Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
বিহুৱান

কোন সৰগৰে     বিহুৱা কোঁৱৰ ঐ!
কোন সিপুৰীৰে ৰজা
কোনে আও ঢালিলে     কোনে নমাই দিলে
আদৰি আনিলে প্ৰজা?
কিনো খেতৰ সাইজে,     জানানো কোঁৱৰ ঐ!
কিনো খেতৰ সাইজে জানা?
পখিলাৰ পাখিটিত বন্দুলিৰ পাহিটিৰ
ধুনীয়া ৰহণবোৰ সানা!
মৰুৱা মধাইকে     ফুলালা লাহৰী
ধুতুৰাৰ মেলালা থুৰি,
ঢেপাই তিতাৰ দিলা     কপালত তিলকাটি
ভোমোৰাক ফুৰালা উৰি।
তোমাৰ মনৰ সতে     ওপৰৰ মলয়া
লুইতৰ সুঁতিৰে বলে,
তোমাৰ কথাতে     পদুমে বেলিটিক
মনৰে কথাটি ক'লে।
আহাঁ মোৰ কোঁৱৰ ঐ!     বহাঁ মোৰ কোঁৱৰ ঐ!
থইছো বৰপীৰা পাৰি,
সান্দহ চিৰা পিঠা     তিলৰ লাৰু খোৱা
সোণকালে নাযাবা এৰি।
ৰূপৰে বটাতে     থুৰিয়া তামোলে
ফুলাম পাটী থৈছে শুবা,
বিহুদিনাখন     দৈ-পঁইতা খাই
বিচনীৰে বা লৈ যাবা।