Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
বিশৃংখল

আউল চুলি দুডালি তোমাৰ
নিছিগা কৱিতা-বস ধাব।
ফণিৱা অযুত চুলিবোৰে
নিয়মত পৰি প্ৰাণ এৰে।

শৃঙ্খলিত দাঁতৰ শাৰীত
এটি দাঁত শৃঙ্খলৰহিত।
সৌন্দৰ্য্যৰ বীণাখনি মোৰ
বজায় সি অময়া মধুৰ।

কাপোৰত ভাঁজ পৰি আছে
আঁচলত দহি পৰি নাচে,
ভাললাগে মোৰ।
ঢৌহীন সাগৰে নোমোহে,
মোহে ঢৌ নতুৰা বতাহে।

ব্যবস্থিত হাঁহি মিচিকিয়া
বুজ দিয়ে শুকান যে হিয়া।
ভেটা ভঙা হাঁহিবহে শুনি
অন্তৰৰ পাঞ্চজন্য ধ্বনি।

শৃঙ্খলতাবদ্ধ স্বাধীনতা,
প্ৰাণহীন পৰ অধীনতা।