SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কেহোঁকলি

গল্পটোৰ পাতনিতে কোৱা যাওক, যে এনেকুৱা নাম আজিকালি চহৰত পাবলৈ নাই৷

এই জাতৰ নামৰ ঠাই সুৰেন্দ্ৰ, নৰেন্দ্ৰ, অৰবিন্দই জুৰি বহিল৷ অচিৰতে এই চামে গাৱঁতো সোমাই মণিৰাম, ধনীৰাম, ভোবোৰা, ভোকন্দিকো যে নেখেদিব এনে কথা বুকু ফিন্দাই ক'ব নোৱাৰি৷ আগৰ দিনত গাঁৱৰ কথাহে নকওঁ, চহৰতো ভাল মানুহৰ গাত জপৰা, ফপৰা, বুদবৰীয়া, পকাজলকীয়া নাম লাগি পকি ওলমি গছৰঙা কৰি থৈছিল৷ সেইদেখি আজি আমাৰ উপাখ্যানৰ কেহোঁকলি নিজে অকল কেহোঁ আৰু কলিৰেই জোৰা-লগা ফটা বাঁহ নাছিলে; তেওঁৰ কেহোঁকলি নামৰ মূৰৰ ওপৰত সদাগৰ বোলা জাপিটোও উঠিছিল৷

কেহোঁকলি সদাগৰৰ ঘৰ উজনি অসমৰ গৰ-গাৱঁত আছিল৷ তেওঁ যদিও সদাগৰ নাম পাইছিল, তথাপি ৰজাৰূপ, চিকাৰূপ, নাইবা আজিকালি বৰকৈ টকটকোৱা টকায়ো যে তেওঁৰ হাতত চৌ-চৌৱাইছিল এনে নহয়, তেওঁৰ ধন আছিল- হাঁহ, পাৰ, ছাগলী, গৰু আৰু ম'হ৷ তেনে ধনেৰেই তেওঁ ধনী সদাগৰ৷ হাজাৰ বিজাৰ হাঁহ পাৰ, শ শ ছাগলী আৰু তিনিকুৰু চাৰিকুৰি গৰু-ম'হৰ মালিক আছিল তেওঁ৷ সেইবোৰ পুঁহি পালি বঢ়াই তাৰেই বণিজ কৰা তেওঁ বাণিজাৰ৷ বছৰি সাতখন নাৱত তেওঁ তেওঁৰ এই বণিজৰ বস্তুবোৰ ভৰা দিদিখৌৱেদি ভটিয়াই আহি ৰংপুৰ নগৰত সেইবোৰ বেচি, তাৰ সলনি সাতখন নাওঁ ধানেৰে খুন্দ খুৱাই ভৰাই লৈ উজাই নিজৰ ঘৰলৈ গৈছিল৷

তিনিকুৰিৰ ওপৰে কেহোঁকলিৰ বয়স৷ তথাপি তেওঁ বুঢ়া তামোল চোবায়, আৰু বিতচকু নোলোৱাকৈ ৰাতি ঠগি আগত লৈ দশম কীৰ্ত্তন পঢ়ে৷ বয়সৰ দৈত্যক তেওঁ দুৰতে বিদূৰ কৰি ৰাখিছিল৷ তিনি কুৰি বছৰীয়া কেহোঁকলি সদাগৰৰ মূৰৰ চুলিতো পক ধৰা নাছিল৷ এই নিয়মৰ ব্যতিক্ৰম হিচাপত মাথোন তেওঁৰ চকুৰ ভুৰু দুডাল-চাইডালে বৰণ সলাইছিল৷

কেহোঁকলি সদাগৰৰ ঘৈণীয়েকৰ নাম আছিল কুটকুৰী৷ সৰুতে তেওঁৰ মুৰৰ চুলিবোৰ কুটকুৰা আছিল কাৰণে তেওঁৰ এই নাম পাইছিল৷ ঘৰ-সংসাৰ চলোৱা আৰু হাঁহ পাৰ গৰু ছাগলীৰ আপদাল কৰাত বুঢ়ী বৰ কাজি আছিল৷ মুঠতে কুটকুৰী কেহোঁকলিৰ সোঁহাত আছিল বুলি কলেও বেছি কোৱা নহয়৷

কেহোঁ সদাগৰৰ একেজনী ছোৱালী৷ নাম বতাহী৷ লোদোৰ পোদোৰ হাত ভৰি আৰু ধুনীয়া চকলা মুখখনেৰে বতাহী স্বাস্থ্যৰ জীবা প্ৰতিমাখন৷ তাই বতাহৰ দৰে চঞ্চল আছিল দেখিয়েই মাক-বাপেকে বতাহী বুলিছিল৷ বাপেক-মাকৰ কামত বতাহী যেনেকৈ তীখামোখৰ৷ তেনেকৈ হাঁহ পাৰ, গৰু ছাগলীৰ আপদাল কৰা কামতো তাই আগৰণুৱা৷ পাৰবোৰৰ ভিতৰত বিশেষকৈ লোকাপাৰ বুলি এটা বতাহীৰ দেহলাও হৈ ফুৰিছিল৷ তাই য'তে থাওক, যিহকে কৰক, সেই পাৰটো তাইৰ কাষত আৰু তাই পাৰটোৰ কাষত৷ দুইৰো আঁতৰা আঁতৰি নাই৷ পাৰটো তাইৰ মূৰৰ ওপৰত আৰু হাতৰ ওপৰত সততে বিৰাজমান৷ অজান জীৱ এটাই কেনেকৈ মানুহৰ মৰমৰ মৰ্ম্ম বুজি এনেকুৱা মৰমীয়াল হৈ পৰিছিল, দেখিলে আচৰিত মানিব লাগে৷ পাৰটোৰ গঢ়-গতি দেখিলে কোনে ক'ব যে সি-

          "জ্ঞান শূন্য আতি
      পশুপক্ষী জাতি"ৰ শাৰীৰ৷

বতাহীৰ প্ৰত্যেক ইঙ্গিত সি বুজিছিল, আৰু ইঙ্গিত মতে আনন্দত ডিঙি ফুলাই চলিছিল৷

ৰণাই কেহোঁকলিহঁতৰ ওচৰচুবুৰীয়া হৃষ্টপুষ্ট বলিষ্ঠ ডেকা৷ তাৰ বৰ মন যে বতাহীক সি বিয়া কৰে৷ ৰণাইৰ বয়স একুৰি পাঁচ বছৰ৷ বতাহীও সোতৰ বছৰীয়া৷ সকলোপিনে দুয়ু দুইৰো জোৰ হয়৷ কেহোঁকলি আৰু কুটকুৰীৰো ছোৱালীজনী তাকেই দিবৰ মন৷ কিন্তু বতাহীৰ মনৰ থাউনি পাবৰ উপায় নাই৷ ৰণাইৰে সৈতে বতাহীয়ে কথা পাতে, দন্দত কুৰুলী পিটে, হাঁহি খিকিন্দালি মাৰে৷ কিন্তু কোনো কথাতে কেতিয়াও ৰণাইলৈ তাইৰ আন্তৰিক বিতৃষ্ণাৰ ভাৱ নেদেখি৷ তথাপি ৰণাইৰ পক্ষে বতাহীৰ মনটো জানিবা এটা বীজল ঔ বীজ৷ এই বিষয়ত মাক-বাপেকো ৰণাইৰ শাৰীত৷ মুঠতে বতাহী ছোৱালীজনী এটা সাঁথৰ৷ সেই সাঁথৰ ভাঠিবৰো কাৰো সাধ্য নাই৷ বতাহী মুকলি বতাহৰ বা৷ বতাহ সকলোৰে আদৰৰ ধন, প্ৰাণৰ বস্তু; কিন্তু কাৰো হাতত বতাহ বন্দী নহয়৷ সি আত্মাৰাম, নিজানন্দতে সুখী৷ বতাহী তেনেকুৱা বতাহেই৷

বছেৰেকত এবাৰ কেহোঁকলি সদাগৰ বেহা-বেপাৰ কৰিবলৈ ওলায়৷ এইবাৰো সদাগৰে সাতখন নাৱত তেওঁৰ বণিজৰ বস্তু হাঁহ, পাৰ, ছাগলী ভৰা দি বেহা কৰিবলৈ ওলাল৷ এইবাৰ তেওঁ "মোক ভাত এমুঠি ৰান্ধি দিবি বুলি" জীয়েকক লগত ললে৷ সদাগৰৰ বোজাই নাও কেইখনে দিখৌ বুকুখন শুৱাই তাত সৰু সৰু ঢৌৰ অলেখ আঁক দি দি মোচৰে মোচৰে আহিবলৈ ধৰিলে৷ তৃতীয় দিনৰ দিনা দুপৰীয়া ৰংপুৰ চহৰৰ সন্মুখ হ'লহি৷ দিখৌৰ বালিটুপতে সদাগৰে নাও বান্ধি বালি চিকোণোৱাই খোলা এখন চিকোণোৱাই আঁৰ –কাপোৰ তৰোৱাই টৌ-খুটি মাৰি ভাত ৰান্ধিবৰ দিহা কৰিলে৷ ৰান্ধনী বতাহী৷ ভাত নমাবৰ হৈছে, এনেতে কোনোবাই বতাহীক বাতৰি দিলে যে তাইৰ লোকাপাৰটো নাৱৰ কুন্ধিৰ পৰা ওলাই উৰি গৈ ওচৰৰে চতিয়না জোপাত পৰিছে৷ নমাবলৈ ধৰা ভাতচৰুটো তাতে এৰি বতাহী ওলাই আহিল৷ তাই গছজোপাৰ আগত থকা পাৰটো দেখি মাতিবলৈ ধৰিলে-"আহ! আহ! লোকাই আহ!" সেইদিনা পাৰটোৰ কি হৈছিল ক'ব নোৱাৰি সি বতাহীৰ মাতলৈ আওকাণ কৰিআকৌ উৰি গৈ অলপ দুৰত সৰিয়হৰ পথাৰ এখনৰ মাজত থকা পোলোঙা পলাশ গছ এজোপাৰ টিঙত পৰিলেগৈ৷ পাত নথকা পলাশজোপা ফুলেৰে ৰাঙলী হৈ আছিল৷ বতাহী লৰি গৈ পলাশৰ তল পালেগৈ৷ গছজোপাৰ টিঙত বহি থকা পাৰটোক তাই মাতেএ মাতে, সি নাহে৷ এনেতে হঠাৎ 'আই ঔ'! বুলি বতাহী সৰিয়হ তলিতে মূছকছ গৈ পৰিল৷ বতাহীৰ 'আই ঔ' শুনি বাপেক আৰু আন আন নাৱৰীয়াবোৰ লৰি গল৷ তেওঁলোকে দেখিলে বতাহীৰ মুখখন নীলা হৈ পৰিছে৷ হালধীয়া সৰিয়হৰ ফুলবোৰে তাইক আবৰি ধৰিছে, আৰু লোকাপাৰটো তাইৰ বুকুত পৰি মুখতে মুখ দি আছে৷

দাংকোলাকৈ বতাহীক নাৱৰ ওচৰলৈ অনা হ'ল৷ কিন্তু বতাহীৰ গাত আৰু প্ৰাণ নাই; বাটতে সি বতাহৰ সৈতে মিলি গ'ল৷ গোটেইখন হুৱাদুৱা লাগি পৰিল৷ নাৱৰীয়া গোটাচেৰেকে বতাহী পৰা ঠাইদোখৰলৈ গৈ ভালকৈ চাই দেখিলে যে, তাৰে মাটিফেঁটী সাপ এটাই গাঁতৰ পৰা মুৰটো উলিবাই আছে৷ সাপটো মাৰিলে বতাহীক জীৱোৱা টান ভাবি, সিঁহত গুছি আহিল৷ অনেক জৰা-ফুকা কৰা হ'ল; কিন্তু বতাহীৰ দেহলৈ আৰু প্ৰাণ নাহিল৷

বতাহীৰ বাপেকৰ চকুৰ পৰা এটোপা পানীও ওলোৱা নাছিল৷ মাথোন ওলাইছিল মুখৰ পৰা এটা দীঘল হুমুনিয়াহ৷ তেওঁ ভাতবোৰ দলিয়াই পেলোৱাই বতাহীয়ে ভাত ৰন্ধা ঠাইতে তাইক খৰি দিয়ালে৷

পিচদিনা সদাগৰ কেহোঁকলিয়ে ওচৰৰ চাৰিওফালৰ মানুহক খবৰ দিয়াই মতাই আনি সাতখন নাৱৰ হাঁহ, পাৰ, ছাগলীবোৰ বিলাই দিলে৷ নাওসাতখনত বালি ভৰা বালিটুপৰ ঘুলিটোত সাতোখন নাও বুৰাই দিলে৷ তাৰপিছত মাথোন হাতত বতাহীৰ লোকাপাৰটো লৈ লগৰীয়া নাৱৰীয়াবোৰেৰ সৈতে খোজকাঢ়ি গৰগাঁৱলৈ উভতি গ'ল৷

খবৰটো ঘৰত ওলালতে গাঁও গোটেইখনত হুৱাদুৱা লাগি পৰিল৷ কুটকুৰী বুঢ়ীৰ কান্দোনত গগণ ফাটিল৷ কেহোঁকলিয়ে ৰণাইক কাষলৈ মাতি আনি তাৰ হাতত লোকাপাৰটো দি কলে-"এয়া, তোমাৰ বতাহীক লোৱা৷" ৰণায়ে পাৰটো বুকুত বান্ধি লৈ গুচি গ'ল৷

কুটকুৰী যেই বিচনাত পৰিল, তিনিদিনলৈকে কোনেও তেওঁক তাৰপৰা তুলিব নোৱাৰিলে৷ চতুৰ্থ দিনাৰ পুৱাতে দেখা গ'ল যে, চোতালৰ তুলসীজোপাৰ তলতে মূৰটো দি বঢ়ী মৰি পৰি আছে৷ বতাহীয়ে এখন মুগাৰ ৰিহা লৈছিল৷ ৰিহাখনৰ আঁচলতে তাই বতাহী বুলি নামটো আঁচুৰে তুলি লৈছিল৷ দেখা গ'ল, বুঢ়ীৰ গাত সেইখন ৰিহা৷

জীয়েক আৰু ঘৈণীয়েকৰ শোকত কেহোঁকলি জলকা লাগিল৷ ইয়াৰ পিছত আৰু তেওঁ সৰহ দিন নিজীলে৷

এই ঘটনাৰ এবছৰৰ পিছত এদিন দুপৰীয়া শিৱসাগৰ দ'লৰ মুখত- বৰগছ এজোপাৰ তলত এটা জপৰা-চুলিয়া আদবলীয়া মানুহ বহি থকা দেখা গৈছিল৷ তাৰে হাতত লোকাপাৰ এটা৷ পাৰটোক সি ঘনে ঘনে চুমা খাইছে, বুকুত লৈছে; আৰু মানুহে বেঢ়ি ধৰি তাক চাইছে৷ কোনোৱে কৈছে সাধক বাবাজী, কোনোৱে কৈছে বলিয়া, আৰু কোনোৱে কৈছে জুৱাচোৰ৷ সেইদৰেই সি গছৰ তলত দুদিন আছিল৷ তৃতীয় দিনৰ ৰাতি সি গছ তলত শুই থাকোতে কোনোবা দুষ্ট মানুহে তাৰ পাৰটো চুৰ কৰি লৈ গুচি গ'ল৷ পুৱা তাৰ টোপনি ভাগিলত, সি পাৰটো নেদেখি আৰু ইফালে সিফালে বিচাৰিও ক'তো নাপাই, এটা চিয়ঁৰ মাৰি তাৰপৰা কৰবালৈ গুচি গ'ল৷ কোনেও আৰু তাক দেখা নাপালে৷ দুদিনৰ মুৰত বালিটুপৰ ঘুলিত এটা মানুহৰ মৰাশ ওপঙি থকাৰ খবৰ ওলালত পুলিচে শটো তুলি আনি দেখিলে যে সেজিটো সেই বলিয়া ফকিৰটোৰ শ৷