Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
মৰ্ম্মবাণী


ধৰমৰ নামত কত অধৰম
পুণ্যৰ নামত পাপ,
সঁচাৰ নামত কত মিছা কথা,
দেখি মোৰ লাগিছে তাপ!


প্ৰেম-ঢাকোনেৰে বিশ্বাসঘাটকতা,
সোৱাদৰ আঁৰৰে তিতা,
কতনো দেখিম! কতনো শুনিম?
নোৱাৰোঁ সহিব, মিতা!


মিতাতকৈও মিতা! বিশ্বাসৰ বন্ধু!
তুমি আছা, মই আছোঁ?
তোমাতে সপিছোঁ সকলো বিশ্বাস,
গোটেই জীৱন দিছো।


ভূমিৰ ফুলটি মউটুপি লৈ
তোমাৰে ফাললৈ চায়,
স্বাৰ্থত অন্ধলা গোটেই সংসাৰে
গচকি চলিছে হায়।


জোন হওক দেহা, আতমা অক্ষত
উঠিছে তোমাৰ ফালে,
তোমাৰ শীতল হাত বুলনিত
শঁতাৰ অনন্ত কালে।