিলে। ভোকোন্দিৰ অদৃষ্ট সুপ্ৰসন্ন ; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপতদোপে স্কুলীয়া জীৱন-নাও আগবাঢ়ি এণ্ট্ৰেচ পৰীক্ষা পাৰ হৈ গ'ল। গবৰ্ণমেণ্টৰ কুৰিটকীয়া বৃত্তি এটা ভোকোন্দিৰ কপালত উঠিলত বাপেক মাকৰ আৰু উত্সাচহ বাঢ়িল ; সেইদেখি ভোকোন্দিক কলিকতাত "ফাষ্ট আৰ্টচ" পঢ়িবলৈ তেওঁলোকে পঠিয়াই দিলে। ফলত, ভোকোন্দিক আমি আজি মেট্ৰপলিটান ইন্ষ্টি টিউচনৰ প্ৰথম বাৰ্ষিক শ্ৰেণীত পাই, তেওঁ বৰুৱা হোৱা এই ইতিহাস ঘুটিবলৈ পাইছোঁ।