Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
প্ৰেম

ব্ৰহ্মাণ্ডৰ সত্ব যিটো পৰিছে নিজৰি
গিৰি-বন গছ-লতা সচেতন কৰি
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু-পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত; গুচে আত্ম পৰ;
সৰ্ব্বাংগে সৰ্ব্বাংগ লয়; জীৱনে জীৱন;
আনন্দে আনন্দ, মহানন্দৰ স্ৰজন;
সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়
ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে।