Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
ধূলি


ভৰিৰ তলুৱাত ধূলি লাগিছিল
জোকাৰি পেলালা কিয়?
তুমি পেলাই গলা, বুটলি ল'লো মই
আদৰত সি হ'ল থিয়।


জীৱনৰ কাহিনী কেউটিয়ে কলে
টুপিকৈ চকুলো টুকি;
দুখতে কান্দিলো, শোকতে হাঁহিলো, -
জীৱনটো কি এটা ফাঁকি।


এটি ধূলিকণা ভৰত ৰজা হেনো,
এটিৰ নাম মান্ধাতা ৰজা,
এটিয়ে কলে – তেওঁ নহুষৰ কোঁৱৰ,
এটি যযাতিৰ প্ৰজা।
বিক্ৰম-আদিত্যৰএটি নৱৰত্ন
কালিদাস বাণীৰ পো,
পুলহ পুলস্ত্য আন এটি ধূলি
ভিকহু ৰুদ্ৰাম এটি,
'মেজৰ জেনেৰেল' 'মণ্টকাম' আন এটি
শোভাছিং চিপাহী সিটি।

৪ এটি ধূলিকণা আঁতৰি ফুৰিছে
নকয় নিজৰ কথা;
'কোৱা' বুলি মই সাদৰি মাতিলোঁ
বৰকৈ কৰিলোঁ বেথা।
বৰাহী জাতৰে নাম ৰঙামুৱা
দেউতাৰ ককাকৰ কাঁড়ী;
জাতিস্মৰ মই, মনত আছে জাত
যদিও হৈছো ধূলি।
পুলহ, পুলস্ত্য, ৰজা যযাতিৰে
যদিও একত্ৰে থকা,
তথাপি হঠাৎ দেউতাক চুবলৈ
মনত আহিল শংকা।
ধূলিৰে দেউতা পুনৰপি আহি
যেতিয়া হবহি ধূলি,
পুলহ, পুলস্ত্য, ক্ষত্ৰিয় যযাতি
সৈতে লম আঁকোৱালি।
দেউতাও ধূলি, মান্ধাতাও ধূলি
ধূলি ৰঙামুৱা মই;
নেজানে দেউতাই, জানে ৰঙামুৱাই
এইফেৰি মনত ভয়।