SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মুক্তি

সুকুমাৰ ডাঙৰ মানুহৰ ল'ৰা৷ তাৰ খাব-পিন্ধিবৰ অভাৱ নাই৷ স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হ'লে তাৰ মন নাই৷ তাৰ চৌধ বছৰ বয়স হ'ল; তথাপি সি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে৷ দেউতাকে "পঢ় পঢ়" কৰে; সুকুমাৰে আগত কিতাপ মেলি লৈ আকাশ পাতাল ভাবে৷ ক'ত গছত পকা আম, দাঁহেচীয়া মধুৰী-আম আছে, ক'ত ঘৰৰ পানী-পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ ক'ৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ক'ত গছৰ বাহৰ পৰা চৰাই পোৱালী আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালীৰে কেনেকৈ ধেমালী কৰিব লাগিব, ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ৷ স্কুললৈ তপতে তপতে ভাত এগাল খাই সি যায় হয়৷ কিন্তু পঢ়াৰ মহলা দিব নোৱাৰি শিক্ষকৰ গালি খাই শাস্তি ভুগি ঘৰলৈ আহে, আৰু মাকে আতৌপুতৌকৈ দিয়া ম'হৰ এঠা গাখীৰেৰে কোমল চাউলৰ জলপান এটা খাই, স্কুলৰ সকলো ডাবি-শাস্তি পাহৰি পেলাই লগৰীয়া ল'ৰাৰে সৈতে ধেমালিতে পূৰ্ব্বৱতে মগন হয়৷ এদিন শিক্ষকে সুকুমাৰৰ পঢ়াত অমনোযোগিতাৰ বিষয়ে দেউতাকৰ আগত গোচৰ দিলত দেউতাকে ধৰি সুকুমাৰক চেকনিৰে নথৈ কোবালে৷ সি মাৰ খাই অভিমান কৰি পলাই কোনেও নেদেখাকৈ তেঁতেলী গছ এজোপাৰ ওপৰত উঠি তাৰ ফেৰেকা ডাল এটাত শুই থাকিল৷ ওৰে দিনটো আৰু ওৰে ৰাতিটো ঘৰলৈ নাহিল৷ মাকে বিচাৰি নাপাই "মোৰ ল'ৰাটো ক'লৈ গ'ল" বুলি কান্দিবলৈ ধৰিলে; দেউতাকে মনত বৰ দুখ পাই অনুতাপ কৰি "হেৰ সুকু, আহ, ক'ত আছ ওলাই আহ; আজিৰ পৰা আৰু তোক মই নামাৰো৷" বুলি মাতি মাতি ভাগৰি চিন্তাকুল হৈ বিছনাত শুই পৰিল৷

পিছদিনা পুৱা ভোকে-পিয়াহে লাক-কাল লগা সুকুমাৰ মাকৰ ওচৰত উপস্থিত হ'লত, মাকে পুতেকক সাবট মাৰি ধৰি চকুলো টুকি আদৰেৰে সানমিহলি ভৎসৰ্না কৰি, গা-পা ধুৱাই ভালকৈ খাবলৈ দিলে; দেউতাকেও তাক দূৰৈৰ পৰা মিঠা মাতেৰে সম্ভাষণ কৰি বুজনি দি শান্তি লভিলে৷ সুকুমাৰৰ দেউতাক পুৰনি ধৰণৰ মানুহ৷ কুন বাটেৰে পুতেকক সাৱধানে বলাই আনিলে তাৰ পঢ়া-শুনাত মন বহিব, সেইটোৰ উৱাদিহ তেওঁ ভালকৈ নাজানিছিল৷ তেওঁ জানিছিল যে, পুতেকক স্কুলত মাছুল দি পঢ়িবলৈ পঠিওৱা হৈছে যেতিয়া, স্কুলৰ অধ্যাপকে পুতেকক অচিৰতে সৰ্ব্ব-বিদ্যা-বিশাৰদ কৰি তুলি তেওঁক সোধাই দিব৷ তেওঁ নাজানিছিল যে, আজিকালিৰ স্কুল আগৰ দিনৰ নিচিনা বিদ্যাৰ্থীক পৱিত্ৰ বিদ্যা দান দিয়া পষাশালি নহয়৷ সি চকী, মেজ, বেঞ্চ, ঘড়ী, চকীদাৰ আদিৰে বিভূষিত আৰু গুৰু শিষ্যৰ আন্তৰিকতাশূন্য ক্ষন্তেকীয়া সমন্ধেৰে সমন্ধ লগা নিৰ্ম্মম মহলা লোৱা কাৰখানাহে৷ তাত ছাতৰৰ মানসিক সুবৃত্তিবোৰ পৰিৱৰ্দ্ধিত নহৈ জাঁতত চাউল পিহ খোৱাদি পিহ খোৱাৰহে বন্দৱস্ত৷ সেই দেখি যেতিয়া তেওঁ এদিন সুকুমাৰৰ পঢ়া-শুনাৰ অভাৱ আৰু অমনোযোগিতাৰ কথা শিক্ষকৰ পৰা শুনিলে, তেতিয়া হতাশ হৈ সকলো দোষৰ ভাগি সুকুমাৰকে কৰি সেইদৰে নিষ্ঠুৰভাৱে তাক প্ৰহাৰ কৰিছিল৷ দিন-ৰাতিৰ দোমোজাৰ কালডোখৰ সকলোৰে পক্ষে ভয়ানক৷ দিন-ৰাতিৰ সন্ধি-ক্ষণতে নৰসিংহৰ দ্বাৰায় হিৰণ্যকশিপুৰ বিনাশ ঘটিছিল৷ পুৰণি সভ্যতা বা অসভ্যতা আৰু নতুন সভ্যতা বা অসভ্যতাৰ মাজৰ দুৰদৃষ্টিৰ নিমিত্তেই এই ভদ্রলোকজনৰ এনে মানসিক বিপদ ঘটিছিল৷ সংক্ষেপতে এয়ে কথা৷

তেওঁৰ দুটি পুতেক- সুকুমাৰ আৰু সুকুমাৰৰ ককায়েক দেৱকুমাৰ৷ দেৱকুমাৰে কলিকতাত পঢ়ি বি-এল পৰীক্ষাত উঠি ডিবুৰুত ওকালতি কৰে৷ তেওঁ ভাল উকীল; গতিকে তেওঁৰ আয় আৰু সন্মানৰ ভাগো ভালৰ ফালে৷ দেউতাক আৰু মাকে এই পুতেকৰ যশ আৰু প্ৰতিপত্তিত স্বভাৱতে নিজক নথৈ গৌৰাৱান্বিত বিবেচনা কৰিছিল৷ কোনো ভদ্ৰলোকৰে সৈতে দেখা-শুনা হ'লে ক্ষন্তেকৰ পিছতে দেউতাকৰ মুখৰ পৰা বৰপুতেকৰ যশস্যাৰ কথা ওলোৱাটো সুৰ্য্যোদয়ৰ নিচিনা নিশ্চয়৷ উকীল পুতেকৰোদেউতাক মাকৰ ওপৰত অষেশ প্ৰভাৱ; আৰু সেই প্ৰভাৱ বা প্ৰতাপ তেওঁ প্ৰতি কথাতেই প্ৰকাশ কৰিবলৈ কৃপণতা নকৰিছিল৷ তেওঁ ছমাহে বছৰেকে ঘাই ঘৰলৈ আহে; আৰু ককায়েক আহিবৰ আগ-বাতৰি শুনিলে সুকুমাৰে আনন্দতে জপিয়াই; কিন্তু ককায়েক আহি পালে সুকুমাৰ তেওঁৰ সন্মুখত থিয় হ'ব নোৱাৰে৷ কাৰণ সি ককায়েকৰ পৰা গালি আৰু কদৰ্থনাৰেহে প্ৰথম সম্ভাষণ পোৱাটো ধৰাবন্ধা কথা৷এবাৰ এনে ঘটনাত মাকে বৰপুতেকক কলে, "তোৰ ভাবেৰে তই আহিবি বুলি শুনি ৰঙত জপিয়াই ফুৰিছিল আৰু তইনো তাক প্ৰথম আষাৰ মাততে ইমানকৈ গালি পাৰিব আৰু কেটকেটাব পাৱনে বাৰু?" মাকে বৰপুতেকৰ পৰা ইয়াৰ উত্তৰ পালে, "তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক৷ তাক মৰম চেলাই চেলাই গুচালাহঁক৷ ইমানটো ধোদোঙা ল'ৰা, সি পঢ়া-শুনা নকৰে৷ আৰু দিনদিয়েকৰ পাছত সি ম'হ-গোৱাল হ'ব লাগিব; নাইবা লোকৰ ঘৰট সিন্ধি দিব লাগিব; নহ'লে ভাত খাব ক'ৰ পৰা?" মাকে বৰপুতেকৰ মুখৰ পৰা এই কঠোৰ তৰ্জ্জন আৰু নিৰ্ম্মম মন্তব্য শুনি চকুৰ পানী টুকি অলপ আঁতৰি গৈ প্ৰকৃতিস্থ হৈ পুনৰায় পুতেকৰ কাষ পাবলৈ কিছু সময় লাগিছিল৷

এবাৰ পূজাৰ বন্ধত উকীল পো ঘাই ঘৰলৈ আঁহোতে দেউতাক আৰু মাকক তেওঁ দৃঢ়ভাৱে ক'লে, "এইবাৰ মই এই গৰুটোক লগত লৈ যাম, মোৰ তত্বাৱধানত ৰাখি পঢ়াম৷ তোমালোকে আৰু ইয়াক ইয়াত ৰাখি ইহকাল পৰকাল খাব নোৱাৰাহঁক৷ মই কাইলৈ যাম; ইয়াৰ কাপোৰ-কানিৰ টোপোলাটো বান্ধি মোৰ লগত দিবা৷" এই প্ৰচণ্ড আদেশ শুনি মাকে চকুলো টুকিলে; বাপেকে অনেক বিবেচনা কৰি অনেক থেৰো-গেৰো কৰি সেই আদেশ মানিবলৈকে অন্তত থিৰ কৰিলে৷ এই অভাৱনীয় সিদ্ধান্ত শুনি সুকুমাৰৰ অণ্ঠে-কণ্ঠে শুকাই গৈছিল, তথাপি সি জানিলে যে, তাৰ আৰু অন্য পন্থা নাই; এইবাৰ ককাবেকৰ লগত ককায়েকৰ কঠোৰ শাসনৰ তলত থাকি সি লিখা-পঢ়া শিকিবলৈ যাবই লাগিব৷ গতিকে নিৱুপায় হৈ সিও এই নতুন অৱস্থাত আত্মসমৰ্পণ কৰাটোৱই থিৰ কৰিলে৷ তেতিয়াই সি তে!তেলী গছ, আম গছ, ক!ঠাল গছ, বৰপুখুৰী, ফুলনিবাৰী, মুকলি আকাশ, আহল বহল পথাৰ, উৰি ফুৰা পখিলা আৰু পোহনীয়া চৰাই-পহু, চৰি ফুৰা গৰু-ঘোঁৰা, লৰি ফুৰা লগৰীয়া সকলৰ পৰা শোকাকুল হৃদয়েৰে অথচ দৃঢ় মনেৰে বিদায় লৈ সেই পৰম আত্মীয়সকলক পৰিত্যাগ কৰি বিদেশলৈ যাবলৈ সাজু হ'ল৷

সুকুমাৰক লগত লৈ দেৱকুমাৱে মাক-বাপেকক সেৱা কৰি বিদায় লবৰ সময়ত মাকে সুকুমাৰৰ মুখত চুমা এটা খাই কলে, "হেৰ' তই ককাইদেৱেৰৰ হাক-বচন মানি চলিবি, মোৰ সোণাই৷ আৰু মন দ পঢ়িবি৷" আৰু বৰপুতেকৰ মুখত হাত ফুৰাই তেওঁ কলে, "হেৰ বৰবোপা,তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা; সি লাহে লাহে পঢ়িব; অজলা ল'ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি৷" এইবুলি নিজৰ আঁচলেৰে চকুৰ পানী মচিলে৷ বৰপুতেকে মাকৰ কথা শুনি মিচিক কৰে হাঁহি ক'লে-"হৈছে, হৈছে, আৰু তাৰ বিষয়ে তোমাৰ ভাবিবৰ দৰ্কাৰ নাই, লেন দি দি তাক যি লাগে কৰিলাহঁক৷"

সুকুমাৰক ডিবুৰুলৈ আনি ককায়েকে ইংৰাজী স্কুলত নাম লগাই দিলে আৰু পুৱা-গধুলি নিজে তাৰ পঢ়া-শুনাৰ তত্বাৱধান কৰিবলৈ ধৰিলে৷ মুকলি আকাশত উৰি ফুৱা চৰাই লোৰ সজাত বান্ধ খালে৷ কঠোৰ শাসনৰ গধুৰ শিল সুকুমাৰৰ বুকুত বহিল৷ সুকুমাৰেও বিদ্ৰোহী নহৈ এই শাসন মানি ল'লে, কাৰণ তাৰ পঢ়া-শুনাত অপাৰগতাৰ নিমিত্তে এতিয়া নিজৰ মনতে ধিক্কাৰ উপস্থিত হৈছিল৷ ককায়েকো যে স্বভাৱতে নিষ্ঠুৰ প্ৰকৃতিৰ মানুহ আছিল এনে নহয়; কিন্তু ভাবিছিল, ভায়েকক কিছুদিন কঠোৰ শাসনৰ তলত ৰাখি অচিৰতে বিদ্বান কৰি দেউতাক মাক আৰু আনকো তধা লগাই দিব৷ কিন্তু কঠোৰ আৰু অবিবেকী শাসনৰ ফল শীঘ্ৰে ফলিল; সুকুমাৰ স্ব-ইচ্ছাৰ বিৰুদ্ধে স্বভাৱ-বিদ্ৰোহী হৈ উঠিল; তীক্ষ্ণ বুদ্ধিৰ সুকুমাৰৰ বুদ্ধি অচিৰতে ক্লান্ত হৈ অকৰ্ম্মণ্য হৈ পৰিল৷ ওৰে দিনটো সুকুমাৰে কিতাপ আগত লৈ পঢ়েহে পঢ়ে, কিন্তু তাৰ পঢ়া আৰু আয়ত্ত নহয়৷ ফলত ককায়েকৰ শাসন, প্ৰহাৰ আৰু কটুক্তি দিনে দিনে যিমান কঠোৰৰ পৰা কঠোৰতৰ হ'বলৈ ধৰিলে, সুকুমাৰৰ বুদ্ধি বৃত্তি, স্মৃতি আৰু পাঠগ্ৰহণ কৰিবৰ ক্ষমতাও সিমান কমিবলৈ ধৰিলে৷

এদিন গধুলি ককায়েকে সুকুমাৰৰ পষাৰ মহলা লবলৈ বহি দেখে যে সি একোৰে ভালকৈ উত্তৰ দিব নোৱাৰে; আন কি, সি আগেবে যিবোৰ উত্তৰ শিকিছিল সেইবোৰো তাৰ মনত নাইকিয়া হ'ল৷ খং উঠি তেওঁ তাক অত্যন্ত প্ৰহাৰ কৰি আৰু গালি শপনি পাৰি, শেহত নিজেই ক্লান্ত হৈ এই বুলি উঠি গ'ল, 'তই আমাৰ বংশৰ কলঙ্ক৷ তোক মোৰ ভাই বুলি মানুহৰ আগত চিনাকি দিবলৈ মোৰ লাজ লাগে৷ তোক আইৰ ওচৰলৈ সীঘ্ৰেই পঠিয়াই দিম; তেতে তোক আবে আদৰ দি ডাঙৰ-দীঘল কৰক, তাৰপিছত লোকৰ গৰু-ম'হ ৰাখি বা ছুৱা-পাত পেলাই ভাত খাবি৷" সুকুমাৰ নিৰ্ব্বাক-নিষ্পন্দ হৈ ৰ'ল৷

ৰাতি ন মান বজাত বৌৱেকে সুকুমাৰক ভাত খাবলৈ মাতিলত সি বৌৱেকক লাহেকৈ কলে- "বৌদেও, মই আজি ভাত নাখাওঁ, মোৰ গাটো বেয়া লাগিছে৷" সুকুমাৰ ভাত খাবলৈ অহা নাই বুলি শুনি ককায়েক উঠি আহি তাক কটুক্তি কৰি ভাত খাবলৈ আহিবলৈ হুকুম দিলত সি কাতৰ কণ্ঠেৰে কলে "কাকইদেও, সঁচাকৈয়ে মোৰ গা বেয়া কৰিছে, মই ভাত খাবলৈ যাব নোৱাৰো৷" ককায়েকে তাৰ গাত হাত দি চাই দেখিলে যে সুকুমাৰৰ গা বৰ তপত৷

আজি সাত দিন হ'ল, সুকুমাৰৰ নেৰানেপেৰা জ্বৰ৷ মাজে মাজে সি ভ্ৰম বকিছে৷ ককায়েকে জিলাৰ ডাক্তৰ লগাই তাৰ চিকিৎসা কৰাইছে হয়; কিন্তু দেউতাকলৈ সুকুমাৰৰ জ্বৰৰ একো কবৰ দিয়া নাই৷ আঠদিনৰ দিনা ডাক্তৰৰ পৰামৰ্শমতে সুকুমাৰৰ জ্বৰৰ বাতৰি বিজুলী-ডাকেৰে ককায়েকে দেউতাকলৈ পঠিয়ালে৷ খবৰ পাই দেউতাক-মাক দুয়ো বিহ্বল হ'ল আৰু দিনে তিনি-চাৰিখনকৈ বিজুলী বাতৰি তেওঁলোকৰ ভিতৰত চলাচল কৰিবলৈ ধৰিলে৷

বিকাৰ অৱস্থাতে সুকুমাৰৰ মুখৰ পৰা এইকেইটা কথা শুনা গৈছিল, "আই, তুমি আহিছা? মেই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতেৰে সৈতে উমলিম৷ মই পঢ়িম আই, তুমি নাভাবিবাঁ৷ ককাইদেৱে মই পঢ়া-শুনা নকৰাত বৰ বেয়া পাইচে৷ মই পঢ়িম, ডাঙৰ মানুহ হ'ম৷ উস ককাইদেও, মোক আৰু নেমাৰিবাঁ, মই এইবাৰৰ পৰা পঢ়া ঠিক মনত ৰাখিম৷ মই ভাল লৰা হ'ম৷ মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ'বা৷"

নৰিয়া পৰিবৰ দিনাৰেপৰা চৈধ্যদিনৰ দিনা সুকুমাৰৰ দেহসজাৰপৰা প্ৰাণ-পখী ওলাই গৈ চিৰকাললৈ মুক্তি লাভ কৰিলে৷